ইউৰো কাপত ৪ বাৰকৈ ট্ৰফী জয় কৰি ইতিহাস ৰচিলে স্পেইনে...

ইউৰো কাপত ৪ বাৰকৈ ট্ৰফী জয় কৰি ইতিহাস ৰচিলে স্পেইনে...
Published on
Updated on

ডিজিটেল ডেস্কঃ চাৰিবাৰকৈ ইউৰো কাপ দখল কৰা প্ৰথমখন দেশ হিচাপে দেওবাৰে অভিলেখ গঢ়িলে স্পেইনে। জাৰ্মানীৰ ৰাজধানীবাৰ্লিনৰ অলিম্পিয়াষ্টেডিয়নত অনুষ্ঠিত ইউৰো কাপ ২০২৪ ৰ চূড়ান্ত খেলখনত ইংলেণ্ডক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে স্পেইনে ৷খেলখনত বিকল্প খেলুৱৈ মাইকেল অয়াৰজাবালে ইংলেণ্ডৰ হাতৰ পৰা খেলখন আঁজুৰি অনাত ইউৰো কাপৰ ইতিহাসত ৪ বাৰকৈ ট্ৰফী জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় স্পেইন।

স্পেইনে ৩ বাৰকৈ ইউৰো কাপ দখল কৰা জাৰ্মানীৰ অভিলেখ ভংগ কৰিলে। ইংলেণ্ডে এটা বৃহৎ ট্ৰফী জয়ৰ বাবে দশক দশক অপেক্ষা কৰি থকাৰ সময়তে স্পেইনে ইউৰোপীয় চেম্পিয়নশ্বিপৰ ৪টা খিতাপ দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। উল্লেখ্য যে,স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ইউৰো কাপ ২০২৪ৰ ফাইনেলৰ বাবে বিশ্বৰ ফুটবলপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

ইউৰো কাপত ৪ বাৰকৈ ট্ৰফী জয় কৰি ইতিহাস ৰচিলে স্পেইনে...
গৰুক বেজি দি বিপদত মন্ত্ৰী অতুল বৰাঃ কৃষক মুক্তিৰ এজাহাৰ দাখিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in