কোনোবা বিদেশত, কোনোবা মেল-মিটিঙত...

কোনোবা বিদেশত, কোনোবা মেল-মিটিঙত...
Published on
Updated on

২০২৪ৰ লোকসভা নিৰ্বাচনত তেওঁলোক আছিল বেচ চৰ্চিত। ভোটযুদ্ধত তেওঁলোকে বিৰোধী প্ৰাৰ্থীক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল। সবল যুঁজ দিও পৰাজিত হোৱা অসমৰ ১৪টা লোকসভা সমষ্টিৰ চৰ্চিত এই প্ৰাৰ্থীসকল বৰ্তমান কিদৰে ব্যস্ত। ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

অষ্টাদশ লোকসভা নিৰ্বাচনত জয়ী হোৱা সাংসদসকলে শেহতীয়াকৈ শপত গ্ৰহণ কৰিলে। সকলো সাংসদে ইতিমধ্যে নিজ কাৰ্যকাল আৰম্ভ কৰিছে। বহু সমষ্টিত সাংসদসকলে সমস্যাবোৰ সমাধানৰ  বাবে কাৰ্যপন্থাও গ্ৰহণ কৰিছে। কিন্তু এই নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থীসকলে বাৰু বৰ্তমান কি কৰি আছে। অসমৰ ১৪টা সমষ্টিত পৰাজিত হোৱা কেইগৰাকীমান চৰ্চিত প্ৰাৰ্থীয়ে এতিয়া নিজকে কিদৰে ব্যস্ত ৰাখিছে?

এইবেলি নিৰ্বাচনত চৰ্চিত সমষ্টিবোৰৰ ভিতৰত অন্যতম আছিল ডিব্ৰুগড় সমষ্টি। সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৰণত নামিছিল লুৰীণজ্যোতি গগৈ। সমষ্টিটোত আৰু এগৰাকী প্ৰাৰ্থী আছিল মনোজ ধানোৱাৰ। নিৰ্বাচনত পৰাজিত হলেও এই দুইগৰাকী প্ৰাৰ্থীয়ে ন উদ্যমেৰে পুনৰ সামাজিক আৰু দলীয় কাম-কাজ চলাই গৈছে। লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনৰ ফলাফলৰ পিছৰ দিনটোৰ পৰাই চাবুৱা, মাকুম, শিৱসাগৰ, নাহৰকটীয়াৰ লগতে ডিব্ৰুগড়ৰ বহুকেইখন গাঁৱত অনুষ্ঠিত হোৱা মেল-মিটিঙত অংশ লৈছে। ইয়াৰ বিপৰীতে মনোজ ধানোৱাৰেও পূৰ্ণদম্যে দলীয় কাম-কাজত মনোনিৱেশ কৰিছে।

লখিমপুৰ লোকসভা সমষ্টিতো প্ৰদান বৰুৱাৰ বিপৰীতে যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল উদয় শংকৰ হাজৰিকাই। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৩লাখৰো অধিক ভোট লাভ কৰিছিল। নিৰ্বাচনত পৰাজয় হোৱাৰ পাছতে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই পৰিয়ালক কিছু সময় দিছে।  নিৰ্বাচনৰ পাছতে উদয় শংকৰ হাজৰিকাক বৰ বেছি সামাজিক কাম-কাজত লিপ্ত হোৱা দেখা পোৱা নাই।

২০২৪ৰ লোকসভা নিৰ্বাচনত সবাতোকৈ চৰ্চিত সমষ্টিটো আছিল আছিল যোৰহাট। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা সমষ্টিটোক লৈ জনতাৰ উতসুকতা বৃদ্ধি পাইছিল। সমষ্টিটোত গৌৰৱ গগৈৰ হাতত পৰাজিত হৈছিল বিজেপিৰ তপন গগৈ। পৰাজয়বৰণ কৰাৰ পাছতো তপন গগৈয়ে দলীয় ভিন্ন কামত সক্ৰিয়তাৰে অংশ লৈছে। সামাজিক মাধ্যমতো খুবেই সক্ৰিয় হৈ আছে বিজেপিৰ প্ৰাক্তন সাংসদগৰাকী। ঘৰুৱা ভিন্ন কাম-কাজৰ লগতে দলীয় সতীৰ্থৰ সৈতে সামাজিক কামত নিজৰে নিৰ্বাচনৰ পাছত ব্যস্ত ৰাখিছে তপন কুমাৰ গগৈয়ে।

শোণিতপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে পৰাজিত হোৱা প্ৰেমলাল গঞ্জুয়েও এৰি দিয়া নাই উদ্যম। নিৰ্বাচনত পৰাজিত হলেও দলীয় কাম-কাজত পূৰ্বৰ দৰেই সক্ৰিয় হৈ আছে কংগ্ৰেছৰ নেতাগৰাকী। লোকসভাত পৰাজিত হোৱাৰ পাছতে বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰস্তুতিত ব্যস্ত গঞ্জু। বিহালী সমষ্টিত কংগ্ৰেছ সভাপতিৰ সৈতে ইখনৰ পাছত সিখন সভা অনুষ্ঠিত কৰিছে তেওঁ। বিহালী সমষ্টিত অনুষ্ঠিত হব লগা উপ নিৰ্বাচনৰ বাবে দলীয় ভেটিঁ শক্তিশালী কৰাত ব্যস্ত এতিয়া প্ৰেমলাল গঞ্জু।

