বজাৰত শাক-পাচলিৰ মূল্যবৃদ্ধিৰ জুইঁৰ বাবে সোমাব নোৱাৰা হৈছে সাধাৰণ জনতা। এনে পৰিস্থিতিতে জনতাক আৰু অধিক কোঙা কৰিবলৈ অচিৰেই অসমত আৰু বৃদ্ধি হ'ব পাৰে আলুৰ মূল্য। অসমীয়া প্ৰতিদিন ডিজিটেল এক বিশেষ প্ৰতিবেদন...
নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যই জ্বলা-কলা খোৱাইছে সাধাৰণ জনতাক। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মূল মূল বজাৰসমূহত শাক-পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিত অতিষ্ঠ হৈছে ৰাইজ। এই সময়ত আলু, পিয়াজ, কেপচিগাম, বিন, পটল, ভেন্দি আদিবোৰতকৈ মাছ-মাংসৰ দামেই হয়তো তুলনামূলকভাৱে কম।
বৰ্তমান বজাৰত এক কেজি বিনৰ দাম ২৬০টকা, ভেন্দিৰ কেজি ২২০টকাৰো ওপৰত। কেপচিগামলৈ গ্ৰাহকে মূৰ তুলি চাব নোৱাৰা অৱস্থা। বৰ্তমান এটা কেপচিগামৰ দাম ৩০টকা পৰ্যন্ত হৈছেগৈ। এটা সৰু জাতিলাওৰ দাম ৪০-৬০টকা। ৰঙালাওৰ কেজি ১৬০টকাৰো ওপৰত।
কুমলীয়া এটা ঔটেঙা ২০টকাৰ তলত কোনেও বিক্ৰী নকৰে। গুৱাহাটীৰ বজাৰত কঠাল গুটিৰ কেজি হৈছেগৈ ২৬০টকাৰো ওপৰত। বিলাহী কেজি ১২০-১৪০টকা হৈছেগৈ। এনে মূল্যবৃদ্ধিৰ কোবত সাধাৰণ জনতাই এতিয়া শাক-পাচলিৰ সলনিৰ মাছ-মাংসই বেছিকৈ খোৱাত আগ্ৰহ প্ৰকাশ কৰিছে।
অসমীয়া প্ৰতিদিন ডিজিটেলে কাহিলীপাৰা, নাৰেংগী, নুনমাটি, বামুণী মৈদামত পুৱা বহা বজাৰত ঘূৰি জনতাৰ পৰা মূল্যবৃদ্ধিৰ সন্দৰ্ভত তেওঁলোকৰ মত জানিবলৈ চেষ্টা কৰিছিল। সকলোৱে একেমুখে বজাৰৰ মূল্যবৃদ্ধি জুইঁত বাৰুকৈয়ে দগ্ধ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে। আনফালে একাংশ গ্ৰাহকে চৰকাৰ তথা মুখ্যমন্ত্ৰীক বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনায়।
ইফালে বজাৰত আলু আৰু পিয়াজৰ মূল্যই কন্দুৱাইছে জনতাক। প্ৰতিদিনে কমকৈ হঁলেও আলু-পিয়াজৰ মূল্যবৃদ্ধি হৈছে। বৰ্তমান ঠায়ে ঠায়ে আলুৰ কেজি ৬০টকা পৰ্যন্ত হৈছেগৈ। এনে পৰিস্থিতিত জনতাক অধিক মাধমাৰ সোধাবলৈ অসমত আগন্তুক দিনত আলুৰ প্ৰচুৰ নাটনি হোৱা সম্ভৱনা আছে। শংকাৰ প্ৰকাশ কৰা হৈছে যে, এই নাটনিৰ ফলত অসমত আলুৰ দাম আৰু অধিক বৃদ্ধি হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা।
অসমত আলুৰ নাটনি হোৱা সম্ভৱনাই দেখা দিয়া কাৰণ হৈছে পশ্চিমবংগ চৰকাৰে অসমত আলু ভৰ্তি ট্ৰাক প্ৰৱেশ কৰিবলৈ দিয়া নাই। নিজৰ ৰাজ্যত যাতে আলুৰ নাটনি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম-পশ্চিমবংগৰ সীমান্তত পশ্চিমবংগ আৰক্ষীয়ে জব্দ কৰি ৰাখিছে শ শ ট্ৰাক।
