ধনী হ'ব বিচাৰে! সুখী হ'ব নিবিচাৰে...

ধনী হ'ব বিচাৰে! সুখী হ'ব নিবিচাৰে...
Published on
Updated on

ডিম্পুল বৰগোহাঁই

প্ৰসিদ্ধ ওপন্যাসিক জন লেঙক ৫বছৰ বয়সত এদিন শ্ৰেণী কোঠাত শিক্ষকে সুধিছিল- ডাঙৰ হৈ তুমি কি হ’ব বিচাৰা? জন লেঙে মাত্ৰ এটা শব্দত উত্তৰ দিছিল- HAPPY। বাকী সকলোবোৰ শিক্ষাৰ্থীয়ে কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা পাইলট হোৱাৰ হেপাঁহৰ কথা কৈছিল। কিন্তু ৫বছৰ বয়সত জন লেঙৰ এই উত্তৰ শুনি শিক্ষকে হাঁহি মাৰি শ্ৰেণী কোঠাৰ পৰা ওলাই গৈছিল।

সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জাৰ পাছত ওপন্যাসিকগৰাকীয়ে এই ঘটনাৰ কথা এটা সাক্ষাতকাৰত সদৰি কৰিছিল। ওপন্যাসিক গৰাকীয়ে কৈছিল যে, ‘সেই সময়ত শিক্ষকগৰাকীয়ে হয়তো মোৰ কথাটো বুজি নাপালে। আজি সময়তো যদি মোৰ সোধে মই জীৱনত কি বিচাৰো, তেন্তে মোৰ উত্তৰ একেটাই হ’ব। মই আজিও কম মই জীৱনত HAPPY হ’ব বিচাৰো…।

বস্তুবাদী জগতখনত বহু কথা সলনি বেলেগ হ’ল। আজিৰ সময়ত আমি কেৱল ডাঙৰ মানুহ হ’ব বিচাৰো, সফল মানুহ বিচাৰো, ধনৱান হ’ব বিচাৰো, কিন্তু সুখী হ’ব নিবিচাৰো! আজিকালি আমি বেছিভাগেই মনৰ পৰা নাহাঁহো! বেলেগে বেয়া দেখিব বুলি হাহোঁ, মানে বেলেগৰ বাবে আমি হাঁহো!  

কোনোবা বিদেশত গৈ বহুত এনজয় কৰিছে, আমিও তাত গৈ এনজয় কৰিম- এতিয়া কথাবোৰ এনেকুৱাই। বেলেগে কৰা কামবোৰ আমি আজি নকল কৰো। আমি যে স্ফূৰ্তি কৰো সেইখিনিও বেলেগৰ পৰা ধাৰ কৰা। আনন্দ ক’ত আছে, স্ফূৰ্তি ক’ত আছে নিজে ভৱাৰ সময় নাই এতিয়া। মাত্ৰ বেলেগে কৰিছে আমিও কৰিম- ধৰণৰ কথাবোৰকেই এতিয়া সুখী জীৱন প্ৰধান শ্লোগান হৈছে।

এতিয়া নিশ্চিতভাৱে আপোনাৰ মোৰ সকলোৰে মনত প্ৰশ্ন আহিব- সুখ আচঁলতে ক’ত আছে? সুখক লৈ বহু ডাঙৰ ডাঙৰ লেখক-কবিয়ে কবিতা-প্ৰৱন্ধ লিখিছে। বহুতে এইবোৰক আৱেগিক এক ধাৰণা বুলি ক’ব খোজে। কিন্তু শেহতীয়াকৈ হাৰ্বাড বিশ্ববিদ্যালয়ে সুখৰ সন্দৰ্ভত চলোৱা এটা ৮৫বছৰীয়া সমীক্ষাৰ অন্ত পৰাৰ পৰাৰ পাছত কিছু নতুন কথা পোহৰলৈ আহিছে।

