মৃদুল কুমাৰ সন্দিকৈ
এতিয়া কাকোৱেই বুজিব নোৱাৰি। কোন, ক’ত আৰু কিয় অৱস্থান লৈ আছে ধৰা টান। বিশেষকৈ বৌদ্ধিক বহুৱালিৰে সাধাৰণ লোকক বিভ্ৰান্ত কৰাত ওস্তাদ সকলৰ মন একেবাৰে ধৰিব নোৱাৰি। তেওঁলোকে তত্বৰ কথা কয়, উদাহৰণৰ পাছত উদাহৰণ দি শব্দৰ জৰিয়তে এনে বাউন্স এৰে সেইবোৰ সমাজৰ হিতৰ সপক্ষে যেন লাগিলেও বাস্তৱত ইয়াৰ অংক আৰু লক্ষ্য পৃথক।
এই ধৰণৰ বৌদ্ধিক কছৰৎ কৰা সকলে আন কোনোবাই সমৰ্থন কৰা বাদক তুচ্চ-তাচ্চিল্য কৰিব যাওতেই নিজেই গেৰুৱাবাদত শৰণ লোৱাতো ধৰা পৰি যায়। যিখন অদৃশ্য চুৰিৰে তেওঁলোকে আঘাত হানিবলৈ খেদি ফুৰে সেই চুৰিখন সুবিধাবাদেৰে গঢ়া।
এইসকলে এনে অদৃশ্য চুৰিৰেই জনস্বাৰ্থত কথা কোৱা সকলক বৰ কৌশলেৰে আঘাত হানি ইয়াৰ প্ৰতিবাদ দেখিলে মই ক’ত এনে কৰিছো বুলি ছিঞৰ বাখৰ কৰি মৰে। এইচাম মুখাধাৰী বুদ্ধিজীৱীয়ে দেখাত মুৰ্দাবাদ দি সুবিধাবাদ পোছাক পিন্ধি জিন্দাবাদ দিয়াৰ উদাহৰণ আছে।
অজস্ৰ যুক্তিৰে তেওঁলোকে আগতীয়াকৈ নিজৰ ৰক্ষাৰ বাবে এখন চক্ৰবেহু গঢ়ি থয়। সেই চক্ৰবেহুৰ মাজত অৱস্থান লৈ কোমল যেন লগা শব্দৰে এই বৌদ্ধিক ভণ্ডামি চলাই আহিছে, চলাই আছে। পোণপটীয়াকৈ তেওঁলোকৰ এই ভণ্ডামিৰ জালখন ধৰা পেলোৱাতো সম্ভৱ নহয় বাবেই ভাওঁ ধৰি এই কছৰৎ চলাই যাব পাৰিছে।
কোনো দিনেই তেওঁলোকে চিধা কথা নকয়, ক’বও নোৱাৰে। সেই কলিজা তেওঁলোকৰ নাই। আকাৰে-ইংগিতে তেওঁলোকে যিবোৰ কথা কয়, তাত সময়ৰ আহ্বান নাথাকে। বুদ্ধিজীৱিৰ নামত নিজৰ স্থিতি নথকা এইসকলৰ ৰঘূমলা লালন-পালন হয় চৰকাৰী পক্ষৰ বা ক্ষমতাৱান সকলৰ বতাহ-পানী লৈ।
কোনোবাই ৰাইজৰ পক্ষত কিবা এটা ক’লে তেওঁলোকৰ গাত বিছাই ডাকে। ৰাইজৰ পক্ষত অৱস্থান লোৱা সকলক কেনকৈ লঘু কৰিব পাৰি সেই চিন্তাত তেওঁলোকৰ টোপনি সৰে। তাৰপাছত কিছু তত্ব আৰু কাৰোবাৰ নৃত্যৰ গইনা লৈ তেওঁলোকৰ কলম চলে।
ইমানেই যদি তেওঁলোক সচেতন, তেওঁলোকে কিয় ৰাইজৰ হৈ মাত মাতিব নোৱাৰে। তেওঁলোকৰ কলমৰ শব্দৰ ভৰ কিয় ক্ষমতাশালী সকলৰ পক্ষত বেছি হয়। কিবা পোৱাৰ আশাত কলম নচলাও বুলি স্বীকাৰোক্তি দিয়া এইচাম লোকৰ এনে স্বীকাৰোক্তিতে প্ৰতিফলিত হয় গোপন লিপ্সা।
নিজৰ যোগ্যতা নিজৰ তুলাচনীত উঠাই নিজক মূল্যায়ন কৰা সকলে কি বুজি পাব জীৱনৰ সকলোখিনি সময় ৰাইজৰ নামতে উছৰ্গা কৰা বৰণ্যে ব্যক্তি বিশেষৰ প্ৰতিভা আৰু সাধনাক। যি ইমান গুণৰ অধিকাৰী হৈও মই তেনেই সাধাৰণ বুলি কৰযোৰ কৰি ৰাইজৰ আশীৰ্বাদ বিছাৰে, শ্ৰমিকৰ তেজ শুহি মালিকে দিব খোজা বটাঁ নালাগে বুলি উভতাই দিব পাৰে তেনেলোকৰ ত্যাগৰ সৈতে জানো তুলনা হয় এইসকলৰ বৌদ্ধিক ভণ্ডামি।
