চৰ্চাত আছে কাজিৰঙাৰ চাৰিলেনযুক্ত এলিভেটেড কৰিডৰ। কেতিয়ালৈ সম্পূৰ্ণ হব এই পথ নিৰ্মাণ। কি পৰ্যায়ত আছে এই প্ৰকল্প। প্ৰস্তুত কৰা ডি পি আৰত কি আছে! বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এই কৰিডৰ নিৰ্মাণে কি কি সুবিধা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপেদি পাৰ হৈ গৈছে বৰ্তমানৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। পূৰ্বতে এই ঘাইপথটোক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰূপে জনা গৈছিল। ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পথচোৱা যথেষ্ট সংবেদনশীল। ৪লেন যুক্তপথ নিৰ্মাণ চলি থকা সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পথচোৱা কেনেকৈ বন্যপ্ৰাণীৰ অনুকূলে নিৰ্মাণ কৰিব পৰা যায়, সেই সন্দৰ্ভত ৰাজ্যৰ লোকনিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে এক প্ৰকল্পৰ প্ৰস্তাৱ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ৰ ওচৰত ইতিমধ্যে দাখিল কৰিছে।
চাৰি লেনযুক্ত এই এলিভেটেড পথ নিৰ্মাণৰ বাবে দাখিল কৰা প্ৰস্তাৱত বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণাঞ্চলত জখলাবন্ধাৰ পৰা বোকাখাতলৈ এই পথচোৱা উদ্যানখনৰ সমীপৰে পাৰ হৈছে।
বিভিন্ন সময়ত কাজিৰঙাৰ পৰা কাৰ্বি আংলঙৰ দিশে ওলাই অহা বা সোমাই যোৱা বন্যপ্ৰাণী পথটো অতিক্ৰম কৰাৰ সময়ত যান-বাহনৰ খুন্দাত মৃত্যু হয়। বাৰিষাৰ বতৰত ওখ স্থানৰ আশ্ৰয় বিচাৰি পাহাৰীয়া অঞ্চললৈ এই পথ পাৰ হৈয়েই জীৱ-জন্তু সমূহে অহা যোৱা কৰে।
দেখা পোৱা যায় জনবসতি, চাহ বাগান, ট্ৰাক পাৰ্কিং আৰু আন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠা বাবে বন্যপ্ৰাণীৰ বাবে এই বিচৰণ উক্ত অঞ্চলত সহজলভ্য হৈ থকা নাই। ২০১৯ৰ তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে, এই পথত জানুৱাৰীত ৬টা, ফেব্ৰুৱাৰীত ৯টা, মাৰ্চত ২৬টা, এপ্ৰিলত ২১টা, মেত ৬৬টা, জুনত ১৪৩টা, জুলাইত ১৭৭টা, আগষ্টত ২২৪টা, ছেপ্তেম্বৰত ১০৭টা, অক্টোবৰত ১৪৯টা, নৱেম্বৰত ১৮০টা আৰু ডিচেম্বৰত ৬৯টা জীৱ-জন্তুৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।
সেয়েহে জীৱ-জন্তুৰ নিৰাপত্তাৰ দিশটোক এই পথ নিৰ্মাণৰ সময়ত বিশেষভাৱে গুৰুত্ব দিব লগা হৈছিল। সেউজ প্ৰাধিকৰণে অসম চৰকাৰক ২২এপ্ৰিল ২০১৫ত এই পথ নিৰ্মাণৰ বাবে এক সুৰক্ষাত্মক প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুতৰ নিৰ্দেশ দিছিল।
ঘাইপথ আৰু পথ পৰিবহন মন্ত্ৰণালয়ে পত্ৰ নং NH12011/03/2016/AS/P-8যোহে এই ডি পি আৰ প্ৰস্তুতৰ বাবে বিশেষজ্ঞ নিযুক্তি দিছিল। সেউজ প্ৰাধিকৰণে ২০১৬ৰ আগষ্টত দিয়া এক নিৰ্দেশ অনুসৰি এই ডি পি আৰ প্ৰস্তুতৰ সময়ত ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউটৰ সৈতে আলোচনা কৰিবলৈও নিৰ্দেশ দিয়ে।
বায়ডাৰভাৰচিটিৰ হটস্পট হিচাপে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পথচোৱাত হাতী, গড়, মহ , হৰিণা, বাঘ আদি জীৱ-জন্তু উপস্থিতি দেখিবলৈ পোৱা যায়। লোকনিৰ্মাণ বিভাগে প্ৰস্তুত কৰা এই প্ৰস্তাৱিত পথ নিৰ্মাণ প্ৰকল্পৰ এলিভেটেড ৰোডৰ লগতে জীৱ জন্তু পাৰ হ’ব পৰাকৈ টাৰ্ণেলৰো ব্যৱস্থা কৰা হব বুলি কোৱা হৈছিল।
যিবোৰ স্থানত এনিমেল কৰিডৰ আছে সেইবোৰ স্থান দীঘলীয়া এলিভেটেড ৰোড নিৰ্মাণেৰে সংযোগ কৰা হব বুলি এই প্ৰকল্পৰ প্ৰস্তাৱত উল্লেখ আছে। ৩টা ছেগমেন্টত এই প্ৰকল্প ৰূপায়ন কৰাৰ কথা কোৱা হৈছে। প্ৰস্তাৱিত এই এলিভেটেড পথৰ প্ৰথম ছেগমেন্টত থাকিব ১৮.৮৬১কিলোমিটাৰ, দ্বিতীয় ছেগমেন্টত থাকিব ২.২৫কিলোমিটাৰ টাৰ্ণেলৰ সৈতে ১০.৪৯২কিলোমিটাৰ, আৰু তৃতীয় ছেগমেন্টত থাকিব ৪. ৯৩০কিলোমিটাৰ। এই সমগ্ৰ পথৰ দৈৰ্ঘ্য হব ৩৪.২৮কিলোমিটাৰ।