১৯৩৮চনৰ পৰা হাৰ্বাড বিশ্ববিদ্যালয়ে সুখ আঁচলতে কি? মানুহ কেনেকৈ সুখী হয়? ইত্যাদি বিষয়বোৰক লৈ এলানি সমীক্ষা চলাই আছিল। বিশ্বৰ ভিন্ন প্ৰান্তৰ বহুলোকক এই সমীক্ষাত সাঙুৰি লোৱা হৈছিল। এই সমীক্ষাত প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এগৰাকী লোকৰ পৰা মতামত লোৱা হৈছিল। প্ৰায় ৮৫বছৰ এই সমীক্ষাৰ অন্তত হাৰ্বাড বিশ্ববিদ্যালয়ে ৰাজহুৱা কৰিছে সুখ সম্পৰ্কীয় কিছু তথ্য।

বহুতে ভাৱে মানুহৰ মানসিক সুখ ব্যায়াম আৰু খাদ্যভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু হাৰ্বাডৰ এই সমীক্ষাত পোহৰলৈ আহিল যে, মানুহে আচলতে সুখ ব্যায়াম বা খাদ্যভ্যাসৰ জৰিয়তে অৰ্জন কৰিব নোৱাৰে। আমাৰ চৌপাশৰ যোগাত্মক পৰিৱেশ আৰু আপোন মানুহ তথা পৰিয়াল, বন্ধু-বান্ধৱৰ পৰা আমি পোৱা সহযোগিতাইহে এগৰাকী লোকক সুখী কৰে। আপোনমানুহৰ লগত মন খুলি কথা পাতিলে পৃথিৱীত সবাতোকৈ অধিক সুখী হব পাৰি বুলি এই অধ্যয়নত পোহৰলৈ আহিছে।

বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ এনে গৱেষণাৰ ফলাফলে আমাক বহু কথা শিকাই যায়। এই কথাবোৰ সময় থাকোতেই অনুধাৱন কৰিলে আমাৰ সকলোৰে বাবে ভাল। সুখ বিচাৰি বেবেৰিবাং কিছু কাম কৰাতকৈ আমি পৰিয়ালৰ লগত, আপোন মানুহৰ লগত কথা পতাতো জৰুৰী। বেলেগক দেখাবলৈ হঁহাতকৈ আমি নিজৰ বাবে হহাঁটো জৰুৰী। ব্যস্ততাৰ মাজত নিজক সময় দিয়াতো জৰুৰী। আজিৰ সময়ত আমি বহুতে এইবোৰ কামক জৰুৰী বুলি নাভাৱো কাৰনেই হয়তো আমি সবাতোকৈ দুখী!

আমি উঠি অহা প্ৰজন্মক অনুধাৱন কৰাব পাৰিব লাগিব যে, ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ আগত আমি সুখী হ’ব লাগিব। শেহতীয়াকৈ উঠি অহা প্ৰজন্মৰ মাজত জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰৱণতা অতিকৈ বৃদ্ধি পাইছে। ইয়াৰ ভিন্ন কাৰন থাকিব পাৰে। কিন্তু বিশ্বৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞই এই সমস্যাটোৰ বাবে এটা সমাধানৰ কথা কৈছিল।

তেওঁ কৈছিল যে, বিশ্বৰ ভিন্ন প্ৰান্তত বহু যুৱক বা যুৱতী অকলশৰে থাকে। যেতিয়াই তেওঁলোকৰ এনে হতাশা আহে তেতিয়াই তেওঁলোকে কষ্ট কৰি হ’লেও মাতৃৰ সৈতে কটোৱা সুখৰ মূৰ্হুত মনত পেলাব লাগে আৰু নিজে খাই ভালপোৱা সৰুতে মাতৃয়ে বনাই দিয়া কোনো ব্যঞ্জন ৰান্ধিব লাগে। এই ব্যঞ্জন বনোৱাৰ সময়খিনিত তেওঁৰ সৰুকালৰ বহু কথা মনলৈ আহিব আৰু বহু পৰিমাণে হতাশা দূৰ হ’ব।

এনেকৈ বহু উপদেশ বিজ্ঞজনে দি থৈছে, সেয়া আমি কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰাৰহে কথা। তাৰ বাবে জীৱনত আমি যিমান পাৰো অভিজ্ঞতা বুটলিব লাগে। জীৱনৰ কোনো অভিজ্ঞতাই মূল্যহীন নহয়। জীৱনৰ কোনোবা সময়ত এই অভিজ্ঞতাই আপোনাক সঞ্জীৱনী প্ৰদান কৰিব। অভিজ্ঞতা সম্বন্ধীয় এটা সচাঁ কাহিনীৰে এই লেখা সামৰিব বিচাৰিছো।

