মেঘালয়ত জব্দ বাংলাদেশ অভিমুখী চোৰাং চেনি ভৰ্তি ট্ৰাক...

মেঘালয়ত জব্দ বাংলাদেশ অভিমুখী চোৰাং চেনি ভৰ্তি ট্ৰাক...

author-image
Asomiya Pratidin
New Update
মেঘালয়ত জব্দ বাংলাদেশ অভিমুখী চোৰাং চেনি ভৰ্তি ট্ৰাক...

ডিজিটেল সংবাদ, শিলচৰ: বাংলাদেশলৈ সৰবৰাহৰ সময়ত মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বুজন পৰিমাণৰ চোৰাং চেনি জব্দ কৰিছে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছ এফ আৰু মেঘালয় আৰক্ষীয়ে। লগতে দুজন চোৰাং সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে আৰু বিএছ এফে।

গোপন তথ্যৰ ভিত্তিত পূৱ খাছী পাহাৰ জিলাৰ অন্তৰ্গত লিংখাত সীমান্তৱৰ্তী অঞ্চলৰ পৰা জব্দ কৰা হয় চেনি ভৰ্তি ট্ৰাক তিনিখন।‌ বিএছ এফৰ ৪নং বেটেলিয়ন আৰু স্থানীয় আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে ট্ৰাক তিনিখন। বিএছ এফৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, কোনো বৈধ নথি পত্ৰ নথকা বাবেই জব্দ কৰা হয় চেনিভৰ্তি ট্ৰাক তিনিখন। সূত্ৰটোৰ মতে, ট্ৰাক তিনিখনৰ পৰা মুঠ ৭৪ হাজাৰ কেজি চেনি জব্দ কৰা হয়। ট্ৰাকৰ চালক কেইজনৰ পৰা চেনি খিনিৰ বৈধ নথি বিচৰা হয়।

কিন্তু তেওঁলোকে চেনিৰ চালান সম্পৰ্কীয় কোনো বৈধ নথি দাখিল কৰাত ব্যৰ্থ হয়। ইয়াৰ পিচতে চেনিসহ ট্ৰাক তিনিখন জব্দ কৰা হয়। জব্দ কৰা চেনিখিনি গোপনে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে।‌ কিন্তু দিনে নিশাই সীমান্তত সদা জাগ্ৰত প্ৰহৰীৰ দায়িত্বত থকা বিএছ এফে চোৰাং ব্যৱসায়ীৰ উদ্দেশ্য সফল হ'ব নিদিলে। চোৰাং চেনি সৰবৰাহৰ অভিযোগত দুজন ভাৰতীয় নাগৰিকক (ট্ৰাকৰ চালক) গ্ৰেপ্তাৰ কৰা হয়। পিচত জব্দ কৰা চেনি আৰু আটকাধীন দুয়োজন ব্যক্তিক অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে পাইনুৰ্ছলা আৰক্ষী থানাত গতাই দিয়ে বিএছ এফে।

Also Read: প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

meghalaya