সমাজকৰ্মী বল্লদেৱ শৰ্মাৰ স্মৃতিচাৰণ সভা

সমাজকৰ্মী বল্লদেৱ শৰ্মাৰ স্মৃতিচাৰণ সভা

author-image
Asomiya Pratidin
New Update
সমাজকৰ্মী বল্লদেৱ শৰ্মাৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, বেবেজীয়া : সোমবাৰে বিশিষ্ট সমাজকৰ্মী বল্লদেৱ শৰ্মাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। তেঁও অসমৰ পুথিভঁৰাল আন্দোলনক গতিশীল কৰি তুলিছিল। ইয়াৰ উপৰি সমাজকৰ্মীগৰাকীয়ে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু শ্ৰীমন্ত শংকৰ মিছনৰ সাধাৰণ সম্পাদক পদো অলংকৃত কৰিছিল।

এই গৰাকী প্ৰয়াত বল্লদেব শৰ্মাৰৰ স্মৃতিত আজি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত, নগাঁও জিলা পুথিভঁৰাল সন্থা আৰু কলংপাৰপাৰ কাকতৰ সহযোগত বেবেজীয়াৰ ঘাঁহী মাজগাঁওস্থিত বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সভাত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি তথা বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকাই অংশগ্ৰহণ কৰি কেতবোৰ মন্তব্য কৰে।

তেঁও কয় যে মৃত্যু একা সাঁথৰ । মানৱ সমাজে সকলো কাৰ্যৰ লগতে জন্মৰ সিদ্ধান্ত ল'ব পাৰে । কিন্তু মানৱকূলে কেতিয়াও মৃত্যুৰ সিদ্ধান্ত ল'ব নোৱাৰে । সেয়ে মৃত্যু এক সাঁথৰ ।

বিশ্ব-চৰাচৰৰ সকলো মহাকালৰ হাতত বন্দী । সময় হ'লেই সকলোৱে কালৰ ওচৰত বশ্যতা স্বীকাৰ কৰিব লাগিব । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক খগেন নাথে আঁত ধৰা অনুষ্ঠানটিত স্মৃতি চাৰণৰ আৰম্ভণিতে প্ৰয়াত শৰ্মাৰ একমাত্ৰ জীয়ৰী অভিলেখ শৰ্মাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ।

স্মৃতিচাৰণ অনুষ্ঠানত অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক শাখাৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়াই শ্ৰদ্ধাৰ্ঘ শোক-গাঁথা গ্ৰন্থখনি উন্মোচন কৰে । উন্মোচন কৰি তেওঁ কয় যে বল্লদেৱ শৰ্মাৰ মৃত্যুয়ে সমাজক এক বৃহৎ ক্ষতি কৰিলে ।

অনুষ্ঠানত বিশিষ্ট গল্পকাৰ-সাংবাদিক গুৰমাইল সিং, কলংপাৰ কাকতৰ সম্পাদক ভবেন বৰা, বিশিষ্ট নাট-পৰিচালক পূণ্যদা বৰা, ক্ৰীড়া সংগঠক শচীন্দ্ৰ দেৱ মহন্ত, গোৱালপাৰা জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ধীৰেণ শৰ্মা, সম্পাদক প্ৰতাপ অধিকাৰী, কাৰ্যনিৰ্বাহক দেৱেনচন্দ্ৰ ভৌমিক উপস্থিত থাকে।

একেদৰে ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হৰেণ বৰা, সম্পাদক ৰেৱ দাস, নগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক ভূপেন নাথ, ঘাঁহী শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তৰুণ বৰা, পাঠক ভবেন নাথ, ৰণাংগণ কাকতৰ সম্পাদক মিন্টু দাস, সমাজকৰ্মী প্ৰতিমা বৰুৱা, মালা বৰুৱা, ধেনুৰাম নাথ, দীপাংকৰ শইকীয়া, চাহাবুদ্দিন আহমেদ, পদ্মনাভ শৰ্মাকে ধৰি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকি প্ৰয়াত বল্লদেৱ শৰ্মাৰ স্মৃতি চাৰণ কৰে ।

অনুষ্ঠানতে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক শাখা সাহিত্য সভা আৰু গোৱালপাৰা জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাকে ধৰি কেবাটিও সংগঠনে প্ৰয়াত শৰ্মাৰ জীয়ৰী অভিলেখ শৰ্মাৰ হাতত শোক-বাৰ্তা প্ৰেৰণ কৰে । বিয়লিলৈ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠানৰ পিছতেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হয় ।

Also Read: নাটক চলি থকাৰ মাজতে মঞ্চৰ পৰা বাগৰিল অভিনেত্ৰী

স্মৃতিচাৰণ সভা