সোণাপুৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল দুজনৰ...

সোণাপুৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল দুজনৰ...

author-image
Asomiya Pratidin
New Update
সোণাপুৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল দুজনৰ...

ডিজিটেল ডেস্কঃ আৰক্ষীৰ গুলীত সোণাপুৰত প্ৰাণ গল দুজন লোকৰ। সোণাপুৰৰ কচুঁতলিত উচ্ছেদ অভিযান চলি থকাৰ মাজতে সংঘটিত হয় এই অঘটন। প্ৰাপ্ত খবৰ অনুসৰি, চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা একাংশ লোকৰ ঘৰ উচ্ছেদ চলাবলৈ যাওতেই সূত্ৰপাত হয় সংঘৰ্ষৰ।

বেদখলকাৰীয়ে প্ৰথমে উচ্ছেদ চলাবলৈ যোৱা ৰাজহ চক্ৰ বিষয়াসহ আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। এই আক্ৰমণত চক্ৰ বিষয়াসহ ৭গৰাকী আৰক্ষীৰ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে শূণ্যলৈ গুলী চলাই আৰু পিছৰ পৰ্যায়ত সংঘৰ্ষ তীব্ৰতৰ হোৱাত আৰক্ষীৰ গুলীত নিহত হয় ২গৰাকী লোকৰ।

সোণাপুৰ জিলা চিকিৎসালয়ত মৃত্যু হয় এই দুই বেদখলকাৰীৰ। মৃত্যু হোৱা লোক দুজন হাইদৰ আলী আৰু জুৱাহিদ আলী। আৰক্ষীৰ লোকে সদৰী কৰা মতে, পৰিস্থিতি ইমানেই ভয়ংকৰ দিশে গতি কৰিছিল যে, উপায়ন্তৰ হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল আৰক্ষী জোৱানসকল।

উল্লেখ্য যে,  জনজাতীয় বেষ্টনীৰ ভূমি, ডিমৰীয়াৰ চৰকাৰী ভূমি, চৰণীয়া পথাৰ আদিত বেদখল কৰা একাংশ লোকক সোণাপুৰ ৰাজহচক্ৰ বিষয়ৰ কাৰ্য্যালয়ৰ পৰা কেইদিনমান পূৰ্বে পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু বেদখলকাৰীয়ে এই ভূমি খালী নকৰাৰ পিছতে বৃহস্পতিবাৰে ইয়াত উচ্ছেদ অভিযান চলাবলৈ সদলবলে গৈছিল আৰক্ষীৰ দল।

ইফালে দুই বেদখলকাৰীৰ মৃত্যুৰ পিছতে অঞ্চলটোত চেপাঁ উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰিছে প্ৰশাসনে। দুজন লোকৰ মৃত্যুৰ পাছতে এতিয়া চৰ্চা হৈছে যে, শক্তিশালী চক্ৰ জড়িত হৈ থকা ভূমিত যেতিয়া বেদখল চলে এনে কঠোৰ পন্থা অৱলম্বন নকৰে অসম আৰক্ষী তথা প্ৰশাসনে। সেয়া যি কি নহলেও, বিগত প্ৰায় চাৰিদিন ধৰি এই উচ্ছেদ অভিযান চলাবলৈ গৈ যথেষ্ট বাধাৰ সম্মুখীন হৈছিল অসম আৰক্ষী তথা প্ৰশাসনৰ লোক।

সোণাপুৰত উচ্ছেদ