আম্বানীৰ যিমান সম্পত্তি, তাতকৈ বেছি ধন দান দিছে টাটাই...

আম্বানীৰ যিমান সম্পত্তি, তাতকৈ বেছি ধন দান দিছে টাটাই...
Published on
Updated on

ধন উপাৰ্জন সকলোৱে কৰে, কিন্তু খৰছ সকলোৱে কৰিব নাজানে। বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থানত ভাৰতীয় নাম নাথাকিলেও, দানবীৰৰ তালিকাত ভাৰত আছে সবাতোকৈ শীৰ্ষত। জানো আহক আজি এই দানবীৰসকলৰ বিষয়ে। ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

মানুহজনৰ মুখমণ্ডলেই আছে সৰলতা। ধন-সম্পত্তি, ঐশ্বৰ্য-বিভূতিয়ে ঢাকিব নোৱাৰা এই সৰলতাৰ বাবেই তেওঁ কোটি কোটি লোকৰ বাবে আদৰ্শ। বহুতৰ ভাৱে ভগৱান তুল্য। ধন-সম্পত্তি উপাৰ্জনৰ সমানেই অজস্ৰ লোকৰ মৰম-স্নেহ, আৰ্শীবাদ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এই লোক গৰাকীয়েই হৈছে ৰতন টাটা।

আপুনি জানি আচৰিত হ’ব যে, টাটা গ্ৰুপে বিগত ১০০বছৰত যিমান টকা দান কৰিছে। সেই ধনৰ পৰিমাণ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ মুঠ সম্পত্তিতকৈ অধিক। এক তথ্য অনুসৰি, বিগত ১০০বছৰত টাটা গ্ৰুপে ১০২.৪ আৰব ডলাৰ অৰ্থাত ৭.৬০ লাখ কোটি টকা-সম্পত্তি দান কৰিছে। ইয়াৰ বিপৰীতে মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮৪ আৰব ডলাৰ অৰ্থাত প্ৰায় ৬.২৫ লাখ কোটি।

সমগ্ৰ বিশ্বৰ ধনাঢ্যৰ তালিকাত ভাৰতবৰ্ষ ১১নং স্থানত থাকিলেও, দান দিয়া ব্যক্তিৰ তালিকাত প্ৰথম স্থানত আছে ভাৰত। শেহতীয়াকৈ হুৰুন ৰিছাৰ্জ এডেলগিৱ ফাউণ্ডেশ্যনে জাৰি কৰা তথ্য অনুসৰি, বিগত ১০০বছৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক টকা দান কৰা ব্যক্তিগৰাকীয়েই হৈছে টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জমছেদ টাটা।

সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক দান দিয়া ব্যক্তিসকলৰ ভিতৰত প্ৰথম স্থানত আছে টাটা গ্ৰুপৰ প্ৰতিষ্ঠানপক জমছেদজী টাটাৰ নাম। বৰ্তমানলৈ ৭.৬০লাখ কোটি টকা দান কৰিছে জমছেদজী টাটাই। ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে বিল গেটছ। এতিয়ালৈকে বিল গেটছে দান কৰিছে ৫.৫৩লাখ কোটি টকা।

দানবীৰৰ এই তালিকাত তৃতীয় স্থানত আছে হেনৰী ৱেলকামৰ নাম। বিট্ৰেইন হেনৰী ৱেলকামে দান কৰিছে ৪.২০লাখ কোটি টকা। এই তালিকাত ২.৮৬লাখ কোটি টকাৰ দানেৰে চতুৰ্থ স্থানত আছে আমেৰিকাৰ হাৰ্বাড হুজিছৰ নাম। দানবীৰৰ তালিকাত পঞ্চম স্থানত আছে আমেৰিকান উদ্যোগী বাৰেন বাফেটৰ নাম। বাফেটে এতিয়ালৈকে দান কৰিছে ২.৭৭লাখ কোটি টকা।

আমেৰিকাৰ জৰ্জ হোৰজে এতিয়ালৈকে ২.৫৮লাখ কোটি টকা দান কৰি এই দানবীৰৰ তালিকাত আছে ষষ্ঠ স্থানত। স্কটলেণ্ডৰ হেন্স উইলফৰ্ড ২.৩৩লাখ কোটি টকাৰ দান কৰি সপ্তম স্থানত থকাৰ লগতে আমেৰিকাৰ জে কে লীলী ছিনিয়ৰ ২.০৪লাখ কোটি টকা দান কৰি এই তালিকাৰ অষ্টম স্থানত আছে।

দানবীৰৰ এই তালিকাত নৱম স্থানত আছে আমেৰিকাৰ উদ্যোগী জন ডি ৰকফেলৰ। ১.৯৮লাখ কোটি টকা দান কৰিছে আমেৰিকান এই উদ্যোগীগৰাকীয়ে। দশম স্থানত আছে আমেৰিকাৰে ব্যক্তি এডছেল ফৰ্ড। ফৰ্ডে এতিয়ালৈকে ১.৯৭লাখ কোটি টকা দান কৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, টাটা গ্ৰুপে প্ৰায় ৬৬শতাংশ উপাৰ্জন দান দিয়ে সমাজৰ বাবে। ১৮৯২চনতে গঠন কৰা টাটা টাষ্ট্ৰৰ অধীনত এই ধন দান কৰি আহিছে প্ৰতিষ্ঠানটোৱে। পূৰ্ব পুষুষৰ নীতি অনুসৰণ কৰিয়ে টাটা গ্ৰুপ নেতৃত্ব ৰতন টাটাই লোৱাৰ পাছতো এই দান দিয়া প্ৰক্ৰিয়া স্তদ্ধ হৈ যোৱা নাছিল। কোৰোনা কালত টাটা গ্ৰুপে ১৫০০কোটি টকা দান কৰিছিল দেশৰ বাবে। এই ধনৰাশি আছিল ভাৰতীয় ইতিহাস সৰ্ববৃহত দান কৰা ধনৰাশি।

জমছেদজী টাটা
জমছেদজী টাটা

দানবীৰ ভাৰতীয়ৰ তালিকাত আৰু এগৰাকী ভাৰতীয় ব্যৱসায়ীৰ নাম নললে আধৰুৱা হব। তেওঁ হৈছে অজিম প্ৰেমজী। বিপ্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অজিম প্ৰেমজীয়ে উপাৰ্জনৰ ৬৭শতাংশ ধন দান কৰি আছিল ভাৰতীয় দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ বাবে। ভাৰতত ৰতন টাটাৰ পিছতে এই তালিকাত দ্বিতীয় স্থানত আছে অজিম প্ৰেমজী। তেওঁ এতিয়ালৈকে ১.৫লাখ কোটি টকা দান কৰিছে। কোৰোনা কালতো তেওঁৰ প্ৰতিষ্ঠানৰ পৰা প্ৰেমজীয়ে দান কৰিছিল ১হাজাৰ কোটি টকা।

বিশ্বৰ শীৰ্ষ ৫০গৰাকী দানবীৰে বছৰি সৰ্বমুঠ প্ৰায় ২.২লাখ কোটি টকা দান দিয়ে। কোৰোনা কালত ফৰ্ড ফাউণ্ডেশ্যনে ৭.৪লাখ কোটি টকা দান কৰি বিশ্বৰ ভিতৰতে শীৰ্ষস্থানত আছিল। বিশ্বৰ শীৰ্ষ ৫০গৰাকী দানবীৰৰ ভিতৰত ৩৮গৰাকীয়েই আমেৰিকাৰ। ইয়াৰে আকৌ ১০গৰাকী দানবীৰ হৈছে নিউৰ্য়ক চহৰৰ। বিশ্বৰ ৫০গৰাকী শীৰ্ষ দানবীৰৰ ভিতৰত ৩গৰাকী বিট্ৰেইনৰ, ২গৰাকী ভাৰতৰ, চীনৰ ৩গৰাকী, পৰ্টুগাল ১গৰাকী আৰু স্কটলেণ্ডৰ ১গৰাকীকৈ লোক আছে।

