যিসময়ত আহোম ৰাজত্ব কালৰ ৭শতিকা পুৰণি প্ৰাচীন সমাধি প্ৰথাই ইউনেস্কৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভ কৰাৰ খবৰে আমাৰ গৌৰাম্বিত কৰিছে, সেই সময়তে আহিছে আন এক দুঃখবৰ। অপ্ৰতিম স্থাপত্যশিল্প শৈলী আৰু সুক্ষ্মগ্ৰাহী নিৰ্মাণেৰে চৰাইদেউ মৈদামসমূহে এক আপুৰুগীয়া ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। সেই ঐতিহ্যস্থলী বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ সমান্তৰালভাৱে এখন পত্ৰই অসমৰ আন এক ঐতিহ্যস্থলীলৈ অনিশ্চয়তাৰ বতৰা কঢ়িয়াই আনিছে। কি এই খবৰ, কি আছে সেই পত্ৰত। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই EXCLUSIVE প্ৰতিবেদন
ইউনেস্কৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ পৰামৰ্শদাতা সংস্থা ICOMOSৰ পৰা এখন পত্ৰ আহিছে। সংস্থাটোৱে এই পত্ৰখন প্ৰেৰণ কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগৰ সঞ্চালকলৈ। এই পত্ৰখনে ১৯৮৫চনতে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ প্ৰতি এক উদ্বেগৰ বতৰা কঢ়িয়াই আনিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বহু নিৰ্মাণ কাৰ্য হৈছে। প্ৰস্তাৱিত ৪লেনৰ কাম-কাজক লৈও বিভিন্ন ধৰণৰ প্ৰকল্প ৰূপায়নৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে। সেই সময়তে ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শ সংস্থা ICOMOSএ প্ৰেৰণ কৰা পত্ৰত উত্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত নিৰ্মাণ কৰিবলৈ লোৱা হোটেলৰ প্ৰসংগ।
এই বিষয়ত অনুসন্ধানমূলক এই পত্ৰত সংস্থাটোৱে উদ্বিগ্নতা প্ৰকাশ কৰি পত্ৰখনত তেনে প্ৰকল্প ৰূপায়নৰ কাম চলিছে নেকি, সেই বিষয়ে সবিস্তাৰে জানিব বিচাৰিছে। উল্লেখযোগ্য যে, বন্যপ্ৰাণীৰ বিচৰণস্থলী আৰু বিশ্বৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যো জাক লৈ যথেষ্ট উদ্বিগ্ন এই সংস্থাটো।
উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি স্থায়ী নহয়। এই পৰামৰ্শ সংস্থাটোৱে তেনে স্বীকৃত ঐতিহ্য ক্ষেত্ৰই সেই ঐতিহ্য বহন কৰিব পৰা নাই বুলি ভাৱিলে ইয়াৰ স্বীকৃতি বাতিল কৰিব পাৰে। সংস্থাটোৱে দিয়া চৰ্ত উলংঘন কৰিলে তেনে সম্ভাৱনাই দেখা দিয়ে।
মানস ৰাষ্ট্ৰীয় উদ্যানকো এই স্বীকৃতি প্ৰদান কৰা হৈছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ এনে স্বীকৃতি পৰৱৰ্তী সময়ত এবছৰৰ বাবে বাতিল কৰা হৈছিল। কাজিৰঙাৰ ক্ষেত্ৰত এই পত্ৰ প্ৰেৰণেৰে তেনে সম্ভাৱনাৰ ইংগিতেই প্ৰদান কৰিছে নেকি ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰামৰ্শদাতা সংস্থা ICOMOSএ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্যৰ সমান্তৰালভাৱে পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে লোৱা হৈছে কিছু পদক্ষেপ। যিবোৰ পদক্ষেপক লৈ সন্তুষ্ট নহয় ইউনেস্কৰ বিশেষজ্ঞ সংস্থাটো। উল্লেখযোগ্য যে, এই পত্ৰত পৰ্যটন বিভাগক ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ সংস্কৃতি অক্ষুন্ন ৰাখি সিদ্ধান্ত ল’বলৈ সোৱঁৰাই দিয়া হৈছে।
এই সন্দৰ্ভত লব লগা গুৰুতৰ সিদ্ধান্তসমূহৰ ক্ষেত্ৰত স্থানীয় বাসিন্দাৰ মতামতৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমাৰ পৰা ১০কিলোমিটাৰ দূৰৰ লৈকে ই’ক ছেনচিটিভ জ’ন হিচাপে গণ্য কৰা হয়। সেই এলেকাত তেনে কোনো নিৰ্মাণকাৰ্য কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে।
তেনে ক্ষেত্ৰত পৰ্যটন, বন আৰু আন সংশ্লিষ্ট বিভাগে মিলি এনে হোটেল নিৰ্মাণ কৰিবলৈ লোৱা পদক্ষেপে কাজিৰভা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাই নহয় ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিলৰ সম্ভাৱনা আছে।
এই বিষয়টোৰ সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰিছে বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। উল্লেখযোগ্য যে, তাজ গ্ৰুপৰ দুখনকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে কাজিৰঙাত। হায়াট গ্ৰুপেও আন এখন পঞ্চতাৰকা হোটেল হাতীখুলিৰ ইংলে পথাৰত নিৰ্মাণৰ যো জা কৰিছে।
এই পথাৰ হাতীৰ বসতিস্থল। উল্লেখযোগ্য যে, এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগটোক উত্থাপিত অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ কোৱা হৈছে। এই পত্ৰ লাভ কৰাৰ পাছত বন আৰু পৰ্যটন বিভাগে কি প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষ্যণীয় হব। যদি উত্তৰ আৰু পদক্ষেপক লৈ সন্তুষ্ট নহয় ইউনেস্কৰ এই পৰামৰ্শদাতা সংস্থা, তেন্তে মানসৰ দৰে কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হলেও আচৰিত হব লগা একো নাথাকিব।
Also Read: নিভাঁজ দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ প্ৰতীক তৰুণৰাম ফুকন...