মৰিগাঁও, ডিমাপুৰৰ পৰা ধিং কাণ্ডৰ দুই অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীক চমজালে সংখ্যালঘু সংগঠনৰ নেতৃত্বই...

মৰিগাঁও, ডিমাপুৰৰ পৰা ধিং কাণ্ডৰ দুই অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীক চমজালে সংখ্যালঘু সংগঠনৰ নেতৃত্বই...
Published on
Updated on

অপৰাধীৰ কোনো ধৰ্ম নাথাকে। সেই কথাকেই প্ৰতিপন্ন কৰি ধিং কাণ্ডৰ দুই অভিযুক্তক সংখ্যালঘু সংগঠনৰ নেতৃত্বই কৰায়ত্ত কৰি চমজাই দিলে আৰক্ষীক। শেহতীয়াকৈ অসমত সংঘটিত হোৱা নাৰীজনিত বিভিন্ন অপৰাধ আৰু ধৰ্ষণৰ দৰে ঘটনাক লৈ জনতাৰ মাজত সৃষ্টি হোৱা এই সচেতনতা সচাঁকৈয়ে ইতিবাচক। এই সমগ্ৰ ঘটনাৰাজিক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

ধিং ধৰ্ষণ কাণ্ডৰ দুই পলাতক অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিুদুল ইছলামক আৰক্ষীৰ হাতত গটাই দিলে সংখ্যালঘু সংগঠনৰ নেতাই। এই দুই অভিযুক্তই ক্ৰমে মৰিগাওঁ আৰু ডিমাপুৰত আত্মগোপন কৰি আছিল।

২২আগষ্ট, ২০২৪ত ধিঙৰ বৰভেটিত সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড। তাৰেই এজন অভিযুক্তৰ মৃত্যু হোৱাৰ বিপৰীতে এই দুজন অভিযুক্তই আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জীৱিত অপৰাধী দুজনক ধৰি আনি নগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চমজাই দিয়েহি। গোপাল উদ্দিনক মৰিগাঁওৰ পৰা আৰু ফৰিদুলক ডিমাপুৰৰ পৰা ধৰি আনিছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

দুয়োকে নগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা কৰি আছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, এই দুই অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ এক জন সচেতনতা সৃষ্টি কৰিছিল। সেই হেচাঁ আৰু আৰক্ষীৰ চাঁপৰ বাবেই সংখ্যালঘু সংগঠনে দুই অপৰাধীক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়া ঘটনাই এই ধৰণৰ অপৰাধ সংঘটিত কৰা অপৰাধীক ধৰাৰ ক্ষেত্ৰত সমাজৰ কিমান ভূমিকা থাকে তাকেই প্ৰতিপন্ন কৰিলে।

উল্লেখযোগ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় বলাৎকাৰজনিত ঘটনা সংঘটিত হয়। ইয়াৰ উপৰিও যুৱ প্ৰজন্মৰ মাজত গা কৰি উঠা অত্যাধিক অপৰাধ প্ৰৱণতাই সংগঠিত অপৰাধৰ সংখ্যা বৃদ্ধি কৰিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলতে যোৱা কিছুদিনত সংঘটিত বলাতাকাৰ জনিত ঘটনাৰ এক তথ্যমূলক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। সেই তথ্য অনুসৰি,

• ৩মে’, ২০২৪ত লখিমপুৰৰ খেলমাটিত ধৰ্ষিতা হ'ল এগৰাকী কিশোৰী। আনকি বলাৎকাৰীৰ হাতত কিশোৰীগৰাকীৰ ভাতৃ মৃত্যু হোৱাৰ খবৰে জোকাৰণি তুলিছিল সেই সময়ত।

• ২২জুন, ২০২৪ত ঢেকিয়াজুলিত আন এগৰাকী কিশোৰীৰ একেই দশা হ'ল। বিশেষভাৱে সক্ষম কিশোৰীগৰাকীও বাচি নগ'ল অপৰাধীৰ হাতৰ পৰা।

• ২৭জুলাই, ২০২৪ত শোণিতপুৰৰ ঠেলামৰাত আন এক বলাৎকাৰৰ ঘটনা ঘটিল।

২৮জুন, ২০২৪ত ঢেকিয়াজুলিত লোকপ্ৰিয় অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত নিশা প্ৰৱেশ কৰিলে দুৰ্বৃত্তই।

• ২৯জুন, ২০২৪ত বাইহাটাৰ ভোমোলাহাটিত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলিছিল।

• ১জুলাই, ২০২৩ত ঠেলামৰাত এগৰাকী মহিলাক যৌন নিযাৰ্তনৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই।

• ৬জুলাই, ২০২৪ত ৰঙাপৰাতো আন এগৰাকী কিশোৰীৰ সৈতে অপৰাধীয়ে অনুৰূপ কামেই কৰিলে।

• ১৩জুলাই, ২০২৪ত গোৱালপাৰা মাটিয়াত যৌন নিৰ্যাতনৰ অপচেষ্টা চলিল ৭০বছৰীয়া এগৰাকী বৃদ্ধাৰ ওপৰত।

• ২০জুলাই, ২০২৪ত মঙলদৈৰ ৰামহৰিত অপহৃত হ'ল এগৰাকী কিশোৰী।

• ২৫, জুলাই, ২০২৪ত ধিঙত মহিলাৰ ওপৰত আক্ৰমণ চলালে দুবৃৰ্ত্তই।

• ২৮জুলাই, ২০২৪ত হাজোৰ হিদালবৰিত সংঘটিত হ'ল কিশোৰী যৌন নিৰ্যাতনৰ ঘটনা।

• ১৪আগষ্ট, ২০২৪ত মহানগৰীৰ আজাৰাৰ পৰা অপহৃত হ'ল যুৱতী।

• ১৯আগষ্ট, ২০২৪ত শিলচৰ অসম বিশ্ববিদ্যালয়ত ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হ'ল। এই দিনটোত বিহালীৰ বুৰৈঘাটত কিশোৰীক যৌন নিৰ্যাতন ঘটনাও সংঘটিত হৈছিল।

• ২২আগষ্ট, ২০২৪ত ধিঙত কিশোৰীক দলৱদ্ধভাৱে বলাৎকাৰ কৰা হ'ল। মূল অভিযুক্ত তফজ্জুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। হাতত হেণ্ডকাফ লৈ ক্ৰাইম শ্বীন ৰিক্ৰিয়েশ্যনৰ সময়ত পলাবলৈ চেষ্টা কৰোতে ২৩আগষ্টত অপৰাধীৰ পুখুৰীত পৰি মৃত্যু ঘটিল।

অপৰাধীৰ কোনো ধৰ্ম নাথাকে। অপৰাধীক অপৰাধীৰূপে গণ্য কৰি অপৰাধৰ বিৰুদ্ধে সামাজিক বাতাবৰণ সৃষ্টি কৰিলে কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰে। ধিং কাণ্ডৰ দুই অভিযুক্তক কৰায়ত্ত কৰাত সংখ্যালঘু সংগঠনৰ ইতিবাচক ভূমিকাই এই দিশত এক শুভ আৰু সুস্থ পৰম্পৰা সৃ্ষ্টি কৰা পথ মুকলি হ’ল।

মৰিগাঁও, ডিমাপুৰৰ পৰা ধিং কাণ্ডৰ দুই অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীক চমজালে সংখ্যালঘু সংগঠনৰ নেতৃত্বই...
হিন্দু-মুছলমান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in