ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ মুঠাখোৱাত শনিবাৰে পুৱতি নিশা আৰক্ষীৰ এক অভিযানত হস্ত নিৰ্মিত পিষ্টল-গুলী সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে, আজি পুৱতি নিশা প্ৰায় ৩ বজাত দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক ইলিয়াছ আলী আহমেদৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি মুঠাখোৱা গাঁৱৰ সহৰ আলীৰ ঘৰৰ অভিযান চলায়।
আৰক্ষীয়ে ঘৰখনত থকা এখন বাকচৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল, এক সজীৱ জাই গুলী উদ্ধাৰ কৰি লোকজনৰ পুত্ৰ ছাদদাম হুছেইনক আটক কৰি থানাত লৈ আনে। আৰক্ষীয়ে যুৱক জনক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে যুৱকজনে আন তিনি সহযোগীৰ সহযোগত চুবুৰীয়া পশ্চিম বংগৰ পৰা চতুৰালিৰে খোজ কাঢ়ি ধুবুৰী হৈ নিজৰ ঘৰত দুদিন পূৰ্বে উপস্থিত হৈছিল। ইয়াৰ পাছতেই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেওঁক গ্ৰেপ্তাৰ কৰি পিষ্টল আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
যুৱকজন পশ্চিম বংগৰ বাংলাদেশ সীমান্তৰে গৰুৰ চোৰাং ব্যৱসায় কৰাৰ লগতে বিভিন্ন ধন দাবী, অপহৰণ তথা অপৰাধজনিত কামৰ জড়িত হৈ আছিল বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আৰক্ষীয়ে তেওঁৰ সহযোগী তিনি বন্ধুক কৰায়ত্ব কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হয়।