উল্লেখযোগ্য যে, প্ৰথমে দুইলেন যুক্ত এলিভেটড ৰোডৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও পথ পৰিবহন মন্ত্ৰণালয়ে ২২মাৰ্চ ২০২২ত এক নিৰ্দেশযোগে এই এলিভেটেড পথ চাৰিলেনযুক্ত ‘কেৰিয়েছ ৱে’ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰোপৰি এই পথচোৱাত থাকিব ১কাট এণ্ড কভাৰ টাৰ্ণেল। পথচোৱাৰ দ্বিতীয় ছেগমেন্টত ৮.৫০গভীৰতাত পাহাৰীয়া অংশত এই টাৰ্ণেল নিৰ্মাণ কৰা হ’ব।
এই পথটোৰ নিৰ্মাণৰ সময়ত যানবাহন চলাচলত যাতে প্ৰভাৱ নপৰে পুৰণি পথৰ সলনি নতুনকৈ এই ৪লেন যুক্ত পথ নিৰ্মাণত গুৰুত্ব দিয়া হৈছে। পথ নিৰ্মাণৰ বাবে মুঠ প্ৰকল্প ব্যয় ডি পি আৰৰ অনুসৰি ৭৭২২.৮৯কোটি ধাৰ্য কৰা হৈছে। লং স্পান্ট ষ্ট্ৰাকচাৰ উইৰ্থ ইউ এইচ পি এফ আৰ চিৰ প্ৰকল্প ব্যয় ধাৰ্য কৰা হৈছে ৬৭৭.৩৯কোটি। এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে ৩৫৪৫.২৩কোটি টকা ধাৰ্য কৰা হৈছে।
এই পথ নিৰ্মাণৰ ডি পি আৰ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰাণলয়ে ২০২৩ৰ ১৫ফেব্ৰুৱাৰীত দাখিল কৰা হৈছে যদিও এতিয়ালৈকে মন্ত্ৰণালয়ৰ পৰা এই প্ৰকল্পৰ ডি পি আৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। এই পথ নিৰ্মাণৰ টেকনলজি আৰু মেটথলজি পথ পৰিবহন মন্ত্ৰালয়ৰ পৰামৰ্শমতে সলনি কৰা হ’ব।
এই প্ৰকল্পৰ নিৰ্মাণ হলে কাজিৰঙাৰ জৈৱ বিচিত্ৰৰ ৰক্ষা আৰু নিৰাপত্তাত সহায়ক হ’ব। পৰ্যটনৰ দিশতো এই পথ নিৰ্মাণে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। এই প্ৰকল্প ৰূপায়ন হলে এইটোৱে হব ৱাইল্ড লাইফৰ বৃহত সংৰক্ষণৰ ওপৰত গুৰুত্ব দি পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি সৃষ্টি আৰু ৰাজহ সংগ্ৰহৰ এক উন্নয়নমূলক প্ৰকল্প।
৯টা এনিমেল কৰিডৰ স্পৰ্শ কৰি থকা এই পথটো নিৰ্মাণৰ ফলত সৃষ্টি হব পৰা প্ৰত্যাহ্বানৰ কথা অৱশ্যে এই প্ৰকল্পৰ ডি পি আৰত উল্লেখ নাই। যদিও অক্টোবৰৰ পৰা মাৰ্চলৈকেহে এই প্ৰকল্পৰ নিৰ্মাণৰ কাম কৰিব পাৰিব নিৰ্মাণকাৰী প্ৰতিষ্ঠানে।
অন্য সময়ত এই নিৰ্মাণৰ কাম কৰিব নোৱাৰাই নহয়, পথ নিৰ্মাণৰ বাবে ব্যৱহৃত গধুৰ যন্ত্ৰপাতিও কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলত ৰখাব নোৱাৰিব। টাৰ্ণেলকে ধৰি আন নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা মেচিনৰ শব্দ আৰু অন্যান্য আনুষংগিক নিৰ্মাণ কাৰ্য চলি থকা সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী চলাচলত আৰু বন্যপ্ৰাণী সমূহৰ বাসস্থানৰ লহতে এনিমেল কৰিডৰৰ সাল সলনি হব নেকি, সেই কথা বিশদভাৱে এই ডি পি আৰত উল্লেখ থকা প্ৰয়োজন আছিল। কিন্তু সেয়া উল্লেখ নাই প্ৰস্তাৱিত প্ৰকল্পটোৰ ডি পি আৰত।
বন্যপ্ৰাণীৰ ওপৰত কোনো প্ৰভাৱ নপৰাকৈ সুক্ষ্ম বিশ্লেষণ আৰু অধ্যয়নেৰে এই প্ৰকল্প নিৰ্মাণৰ কাম সম্পন্ন কৰিবলৈ ইতিমধ্যে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে দাবী উত্থাপন কৰিছে। গহপুৰৰ পৰা নুমলীগড়ৰ লৈকে নিৰ্মাণ কৰা পথৰ আৰ্হিত এই পথ নিৰ্মাণ কৰি জখলাবন্ধা লৈকে ইয়াক সংযোগ কৰিব পৰাও স্থল আছে।
তথাপিও ৰাইজে আশা কৰিছে বন্যপ্ৰাণী আৰু কাজিৰঙাৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নপৰাকৈ এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হওক। প্ৰয়োজনত কাৰ্বি আংলঙৰ মাজেৰে এই পথ নিৰ্মাণেৰে কাৰিৰঙাৰ বন্যপ্ৰাণীৰ ক্ষতি নোহোৱাকৈ প্ৰকল্প ৰূপায়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক।