আলুৰ বাবেই দেশৰ ভিতৰতে প্ৰথম হ'ল গুৱাহাটী...

আলুৰ বাবেই দেশৰ ভিতৰতে প্ৰথম হ'ল গুৱাহাটী...
Published on
Updated on

এফালে আলু-পিয়াজৰ মূল্যবৃদ্ধি আৰু আনফালে আদা-নহৰুৰ মূল্যই ৰচিছে ইতিহাস। এনে পৰিস্থিতি সাধাৰণ গ্ৰাহকৰ মাজত এতিয়া হাঁহাকাৰ অৱস্থা। ইফালে তথ্য প্ৰকাশ পাইছে যে, দেশৰ মূল মূল চহৰবোৰৰ ভিতৰত আলুৰ আটাইতকৈ বেছি দাম গুৱাহাটীত। মূল্যবৃদ্ধিৰ শেহতীয়া পৰিস্থিতিক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

যোগান মন্ত্ৰীৰ কথাক কাণ-সাৰ নিদিয়ে শাক-পাচলি বিক্ৰেতাই। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমযোগে শাক-পাচলিৰ দাম বৃদ্ধি নকৰিবলৈ আহ্বান কৰাৰ পিছতো হোৰাহোৰে বাঢ়ি আছে আলু-পিয়াজৰ দাম।

বংগ চৰকাৰে সীমান্তত শ শ আলু ভৰ্তি ট্ৰাক আৱদ্ধ কৰি ৰখাৰ সুযোগ গ্ৰহণ কৰি অসাধু চক্ৰই ১০-১৫টকা পৰ্যন্ত বৃদ্ধি কৰিছে আলুৰ দাম। ইফালে এই সুযোগতে আকাশ লংঘী হৈছে পিয়াজৰ মূল্যও। দুদিনৰ আগলৈকে ৪৫-৫০টকা কেজিৰ পিয়াজ, এতিয়া ৰাইজে প্ৰতিকেজিত ৬০টকা দি কিনিব লগা হৈছে।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছিল যে, ৰাজ্যত মজুত আছে প্ৰয়োজনীয় আলু-পিয়াজ। গতিকে ব্যৱসায়ীসকলক জধে মধে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ আহ্বান জনাইছিল মন্ত্ৰগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কৰা এই আহ্বানৰ পাছতেই ৰাজ্যত বৃদ্ধি পালে আলু-পিয়াজৰ দাম।

কেইটামান দিনৰ আগলৈকে প্ৰতিকেজিত ৩০টকা মূল্যৰ আলু  এতিয়া বজাৰত প্ৰতিকেজিৰ দাম ৪৫টকা। ইয়াৰ বিপৰীতে ৪৫-৫০টকা কেজিৰ পিয়াজৰ দামো বৃদ্ধি হৈ হলগৈ ৬০টকা। অভাৱনীয় এই মূল্যবৃদ্ধিৰ পাছতে সচেতন জনতাৰ মনত উত্থাপিত হৈছে বহু প্ৰশ্নৰ।

শেহতীয়াকৈ বজাৰত সোমাই সামগ্ৰীৰ দাম শুনি আচৰিত হৈ পৰা জনতাই প্ৰশ্ন কৰিছে যে, মন্ত্ৰীয়ে সকলো সামগ্ৰী মজুত আছে বুলি কোৱাৰ পাছতো কিয় সামগ্ৰীৰ দাম এনেকৈ বৃদ্ধি পাইছে! তেওঁলোকে লগতে প্ৰশ্ন কৰিছে যে, যোগান মন্ত্ৰীৰ কথা বিক্ৰেতাই নুশুনে নে প্ৰয়োজনীয় সামগ্ৰী মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে মিছা কথা কৈছে।

এইখিনিতে এটা কথা উল্লেখ নকৰিলে নহব। বৰ্তমান দেশৰ মূখ্য চহৰৰ বোৰৰ ভিতৰত আলুৰ দামৰ ক্ষেত্ৰত শীৰ্ষত আছে গুৱাহাটী। গুৱাহাটীত বৰ্তমান প্ৰতিকেজি আলুত ৪৫টকাৰ বিপৰীতে আহমেদাবাদত ২০টকা, মুৰাদাবাদত ৩০টকা, লক্ষ্ণৌত ২৫টকা, বিজয়ৱাড়াত ৩০টকা, কলকাতাত ২০টকা, নাছিকত ৩৪টকা, জয়পুৰত ২০টকা, মুম্বাইত ৩৪টকা, বেংগালুৰুত ৪০টকা, নাগপুৰত ৩৪টকা, হায়দৰাবাদত ৩০টকা দৰত প্ৰতিকেজি আলু বিক্ৰী হৈ আছে।

পাটনা, ভুৱনেশ্বৰত প্ৰতিকেজি আলুৰ দাম ২০টকা। ইফালে চেন্নাইত প্ৰতিকেজি আলুৰ দাম ৩০টকা। অৱশ্যে এই চহৰবোৰতো আলুৰ দাম পূৰ্বতকৈ বৃদ্ধি হলেও অসম তথা গুৱাহাটীৰ তুলনাত প্ৰায় ১০-১৫টকা পৰ্যন্ত কম।