ধুবুৰীত ৰকিবুল হুচেইন অভিলেখ সংখ্যক ভোটত বিজয় লাভ কৰি দিল্লীলৈ ৰাওনা হোৱাৰ পাছত এতিয়া ধুবুৰীতে ইটো-সিটো কামত ব্যস্ত আজমল। প্ৰাক্তন সাংসদগৰাকীক নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত আজমল ফাউণ্ডেশ্যনৰ এটা শিক্ষামূলক অনুষ্ঠানত ভাগ লোৱা দেখা গৈছিল। ইয়াৰোপৰি নিৰ্বাচনত পৰাজিত হোৱা অগপ নেতা জাবেদ ইছলাম এক প্ৰকাৰৰ নিৰুদ্দেশ বুলি কলেও ভুল কোৱ নহ’ব। কিন্তু ততসত্ত্বেও জাবেদ ইছলামৰ নাম শেহতীয়াকৈ ভয়ংকৰ এক চিণ্ডিকেটৰ সৈতে সাঙুৰ খাইছে। নিজ দলৰে এগৰাকী নেতাই জাবেদ ইছলামৰ বিৰুদ্ধে আনিছে মাহে কোটি টকা উপাৰ্জন কৰা বল্ডাৰ চিণ্ডিকেটৰ অভিযোগ।

কৰিমগঞ্জত কাণে কাণ মাৰি বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হলেও পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে সক্ৰিয়ভাৱে কৰি গৈছে সামাজিক কাম-কাজ। পৰাজয়বৰণ কৰাৰ পাছতো বহুকেইটা সামাজিক অনুষ্ঠানত দেখা পোৱা গল কংগ্ৰেছ নেতাগৰাকীক। সামাজিক মাধ্যমতো বিভিন্ন ইচ্ছ্যুত মতামত প্ৰকাশ কৰাৰে পৰা বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰালৈকে সকলো কামতে সক্ৰিয় বৰ্ষীয়ান নেতাগৰাকী। গুৱাহাটীৰ বিভিন্ন সভা আৰু বানৰ বিভীষিকাৰ সময়ত কৰিমগঞ্জৰ ভিন্ন অঞ্চললৈ গৈ সহায় কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

গুৱাহাটীত সন্মানজনক পৰাজয়বৰণ কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে। নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পাছতো সামাজিক মাধ্যমৰ পৰা আদি কৰি সামাজিক জীৱনতো সক্ৰিয় হৈ আছে বৰঠাকুৰ। দিল্লীত দলীয় সভাত উপস্থিত থকাৰ লগতে নীট কেলেংকাৰীক লৈ গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছিল কংগ্ৰেছৰ নেত্ৰীগৰাকীক। অৱশ্যে ইয়াৰ মাজতে পৰিয়ালকো সময় দিছে বৰঠাকুৰে। বৰ্তমান পৰিয়ালৰ সৈতে থাইলেণ্ডত ফুৰিবলৈ গৈছে মীৰা বৰঠাকুৰ গোস্বামী।

কাজিৰঙাত ৰজলিনা তিৰ্কীয়ে পৰাজয়বৰণ কৰিলেও ভাগি পৰা নাই। দলীয় আৰু সামাজিক কামক সমানেই আগুৱাই দিছে নেত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পাছতে দলীয় সভাৰ অনুষ্ঠিত কৰি দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধিৰ চেষ্টা কৰিছে নেত্ৰীগৰাকীয়ে। ইয়াৰোপৰি দলীয় কৰ্মীসকলৰ ঘৰে ঘৰে গৈ খা-খবৰো লৈছে নেত্ৰীগৰাকীয়ে। ইয়াৰ মাজতে কংগ্ৰেছৰ পৰা নতুনকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ন সাংসদক ঘৰলৈ গৈ শুভেচ্ছা জনোৱাতো কৃপনালি কৰা নাই ৰজলীনাই।

নগাওঁ লোকসভা সমষ্টিটোও আছিল এইবেলি নিৰ্বাচনৰ এটা চৰ্চিত সমষ্টি। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা সমষ্টিটোত প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে সবল যুঁজ দিছিল বিজেপিৰ সুৰেশ বৰাই। লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৮টা বিধানসভাত ৪টাত কংগ্ৰেছ আৰু ৪টাত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছিল। সংখ্যালঘু ভোটাৰৰ কৃপাত দিল্লী যাত্ৰা সম্ভৱ হোৱা প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে যুজঁ দি ভাগৰি পৰা নাই সুৰেশ বৰা। সামাজিক কাম-কাজত পূৰ্বৰ দৰেই সক্ৰিয় হৈ আছে বিজেপিৰ নেতাগৰাকী। দলীয় ভিন্ন কাম-কাজৰ লগতে সামাজিক অনুষ্ঠানটো অংশ লৈছে তেওঁ। পৰাজিত হোৱাৰ পাছতো নগাঁৱৰ বিজেপিৰ কাৰ্যালয়তো সঘনাই দেখা পোৱা গৈছে সুৰেশ বৰাক। ব্যৱসায়িক কাম-কাজতো সমানে ব্যস্ত বিজেপিৰ নেতাগৰাকী।

