'কুকুৰ'ৰ পৰা সাৱধান...

বিশ্বৰ প্ৰথমজন ৰাজনীতিবিদ!

New Update
'কুকুৰ'ৰ পৰা সাৱধান...

মৃদুল কুমাৰ সন্দিকৈ

কুকুৰ! গাঁৱত আজিও কাৰোবাক গালি পাৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়। কুকুৰ সম্বোধনেৰে কাৰোবাক কিবা এটা কোৱা মানে মান-সন্মান সকলো যোৱা। কোনোৱে নিজক কুকুৰৰ লগত তুলনা অৱশ্যে নকৰে। কিহৰ কাৰনে কুকুৰ নামৰ বিশ্বাসযোগ্য প্ৰাণীটো গালিবৰ্ষণ এক অভিধা হৈ পৰিল, সেয়া এতিয়াও সাথঁৰ।

গাঁৱৰ বাটে-পথে ঘূৰি ফুৰা চিনাকি কুকুৰবোৰ কেতিয়াবা বলিয়া হয়। মানুহ দেখিলেই কামুৰিবলৈ খেদি আহে। এনে বলিয়া কুকুৰৰ কামোৰ খোৱা লোকেহে ইয়াৰ যান্ত্ৰণা বুজে। বলিয়া কুকুৰ দেখিলেই সেয়েহে ৰাইজ দুৰতেই বিদূৰ হয়।

এতিয়া অৱশ্যে কুকুৰৰ সেই বেয়া দিন নাই। স্থানীয় প্ৰজাতিৰ কুকুৰবোৰৰ জীৱন প্ৰণালী এতিয়াও একেই আছে যদিও উন্নত প্ৰজাতিৰ কুকুৰৰ জীৱন ধাৰণ মানুহতকৈ উন্নত বুলিবহে পাৰি। পিতৃ-মাতৃৰ বাবে নিজৰ ঘৰত স্থান নথকা বহু অভিজাত লোকে পোহনীয়া কুকুৰটোৰ বাবে এ চি কোঠাৰ ব্যৱস্থা কৰে।

এনে কুকুৰবোৰ দেখিলে ভাৱ হয়- মানুহবোৰ এতিয়া কুকুৰৰ দৰে, কুকুৰবোৰ এতিয়া মানুহৰ দৰে! ৰাজনীতিতো বহু সময়ত কুকুৰৰ প্ৰসংগক লৈ চৰ্চা হয়। আজিৰ পৰা ১৪বছৰ পূৰ্বে তেতিয়াৰ বিজেপিৰ সভাপতি নীতিন গাডকাৰীয়ে ছণ্ডিগড়ত এক বিৰ্তকিত মন্তব্য কৰিছিল।

আৰ জে ডিৰ নেতা লালু প্ৰসাদ যাদৱ আৰু সমাজৱাদী পাৰ্টিৰ নেতা মুলায়েম সিং যাদৱক কুকুৰৰ সৈতে তুলনা কৰি তেওঁ কৈছিল-  এই দুজন ছোনিয়া গান্ধীৰ পোহনীয়া কুকুৰ। অৱশ্যে গাডকাৰীয়ে নিজৰ ভুল উপলদ্ধি কৰি ২০১০ৰ ১৩মে’ত সংবাদমেল সম্বোধন কৰি ক্ষমা বিচাৰিছিল।

গাডকাৰীয়ে সেইদিনা কৈছিল-  এই দুয়োগৰাকী নেতা দেশৰ সন্মানীয় ৰাজনীতিবিদ। তেওঁলোকৰ সন্দৰ্ভত মই কোৱা মন্তব্য উঠাই লৈছো আৰু ইয়াৰ বাবে ক্ষমা বিচাৰিছো।  তেনেকৈয়ে অন্ত পৰিছিল এই বিৰ্তক।

কুকুৰৰ সৈতে নেতাক তুলনা কৰিলে নেতাই বেয়া পোৱাতোৱেই স্বাভাৱিক। কিন্তু আমাৰ বহু নেতাৰ প্ৰিয়ৰো প্ৰিয় পাত্ৰ এই কুকুৰ। ৰাহুল গান্ধীৰ এটা কণমাণি মৰমলগা কুকুৰ আছিল। নাম আছিলি –পিড্ডী। এনে খবৰো ওলাইছিল এদিন, ৰাহুল গান্ধীৰ কাষলৈ যোৱা অসমৰ এজন প্ৰভাৱশালী নেতাক কুকুৰৰ সৈতে একেখনে প্লেটতে বিস্কুট দি চাহ খাব দিছিল।

সেইদিনা অসমৰ এই নেতাজনে গান্ধীৰ এনে কাৰ্যত চৰম অপমানবোধ কৰিছিল। তেওঁ নিজে সংবাদমাধ্যমৰ সন্মুখত সেই অভিজ্ঞতাৰ কথা কৈছিল। এতিয়া ৰাহুল গান্ধীৰ পৰিয়াললৈ আন এটা নতুন কুকুৰ আহিল। গোৱাৰ পৰা অনা এই ৩মহীয়া কুকৰটোক লৈও বিৰ্তক হৈছিল।

ছোনিয়া গান্ধীয়ে বৰ আঁলফুলেৰে এই কুকুৰটোৰ সৈতে ফটো তুলিছিল। এনে এটা মৰম লগা কুকুৰ তেওঁক ৰাহুলে আনি দিয়াৰ বাবে ধন্যবাদো দিছিল। কিন্তু কুকুৰটোৰ নামাকৰণক লৈ বিৰ্তক কৰিছিল কেইবাজনো মুছলিম নেতাই।

কিয়নো এই কুকুৰটোৰ নাম ৰাহুল গান্ধীয়ে নুৰী ৰাখিছিল। AIMIMৰ নেতা এজনে ৰাহুল গান্ধীৰ এই কুকুৰটোৰ নাম নুৰী ৰখাত আপত্তি কৰি কৈছিল- এয়া ইছলামধৰ্মী কন্যাৰ বাবে এক অপমান। ছোনিয়া গান্ধীৰ আন এটা কুকুৰ আছে। তাৰ নাম- লাপু।

প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে ইন্দিৰা গান্ধীয়ে কুকুৰক মৰম কৰিছিল। একেলগে ৩টা কুকুৰৰ পোৱালি কোলাত লৈ ফটো উঠিছিল। অৱসৰৰ সময়ত তেওঁ লন কিতাপ লৈ বহি থাকোতে কাষত দুই তিনিটা কুকুৰ আছিল। ১৯৭০চনৰ সেই ফটোবোৰ আজিও ভাইৰেল।

লালু প্ৰসাদৰ পোহনীয়া কুকুৰটোৰ নাম আছিল ব্ৰণো। লালু পৰিয়ালৰ বাবে বৰ মৰম আছিল এই কুকুৰটো। গোৱাৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী ফ্ৰেন্সিক ডি. চোজায়ে তেওঁৰ পোহনীয় কুকুৰটোৰ নাম ৰাখিছিল- বাবুছ। বাবুছ পতুৰ্গীজ শব্দ। যাৰ অৰ্থ বেবী বয়।

কুকুৰ ভাল পাই স্মৃতি ইৰানীয়েও। ইনষ্টাগ্ৰামত তেওঁৰ পোহনীয়া প্ৰকাণ্ড ক’লা কুকুৰটোৰ সৈতে ফটো দিয়ে। ইৰানীৰ এই পোহনীয়া কুকুৰটোৰ নাম শ্বেৰু। ডিজিটেল মাধ্যমত শ্বেৰুৰো আছে জনপ্ৰিয়তা।

জীৱ-জন্তুৰ প্ৰতি অপাৰ মৰম মেনকা গান্ধীৰ। এবাৰ তেওঁ সংসদী সমষ্ট ছুলতানপুৰলৈ গৈছিল। মেনকা গান্ধীক স্থানীয় কেইজনমান লোকে আহি এটা কুকুৰৰ পোৱালীৰ কথা কৈছিল। ২মহীয়া এই কুকুৰ পোৱালীটো দুজনমান লোকে বিশেষ যতন লৈ লালন-পালন কৰি আছিল। কুকুৰ পোৱালিটো মেনকা গান্ধীয়ে লৈ আহিব কৈছিল তেওঁৰ কাষলৈ।

পিছদিনা কুকুৰ পোৱালীটো গান্ধীৰ কাষলৈ লৈ যোৱাত গান্ধীয়ে আথে-বেথে তাক কোলাত তুলি লৈছিল। তাৰ পাছত কুকুৰটো লৈ যোৱা লোকসকলক বিদায় দি তেওঁ ইয়াৰ দায়িত্ব নিজে লৈছিল।গান্ধীয়ে এই কুকুৰটোৰ নাম ৰাখিছিল- আহ্যিলা। নিজ হাতে তেওঁ কুকুৰটোক সময় পালেই খোৱাইছিল। কিয়নো এই কুকুৰটো পোৱালিটো আছিল অন্ধ।

এনেকৈ নেতাৰ কুকুৰ প্ৰীতি প্ৰায় দেখিবলৈ পোৱা যায়। অসমৰ নেতাসকলেও দুই এজনক বাদ দি কুকুৰ পোহে। মৰমৰ কুকুৰটোক ব্যস্ততাৰ মাজতো সময় দিয়ে। অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাই কোনো পোহনীয়া কুকুৰ।

কিন্তু তেওঁৰ মুখত শুনিবলৈ পোৱা যায় ৰাজনীতিৰ কুকুৰৰ প্ৰসংগ। ৪আগষ্ট, ২০২৪ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। দলটোৰ বিষয়-ববীয়াৰ সন্মুখত উদাত্ত ভাষণ দি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্তক কৰি দিলে বিৰোধী কংগ্ৰেছক।

তেওঁ ক’লে-  ‘কংগ্ৰেছক পুনৰ কৈছো যে, পগলা কুকুৰক জোকাঁই নলব। যেতিয়ালৈকে লেকামেৰে বন্ধা থাকে ঠিক থাকে। কিন্তু খং উঠাই ললে, ২০০-৩০০ মানুহক মাৰি দিব পাৰে। মই আগতেই কৈছো কংগ্ৰেছক বলিয়া কুকুৰক জোকাঁই নল’ব…।‘

কুকুৰ নহয়, পগলা কুকুৰৰ লগত ৰিজালে। প্ৰতিপক্ষক সৰ্তক কৰিবলৈ নিজকে নিজে এই আখ্যা দি ল’লে। ৰাজনীতিত কাৰোবাক কোনোবাই কুকুৰ আখ্যা দিয়াতো কিমান অসৌজন্যতা বোধৰ পৰিচয়, সেই কথা গাডকাৰীৰ দৰে নেতাৰ অভিজ্ঞতাই কয়।

তাৰ পাছতো যদি কোনোবাই নিজেই নিজক কুকুৰ নহয়, বলিয়া কুকুৰৰ সৈতে তুলনা কৰিলে আৰু কিবা ক’বলৈ তেওঁ বাকী নথয়। আনে কুকুৰ বুলি ক’লে বেয়া পায়, কিন্তু তেওঁ নিজকে এই আখ্যা দি লোৱা হয়তো বিশ্বৰেই প্ৰথমজন ৰাজনীতিবিদ হয়!

Also Read: বেয়া পাইছো বিজেপিক!

নীতিন গাডকাৰী লালুপ্ৰসাদ