আলুৰ বিপৰীতে কিন্তু পিয়াজৰ দাম দেশৰ অন্য মুখ্য কেইখনমান চহৰতকৈ যথেষ্ট কম। বৰ্তমান গুৱাহাটী তথা অসমত প্ৰতিকেজি পিয়াজ ৫৫-৬০টকা দৰত বিক্ৰী হৈ থকাৰ বিপৰীতে বিশাখাপট্টনমত ৮০টকা, বাংগালুৰুত ৮০টকা, কলকাতাত ৭০টকা, জয়পুৰত ৭০টকা, হায়দৰাবাদত ৮০টকা, পাটনাত প্ৰতিকেজি পিয়াত ৭০টকা দৰত বিক্ৰী হৈ আছে।

আনহাতে কেইখনমান বিশেষ চহৰত পিয়াজৰ মূল্য তুলনামূলকভাৱে যথেষ্ট কম। নাগপুৰত প্ৰতিকেজি পিয়াজৰ দাম ৩৫টকা, মুম্বাইত ৪০টকা, নাছিকত ৩৫টকা, পুনেত ৩৫টকা দৰত বিক্ৰী হৈ আছে প্ৰতি কেজি পিয়াজয

এনেবোৰপৰিৱেশৰ মাজতে অসমৰ বজাৰত এতিয়া আলু-পিয়াজৰ লগতে অন্য বহু সামগ্ৰীৰ মূল্যই জনতাক বাৰুকৈয়ে বিপাঙত পেলাইছে। এইবেলি একপ্ৰকাৰৰ ইতিহাস সৃষ্টি কৰিছে আদা-নহৰুৰ মূল্যবৃদ্ধিয়ে। বৰ্তমান গুৱাহাটীৰ বজাৰত আদাৰ মূল্য প্ৰতিকেজিত ৩০০ আৰু নহৰুৰ মূল্য প্ৰতিকেজিত ৩২০টকাকৈ বিক্ৰী হৈ আছে।

এই মূল্যবৃদ্ধিৰ অন্তৰালত অৱশ্যে প্ৰাকৃতিক কাৰনো নথকা নহয়। কিয়নো এইবাৰৰ বানপানীত চৰ এলেকাৰ বহু নহৰু নষ্ট হৈ যায়, যাৰ বাবে ৰাজ্যত যথেষ্ট পৰিমাণে নাটনি হৈছে নহৰুৰ। এই পৰিপ্ৰেক্ষিততে এইবেলি নহৰুৰ দাম অতিপাত বৃদ্ধি পাইছে।

ইফালে বজাৰবোৰত এটা পানীলাওৰ দামেও ছুইছেগৈ অৰ্ধ শতাধিকৰ ঘৰ। লেচেৰাৰ দামেও প্ৰতিকেজিত শতকৰ ঘৰ চুবলৈ বেছি পৰ হয়তো নালাগিব। এনে পৰিস্থিতিতে এতিয়া দুখীয়া মধ্যবিত্তৰ ঘৰৰ খাদ্যৰ তালিকাৰ পৰা অন্তৰ্ধান হৈছে আলু, পিয়াজ, আদা, নহৰুৰ দৰে খাদ্য সামগ্ৰী।

এইখিনিতে পুনৰ উল্লেখ কৰা প্ৰয়োজন যে,  পশ্চিমবংগ চৰকাৰে  অসমত আলু ভৰ্তি ট্ৰাক  প্ৰৱেশ কৰিবলৈ দিয়া নাই। নিজৰ ৰাজ্যত যাতে আলুৰ নাটনি নহয়, তাৰ প্ৰতি  লক্ষ্য ৰাখি অসম-পশ্চিমবংগৰ সীমান্তত পশ্চিমবংগ আৰক্ষীয়ে জব্দ কৰি ৰাখিছে শ শ ট্ৰাক।

অসম-পশ্চিমবংগৰ সীমান্তৱৰ্তী বক্সিৰহাটত পশ্চিমবংগ আৰক্ষীয়ে অসমলৈ আলু অনা এনে শ শ ট্ৰাক জব্দ কৰি ৰাখিছে। পশ্চিমবংগ সীমান্তৱৰ্তী ছাদলীয়া আন্তঃৰাজ্যিক পৰীক্ষণ চকী হৈ অসমত আলু ট্ৰাক প্ৰৱেশত বাধা প্ৰদান কৰিছে বংগ আৰক্ষীয়ে।অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ বংগ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, বংগৰ ফালাকাটা, জলপাইগুৰি, ধূপগুৰি, মাথাভাংগা, দিনহাটা, কোচবিহাৰ আদি ঠাইৰ পৰা আলু লৈ ট্ৰাকেৰে অসমৰ ভিন্ন ঠাইলৈ আহে আলু। গতিকে এই আলুভৰ্তি ট্ৰাকসমূহ বন্দী কৰি থোৱাৰ ফলত অসমত আলুৰ নাটনিৰ লগতে মূল্যবৃদ্ধিৰো তীব্ৰ সম্ভাৱনা আছে। কিন্তু অসমৰ যোগান মন্ত্ৰীয়ে এই সম্ভাৱনা নস্যাত কৰিছিল যদিও বজাৰত এতিয়া আলু-পিয়াজৰ মূল্যবৃদ্ধি দেখি সকলোৱে মূৰে-কপালে হাত দিছে।

কেৱল আলু-পিয়াজৰে নহয়, নিৰ্বাচনৰ পূৰ্বে প্ৰতি প্লেট কণীৰ মূল্য আছিল ১৫০টকা, আৰু এতিয়া প্ৰতি প্লেট কণীৰ মূল্য ২০০-২১০ টকা । প্ৰতিটো কণীৰ মূল্য ২ টকাকৈ বৃদ্ধি হৈছে । মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যোগান বিভাগত তলা মাৰি থ'ব লাগে বুলি কটাক্ষ কৰে আছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in