সম্ভাৱ্য বিপদৰ উমান পায়ো অসম জনতাৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ। ২০২৫ৰ মাৰ্চ মাহৰ পৰা প্ৰথম পৰ্যায়ত ৭৫০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব NHPCয়ে। এই খবৰ অহাৰ পাছতেই আকৌ এক শংকামুখৰ পৰিৱেশ। অসমক জলবোমাৰে নিঃ শেষ কৰাৰ ব্লু-প্ৰিণ্ট সম্পূৰ্ণ হৈ উঠাৰ সন্ধিক্ষণত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
বিজুলী উৎপাদনৰ বাবে সাজু হৈছে সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প ৷ ২০২৫ৰ মাৰ্চত বিজুলী উৎপাদন হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৷ প্ৰথম পৰ্যায়ত ৭৫০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব NHPCয়ে ৷ পাৱাৰ হাউচত দুটা ইউনিটত বিজুলী উৎপাদনৰ বাবে টাৰ্বাইন সংস্থাপন কৰা হৈছে ৷ তৃতীয়টো টাৰ্বাইন ২০২৫ৰ ফেব্ৰুৱাৰীৰ ভিতৰত সংস্থাপিত হ’ব ৷ তাৰ পাছতেই সেই বৰ্ষৰ মাৰ্চত বিজুলী উৎপাদন কৰিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা ৷
এই খবৰ অহাৰ পাছতেই আকৌ এক শংকামুখৰ পৰিৱেশ। অসমক জলবোমাৰে নিঃ শেষ কৰাৰ ব্লু-প্ৰিণ্ট সম্পূৰ্ণ হৈ উঠিল। যিকোনো সময়ত বিস্ফোৰিত হ’ব পাৰে এই জলবোমা ! অৰুণাচল আৰু ভূটানত নিৰ্মাণ কৰা নদীবান্ধে অসমত পৰৱৰ্তী সময়ত কেনে প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰ সদায় নীৰৱ হৈয়ে ৰ’ল। দেশত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে জলবিদ্যুৎ প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পসমূহে যে এদিন জলবোমাৰ ৰূপ ল'ব, সেয়া জানিও নজনাৰ ভাওঁ ধৰিলে চৰকাৰে।
বৃহৎ নদীবান্ধ অসমৰ জনজীৱনৰ প্ৰতি ভাবুকি হৈ পৰিব। তাৰ লগতে নদীৰ জীৱকুলৰ বিস্তৰ ক্ষতি, বান্ধ নিৰ্মাণ কৰাৰ ফলত নামনি অংশত নদীৰ পানী শুকাই যোৱাৰ বিপৰীতে বাৰিষা সেই পানী বান্ধৰ পৰা এৰি দিয়াৰ ফলত কেনে পৰিৱেশ সৃষ্টি হ'ব পাৰে, সেয়া ইতিমধ্যে উৎপাদন আৰম্ভ হোৱা সৰু সৰু নদীবান্ধবোৰে উমান দিছে। ভাৰত অথবা আন দেশৰ বৃহৎ জলবান্ধৰ ক্ষেত্ৰতো একেই বিধ্বংসী পাৰ্শ্বক্ৰিয়া বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে।