কোকৰাঝাৰ সমষ্টিত ইউ পি পি এল জয়ন্ত বসুমতাৰী জয়ী হৈ দিল্লীলৈ গল। সমষ্টিটোত পৰাজিত হোৱা দুগৰাকী বিশেষ প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু বি পি এফৰ খাম্ফা বৰগয়াৰী। পৰাজিত দুয়োগৰাকী নেতাই সামাজিক মাধ্যমত সক্ৰিয় নহয়। অৱশ্যে সামাজিক জীৱনত দুই এটা কামৰ সৈতে জৰিত হৈ আছে দুয়োগৰাকী নেতা। খাম্ফা বৰগয়াৰী পৰাজিত হোৱাৰ পাছতে বি পি এফৰ বিভিন্ন দলীয় কাম-কাজতো অংশ লোৱা দেখা গৈছে।

দৰং-ওদালগুৰি সমষ্টিত পুনৰ দিলীপ শইকীয়া সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত পৰাজিত প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ আগৰ দৰেই ৰাজনৈতিক জীৱনত ব্যস্ত। বিধায়ক হিচাপে পূৰ্বৰ দৰেই সামাজিক, ৰাজনৈতিক কাম-কাজত মনোনিৱেশ কৰিছে বড়োয়ে। কলাইগাওঁ সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বি পি এফ বিধায়কগৰাকী অৱশ্যে সামাজিক মাধ্যমত বৰ এটা সক্ৰিয় নহয়। আনফালে এই সমষ্টিটোত অন্যতম এগৰাকী শক্তিশালী প্ৰাৰ্থী আছিল কংগ্ৰেছৰ মাধৱ ৰাজবংশী। বৰ্ষীয়ান নেতাগৰাকী নিৰ্বাচনৰ পাছতে দুই-এক সামাজিক অনুষ্ঠানত প্ৰত্যক্ষ কৰা হৈছিল যদিও বৰ বেছি সক্ৰিয়তা প্ৰদৰ্শন কৰা নাই। সামাজিক মাধ্যমতো সক্ৰিয়তা নাই মাধৱ ৰাজবংশীৰ।

বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নে। পৰাজিত হোৱাৰ পাছত দ্বীপ বায়নক দলীয় কেইবাটাও কাৰ্যসূচীত প্ৰত্যক্ষ কৰা হৈছিল। ইয়াৰ বিপৰীতে আন এগৰাকী প্ৰাৰ্থী তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰো পৰাজিত হোৱাৰ পাছত ভাগি পৰা নাই। দলৰ লগতে সমষ্টিবাসীৰ বিভিন্ন কাম-কাজত ব্যস্ত হৈ আছে মনোৰঞ্জন তালুকদাৰ। ইফালে নিৰ্বাচনৰ আগত জয়ী হোৱাৰ গেৰান্টী দিয়া সমষ্টিটোৰ এগৰাকী চৰ্চিত প্ৰাৰ্থী দুলু আহমেদ বৰ্তমান পৰিয়ালৰ সৈতে আমোদ-প্ৰমোদত ব্যস্ত বিদেশত। নিৰ্বাচনত মাত্ৰ ৭হাজাৰ ভোট লাভ কৰা দুলু আহমেদ বৰ্তমান কানাডা, ফান্সৰ বিভিন্ন স্থানত ফুৰাত ব্যস্ত।

শিলচৰত পৰিমল শুক্লবৈদ্যৰ জয় একপ্ৰকাৰৰ নিশ্চিত আছিল যদিও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছিল তৃণমূল ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ। বৰ্ষীয়ান ৰাজনৈতিক নেতা ৰাধেশ্যাম বিশ্বাস নিৰ্বাচনৰ পাছত বৰ বেছি সক্ৰিয় হৈ থকা নাই। ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বহুকেইটা অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে ৰাইজে।

ডিফুত বিজেপিৰ অমৰছিং তিছু জয়ী হৈ যোৱাৰ পাছত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে সক্ৰিয়তাৰে কৰি আছে বিভিন্ন কাম। বানপীড়িত লোকক সাহায্যৰ পৰা আদি কৰি টিভিত নিৰ্বাচনী বিশ্লেষণতো অংশ লৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। মুঠৰ ওপৰত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতো নিজকে ব্যস্ত ৰাখিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

এনেকৈয়ে অসমৰ ১৪টা লোকসভা সমষ্টিত সবল প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা চৰ্চিত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ পাছতো সামাজিক, দলীয় কাম-কাজত ব্যস্ত হৈ আছে। পৰাজিত হ’লেও জনতাৰ প্ৰৱল আস্থা আদায় কৰিবলৈ সক্ষম হৈছিল এই নেতাসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in