এয়া কোনো ব্যক্তি বিশেষৰ প্ৰতি ক্ষোভ নহয়। নহয় তেওঁলোকৰ প্ৰতি আক্ৰমণ। এনে এচাম লোকৰ আচৰণ দেখি হোৱা উপলদ্ধি। সেইসকলৰ প্ৰতি সশ্ৰদ্ধ সন্মান প্ৰদৰ্শন কৰিও এনে বৌদ্ধিক ভণ্ডামিৰ বিপক্ষে এয়া এক অৱস্থান। মানুহৰ সৈতে তেওঁলোক থাকে যেন লাগিলেও, মানুহৰ সৈতে তেওঁলোক নাথাকে।
ক্ষমতা আৰু গ্লেমাৰৰ প্ৰতি তেওঁলোকৰ দুৰ্বলতা এতিয়াৰ নহয়, আগৰে পৰাই। সেই দুৰ্বলতা নাই বুলি তেওঁলোকে কোৱাতো তেওঁলোকৰ বিলাসিতা। তেওঁলোকৰ এই বৌদ্ধিক যুঁজ শাসকীয় পক্ষক তুলা-ধূনা দিয়া সকলৰ বিপক্ষে।
বৰ্ণবাদৰ বিপক্ষে, সামন্তবাদৰ বিৰুদ্ধে তেওঁলোকে দেখাত কলম তুলি লয়। কিন্তু সেই কলমৰ পৰা নিগৰিত শব্দ বা শিৰোনামৰ অৰ্থই বহন কৰে আন এক তাৎপৰ্য। তেওঁলোকে দেখা নাপায় চকুৰ সন্মুখত টিঘিলঘিলাই থকা একনায়কত্ববাদীসকলক। সেইসকলৰ বিৰুদ্ধে এটা শব্দ তেওঁলোকৰ কলমেৰে কোনদিনা ক’ত ওলাইছে? সেই প্ৰভু সকললৈ তেওঁলোকৰ ইমানেই ভয় যে, কম্পিত হাতেৰে তেনে শব্দ লিখিবলৈ তেওঁলোকৰ কলমত ছিঞাহী কেতিয়াবাই শেষ হৈ গৈছে।
কোনদিনা তেওঁলোকে জাতীয় সমস্যাৰ বিৰুদ্ধে মাত মাতিছে? আছে জানো তেওঁলোকৰ বৌদ্ধিক কছৰৎত জাতি-মাটিৰ প্ৰতি নিৰ্ভেজাল ভালপোৱা? নব্য গেৰুৱাবাদৰ দৰ্শনত তেওঁলোক শৰণাপন্ন। ভাল গদ্য লিখিব পাৰিলেও তেওঁলোকৰ চিন্তা-চেতনাত অগ্ৰগামী চিন্তাৰ উন্মেষ কোনোদিনেই দেখা পোৱা নাযায়।
সেই গভীৰতাত বুৰ মাৰিব পৰাকৈ তেওঁলোক অভিজ্ঞই হোৱা নাই। নিস্বাৰ্থ বুলি দাবী কৰা তেওঁলোকৰ কলম আৰু কাম-কাজে স্বাৰ্থ অন্বেষণ কৰাৰ বহু প্ৰমাণ আছে। তেন্তে কিয় তেওঁলোকৰ এই চতুৰালীৰ বিৰুদ্ধে বুজি পোৱা জনে মাত নামাতিব? তেনেকৈয়ে তেওঁলোক চলি আছে, চলি থাকিব নেকি?
যেতিয়া তেওঁলোকে মাত মাতে তেওঁলোকৰ সেই মাতত ঘূণে ধৰে। মাতবাৰ ফাঁটে। তেওঁলোক এইপাৰে নে সিপাৰে অৱস্থান লৈ আছে, মানুহে ধৰিব নোৱাৰে। মন গ’লেই তেওঁলোকে মুৰ্দাবাদ দিব আৰু মন গলেই তেওঁলোকে জিন্দাবাদ ক’ব। সেই গুণ তেওঁলোকৰ তেজে তেজে বিয়পি আছে।
নেতাৰ দৰেই তেওঁলোকে কথা কয়। পাৰ্থক্য মাথোঁ এটাই- তেওঁলোকে সুকোমল শব্দৰে, অদৃশ্য চুৰিৰে ধৰিব নোৱাৰাকৈ আঘাত হানে। ধৰা পৰিও ধৰা নপৰাৰ দৰে আচৰণ কৰে। সেই অদৃশ্য চুৰিৰ লক্ষ্য হোৱা জন ড০ হীৰেন গোহাঁইৰ দৰে লোকো হ’ব পাৰে আৰু চুৰি মৰা জন কেৱল ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী নহ’বও পাৰে…
Also Read: চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?