ডিজিটেল সংবাদ নগাঁও: এজন বৃদ্ধৰ হাতত এটা মোনা ৷ মোনাটোৰ ভিতৰত আছে এদাল বিষাক্ত সাপ ৷ টোপোলাটো লৈ দুজন যুৱক আৰু বৃদ্ধৰ মাজত টনা আজোৰা ৷
৭০ বছৰীয়া বৃদ্ধজনৰ হাতত থকা মোনাৰ পৰা বিষাক্ত সাপদাল উদ্ধাৰ কৰিবলৈ যুৱকৰ দলটোৱে চেষ্টা কৰিছে ৷ কিন্তু বৃদ্ধজনে মোনাখন এৰি নিদিয়ে ৷ বহু সময়ৰ যুজঁবাগৰৰ অন্তত বৃদ্ধজনৰ হাতৰ পৰা মোনাখন কাঢ়ি নি সাপদাল উদ্ধাৰ কৰে যুৱকৰ দলটোৱে।
মোনাৰ ভিতৰৰ পৰা সাপদাল উলিয়াই দলটোৱে এটা বাকচৰ ভিতৰত ৰাখি প্ৰকৃতি প্ৰেমী সমজিৎ ওজাক খবৰ দিয়ে ৷ প্ৰকৃতি প্ৰেমী ওজাই পিছত বন বিভাগক বিষয়টো অবগত কৰাত বন বিভাগৰ লোক ঘটনাস্হলীত উপস্হিত হয় ৷
সাপক লৈ টনা আজোৰা হোৱাৰ ঘটনাস্হান হৈছে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদ ৷ বৃদ্ধ লোকজনে মোনাৰ পৰা বিষাক্ত সাপদাল উলিয়াই বিভিন্ন লোকৰ পৰা ধন বিচাৰি আছিল ৷
বিপদজনক ভাবে ব্যক্তিজনে এই কাম কৰি থকাত কেইজনমান যুৱকে হকা বাধা দিয়াত বৃদ্ধিব্যক্তিজনে সাপদাল মোনাত ভৰাই আঁতৰি যাবলৈ চেষ্টা কৰে ৷
উল্লেখ্য যে, সাপদাল লৈ আঁতৰি যাবলৈ চেষ্টা কৰা ব্যক্তিজন নিচাসক্ত অৱস্থাত আছিল ৷ সাম্ভাব্য বিপদৰ পৰা ব্যক্তিজনক ৰক্ষা কৰিবলৈ আৰু সাপদাল উদ্ধাৰ কৰিবলৈ দলটোৱে চেষ্টা চলাই পিছত বনবিভাগৰ লগত যোগাযোগ কৰে ৷ পিছত বনবিভাগে সাপদাল উদ্ধাৰ কৰি লৈ যায় ৷
ক্লিক কৰি পঢ়কঃ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদলঃ হৰমিট সিঙক বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি...