ডিজিটেল সংবাদ, নামতিঃ নামতিৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী ৰিয়াজুদ্দিন আহমেদৰ মৃত্যু। শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী ৰিয়াজুদ্দিন আহমেদ (৫৭) ওৰফে ফুকনৰ ২২ ডিচেম্বৰৰ নিশা পৰলোকপ্ৰাপ্তি হয়।
জানিব পৰা মতে, যোৱা নিশা হঠাৎ ৰিয়াজুদ্দিন আহমেদ নিজা বাসগৃহতে উচ্চ-ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰে । ফলত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিৱসাগৰ নগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে।
পৰিয়ালৰ লোকে চিকিৎসকৰ নিৰ্দেশ মতে পুনৰ ডিব্ৰুগড়লৈ নিয়ে যদিও আধা বাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখ্য যে, ৰিয়াজুদ্দিন আহমেদে বৰ্তমান সময়ত নামতি চাৰিআলি কেন্দ্ৰীয় ঈদগাহ ও কবৰস্থান সমিতিৰ সভাপতিত্বৰ লগতে নামতি চাৰি আলি হাইস্কুল, নামতি চাৰিআলি যুৱ সমাজ, উজনি অসম হজৰত আজানপীৰ উচ্চ মাধ্যমিক বিদ্যালয়, নামতি চাৰিআলি যুৱ সমাজ, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, আহমদ আলী খানকাহ আৰু মৰিনামদাং ইমদাদীয়া যুৱসমাজৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিন্ন পদৰ দায়িত্ব পালন কৰি আছিল।
সমাজত এজন দানবীৰ হিচাপে পৰিচিত মানৱ-দৰদী ব্যক্তিজন মৃত্যুত অঞ্চলটোত আজি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। আজি দিনৰ ২ বজাত গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজা নামতি চাৰিআলিৰ কেন্দ্ৰীয় কৱৰস্থানত সম্পন্ন কৰা হয়।
মৃত্যুৰ সময়ত ৰিয়াজুদ্দিন আহমেদে মাতৃ, পত্নী, তিনিগৰাকী জী, এজন পুত্ৰৰ লগতে বহু আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে । আনহাতে, তেওঁৰ মৃত্যুত নামতি চাৰি আলি কেন্দ্ৰীয় ঈদগাহ ও কবৰস্থান সমিতি, নামতি প্ৰেছ ক্লাৱ, নামতি চাৰি আলি যুৱ সমাজ, নামতি জ্যেষ্ঠ নাগৰিক সন্মিলন, নামতি চাৰি আলি উচ্চ মাধ্যমিক বিদ্যালয়, নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি চাৰি আলি ব্যৱসায়ী সন্থা, নামতি চাৰি আলিৰ ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপ, সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা, অসম যুৱ পৰিষদ, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থা, নামতি চাৰি আলি মেট্ৰ ক্লাৱ, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি আঞ্চলিক ছাত্ৰ সন্থা, নামতি চাৰি আলি জাতীয় বিদ্যা নিকেতন, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, অসমীয়া যুৱ মঞ্চৰ লগতে বিভিন্ন দল-সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।
আৰু পঢ়কঃ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত প্ৰিয়ম বৰাৰ সোণৰ পদক...