২০২০-২১বৰ্ষত ভাৰতৰ দানবীৰ তালিকাত শীৰ্ষত আছিল অজিম প্ৰেমজী। এই বৰ্ষটোত প্ৰায় ৭,৯০৪কোটি টকা দান কৰিছিল অজীম প্ৰেমজীয়ে। হিচাপ কৰি চালে দেখা পাব যে, এই বছৰটোত প্ৰতিদিনাই তেওঁ ২২কোটি টকা দান দিছিল। এই বৰ্ষটোত সৰ্বাধিক দান কৰা তালিকাত দ্বিতীয় স্থানত আছিল HCLৰ প্ৰতিষ্ঠাপক শিৱ নাডৰ। তেওঁ ৭৯৫কোটি টকা দান কৰিছিল। এই তালিকাত সেই বছৰটোত তৃতীয় স্থানত আছিল মুকেশ আম্বানী । আম্বানীয়ে সেই বৰ্ষটোত দান কৰিছিল ৪৫৮কোটি টকা। উল্লেখ্য যে, বিশ্বৰ ভিতৰত শিক্ষা আৰু জনস্বাস্থ্যৰ বাবে সৰ্বাধিক দান দিয়া লোকগৰাকীয়েই হৈছে অজীম প্ৰেমজী।

অজীম প্ৰেমজী
অজীম প্ৰেমজী

২০২৩বৰ্ষত দানবীৰৰ তালিকাত ভাৰতৰ শীৰ্ষত আছিল শিৱ নাডৰ। তেওঁ এই বছৰটোত ২,০৪২কোটি টকা দান কৰিছিল। এই বছৰটোত প্ৰতিদিনেই ৫.৬কোটি টকা দান কৰিছিল নাডৰে। দ্বিতীয় স্থানত আছিল ইউপ্ৰৰ স্বত্ত্বাধিকাৰী অজীম প্ৰেমজী। তেওঁ দান কৰিছিল ১৭৭৪কোটি টকা। আৰু এই বছৰটোত তৃতীয় গৰাকী দানবীৰ হৈছে মুকেশ আম্বানী। আম্বানীয়ে ৩৭৬কোটি টকা দান কৰিছিল ২০২৩বৰ্ষত।

শিৱ নাডৰ
শিৱ নাডৰ

এইদৰেই দেশৰ ধনাঢ্য ব্যক্তিসকলে প্ৰতিবছৰে হাজাৰ হাজাৰ কোটি টকা দান দিয়ে সমাজৰ হিতৰ বাবে। এই তালিকাত শীৰ্ষত আছে টাটা গ্ৰুপ। ভাৰতীয় মূল্যত বিগত ১০০বছৰত ৮২৯,৭৩৪ কোটি টকা দান কৰি বিশ্বৰ দানবীৰৰ তালিকাত শীৰ্ষত আছে টাটা গ্ৰুপ। সেই টাটা গ্ৰুপেই অসমতো স্থাপন কৰিছে ৭খনকৈ কৰ্কট ৰোগৰ হাস্পতাল।

ধন উপাৰ্জন সকলোৱে কৰিব পাৰে। কিন্তু খৰছ কৰিবলৈ এটা ভাল মন আৰু এখন বিশাল হৃদয়ৰ প্ৰয়োজন। টাটা গ্ৰুপৰ লগতে অন্যান্য বিভিন্ন লোকে দিয়া এই দানৰ ধনৰাশিৰ পৰাই বহুতে নতুন জীৱন পাইছে, বহুতে নতুনকৈ জীয়াই থকা সাহস পাইছে। সেয়েহে হয়তো প্ৰয়াত কবি নীলমণি ফুকনে কৈছিল- মানুহতকৈ কোন আছে, কোনোবা যদি দেৱতা আছে তেৱোঁ মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in