টাইটানিক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে ইংলেণ্ডত পুনৰ এখন বিলাসী ডাঙৰ জাহাজ যাত্ৰাৰ বাবে সাজু কৰা হৈছিল। বিশ্বৰ ভিন্ন দেশৰ বহু ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে পুনৰ এক বিলাসী নৌকা যাত্ৰাৰ বাবে সাজু হৈছিল। জাহাজ কৰ্তৃপক্ষইও গ্ৰাহকসকলক নিশ্চিতি প্ৰদান কৰিছিল যে, টাইটানিকৰ দৰে কোনো ভুল এই জাহাজে নকৰে আৰু তাৰ বাবেও এটা বিশাল মেকানিকৰ টীম জাহাজৰ লগতে যাব।

সকলোবোৰ প্ৰস্তুতি হোৱাৰ পাছত যাত্ৰা আৰম্ভ হ’ল। সকলোবোৰ নামী-দামী যাত্ৰীৰ মাজত জাহাজত এগৰাকী বুঢ়া মানুহো যাত্ৰী হিচাপে গৈছিল। জাহাজ কৰ্তৃপক্ষই তেওঁক সুধিছিল যে, আপোনাক দেখা আৰ্থিকভাৱে সবল যেন লগা নাই, তথাপিও ইমান ধন খৰছ কৰি এই নৌকা যাত্ৰাত কিয় আহিছে? বৃদ্ধজনে উত্তৰ দিলে- এজন মেকানিক হিচাপে মোৰ জীৱনত যিমানবোৰ সাঁচতীয়া টকা সকলোবোৰ এই নৌকা যাত্ৰাত খৰছ কৰিছো। মই ভাৱো এই যাত্ৰাই মোক নতুন অভিজ্ঞতা দিব।

প্ৰায় দুদিন জাহাজখনে যাত্ৰা কৰাৰ পাছত হঠাতে আদবাটত জাহাজখনৰ ইঞ্জিন বন্ধ হৈ পৰিছিল। সকলোৰে মাজত হুৱা-দুৱা লাগিল। মেকানিকৰ দলটোৱে বহু সময় চেষ্টা কৰিও জাহাজখনৰ ইঞ্জিনটো চালিত কৰিব নোৱাৰিলে। অৱশেষত জাহাজ কৰ্তৃপক্ষই যাত্ৰীৰ মাজত কোনোবা আছে নেকি সুধিলে! বৃদ্ধ লোকজন ইঞ্জিনৰ ওচৰলৈ গৈ কিছু সময় হাতেৰে লিৰিকি-বিদাৰি চাই এডালৰ ৰেঞ্চৰে এটা নটৰ ওপৰত সৰুকৈ টুকুৰিয়াই দিলে। লগে লগে জাহাজৰ ইঞ্জিন পুনৰ চলিল।

বৃদ্ধ লোকজনৰ এই কাম দেখি সকলো অবাক। সকলোৱে সুধিলে আপুনি মাত্ৰ এটা সৰু টুকুৰ মাৰিয়ে কেনেকৈ ভাল কৰিলে ইঞ্জিনটো? তেতিয়া বৃদ্ধজনে ক'লে- টুকুৰটো আপোনালোকেহে সৰু দেখিছে, মোৰ বাবে এয়া এটা ৬০বছৰীয়া অভিজ্ঞতাৰে মৰা এটা টুকুৰ।' জাহাজখনত থকা সকলোৱে তেওঁক উচ্চ প্ৰশংসা কৰিলে।

এনেদৰেই অভিজ্ঞতাৰেপুষ্ট কৰি জীৱনটো সুখৰ কৰো আহক। কোনো অজুহাত নথকাকৈ জীৱনটো উদযাপন কৰো আহক। হতাশাৰ মাজতো অলপ কথা পাতো আহক। ছচিয়েল মিডিয়াত লাখ লাখ ফলৱাৰ্ছ গোটাই তৃপ্তি লোৱাতকৈ এজনৰ লগতে মনৰ কথা পাতি পৰিতৃপ্তি লভো আহক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in