মৃদুল কুমাৰ সন্দিকৈ
তামোল-পাণ শৰাই লৈ কোনোবাই সেৱা কৰি ক্ষমা খুজিলেই জাতীয় অস্তিত্ব আৰু খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত হৈ নাযায় আৰু নাযাব। ই কোনো ঘটনাকেন্দ্ৰিক পৰিৱেশ উপক্ষমৰ এক সাময়িক সমাধান সূত্ৰ হ’ব পাৰে, কিন্তু এনেকৈ জাতীয় স্বাভিমান সুৰক্ষিত হ’ব বুলি ভৱাতো ভুল বুলি ইতিমধ্যে প্ৰমাণ হৈ গৈছে।
আমি কেৱল আৱেগ আৰু সেই আৱেগৰ বশৱৰ্তী হৈ প্ৰতিবাদত নামি আৰু কিমান দিনলৈ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰক বুলি শ্লোগান দিম? সকলো ফালৰ পৰাই অসমীয়া জাতিৰ ওপৰত চলা আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ আমি নিজকে প্ৰস্তুত কৰিব নোৱাৰাতো আমাৰেই এক ঐতিহাসিক ভুল।
সেই ভুলকেই বাৰে বাৰে আমি কৰি আহিছো। ইয়াৰ কোনো সমাধান সূত্ৰ যোৱা ৮/৯টা দশকত নোলাল। অথচ আমি চিঞৰি আহিছো ৰাজনৈতিক, অৰ্থনৈতিকভাৱ আমাক সুৰক্ষিত কৰক। অনুপ্ৰৱেশৰ পৰা আৰম্ভ কৰি আমাৰ জাতীয় অৰ্থনীতিৰ বুনিয়াদ ঠন ধৰি উঠাৰ আগতেই ধ্বংস কৰি দিয়া হ’ল।
ৰাজনৈতিক সুৰক্ষা বিচাৰি কৰা আন্দোলনৰ অন্তত চুক্তি হৈছিল। সেই চুক্তিৰ আজিও কাৰ্যকৰী নহল। ৰাজনৈতিক দল আৰু নেতাবোৰে সুবিধা বুজি তেনে চুক্তিৰ দফাসমূহ আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতিৰ বন্যা আজিও দি আহিছে।
সেই ভুৱা প্ৰতিশ্ৰুতিত ভুল গৈ আমি তেনে সুৰক্ষা পাম বুলি আজিও সপোন দেখি আছো। যিবোৰ জাতীয় দল-সংগঠনে খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে লক্ষ্য আৰু উদ্দেশ্য লৈ মাত মাতিছিল, তেওঁলোকে কেতিয়াবা কক্ষচ্যুত হৈ পৰে।
অসমীয়াৰ নামত ল’ৰা-ধেমালি চলি আছে, চলি থাকিব। অসমক বিশেষ ৰাজ্যৰ মৰ্যদা, খিলঞ্জীয়াসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা, ৰাজনৈতিক ক্ষমতা খিলঞ্জীয়াসকলৰ দখলত ৰখোৱা আদি দাবীবোৰ অৰণ্যৰোদনত পৰিণত হৈছে।
শিৱসাগৰৰ দৰে স্থানত খিলঞ্জীয়া যুৱতীক অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰ কৰা ঘটনাৰ পাছত স্বৰ্তস্ফূৰ্তভাৱে বিস্ফোৰিত হোৱা ক্ষোভৰ উমান আজিও চৰকাৰে পোৱা নাই। ইয়াক এক সাধাৰণ ঘটনা হিচাপে গণ্য কৰি এই দাবীসমূহক আওকাণ কৰি গৈ থাকিলে অনুৰূপ ঘটনাই অনাগত দিনবোৰত সংঘটিত হৈ থাকিব।
আজি জাতীয় অৰ্থনীতি কাৰ হাতত? সেই অৰ্থনীতিৰ চাবি-কাঠি অখিলঞ্জীয়াৰ হাতত তুলি দিয়াৰ পাছত অসমতেই অসমীয়া ভগনীয়া নহৈ কি হ’ব? পুজিঁপতি শ্ৰেণীয়ে প্ৰয়োজনত মুৰ দোৱালেও সময়ত তেওঁলোকে ভৰিৰে গচকি ধৰিবলৈও কুন্ঠাবোধ নকৰে। এনে প্ৰেক্ষাপট আমি নিজেই তৈয়াৰ কৰি বলিশালত জাতিৰ মূৰটো সুমুৱাই দিছো।এতিয়া আৰ্তনাদ কৰি আমাক কিয় বলি দিয়া হৈছে বুলি কোৱা কথা যুক্তিহীন।
অসমৰ বাণিজ্যিকভাৱে সম্ভাৱনা থকা মাটিবোৰৰ গৰাকী কোন? সেই সমীক্ষা আৰু তথ্য এক জাতীয় সংগঠন হিচাপে কোনো এক সংগঠনে কৰিলেই ছবিখন স্পষ্ট হ’ব। কেৱল সোণাপুৰ বা আন জনজাতীয় অঞ্চলত অনা অসমীয়া বা জনজাতি লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি চৰকাৰে আইন বনোৱাতেই আমাৰ সন্তুষ্টি লুকাই থকা নাইনে?
