কাজিৰঙাত ভিনটেজ কাৰ ছাফাৰীঃ শংকা নে ভাল খবৰ...

কাজিৰঙাত ভিনটেজ কাৰ ছাফাৰীঃ শংকা নে ভাল খবৰ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ভিনটেজ কাৰ ছাফাৰীঃ শংকা নে ভাল খবৰ...

কাজিৰঙাত চলিব ৰং-বিৰঙী ভিনটেজ কাৰ ছাফাৰী। শুনিয়েই হয়তো আপোনাৰ ভাল লাগিছে। কিন্তু শুনি ভাল লগা সকলো কথা ব্যৱহাৰিক দিশত হ'ব পাৰে ভয়ংকৰ। কিয় আৰু কেনেকৈ। সবিশেষ পঢ়ক আমাৰ এই প্ৰতিবেদনত...

আফ্ৰিকাৰ পৰা আমেৰিকালৈ, ফান্সৰ পৰা বিট্ৰেইনলৈ বহু বিখ্যাত তথা বিশাল বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। এই সকলোবোৰ অভয়াৰণ্যত পূৰ্বতে কেতিয়াও নোহোৱা এটা কাম হ’বলৈ গৈ আছে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

আপোনালোকেও হয়তো পিকলু ডেকাৰ নাম শুনিছে। সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তত থকা পুৰণি ভিনটেজ কাৰ সংগ্ৰহৰ বাবে বহু অৰ্থৰ লগতে মূল্যৱান সময় ব্যয় কৰিছে এইগৰাকী অসমীয়াই। এই পিকলু ডেকাৰ প্ৰচেষ্টাতে কাজিৰঙাৰ গেলেকীত আৰম্ভ হৈছে ভিনটেজ কাৰৰ এটা শ্ব’ ৰূমৰ নিৰ্মাণৰ কাম।

ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে এই শ্ব’ ৰূমৰ প্ৰস্তুতিৰ কাম চলি আছে। কাজিৰঙাত এই শ্ব’ ৰূম নিৰ্মাণৰ প্ৰধান আৰু অন্যতম কাৰণ হৈছে পৰ্যটক সকলক ৰাষ্ট্ৰীয় উদ্যানখনত ভিনটেজ কাৰ ছাফাৰীৰ আনন্দ দিয়া।

নিশ্চিতভাৱে এই পদক্ষেপে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনক অন্য এক মাত্ৰা প্ৰদান কৰিব। কিন্তু এইখিনিতে আন এটা ভয়ংকৰ দিশ পোহৰলৈ আহিছে। সাধাৰণভাৱে চাবলৈ গ’লে কাজিৰঙাত ভিনটেজ কাৰৰ ছাফাৰী অন্যতম এক অভিনৱ সংযোজন যদিও বণ্যপ্ৰাণী আইন  আৰু সুৰক্ষা দিশৰ পৰা এই কাম নিষিদ্ধৰ লগতে বিপদজনক।

আপুনিও ছাগে মন কৰিছে যে, দেশ-বিদেশৰ ভিন্ন প্ৰান্তত থকা বহু বিখ্যাত অভয়াৰণ্যত ছাফাৰীৰ বাবে ব্যৱহাৰ কৰা হয় ডাঠ সেউজীয়া ৰঙৰ বাহন। আনকি বহু অভয়াৰণ্যৰ পৰ্যটকক আগতেই কৈ দিয়া হয় যে, যেতিয়া অভয়াৰণ্যত ছাফাৰী কৰিব, তেতিয়া বহু ৰঙী কাপোৰ পৰিধান নকৰিব।

তেনে ক্ষেত্ৰত কিদৰে কাজিৰঙাই এই বহুৰঙী ভিনটেজ কাৰেৰে ছাফাৰী সম্ভৱ হ’ব সেয়া এতিয়া ডাঙৰ প্ৰশ্নবোধক। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিৰণৰ আওতাত থকা বন সংৰক্ষণ আইন ১৯৮০, পৰিৱেশ সুৰক্ষা আইন ১৯৮৬ আৰু জৈৱ বৈচিত্ৰ আইন ২০০২ৰ অনুসৰি বন্যপ্ৰাণীয়ে ভয় বা শংকা প্ৰকাশ কৰিব পৰা কোনো সামগ্ৰী অভয়াৰণ্যত ভিতৰত ব্যৱহাৰ কৰাতো নিষিদ্ধ।

এই আইন অনুসৰিয়ে, এতিয়াও দেশৰ সকলো বন্যপ্ৰাণীৰ অভয়াৰণ্যত ছাফাৰীৰ বাবে ব্যৱহাৰ কৰা সকলো বাহনৰ ৰং ডাঠ সেউজীয়া। ইয়াৰ বিজ্ঞানসন্মত কাৰন হৈছে এই বাহনবোৰৰ ৰং দেখি বনৰীয়া প্ৰাণীসমূহে হঠাতে হিংস্ৰ হৈ নুঠে তথা নিৰাপত্তাহীনতা অনুভৱ নকৰে। ইয়াৰ পৰিৱৰ্তে যদিহে ৰং-বিৰঙী বাহন ব্যৱহাৰ কৰে তেন্তে বন্যপ্ৰাণী আতংকিত হোৱাৰ লগতে পৰ্যটকসকলৰ প্ৰাণৰ প্ৰতিও ভাবুকি আহে।

এটা দশকৰ পূৰ্বে ৰং-বিৰঙী বাহন ব্যৱহাৰ কৰাৰ ফলত আফ্ৰিকাৰ এখন অভয়াৰণ্যত বন্যপ্ৰাণীৰ আক্ৰমণত কেইবাগৰাকীও পৰ্যটকক প্ৰাণ গৈছিল। সেয়া যি কি নহ’লেও, কাজিৰঙাত এইবৰ্ষৰে ২অক্টোবৰৰ পৰা মুকলি হ’বলগীয়া এই ভিনটেজ কাৰ ছাফাৰীক লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ শংকাৰ উদয় হৈছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ আগত আমি কেইবাজনো বন বিশেষজ্ঞ তথা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বন বিষয়াৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিলো। তেওঁলোকেও এই বিষয়টোত শংকা ব্যক্ত কৰি কয় যে, বিশ্বৰ কোনো প্ৰান্ততে ৰং-বিৰঙী বাহনেৰে অভয়াৰণ্যৰ ভিতৰভাগত ছাফাৰী কৰাৰ দৃষ্টান্ত নাই। এয়া বন্যপ্ৰাণীৰ লগতে পৰ্যটকৰ বাবেও ভয়ংকৰ হিচাপে বিবেচিত হ’ব পাৰে।

সকলোৱে বিচাৰে যে, ৰাজ্যৰ পৰ্যটনৰ দিশটোত ন ন দিশ সংযোজন হওক। কিন্তু এই সংযোজনে যাতে বন্যপ্ৰাণীক আতংকিত কৰি তোলা নাইবা অপকাৰ সাধন নকৰে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব। পিকলু ডেকাৰ দশকজোৰা সাধনা, কষ্টৰ আমি স্বীকৃতি দিয়াটো আমাৰ দায়িত্ব কিন্তু ইয়াৰ সমান্তৰালভাৱে বন্যপ্ৰাণী তথা পৰ্যটকৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা দিশটোৰ প্ৰতিও আমি সৰ্তক হ'ব লাগিব। 

আমি পূৰ্বতেই উল্লেখ কৰিছো যে, বিশ্বৰ কোনো প্ৰান্তৰ অভয়াৰণ্যত ছাফাৰীত এনে ৰং-বিৰঙী বাহন ব্যৱহাৰ কৰা নজিৰ নাই। এয়া আইন মতেও নিষিদ্ধ। যদিহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই ৰং-বিৰঙী কাৰ ছাফাৰীয়ে ভৱিষ্যতে কোনো বিপদ মাতি আনে, ইয়াৰ দায়িত্ব ল’ব কোনে…

কাজিৰঙা