নদীবান্ধৰ সপক্ষে বা বিপক্ষে যিমানেই যুক্তি দাঙি নধৰক কিয়, সঁচা কথাটো হ'ল- ভূমিকম্পপ্ৰৱণ এই অঞ্চলটোত নদীবান্ধে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব। গেৰুকামুখত নিৰ্মাণ হোৱা এনএইছপিচিৰ নামণি সোৱণশিৰি নদীবান্ধৰ ক্ষেত্ৰত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ হোৱাৰ পাছতো ভৌগলিকভাৱে নদীবান্ধ নিৰ্মাণ কৰাত বাধা থকা এই অঞ্চলটোত চৰকাৰে যিকোনো প্ৰকাৰে জলবিদ্যুৎ উৎপাদনতহে গুৰুত্ব দিলে।
গেৰুকামুখৰ বান্ধ নিৰ্মাণ কৰা স্থানত থকা শিলবোৰত সৰু ডাঙৰ চ্যুতি আছে। ভূমিকম্পপ্ৰৱণ এই অঞ্চলটোত যিকোনো মুহূৰ্ততে ভূমিকম্পই বান্ধটো ধ্বংস কৰি পেলাব পাৰে। বান্ধৰ ৰিজাৰ্ভাৰত যি বৃহৎ পৰিমাণৰ পানী জমা থাকিব, সেই পানীবোৰে শিলবোৰত থকা চ্যুতিবোৰক সক্ৰিয় কৰি তুলিলে এনে শিলবোৰৰ স্থিতাৱস্থাৰ পৰা গতি কৰিলে ভূমিকম্প হোৱাটো নিশ্চিত।
তদুপৰি, বান্ধ নিৰ্মাণ স্থানত থকা শিলবোৰৰ ধৰণ বান্ধ নিৰ্মাণৰ বাবে উপযুক্ত নহয়। যাৰ বাবে এই শিলবোৰ সহজতে ভাগি পৰাৰ শংকা থাকে। এই স্থানত বান্ধ নিৰ্মাণ কৰিব লাগে নে নালাগে, সেই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞ সকলৰে এখন বিশেষজ্ঞ কমিটী গঠন কৰা হৈছিল। এই কমিটীয়ে দাখিল কৰিছিল এখন প্ৰতিবেদন।
"REPORT ON DOWNSTREAM IMPACT STUDY OF THE ONGOING SUBANSIRI LOWER HYDROELECTRIC POWER PROJECT AT GERUKAMUKH OF NATIONAL HYDROELECTRIC POWER CORPORATION LIMITED- শীৰ্ষক এই প্ৰতিবেদনত এই বান্ধৰ ফলত কি কি পৰিস্থিতৰ উদ্ভৱ হ'ব পাৰে, তাৰ এক তালিকা দিয়া হৈছিল।
গৰাখহনীয়া বৃদ্ধি, জীৱকুলৰ প্ৰতি ভাবুকিৰ লগতে বান্ধৰ ফলত হ'ব পৰা ক্ষয়-ক্ষতিৰ কথা উল্লেখ আছিল তালিকাত। লগতে উল্লেখ আছিল ১৯৫০ চনত হোৱা ভূমিকম্পত এই সোৱণশিৰি নদীত এটা প্ৰাকৃতিক বান্ধৰ সৃষ্টি হৈছিল। ৩ দিন থকা এই বান্ধটো ভাগি যোৱাৰ পাছত নদীখনৰ নামনি অঞ্চলত বিস্তৰ ক্ষতি হৈছিল। সেই ক্ষতিপূৰণৰ বাবে অঞ্চলটোত ১০ বছৰৰো অধিক সময়ৰ প্ৰয়োজন হ'ল।
বৰ্তমান ১৯৫০ চনৰ তুলনাত সোৱণশিৰিৰ নামনি অংশত জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যদি এনে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ হয়, তাৰ ভয়াবহতা কি হ'ব পাৰে সেয়া অনুমানেই কৰিব নোৱাৰি। সেই প্ৰতিবেদনত এই কথা লিখিছিল এইদৰে-