প্ৰাপ্ত খবৰ অনুসৰি, অসম-পশ্চিমবংগৰ সীমান্তৱৰ্তী বক্সিৰহাটত পশ্চিমবংগ আৰক্ষীয়ে অসমলৈ আলু অনা এনে শ শ ট্ৰাক জব্দ কৰি ৰাখিছে। পশ্চিমবংগ সীমান্তৱৰ্তী ছাদলীয়া আন্তঃৰাজ্যিক পৰীক্ষণ চকী হৈ অসমত আলু ট্ৰাক প্ৰৱেশত বাধা প্ৰদান কৰিছে বংগ আৰক্ষীয়ে।
সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, যোৱা ১৭জুলাই ২০২৪ৰ নিশাৰে পৰা বাতৰি লিখা পৰলৈকে বংগ আৰক্ষীয়ে এখনো ট্ৰাক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই। অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ বংগ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।
বংগত যাতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ নাটনি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বংগ চৰকাৰে এই শ শ ট্ৰাক জব্দ কৰি ৰাখিছে বুলি এক সূত্ৰই সদৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, বংগৰ ফালাকাটা, জলপাইগুৰি, ধূপগুৰি, মাথাভাংগা, দিনহাটা, কোচবিহাৰ আদি ঠাইৰ পৰা আলু লৈ ট্ৰাকেৰে অসমৰ ভিন্ন ঠাইলৈ আহে আলু। গতিকে এই আলুভৰ্তি ট্ৰাকসমূহ বন্দী কৰি থোৱাৰ ফলত অসমত আলুৰ নাটনিৰ লগতে মূল্যবৃদ্ধিৰো তীব্ৰ সম্ভাৱনা আছে।
ইফালে ব্যৱসায়ীসকলে বন্দী হৈ থকা আলুৰ ট্ৰাকসমূহ শীঘ্ৰেই মুকলাই দিবলৈ বংগ চৰকাৰক আহ্বান জনাইছে। কিয়নো অধিক সময় সেই আলুভৰ্তি ট্ৰাকসমূহ বন্দী হৈ থাকিলে তাত থকা আলুসমূহ পচি যাব পাৰে। কেৱল সেয়াই নহয়, এই ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা বহু ব্যৱসায়ীৰ লাখ লাখ টকাৰ ক্ষতি হব বুলি জানিবলৈ দিছে আলু কঢ়িয়াই অনা ট্ৰাক চালকে। ব্যৱসায়ীসকলে বাৰে বাৰে আৰক্ষীক এই ট্ৰাকসমূহ মুকলাই দিবলৈ আহ্বান জনাইছে যদিও কোনো কাণসাৰ দিয়া নাই আৰক্ষীয়ে।
মুঠৰ ওপৰত এই আলু ট্ৰাক সমূহ যদিহে অচিৰেই বংগই মুকলি কৰি নিদিয়ে তেন্তে অসমত আলুৰ ব্যাপক মূল্যবৃদ্ধি হোৱাতো একপ্ৰকাৰৰ স্পষ্ট। ইফালে এই খবৰ পোৱাৰ পাছতে গুৱহাটীৰ মূল মূল বজাৰৰ পাইকাৰী বিক্ৰেতাসকলৰ মাজতো হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।
অৱশ্যে আগন্তুক কেইটামান দিনৰ চাহিদা পূৰণ কৰিব পৰাকৈ আলু অসমত মজুত আছে বুলি দাবী কৰিছে খাদ্য বিভাগে। অন্য প্ৰকাৰে হলেও বহিঃৰাজ্যৰ পৰা অসমলৈ আলু অনা হব বুলি নিশ্চিতি প্ৰদান কৰিছে খাদ্য বিভাগে। উল্লেখ নকৰি নোৱাৰি যে, বহিঃৰাজ্যৰ পৰা আলু-পিয়াজকে ধৰি ভিন্ন পাচলি অসমলৈ যদি নাহে তেন্তে অসমৰ বজাৰৰ পৰা বহু পাচলিয়ে অন্তৰ্ধান হ'ব।