আজিও সন্ধান নোলাল অবিনাশৰ...

আজিও সন্ধান নোলাল অবিনাশৰ...
Published on
Updated on

ৰাজ্যত জটিল ৰূপ ধাৰণ ধৰিছে বানে। অসমৰ প্ৰায় ২৪লাখ লোক এতিয়া পানীৰ তলত। ইফালে গুৱাহাটীতো কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেইবাদিনো পাৰ হৈ যোৱাৰ পাছতো সন্ধান নাই অবিনাশৰ। ৰাজ্যৰ সমগ্ৰ বান পৰিস্থিতিক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

আজিও সন্ধান নাই মহানগৰীৰ উন্মুক্ত নলাত পৰি কৃত্ৰিম বানত উটিঁ যোৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ। ৪জুলাইৰ নিশা মহানগৰাৰীৰ জ্যোতিনগৰত সংঘটিত হৈছিল এই শোকাৱহ ঘটনা। দিন-ৰাত একাকাৰ কৰি প্ৰশাসন, আৰক্ষী, এছ ডি আৰ এফ, পৰিয়ালৰ লোকে সন্ধান পোৱা নাই অবিনাশৰ।

উদ্ধাৰ অভিযান চলি আছে পূৰ্ণগতিত। প্ৰায় প্ৰতিটো নলাই পৰীক্ষা কৰিছে উদ্ধাৰকাৰী দল আৰু পৰিয়ালৰ লোকে। ভাত-পানী এৰি ঘটনা সংঘটিত হোৱা স্থানত, উদ্ধাৰ অভিযান চলোৱা ঠাইত পিতৃ-মাতৃয়ে কান্দি কান্দি সময় অতিবাহিত কৰিছে। পিতৃয়ে চলাই অহা স্কুটিখন হাউলি পৰাত পানীৰ সোঁতত উটি গৈছিল অবিনাশ।

শনিবাৰে উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ উপস্থিত হলহি খোদ মুখ্যমন্ত্ৰী। উদ্ধাৰকাৰী দলক  অভিযান ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পিতৃ-মাতৃক বুজনি দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ আন স্থানৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে খবৰ ৰাখিছে অবিনাশৰো।

পূৰ্বতেও গুৱাহাটী মহানগৰীত কৃত্ৰিম বানত নলাত উটিঁ গৈ প্ৰাণ হেৰুওৱা বহু উদাহৰণ আছে। গান্ধীবস্তিৰ সমীপতে উঁটি গৈছিল বানত মহিলা। সেই ধাৰাবাহিকতা যেন আজিও অন্ত পৰা নাই। উন্মুক্ত নলা বাৰিষা কাল আহিলেই হৈ পৰে মৃত্যুদূত।  

গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যাইও ক্ৰমশ ভয়াৱহৰ পৰা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অথচ এই সমস্যাবোৰ সমাধানৰ বাবে বহু আচনিৰ কথা ঘোষণা কৰিও কোনো চৰকাৰে ইয়াৰ সফল ৰূপায়ন সম্ভৱ কৰি তুলিব পৰা নাই। গুৱাহাটীৰ মাজেৰে যোৱা ভৰলু, বাহিনী আদি নদী পানীৰ স্তৰ বৰ্তমান স্থিৰ হৈয়ে আছে।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট ওপৰত থকাৰ বাবে এই নদীসমূহৰ মাজেৰে বৈ যোৱা পানী ব্ৰহ্মপুত্ৰলৈ এৰি দিব পৰা হোৱা নাই। বন্ধ কৰি থোৱা হৈছে শ্লুইচ গেট। পাম্পৰে সেই পানী ব্ৰহ্মপুত্ৰত পেলাই থকা হৈছে যদিও হৈ থকা বৰষুণৰ বাবে সেয়া ফলপ্ৰসু হোৱা নাই।

নবীন নগৰ, অনিল নগৰ এতিয়া পানীৰ তলতে। ৰুক্মিণী নগৰতো কৃত্ৰিম বানৰ পানী কমা নাই। দুই-তিনিদিন ধৰি সেই অঞ্চলসমূহ কৃত্ৰিম বানত প্লাৱিত হৈ আছে। ইফালে ডাৱৰীয়া বতৰৰ বাবে এই অঞ্চলসমূহত বাস কৰা লোকসকল শংকিত হৈ পৰিছে।

ভৰলু নদীৰ গাৰ্ড ৱাল যিকোনো মূৰ্হুততে ভাগি পৰাৰ সম্ভাৱনা আছে। বৰষুণৰ পৰিমাণ মহানগৰীত বৃদ্ধি পালে এই নদীসমূহৰ গাৰ্ডৱালৰ ওপৰেৰে পানী সেই অঞ্চলবিলাকত সোমোৱাৰ সম্ভাৱনাই দেখা দিছে।

মহানগৰীৰ প্ৰতিটো নলাই এতিয়া কৃত্ৰিম বানৰ পানীৰে ভৰি পৰিছে। ইয়াৰোপৰি নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে বহু নলা বন্ধ কৰি দিয়াৰ ফলত নুনমাটি, বামুণীমৈদাম, চান্দমাৰী, খাৰঘূলি আদি অঞ্চল সমূহ সামান্য এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে।

সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলনৰ বাবেও বিশেষ সৰ্তকতা ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে প্ৰশাসনে। গুৱাহাটী মহানগৰৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি প্ৰশাসনে অঞ্চলবাসীক সাৱধান কৰি দিছে। এইবোৰ সমস্যা এতিয়া মহানগৰীত সমস্যা হৈয়ে ৰৈছে।

ইফালে এই কৃত্ৰিম বানৰ মাজত খাদ্য আৰু পানীৰ সংকটেও দেখা দিছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে সাম্ভাৱ্য বৰষুণৰ সম্ভাৱনাই আৰু অধিক জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। ইফালে ৰাজ্যৰো অন্য প্ৰান্তসমূহত বানৰ সমস্যাই আজিও জটিল ৰূপ ধাৰণ কৰিয়ে আছে।

বানত ডুব যোৱা অঞ্চলসমূহত প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও বহু স্থানত বানাক্ৰান্তই উপযুক্ত সাহায্য নোপোৱাৰ অভিযোগ উঠিছে। এতিয়ালৈকে ৰাজ্যৰ ২৩লাখ ৯৬হাজাৰ ৬৪৮গৰাকী লোক বানত আক্ৰান্ত হৈছে।

বৰপেটা, বিশ্বনাথ, বঙাইগাওঁ, কাছাৰ, চিৰাং, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, কামৰূপ, কামৰূপ মেট্ৰ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, গোলাঘাট, ডিব্ৰুগড়, দৰং, ধুবুৰী, গোলাঘাট, গোৱালপাৰা, লখিমপুৰ, মাজুলী, নগাওঁ,মৰিগাও, শিৱসাগৰ, তিনিচুকীয়া আজি জিলাত মুঠ ৫৫৭টা  ৰিলিফ কেম্প স্থাপন কৰা হৈছে বানাক্ৰান্তৰ বাবে।সৰ্বাধিক কাছাৰত বানাক্ৰান্তৰ বাবে ১০৪টা ৰিলিফ কেম্প স্থাপন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in