বিমোৰত পৰিছে মোডী! হাছিনাই টোপনি হৰিছে নতুন দিল্লীৰ...

বিমোৰত পৰিছে মোডী!  হাছিনাই টোপনি হৰিছে নতুন দিল্লীৰ...
Published on
Updated on

বাংলাদেশৰ অচলাৱস্থাৰ আঁৰত কোন? স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবেই আমেৰিকাই ষড়যন্ত্ৰৰে গাদীচ্যুত কৰিলে নেকি হাছিনাক? হাছিনাক ভাৰতত আশ্ৰয় দি এতিয়া কি কি প্ৰত্যাহ্বানৰ সন্মুখীনত হৈছে দিল্লী। সকলোবোৰ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেল এক বিশেষ প্ৰতিবেদন...

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক উত্থান-পতনৰ আঁৰত কোন? তৃতীয় পক্ষৰ হস্তক্ষেপত ৭৮বছৰীয়া শ্বেখ হাছিনা গাদীচ্যুত হৈ দেশান্তৰ হ’ব লগা হ’ল নেকি? সাময়িকভাৱে ভাৰতত আশ্ৰয় লৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী নতুন দিল্লীৰ বাবে ডিঙিৰ কাইঁট হৈ পৰিছে নেকি? এইবোৰ প্ৰশ্ন এতিয়া বিশ্বজুৰি চৰ্চা হৈছে।

পৰিস্থিতি এনে হৈ পৰিছে যে, ভাৰতে দক্ষিণ-পূব এচিয়াৰ কূটনীতিয়েই সলনি কৰি দিবলৈ বাধ্য হৈছে। এসময়ৰ বন্ধুৰাষ্ট্ৰ বাংলাদেশ নতুন দিল্লীতকৈ বেইজিং, ৱাশ্বিংটনৰ যেন ওচৰ চাপি গৈছে। শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ গুছি অহাৰ পাছত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰক নেতৃত্ব দিছে অৰ্থনীতিৰ নোবেল বিজয়ী মহম্মদ ইউনুছে।

মুক্ত অৰ্থনীতিত বিশ্বাসী মহম্মদ ইউনুছ হৈছে ৱাশ্বিংটনৰ বিশ্বস্ত লোক। শাসনত থকাৰ সময়ত শ্বেখ হাছিনাই ইউনুছৰ অৰ্থনীতিৰ সূত্ৰ আমেৰিকাৰ প্ৰ’পগাণ্ডাৰ ফল বুলি বিশ্বাস কৰিছিল। যাৰ ফলত ইউনুছৰ বিৰুদ্ধে ইটোৰ পাছত সিটো গোচৰ জাপি দিছিল।

মুক্তিযোদ্ধাসকলৰ পৰিয়ালৰ বাবে ৩০শতাংশ সংৰক্ষণৰ বাবে হাছিনাৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আচিলা লৈ বাংলাদেশৰ ছাত্ৰ সমাজে ১৫জুলাই, ২০২৪ৰ পৰা ৫আগষ্ট, ২০২৪ৰ লৈ যি হিংসাত্মক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল, সেই আন্দোলনৰ আঁৰত আমেৰিকা আছে বুলি ইতিমধ্যে চৰ্চা হৈছে।

হাছিনাৰ পুত্ৰই সামাজিক মাধ্যমত সেই ইংগিত দিয়াৰ পাছত হোৱাইট হাউচে এনে অভিযোগ অৱশ্যেই অস্বীকাৰ কৰিছে। হোৱাইট হাউচৰ সৈ প্ৰেছ সচিব কাৰিনে জিন পীৰে এক বিবৃতিযোগে ইয়াক মনে সজা অভিযোগ বুলি আখ্যা দিছে।

আমৰিকাই অস্বীকাৰ কৰিলেও বাংলাদেশৰ এটা সৰু দ্বীপক লৈ হাছিনা আৰু আমেৰিকাৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল বুলিও বিশ্বজুৰি খবৰ প্ৰকাশ হৈছিল। আমেৰিকাই বাংলাদেশৰ এটা দ্বীপ বিচাৰিছিল নিজৰ কজ্বাত। চেইন মাৰ্টিন নামেৰে জনাজাত এই দ্বীপটো কৰ্ক্স বজাৰৰ পৰা উত্তৰ পূব দিশত ৯কিলোমিটাৰ দূৰৈত অৱস্থিত।