প্ৰকৃততে নথি-পত্ৰত সেই ভূমি কোনো খিলঞ্জীয়া লোকৰ নামত থাকিলেও আঁৰত অনা অসমীয়া ব্যৱসায়ীয়ে তেনেবোৰ মাটিৰ গৰাকী হৈ কোটি কোটি টকাৰ ব্যৱসায় চলাই গৈছে। অসমত খিলঞ্জীয়া- অখিলঞ্জীয়া লোকসকলে শান্তিপূৰ্ণ আৰু বুজা পৰাৰে বসবাস কৰক, কিন্তু অগ্ৰাসী মনোভাৱেৰে খিলঞ্জীয়াৰ অধিকাৰক খৰ্ব কৰি গৰাকী হোৱা চক্ৰান্ত বন্ধ কৰাৰ দিন আহি পৰিছে।
খোদ গুৱাহাটী মহানগৰীতে ফ্লেট বিক্ৰীৰ বাবে দিয়া বিজ্ঞাপনত অনা অসমীয়া ব্যৱসায়ীয়ে সেই ফ্লেট কিনিবলৈ অনা অসমীয়া আমিষভোজী হ’ব লাগিব বুলি বিজ্ঞাপন দিয়াৰ সাহস কৰিছে। খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে মাত মাতি অহা নেতাৰ মাটিতেই ফ্লেট বনাই অনা অসমীয়া বিল্ডাৰে মাটিৰ গৰাকীক ধনৰ বলত বিভিন্ন পক্ষক ব্যৱহাৰেৰে নিৰ্যাতন চলাইছে।
খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে মাত মতা যুৱ নেতাৰ বিৰুদ্ধে গোচৰ তৰি অসমতেই এই লোকসকল কিমান দুৰ্বল হৈ পৰিছে, তাক বুজাই দিছে। অসমীয়া- অনাঅসমীয়া এই সংঘাতৰ আৰম্ভণি আকৌ এবাৰ হৈছে। শিৱসাগৰ যুৱদলত ৩০সংগঠনৰে মন্ত্ৰী ৰণোজ পেগুৱে বৈঠক পাতি ইয়াৰ স্থায়ী সমাধান কৰিব নোৱাৰে।
খিলঞ্জীয়াৰ ক্ষোভ, প্ৰতিবাদ আৰু দাবীক নায্যতা প্ৰদান কৰাৰ দায়িত্ব চৰকাৰৰ। জাতীয় জীৱনলৈ নামি অহা এই বৈষম্য আঁতৰ কৰাৰ সময়ত এতিয়া। ৰাষ্ট্ৰবাদৰ প্ৰৱল হেঁচাত অসমত জাতীয়তাবাদী চিন্তাৰ স্লান পৰিছে। তীব্ৰ ৰাষ্ট্ৰীয়তাবাদে জাতীয়তাবাদক আগভেটিঁ ধৰিছে।
সেই অগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ আঙুলিত ধৰি এচাম অনাঅসমীয়াই গুৰু-গোসাঁই নমনা হৈছে। পাহৰি গৈছে এইখন অসম প্ৰথমে অসমীয়াৰ। সেই প্ৰৱণতাৰ পৰা তেওঁলোক মুক্ত হ’ব নোৱাৰিলে আৰু অসম -অসমীয়াক সন্মান প্ৰদৰ্শন নকৰিলে এই সংঘাত আৰু তীব্ৰতৰ হৈ পৰিব।
শিৱসাগৰৰ এই সংকেত চৰকাৰৰ বাবে শুভদায়ক নহয়। শেহতীয়া লোকসভা নিৰ্বাচনৰ পাছত শাসকীয় বিজেপিৰ বাবে উজনি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট জটিল হৈ পৰিছে। সেই জটিলতাক আৰু জটিল কৰি পেলালে শিৱসাগৰৰ শেহতীয়া পৰিস্থিতিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও সেই কথা অনুভৱ কৰিয়ে ইয়াৰ সাময়িক সমাধানৰ দায়িত্ব ৰণোজ পেগুৰ হাতত অৰ্পন কৰিলে।
Also Read: ধনী পত্নী...