ৰাজ্যৰ উদ্যোগ খণ্ডলৈ অশনি সংকেত! মৃত্যুৰ দিশে গতি কৰিছে অসমৰ আন এটা লাভজনক উদ্যোগ। কেইবছৰ মান লৈকে লাভত চলা এই উদ্যোগটো এতিয়া দৈনিক ৪০লাখ টকাৰ লোকচানত চলি আছে। চৰকাৰ ভুল উদ্যোগিক নীতি তথা অনীহাৰ বাবেই মৃত্যুৰ ক্ষণ গণা এই উদ্যোগটোৰ সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ আন এটা উদ্যোগ নীৰৱে মৃত্যুৰ দিশে গতি কৰিছে। ডেৰ বছৰ আগতলৈকে লাভত চলা এই উদ্যোগটো বৰ্তমান দৈনিক ৪০লক্ষাধিক টকাৰ লোকচানত চলি আছে। আছাম পেট্ৰ’ কেমিকেলছ লিমিটেড নামৰ এই ৰাজহুৱা খণ্ডৰ উদ্যোগটোত স্থাপন কৰা হৈছিল ১৯৭১চনৰ ২২এপ্ৰিলত। নামৰূপত থকা এই উদ্যোগটোৱে প্ৰায় ৫টা দশক লাভতে চলি থকাৰ পাছত চৰকাৰৰ ভুল উদ্যোগ নীতিৰ বাবে মৃত্যুৰ দিশে গতি কৰিছে।
উল্লেখযোগ্য যে, ১৯৭৬চনৰ পৰা আছাম পেট্ৰ’ কেমিকেলছত উৎপাদন আৰম্ভ হৈছিল। দুটা প্লেন্টযোগে মিথানল আৰু ফৰ্মেলিন উৎপাদন কৰিছিল এই উদ্যোগটোৱে। প্ৰথম অৱস্থান ২১ এম টি পি ডি আৰু ৩৬ এম টি পি ডি ক্ষমতাযুক্ত মেচিনেৰে মিথানল আৰু ফৰ্মেলিন উৎপাদনেৰে বিদেশী বজাৰো দখল কৰিছিল আছাম পেট্ৰ’ কেমিকেলছ লিমিটেডে।
ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে নেপাল, বাংলাদেশ, ভুটানকে ধৰি বিদেশী ৰাজ্যলৈ ইয়াৰ উতপাদিত সামগ্ৰী ৰপ্তানি হৈছিল। সময়ৰ সৈতে খাঁপ খোৱাই নেডাৰলেণ্ডৰ প্ৰযুক্তিৰে এই উদ্যোগটো ১৯৯৭চনত অত্যাধুনিক কৰি তোলা হৈছিল। প্লাইউদ প্ৰস্তুতিত ইয়াৰ উৎপাদিত সামগ্ৰী মিথানলৰ ব্যৱহাৰ হোৱাৰ বাবে এই উদ্যোগটোৰ উতপাদন ক্ষমতা ৫০০ টি ডি পিলৈ বৃদ্ধি কৰা হৈছিল। ১৭০৯কোটি টকা ব্যয়েৰে স্থাপন কৰা এই মেগা প্লেন্ট ২০২৩ৰ ১৪এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিছিল।
উৎপাদন বৃদ্ধি হ’লেও লাভত চলি থকা ৰাজ্যৰ অন্যতম এই ৰাজহুৱা খণ্ডৰ উদ্যোগটোলৈ সংকট নামি আহে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰাকৃতিক গেছৰ মুল্যবৃদ্ধিৰ ফলত। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে এই উদ্যোগটোত ব্যৱহাৰ কৰা কেচাঁ সামগ্ৰীৰ প্ৰাকৃতিক গেছৰ মূল্য ২০২৩ৰ ৮এপ্ৰিলত বৃদ্ধি কৰে। কেন্দ্ৰীয় চৰকাৰে নেচাৰেল গেছ প্ৰাইচিং পলিচী সলনি কৰি ইয়াৰ মূল্য প্ৰায় ৫গুণ বৃদ্ধি কৰে।
২০২১-২২বৰ্ষত এই প্ৰাকৃতিক গেছৰ মূল্য ১.৭৯ডলাৰৰ পৰা ২.৯০ডলাৰ আছিল প্ৰতি এম এম বি টি ইউত। সেই মূল্য ২০২২-২৩বিত্তীয় বৰ্ষত বৃদ্ধি হৈছিল ৬.১০ ডলাৰৰ পৰা ৮.৫৭ডলাৰলৈ। যাৰ প্ৰভাৱ পৰে এই উদ্যোগটোৰ ওপৰত। ইফালে আন্তৰাষ্ট্ৰীয় বজাৰত এই উদ্যোগটোত উৎপাদিত মিথানলৰ মূল্য হ্ৰাস পোৱাত উদ্যোগটো এতিয়া বৰ্তি থকাই টান হৈ পৰিছে।
২০২১-২২বৰ্ষত গঢ়ে প্ৰতি কেজি মিথানল উদ্যোগটোৱে ৩৩.৩৪টকাত বিক্ৰী কৰিছিল যদিও ২০২২-২৩বৰ্ষত সেই মূল্য ২৭.৫৭টকালৈ হ্ৰাস পায়। ইফালে প্ৰতি ইউনিট বিদ্যুতৰ মূল্যবৃদ্ধিৰ প্ৰভাৱো উদ্যোগটোত বাৰুকৈয়ে পৰিছে। ১০০টি ডি পি মিথানল আৰু ১২৫টি ডি পি ফৰ্মেলিন উৎপাদনৰ বাবে আছাম পেট্ৰ’ কেমিকেলছ লিমিটেডে ২০২২-২৩বৰ্ষত ১৩৪৬.৩২লাখ টকা বিদ্যুতৰ বিল দিব লগা হৈছে এ পি ডি চি এলক।
২০২১-২২বৰ্ষতকৈ ২০২২-২৩বৰ্ষত এই উদ্যোগটোৰ বিদ্যুতৰ বিল ২৫৫.৬৯লাখ টকা বৃদ্ধি পাইছে। আনহাতে উদ্যোগটোৰ কৰ্মচাৰীৰ বাবে ব্যয় কৰা ধনো বৃদ্ধি পাইছে শেহতীয়া বিত্তীয় বৰ্ষত। ২০২২-২৩বৰ্ষত কৰ্মচাৰীক দিয়া লাভৰ ব্যয় হৈছেগৈ ৪৩.১৫শতাংশ। এনেবোৰ আৰ্থিক সমস্যাত এতিয়া জৰ্জৰিত হৈ পৰিছে এই উদ্যোগটো। আছাম পেট্ৰ’ কেমিকেলছে ২০২২বৰ্ষত ১২,৫৯৩.৪৮লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল।
লক্ষ্যণীয়ভাৱে ২০২৩ বিত্তীয় বৰ্ষত এই ৰাজহ হ্ৰাস পাই ১০,৮১৩.৯৭ লাখলৈ। আনহাতে উদ্যোগটোৰ ব্যয় বৃদ্ধি পাইছে ২০২২বৰ্ষৰ তুলনাত ২০২৩ত বৰ্ষত। এটা বছৰৰ ভিতৰতে লাভত চলি থকা আছাম পেট্ৰ’ কেমিকেলছ লিমিটেডে লোকচানৰ পৰিমাণ হৈছে ৬,৯০০.৫২লাখ টকা। ২০২৩বৰ্ষত এই লোকচানৰ সন্মুখীন হোৱা উদ্যোগটোৱে ২০২২বৰ্ষত ১,৯৭৮.২৩লাখ টকা লাভ কৰিছিল।
দেখা যায় যে, ২০২২বৰ্ষত আছাম পেট্ৰ’ কেমিকেলছ লিমিটেডে প্ৰাকৃতিক গেছ ক্ৰয়ৰ বাবে ২,৮৯৭.০৯লাখ টকা ব্যয় কৰিব লগা হৈছিল। সেই ব্যয় ২০২৩বৰ্ষত বৃদ্ধি পাইছিল ৯,৬১৪.০১লাখ টকালৈ। এনে পৰিপ্ৰেক্ষিতত এতিয়া গভীৰ সংকটত পৰিছে এ উদ্যোগটো। ৰাজ্য চৰকাৰেও এই সংকটৰ সময়ত উদ্যোগটোৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
আছাম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ এক উচ্চ স্তৰীয় সূত্ৰৰ অনুসৰি, দৈনিক ৪০লাখ টকাৰ লোকচানেৰে আৰু কিমান দিনলৈ এই উদ্যোগটো চলিব পাৰিব তাক লৈ সন্দেহ আছে। সূত্ৰটোৰ মতে, কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধি কৰাৰ বাবেই এতিয়া মৃত্যুৰ পথে গতি কৰিছে প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২২বৰ্ষত আছাম পেট্ৰ’ কেমিকেলছ লিমিটেডে মিথানল বিক্ৰীৰ পৰা ২১৭০লাখ টকা আৰু ফৰ্মেলিন বিক্ৰীৰ পৰা ১,৪০৯.৮০লাখ টকা আয় কৰিছিল। সেই আয় ২০২৩ত মিথানলৰ পৰা ১,৮৮০.৬৮লাখ টকা আৰু ফৰ্মেলিনৰ পৰা ৮,৫২৪.৪৮লাখ টকা হৈছেগৈ।
এই উদ্যোগটোত অসম চৰকাৰৰ ৩৭.৪৬শতাংশ অংশীদাৰিত্ব থকাৰ বিপৰীতে অইল ইণ্ডিয়া লিমিটেডৰ ৪৮.৭৯শতাংশ, আছাম ষ্টেট ইণ্ডাষ্টিয়েল ডেভেলপমেন্ট কৰ্পাৰেচন লিমিটেডৰ ৮.০২শতাংশ, আছাম গেছ কোম্পানীৰ ৫.৬৪ শতাংশ আৰু অন্যান্য ০.০৯শতাংশ অংশীদাৰিত্ব আছে।
প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধি, বজাৰ মিথানল-ফৰ্মেলিনৰ মূল্য হ্ৰাসৰ প্ৰভাৱত এতিয়া ৰাজ্যৰ আন এটা লাভজনক উদ্যোগ মৃত্যু পথৰ যাত্ৰী হৈছে যদিও উদ্যোগ বিভাগে এইক্ষেত্ৰত এই উদ্যোগটোৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ লোৱা নাই কোনো কাৰ্য ব্যৱস্থা। এনে পৰিস্থিতিত আৰু ২-৩বছৰৰ ভিতৰতে আছাম পেট্ৰ’ কেমিকেলছ লিমিটেড বন্ধ হৈ পৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে।