বিয়া নহয়, এয়া লাভ জেহাদঃ বিহাৰত সোনাক্ষীক নিষিদ্ধ ঘোষণা হিন্দু শিৱ বাহিনীৰ...

বিয়া নহয়, এয়া লাভ জেহাদঃ বিহাৰত সোনাক্ষীক নিষিদ্ধ ঘোষণা হিন্দু শিৱ বাহিনীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বহু বিৰ্তকৰ মাজত সম্পন্ন হল সোনাক্ষী আৰু জাহিৰ ইকবালৰ বিয়া। এই বিবাহ অনুষ্ঠানত সোনাক্ষীৰ দুই ভাতৃ লৱ-কুশ উপস্থিত নথকাক লৈ পুনৰ এক নতুন বিৰ্তক আৰম্ভ হৈছে। হিন্দুত্ববাদী কেইবাটাও সংগঠনে এই বিয়াৰ লাভ জেহাদ আখ্যা দিছে। বিহাৰত এটা সংগঠনে সোনাক্ষীৰ সিনহাৰ বিৰুদ্ধে পোষ্টাৰ লগোৱাৰ বিপৰীতে বিহাৰত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। কোনো কোনো সংগঠনে শতুঘ্ন সিনহাৰ ঘৰটোৰ নাম ৰামায়ণ আৰু দুই পুত্ৰ লৱ-কুশৰ নাম সলাই দিবলৈ দাবী জনাইছে।

বিহাৰত সোনাক্ষীৰ লগতে পিতৃ শতুঘ্ন সিনহাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে হিন্দু শিৱ বাহিনীয়ে। এই সংগঠনটোৱে সোনাক্ষীৰ বিয়াক অবৈধ আৰু লাভ জেহাদ বুলি দাবী কৰি প্ৰতিবাদী সমদলো বাহিৰ কৰিছে। এই উত্তপ্ত পৰিস্থিতিৰ মাজতে নিজৰ মত পুনৰ ব্যক্ত কৰিছে পিতৃ তথা অভিনেতা শতুঘ্ন সিনহাই। তেওঁ কয় যে, মোৰ কন্যাই কোনো অবৈধ কাম কৰা নাই। মই সকলোকে আগ্ৰহ জনাম যে, কোনেও অপপ্ৰচাৰ যাতে নকৰে আৰু ঘৃণা নিবিয়পায়।

পিতৃ শতুঘ্ন সিনহাই লগতে কয়-  বিবাহ দুগৰাকী লোকৰ মাজত হোৱা একান্ত ব্যক্তিগত বিষয়। ইয়াত কোনেও মন্তব্য বা সমালোচনা কৰাৰ অধিকাৰ নাই। এই বিয়াৰ বিৰোধ কৰা সকলোকে মই কব বিচাৰিম যে, তেওঁলোকে নিজৰ জীৱনটোত ভাল ভাল কাম কৰক আৰু ভালদৰে থাকক।

উল্লেখ কৰা প্ৰয়োজন যে, সোনাক্ষী আৰু জাহিৰ যোৱা ২৩জুনত বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পাছতে সৃষ্টি হৈছিল বিৰ্তকৰ।  এই বিৰ্তকৰ মাজতো জাহিৰৰ পিতৃয়েও মত ব্যক্ত কৰিছে যে, বিয়াৰ পিছতো সোনাক্ষীৰ ধৰ্ম পৰিৱৰ্তন নকৰে। তেওঁ আগৰদৰেই থাকিব আৰু সুখেৰে থাকিব।

বিয়া নহয়, এয়া লাভ জেহাদঃ বিহাৰত সোনাক্ষীক নিষিদ্ধ ঘোষণা হিন্দু শিৱ বাহিনীৰ...
অভিলেখঃ ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদত ওম বিৰলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in