ডাঃ সৰিতা নামৰ এগৰাকী চিকিৎসক আছিল...

ডাঃ সৰিতা নামৰ এগৰাকী চিকিৎসক আছিল...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ডাঃ সৰিতা তছনিৱালক মনত আছেনে! পাহৰিলে ছাগে আপুনিও, এইগৰাকী কনিষ্ঠ চিকিৎসকক। মাত্ৰ ১০বছৰৰ পূৰ্বে চৰ্চাত আছিল ডাঃ সৰিতাৰ নাম। বাতৰি শিৰোনাম হৈছিল এইগৰাকী কনিষ্ঠ চিকিৎসক। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দুৰ্ভগীয়া কনিষ্ঠ চিকিৎসকগৰাকীৰ সৈতে হোৱা কাণ্ডই মনত পেলাই দিলে অসমৰ এইগৰাকী চিকিৎসকলৈ।

২০১৪তে ইহঃসংসাৰৰ পৰা বিদায় লৈছিল ডাঃ সৰিতাই। বিদায় লোৱা বুলি কলে ভুল হ’ব, তেওঁক হত্যা কৰা হৈছিল কৰ্তব্যৰত অৱস্থাত। এম বি বি এছ ডিগ্ৰী লৈ অসম মেডিকেল কলেজত স্নাতকোত্তৰ শ্ৰেণীত নাম লগাইছিল ডাঃ সৰিতাই।

স্ত্ৰীৰোগ বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আছিল তেওঁ। সেইদিনা আছিল ২০১৪চনৰ ৮মে’। অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত নৈশ কৰ্তব্য পালন কৰিবলৈ আহিছিল ডাঃ সৰিতা। তেওঁতকৈ এবছৰ জ্যেষ্ঠ আন এগৰাকী চিকিৎসকো সেই সময়ত কৰ্তব্যৰত আছিল।

২৮বছৰীয়া দীপমণি শইকীয়া একেটা বিভাগৰে স্নাতকোত্তৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। নিশা ১০মান বজাত গাটো বেয়া লগা বুলি কৈ কৰ্তব্যৰ পৰা ওলাই গৈছিল ডাঃ  দীপমণি শইকীয়া। সেই সময়ত কেইগৰাকীমান নাৰ্ছ আৰু কিৰু মেচ নামৰ ৱাৰ্ড বয় জন কৰ্তব্যত আছিল।

পুৱতি নিশা ২.০০মান বজাত আই চি ইউৰ কাষতে সংলগ্ন এটা কোঠাত বিশ্ৰাম ল’বলৈ গৈছিল ডাঃ সৰিতা। তাৰ পাছত কি হ’ল, সেয়া এক দুৰ্ভাগ্যজনক ঘটনা। পুৱা ৮.০০বজাত এগৰাকী নাৰ্ছে সেই কেবিনটোৰ ভিতৰত উদ্ধাৰ কৰিলে ডাঃ সৰিতাৰ মৃতদেহ। হত্যাকাৰীয়ে তেওঁক হত্যা কৰি এখন ব্লেংকেটেৰে মেৰিয়াই বিচনাৰ ওপৰত শুৱাই থৈ গৈছিল।

হুলস্থুল লাগিল অসম চিকিৎসা মহাবিদ্যালয়ত। ব্যস্ত হৈ পৰিল আৰক্ষী। প্ৰতিবাদত নামিল ৰাজ্যৰ চিকিৎসক সকল। অনুসন্ধানত আৰক্ষীয়ে কিছু ক্লু পালে। গ্ৰেপ্তাৰ কৰিলে সেইদিনা কৰ্তব্যত থকা কিৰু মেচক। আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে কেনেদৰে হত্যা কৰিছিল চিকিৎসকগৰাকীক।

তেতিয়া ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাণা ভূঞাই সংবাদমাধ্যমত এই হত্যাকাণ্ডৰ সবিশেষ তথ্য দাঙি ধৰি কৈছিল- হত্যাকাৰী কিৰুৱে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। শুই থকা অৱস্থাত পুৱাৰ ভাগত চিকিৎসকগৰাকীক হত্যা কৰাৰ কথা কৈছে। লগতে তেওঁক এই হত্যাকাণ্ড লালসা দি সংঘটিত কৰা চিকিৎসকজনৰ সন্দৰ্ভতো ভাষ্য দিছে।

সেয়া আছিল আৰক্ষীৰ ভাষ্য। ডাঃ সৰিতাৰ পৰিয়ালে হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছিল। ডিব্ৰুগড়ৰ চিৰিংহোলা গাঁৱৰ পৰা কিৰু মেচক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড সেই সময়ত অভিযুক্ত কৰা চিকিৎসকগৰাকীকো নগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

এই হত্যাকাণ্ড সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ নম্বৰ আছিল ৩৭০/২০১৪। ভাৰতীয় দণ্ডবিধি ৩০২/৩৪/১২০ ধাৰাত দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ডাঃ দীপমণিক ৭দিনৰ জিম্মাতো লৈছিল আৰক্ষীয়ে। তাৰ পাছত এই গোচৰ বা হত্যাকাণ্ডৰ সন্দৰ্ভত কাৰো, কোনো খবৰ নাছিল।