"The great 1950 earthquake of Upper Assam, caused landslides in the Subansiri river, thereby daming the river for three days, and when the natural dam failed, it brought total devastation in the downstream area. People required more than a decade for revival, the population was a meager number during that time as compared to the present, and even a calamity of similar magnitude can easily cause far greater devastation today, affecting a much larger population. This is a prime concern of the downstream inhabitants as was revealed during the study"
এই অঞ্চলটো অতি কোমল আৰু বালি শিলেৰে গঠিত। সেয়েহে ভূমিকম্পৰ ফলত এই বান্ধ ভাগি যোৱাৰ সম্ভাৱনা অধিক বেছি। তেনে ক্ষেত্ৰত নামনি সোৱণশিৰিত নদীবান্ধক লৈ ৰাইজৰ শংকা, বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন আদি সকলোকে আওকাণ কৰি কেৱল বিদ্যুৎ উৎপাদনৰ বাবে অসমৰ পণবন্দী কৰা হ’ল।
গেৰুকামুখৰ প্ৰকল্পৰ নামনিৰ প্ৰভাৱ অধ্যয়ণৰ বাবে পূৰ্বৰ অধ্যয়ণসমূহক অৱজ্ঞা কৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে একপক্ষীয়ভাৱে তিনিজনীয়া অধ্যয়ণ কমিটী গঠন কৰিছিল। যোৱা ২৫ জুলাই, ২০১৯ত সেউজ ন্যায়াধীকৰণৰ দিল্লীৰ প্ৰধান বিচাৰ পীঠৰ এই সন্দৰ্ভত এক গোচৰ আবেদন গ্ৰহণ কৰি চৰকাৰী পক্ষ আৰু এনএছপিটচিক ন্যায়াধীকৰণৰ বিচাৰকে প্ৰশ্ন কৰিবলগা হৈছিল - অসম ভাৰতৰ অংগৰাজ্য নহয় নেকি?
ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, এছ পি বাংৰি, আৰু কে ৰামাকৃষ্ণনৰে গঠিত সেউজ ন্যায়াধীকৰণৰ বিচাৰপীঠে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ দ্বাৰা নিয়োজিত তিনিজনীয়া বিচাৰপীঠক অগ্ৰাহ্য কৰিছিল। আসাম পাব্লিক ৱৰ্কছৰ হৈ অভিজিত শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি তুলাৰাম গগৈয়ে জনোৱা আবেদনৰ ভিত্তিত এই সেউজ ন্যায়াধীকৰণৰ বিচাৰপীঠে প্ৰশ্ন কৰিছিল - অসমৰ নাগৰিকৰ স্বাৰ্থ জড়িত বিষয়ক অৱজ্ঞা কৰি দেশৰ উন্নয়নৰ আঁচনি সেই অঞ্চলত কিদৰে ৰূপায়িত হ'ব পাৰে? ভয়াবহ বানত আক্ৰান্ত এই ৰাজ্যখনত বলপূৰ্বকভাৱে কেন্দ্ৰই কোনো সিদ্ধান্ত জাপি দিব নোৱাৰে বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিছিল।
উত্তৰ পূবত কেন্দ্ৰই নদীবান্ধ নিৰ্মাণেৰে জলবিদ্যুৎ উৎপাদনৰ বাবে অধিক তৎপৰতা গ্ৰহণ কৰিলে। বাজপেয়ী চৰকাৰৰ দিনতে উত্তৰ পূবক 'পাৱাৰ হাউচ' ৰূপে গঢ়ি তোলা নীতিক কাৰ্যকৰী কৰিবলৈ ইটোৰ পাছত সিটো নদীবান্ধ নিৰ্মাণেৰে দেশৰ আন ঠাইৰ বিদ্যুৎসংকট দূৰীকৰণৰ চেষ্টা চলোৱা হ’ল। আনকি ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণৰ বাবে চীনৰ সৈতে সহমতত উপনীত হ'ব নোৱাৰা নতুন দিল্লীয়ে নদীবান্ধৰ ক্ষেত্ৰত চীন আৰু ভূটানৰ সহযোগীৰূপে থিয় দিলে।
