ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ আগ্ৰিপামত মঙলবাৰে আব্দুল ৰছিদ নামৰ এজন গো মাংস সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷ উক্ত ব্যক্তিজনে AS-12-AJ -3061 নম্বৰৰ বাইকৰ জৰিয়তে গো মাংস মোনাত ভৰাই জামুগুৰিহাটৰ উত্তৰ অঞ্চলত দীৰ্ঘদিনৰ ধৰি এই ব্যৱসায় চলাই আহিছিল। আজি স্থানীয় ৰাইজে গো মাংস সহ হাতে লোটে ধৰে আব্দুল ৰচিদ নামৰ গো মাংসৰ বেপাৰীটোক।
দুটাকৈ মোনাত ১০কেজি গো মাংস ভৰাইলৈ আনিছিল বিক্ৰী বাবে। বহু দিন ধৰি এই অঞ্চলটোত প্ৰায় মুকলিকৈ গো মাংস বিক্ৰী কৰি সামাজিক পৰিৱেশ বিনস্ত কৰি অহাৰ অভিযোগ আছিল আব্দুল ৰছিদৰ বিৰুদ্ধে।
যিহেতু গো মাংস সৰবৰাহ কৰাটো আইন অনুযায়ী নিষিদ্ধ কৰা হৈছে তেনে সময়তে এই ধৰণৰ অবৈধ কাৰ্যক একমুখে ধিকাৰ দিছে অঞ্চলটোৰ সমাজ সচেতন ৰাইজে। পিছত অৱশ্যে ৰাইজে গাওঁৰক্ষী বাহিনীৰ সহযোগত জামুগুৰি আৰক্ষীক গতাই দিয়ে গো মাংস সৰবৰাহকাৰী আব্দুল ৰছিদক ।আব্দুল ৰছিদ ঘৰ ইটাখোলাৰ ন-নম্বৰত বুলি জানিব পৰা গৈছে ।