প্ৰতিবাদবোৰ হেৰাই গ’ল। কোননো ডাঃ সৰিতা আছিল সেয়া আমি পাহঁৰি পেলালো। হত্যাকাণ্ডত অভিযুক্ত কিৰু মেচৰনো কি হ’ল আমি খবৰেই নাৰাখিলো। ডাঃ দীপমণি দোষমুক্ত হ’লনে নহল, সেই খবৰো চৰ্চা নহ’ল। কিমান দিন এই গোচৰ চলিল, ন্যায় পালেনে ডাঃ সৰিতাই আত্মাই, ন্যায় পালেনে এই কনিষ্ঠ চিকিৎসকগৰাকীৰ পৰিয়ালে! সেইবোৰ আঁৰতেই ৰৈ গ’ল।

জিলা সত্ৰ ন্যায়ালয়ত এই গোচৰ ৯বছৰ চলিল। ১৯মে, ২০২৩ত ৯বছৰৰ পাছত বিচাৰক অৰ্পনা অজিতচাৰিয়া আদালতে এই গোচৰৰ ৰায় দিলে। ৪জন ন্যায়াধীশে ৯বছৰত ৬১জন সাক্ষীৰ সাক্ষ্য লৈছিল। তাৰপাছত ১৫২পৃষ্ঠাৰ ৰায়দান। ডা০ সৰিতাৰ সৈতে এই হত্যাকাণ্ড সংঘটিত হোৱা এমাহৰ আগলৈকে মোবাইলত সঘন যোগাযোগ আছিল অভিযুক্ত চিকিৎসকগৰাকীৰ।

আৰক্ষীয়ে সন্দেহ কৰিছিল একপক্ষীয় প্ৰেমৰ বাবেই কৰ্মস্থলীত হত্যাৰ বলি হল ডাঃ সৰিতা। ন্যায়ালয়ে ৰায়দানত দোষী সাব্যস্ত কৰিলে কিৰু মেচক। ইতিমধ্যে মেচে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰি লৈছে। তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে নিম্ন আদালতে দণ্ডিত কৰিলে। লগতে বিহিলে কিছু টকাৰ জৰিমণা।

অভিযোগমুক্ত হল ডাঃ দীপমণি। ন্যায়ালয়ে কলে- তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত আদালতে পতিয়নযোগ্য তথ্য প্ৰমাণ নাপালে। তাতেই শেষ হল ডাঃ সৰিতাৰ অধ্যায়। উচ্চ ন্যায়ালয়ত এই ৰায়দানৰ প্ৰত্যাহ্বান জনাই আবেদন কৰিব পৰা সুযোগ ডাঃ সৰিতাৰ পৰিয়ালৰ সন্মুখত আছিল।

ন্যায়ালয়ৰ ৰায়দানত সন্তুষ্ট হোৱা নাছিল ডাঃ সৰিতাৰ পৰিয়াল। হত্যাকাৰী কিৰু মেচক ফাঁচীৰ দাবী তুলিছিল তেওঁলোকে। আনজন অভিযুক্তক দোষমুক্ত কৰাত আচৰিত হৈছিল। আবেগেৰে পৰিচালিত নহয় আদালত। তথ্য প্ৰমাণেহে আদালতত কথা কয়।

সেই বৰ্বৰ অধ্যায়ৰ পুনৰাবৃত্তি হ’ল। পশ্চিমবংগৰ এইগৰাকী ৩১বছৰীয়া যুৱতী চিকিৎসকৰ সৈতে ডাঃ সৰিতাৰ দৰে নহওঁক। দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক। দেশজুৰি হোৱা প্ৰতিবাদৰ এক নিৰ্ণায়ক ফলাফল ওলাৱক।

নহ’লে ডাঃ সৰিতাৰ আত্মাৰ দৰে, তেওঁৰ পৰিয়ালৰ দৰে এই যুৱতী চিকিৎসকগৰাকীৰ পৰিয়াল আৰু আত্মায়ো শান্তি নাপাব। নিজ কৰ্মস্থলীতেই নিৰাপত্তাহীনতাত ভুগি আৰু যে কিমান নঘটিবলগীয়া ঘটনা ঘটিব ?

আজি দেশজুৰি প্ৰতিবাদ হৈছে। সেয়া ভাল কথা। স্বয়ং পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিবাদত নামিছে। চিকিৎসকৰ সংগঠন আই এ এমে দেশজুৰি তীব্ৰ ৰূপত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে। জৰুৰীকালীন চিকিৎসা সেৱা বাদ দি ২৪ ঘণ্টাৰ বাবে কৰ্তব্যৰ পৰা চিকিৎসকসকল আঁতৰি আছে।

এই তীব্ৰ প্ৰতিবাদ ১০ বছৰ আগতে ডা০ সৰিতা হত্যাকাণ্ডৰ সময়ত আই এ এমে কৰিব পাৰিলে হয় ! তেতিয়া হয়তো এইধৰণৰ ঘটনা সংঘটিত হ'ব পৰা অৱকাশেই নাথাকিলহেঁতেন ! এয়া এক চিন্তাৰ বিষয়।

প্ৰতিবাদ হয় এনেবোৰ ঘটনাৰ পাছতে। উত্তপ্ত হয় পৰিস্থিতি। দাবী আৰু নিৰাপত্তাৰ প্ৰশ্নত সৰৱ হয় সকলো। কিন্তু সেইবোৰ কিমান দিনলৈ ! সময় অতিক্ৰম কৰাৰ লগে লগে সকলো হেৰাই পাহৰণিৰ গৰ্ভত। যেনেকৈ হেৰাই গ’ল ডাঃ সৰিতাৰ এই কাহিনী...

ডাঃ সৰিতা নামৰ এগৰাকী চিকিৎসক আছিল...
কোনে দিব নিৰাপত্তা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in