গেৰুকামুখত নিৰ্মাণ কৰা এনএছপিচিৰ নামনি সোৱণশিৰি নদীবান্ধটোৰ জৰিয়তে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিদ্যুতে দেশ উজ্বলাব। কিন্তু এই বান্ধৰ নামনি অংশত বাস কৰা লোকসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বানৰূপে থিয় দিব।
এক কথাত সেই নদীখনক জীৱিকাৰূপে লৈ বা নদীখনৰ পাৰত গঢ়ি উঠা সামাজিক, জৈৱিক প্ৰণালীৰ আৰু অঞ্চলটোৰ জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি আহিব। বান্ধৰ পৰা ১৮ ঘন্টাত মাত্ৰ ৬ কিউমেক পৰিমাণৰ পানী এৰি দি বাকী ৬ ঘন্টাত ২৫০০ কিউমেকলৈ বৃদ্ধি কৰি বিদ্যুৎ উৎপাদন কৰিব লাগিব। নদীখনৰ জলস্ৰোতৰ অস্বাভাৱিক হ্ৰাস-বৃদ্ধিয়ে নামনিৰ ইক' চিষ্টেম বিধ্বস্ত কৰি পেলাব।
এই অঞ্চলটোত বছৰি গড়ে ৪৪০ ছেন্টিমিটাৰ বৰষুণ হয়। বাৰিষা কালত পাৰ্বত্য অঞ্চলটোত যথেষ্ট পানী জমা হৈ প্ৰৱল চাপ সৃষ্টি কৰে। বৃষ্টিজনিত সেই চাপ নদীবান্ধটোৰ বাবে অতি বিপজ্জনক হৈ পৰিব। নদীবান্ধ নিৰ্মাণ কৰা সোৱণশিৰি নদীয়ে স্বাভাৱিকভাৱে দৈনিক ২৯৩৩৮ টন পানী কঢ়িয়াই নিয়ে। যদি সেয়াই হয়, তেনেহ'লে নদীবান্ধৰ পানী জমা কৰা অঞ্চলত বান্ধৰ উচ্চতা হ্ৰাস কৰিব। সেই উচ্চতা ৰক্ষা কৰিবলৈ বালিমিশ্ৰিত পানী পাম্প কৰি এৰিব লাগিব। সেই বালিবোৰ এৰি দিলে এই বালি গৈ কাষৰ পথাৰত পৰিবগৈ। যাৰ বাবে পথাৰসমূহৰ উৎপাদন শক্তি হ্ৰাস পাব।
নামনি সোৱণশিৰি নদীবান্ধে উজনি অসমত, একেদৰে ভূটানৰ নদীবান্ধে নামনি অসমত জল প্ৰলয়ৰ সৃষ্টি কৰিব। ২০০৪ চনত ভূটানত ডাৱৰ বিস্ফোৰণ হৈছিল। ইয়াৰ ফলত কুৰিশ্বু নদীৰ জলস্তৰ বৃদ্ধি হৈছিল। আৰু সেই নদীখনত থকা বান্ধৰ পানী এৰি দিবলৈ বাধ্য হৈছিল কৰ্তৃপক্ষই। সেই বান্ধৰ পানীয়ে নামনি অসমৰ মানাস অভয়াৰণ্যৰ ওচৰত নাৰায়ণগুৰি বান্ধ চিঙিছিল। সেই বান কিমান ভয়াবহ আছিল, সেই তথ্য চালেই ভূটানৰ নদীবান্ধে নামনি অসমত কিদৰে প্ৰভাৱ পেলাই আহিছে তাৰ এখন ছবি দেখিবলৈ পোৱা যায়।
২০০৮ চনত অনুৰূপ ধৰণে অতিপাত বৰষুণৰ বাবে ৰঙানদীৰ বান্ধৰ পানী এৰি দিয়াত ক্ষন্তেকৰ ভিতৰতে ৩৪৭ খন গাঁও জলমগ্ন কৰি পেলাইছিল। সেইবোৰ সৰু সৰু বান্ধ। কিন্তু ইয়াৰ বিপৰীতে বৃহৎ নদীবান্ধবোৰৰ ভয়াবহতাৰ কথা ৰাইজে কল্পনাই কৰিব পৰা নাই।
কেৱল অৰুণাচলতে ১৮টা নদীবান্ধৰ জৰিয়তে ১৭৯৭২ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছিল। ইয়াৰ ভিতৰত ৩০৯৭ মেগাৱাট সম্পন্ন ইটালিন জলবিদ্যুৎ প্ৰকল্প, ২৮৮০ মেগাৱাট সম্পন্ন দিবাং জলবিদ্যুৎ প্ৰকল্প, নামনি ডিমৌৰ ১৭৫০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প, নামনি চিয়াঙৰ ২৭০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প অন্যতম।
এই প্ৰকল্পবোৰ ৰূপায়ণ হ'লে অৰুণাচল চৰকাৰে ১২ শতাংশ বিনামূলীয়া বিজুলী লাভ কৰিব। অৰ্থাৎ বছৰেকত ২৪০০ কোটি টকা লাভ হ'ব অৰুণাচল চৰকাৰৰ। প্ৰতি বছৰে প্ৰকল্পৰ স্থানীয় এলেকাৰ উন্নয়নৰ বাবে ২০০ কোটি দিয়াৰ প্ৰতিশ্ৰুতি আছে। কিন্তু নামনি অঞ্চলত কি হ'ব, সেই প্ৰতিশ্ৰুতিহে চৰকাৰৰ নাই।
অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত দিল্লীৰ চকু আজিৰ নহয়। যিকোনো প্ৰকাৰে অসমৰ এই সম্পদৰাজী দিল্লীয়ে ব্যৱহাৰ কৰিব খোজে। আনকি উত্তৰ পূবৰ খৰস্ৰোতা নদীসমূহত বিজুলী শক্তি উৎপাদনৰে মুনাফা লাভৰ পৰিকল্পনাও তাৰেই অংশবিশেষ।
তাৰ বিপৰীতে নদী সংযোগ আঁচনিৰে অসমৰ নদ-নদীৰ পানী দেশৰ আন প্ৰান্তলৈ নি ভাৰতৰ মূল ভূমিক সেই পানীৰে কৃষি তথা আন কাৰ্যৰ সহায়ক হোৱাকৈ আঁচনি গ্ৰহণ কৰিছে। খৰালিত মৰুসদৃশ সেই ঠাইবোৰৰ অসমৰ পানী লৈ যোৱা হ'ব। কিন্তু বাৰিষা অসমৰ পানী অসমতেই থাকিব। অৰ্থাৎ প্ৰয়োজনত তেওঁলোকে আমাৰ পৰা কাঢ়ি নিব, কিন্তু বান নিয়ন্ত্ৰণৰ আঁচনি বুলি প্ৰচাৰ চলালেও বাৰিষা কালত এই নদী সংযোগ আঁচনিৰ প্ৰয়োজন নাথাকিব।
নদী সংযোগৰ ফলত নদীসমূহৰ চৰিত্ৰলৈ বিসংগতি আহিব। নদীবান্ধ আৰু এই নদীসংযোগ আঁচনিয়ে পানীৰ অভালত হিমালয়ৰ পাদদেশত থকা সেউজ ভূমি ধ্বংস কৰি পেলাব। একেদৰে বাৰিষাৰ বানত বিস্তৰ ক্ষয়-ক্ষতি হ'ব।
ভৌগৌলিকভাৱে অসমখন চৰিয়া সদৃশ। অৰুণাচল, ভূটান আদিত নিৰ্মাণ কৰা বান্ধ ভাগি পৰিলে বাৰিষাৰ বতৰত সেই বান্ধৰ পানী এৰি দিলে অসমতেই জলপ্ৰলয় হ'ব। সেই কথা জানিও কেন্দ্ৰই নিৰ্মাণ কৰাত আঁকোৰগোজ হৈ ৰয়। অসমৰ সচেতন ৰাইজ তথা দল-সংগঠনে বিচাৰিছিল নদীবান্ধ বন্ধ হওঁক। কিন্তু সেইটো নিবিচাৰিলে কেন্দ্ৰই। অসম আৰু অসমীয়া নিঃশেষ হৈ যাওঁক। দিল্লীক লাগে কেৱল বিদ্যুৎ। সেয়েহে নদীবান্ধ নিৰ্মাণত আঁকোৰগোজ কেন্দ্ৰ।