মৰুভূমিত তুষাৰপাত! ইতিহাস সৃষ্টি কৰি চৌদি আৰৱত বৰফৰ আচ্ছাদন...PHOTOS

মৰুভূমিত তুষাৰপাত! ইতিহাস সৃষ্টি কৰি চৌদি আৰৱত বৰফৰ আচ্ছাদন...

author-image
Asomiya Pratidin
New Update
মৰুভূমিত তুষাৰপাত! ইতিহাস সৃষ্টি কৰি চৌদি আৰৱত বৰফৰ আচ্ছাদন...PHOTOS

ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টিৰে চৌদি আৰৱৰ বৰফৰ দলিচা। প্ৰথমবাৰৰ বাবে চৌদি আৰৱত প্ৰৱল তুষাৰপাত। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চৌদি আৰৱৰ কিছু অংশত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হোৱা দেখা গৈছে।

দেশখনৰ আল জাউফ মৰুভূমিত প্ৰচণ্ড তুষাৰপাতৰ পাছতে সৃষ্টি হ'ল ইতিহাস। এই তুষাৰপাতৰ পাছতে চৌদি আৰৱত বতৰৰ এক বৃহৎ পৰিৱৰ্তন বুলি বিবেচিত হৈছে।

চৌদি আৰৱৰ এই ঘটনাই বতৰ বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছে। যোৱা সপ্তাহৰ পৰা চৌদি আৰৱত অস্বাভাৱিক বতৰৰ পৰিৱৰ্তন হৈছে। যোৱা বুধবাৰেও আল-জৌফৰ কিছু অংশত প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টি হৈছিল। ইয়াৰ পিছত দেশখনৰ উত্তৰ সীমান্ত, ৰিয়াদ আৰু মক্কা অঞ্চলতো বৰষুণ হয়।

বতৰৰ এই পৰিৱৰ্তনৰ ফলত টাবুক আৰু আল বাহাহ অঞ্চলসমূহো প্ৰভাৱিত হৈছিল। ইয়াৰ পিছত সোমবাৰে আল-জৌফৰ পাহাৰীয়া অঞ্চলত বৰফ পৰে। ইয়াত বৰফ পৰা ছবিয়ে চচিয়েল মিডিয়াত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। বতৰ বিজ্ঞান সংস্থাই সদৰি কৰা অনুসৰি, আগন্তুক দিনসমূহতো চৌদি আৰৱত এনে বতৰ অব্যাহত থাকিব।

চৌদি আৰৱ