আনহাতে ম্যানমাৰ সীমান্তৱৰ্তী উপকূলীয় অঞ্চলৰ পৰা ৮কিলোমিটাৰ দূৰৈত অৱস্থিত এই দ্বীপটো আমেৰিকাৰ বাবে সামৰিক ঘাটি পতা দৃষ্টিকোণেৰে অতি গুৰুত্বপূৰ্ণ আছিল। হাছিনাই সেই গুৰুত্ব বুজিয়েই আমেৰিকাক এই দ্বীপত অৱস্থান লবলৈ দিবৰ বাবে অস্বীকাৰ কৰিছিল।

খবৰ অনুসৰি সেই পোতকেই ৱাশ্বিংটনে সুযোগ বুজি তুলিলে দেশখনৰ ছাত্ৰ বিদ্ৰোহৰ সময়ত। যদিও ৯ছেপ্তেম্বৰ, ২০২৩ত ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে জি-২০ সন্মিলনৰ সময়ত তেতিয়াৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ছেলফি তুলি আমেৰিকাৰ সৈতে সুসম্পৰ্ক থকাৰ কথা পতিপন্ন কৰিব খুজিছিল, কিন্তু কাৰ্যত ঢাকাৰ সিদ্ধান্তক লৈ নাৰাজ আছিল মাৰ্কিন কৰ্তৃপক্ষ।

শেহতীয়া বাংলাদেশৰ নিৰ্বাচনৰ সময়ত আন এটা কাৰ্যকালৰ বাবে হাছিনা নিৰ্বাচিত হৈছিল যদিও আমেৰিকাৰ প্ৰতিক্ৰিয়া আছিল বাংলাদেশৰ প্ৰধান বিৰোধী দল বি এন পিৰ দৰে। এই নিৰ্বাচনত যথেষ্ট কম সংখ্যক ভোটদান হৈছিল। বি এন পিয়ে নিৰ্বাচন একপ্ৰকাৰৰ বৰ্জন কৰিছিল। সেই সুৰতে সুৰ মিলাই আমেৰিকাই  বাংলাদেশৰ নিৰ্বাচন নিকা আৰু ভাবুকিমুক্ত হোৱা নাছিল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

আনকি মাৰ্কিন কৰ্তৃপক্ষই বাংলাদেশৰ নাগৰিকক বিচাৰ প্ৰদানৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছিল। হাছিনাৰ চৰকাৰৰ দিনত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ আব্দুল মমিনে ৱাশ্বিংটন ভ্ৰমণ কৰি সেই বৰফ গলাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল।

আমেৰিকাই অতি শেহতীয়াকৈ ২০২৪ৰ ২১মে’ত বাংলাদেশৰ প্ৰাক্তন সেনা মুৰব্বী অৱসৰপ্ৰাপ্ত জেনেৰেল আজিজ আহমেদক মাৰ্কিন ভিছা প্ৰদান কৰা নাছিল। এই সিদ্ধান্ত আছিল ঢাকাৰ বাবে এক দৃষ্টি নিৰ্ণায়ক সিদ্ধান্ত। বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনা আৰু আন্দোলনকাৰীৰ ওপৰত হাছিনা প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ স্থিতিক লৈও নাৰাজ আছিল বাইডেন।

এনেবোৰ পৰিস্থিতিত বাংলাদেশৰ এই ৰাজনৈতিক উত্থান-পতনৰ আঁৰত মাৰ্কিন প্ৰশাসনৰ হাত থকাতো অস্বীকাৰ কৰিব নোৱাৰি। ৰাজনৈতিক আশ্ৰয় বিচাৰি গ্ৰেট বিট্ৰেইনৰ লগতে আমেৰিকাৰ সৈতেও শ্বেখ হাছিনাই যোগাযোগ কৰিছিল যদিও দুয়োখন দেশেই তেওঁক অতি কৌশলপূৰ্ণভাৱে ৰাজনৈতিক আশ্ৰয় দিয়াৰ পৰা বিৰত থাকে।

আনকি বিশ্বৰ শক্তিশালী আৰু ক্ষমতাশালী দেশ দুখনে হাছিনাক লৈ গ্ৰহণ কৰা স্থিতিয়ে আন আৰবীয় দেশসমূহকো হাছিনাৰ আশ্ৰয়ৰ সন্দৰ্ভত নৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসুবিধাত পেলালে। যাৰ বাবে ৫আগষ্ট, ২০২৪ৰ পৰা ভাৰততে গোপন স্থানত আশ্ৰয় লব লগা হৈছে শ্বেখ হাছিনাই।

তাৰ মাজতেই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছত হাছিনা আৰু তেওঁৰ চৰকাৰৰ আন ৯জনৰ বিৰুদ্ধে গণ হত্যাৰ অভিযোগ ইতিমধ্যে ৰুজু কৰা হৈছে। বাংলাদেশ ইন্টাৰ নেচনেল ক্ৰাইম টিবিউনেলত ৰুজু হৈছে এই গোচৰ। সেই গোচৰ তৰিছে বুলবুল কবিৰ নামৰ এজন ব্যক্তিয়ে।

উল্লেখযোগ্য যে, বুলবুল কবিৰ আৰিফ আহমেদ নামৰ ছাত্ৰজনৰ পিতৃ। নৱম শ্ৰেণীত অধ্যয়নৰত এই ছাত্ৰজন বাংলাদেশৰ শেহতীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সময়ত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। দুয়োখন দেশৰ মাজত থকা বন্দী প্ৰত্যাৱৰ্তন চুক্তিয়েও ভাৰতৰ টোপনি সৰিছে।

গণহত্যাৰ গোচৰত অভিযুক্ত হাছিনাক ঢাকাৰ হাতত এই চুক্তি অনুসৰি নতুন দিল্লীয়ে বাংলাদেশে বিচাৰিলে গতাই দিব লাগিব। এনেবোৰ প্ৰত্যাহ্বান সন্মুখত লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে প্ৰথমবাৰৰ বাবে টেলিফোনিক বাৰ্তালাপতো মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

মোডীয়ে বাংলাদেশত থকা সংখ্যালঘু হিন্দু সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাই আৰু নতুন চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰা প্ৰতিশ্ৰুতি দিছে। এক অৰ্থত ঢাকাৰ প্ৰতি নৰম হ’বলৈ বাধ্য হৈছে নতুন দিল্লী। ৰাজনৈতিক আৰু কূটনৈতিক বিশ্লেষকসকলে ইতিমধ্যে পৰামৰ্শ দিছে যে, এটা ৰাজনৈতিক দল আৰু সেই দলৰ নেতৃত্বৰ প্ৰতি আনুগত্য প্ৰদৰ্শনেৰে ভাৰত ইতিমধ্যে বেকফুটত আছে।

তাতোতকৈ ঢাকাৰ নতুন চৰকাৰৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণেৰে সঠিক সিদ্ধান্ত লোৱাৰ সময় এয়া। শ্বেখ হাছিনাৰ এই ছন্দপতন ভাৰতৰ বাবে ক্ষতিকাৰক ৰূপে বিবেচিত হোৱা আন এক কাৰন হ’ল- উত্তৰ পূবৰ বিদ্ৰোহী সংগঠন। হাছিনাৰ চৰকাৰ অহাৰ পূৰ্বে উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনৰ বাবে ঢাকা আছিল মুকলি মঞ্চ। হাছিনাৰ পতনৰ পাছত সেই একেই পৰিৱেশ গা কৰি উঠিলে নতুন দিল্লীৰ বাবে হ’ব এক ডাঙৰ মূৰ কামোৰণি

বিমোৰত পৰিছে মোডী!  হাছিনাই টোপনি হৰিছে নতুন দিল্লীৰ...
অন্ত পৰিল দ্বিতীয় ফৰাচী বিপ্লৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in