মৃদুল কুমাৰ সন্দিকৈ
এজন মানুহ আছে। যেতিয়াই মানুহজনক প্ৰয়োজন হয়, তেতিয়াই মানুহজনক পাব কাষত। অতি প্ৰয়োজনত মানুহক এই মানুহজনে সহায়ৰ হাত আগবঢ়ায়। চিনাকি-অচিনাকি বুলি কোনো কথা নাই। কাৰোবাৰ বেমাৰ হৈছে বুলি শুনিলেই মানুহজন চটফটাই ফুৰে।
ভাৱিব নোৱাৰা বিপদৰ মূৰ্হুতত মানুহজন হৈ পৰে সহযোগী। এতিয়ালৈকে তেওঁ চিকিৎসালয়ত ৪০০ৰোগীক সংগ দিছে। চিকিৎসা সম্পৰ্কীয় বহু অভিজ্ঞতাই তেওঁৰ হৈছে। সেই অভিজ্ঞতাকে আধাৰ কৰি লৈ মানুহজনে একেবাৰে সাধাৰণ ভাষাত চিকিৎসালয়ত ৰোগীৰ ৰখে।
অসমৰ বাহিৰতো তেওঁ ৪০জনৰো অধিক ৰোগীক সংগ দিছে। ক’ত দেখুৱাব, কিধৰণে এই সময়খিনি পাৰ কৰিব লাগিব সেই সকলো দিহা-পৰামৰ্শ তেওঁ দিব পাৰে। এবছৰৰ আগৰ কথা। মানুহজনক কোনোবাই ক’লে- সৰু ছোৱালী এজনী গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিভিলত পৰি আছে। পাৰ যদি সহায় কৰি নিদিয় কিয় বুলি কোৱাত তেওঁ পিছদিনা পুৱাই যোৰহাটলৈ দৌৰি গ’ল।
তেতিয়া ছোৱালীজনী প্ৰচুৰ যান্ত্ৰণাত চটফটাই আছে বিচনাত। স্কুলত খেলোতে ভৰিৰ ওপৰত বেঞ্চ পৰিছিল। তেওঁ গোট বান্ধিছিল সেই স্থানত। তাৰ পাছত প্ৰচণ্ড বিষত থাকিব নোৱাৰা অৱস্থা হৈছিল ছোৱালীজনীৰ। দুবাৰকৈ গুৱাহাটীত অস্ত্ৰোপচাৰো কৰিছিল।
সেই অস্ত্ৰোপচাৰৰ কোনো ফল পোৱা নাছিল কণমাণিজনীয়ে। মাজুলী কমলাবাৰীত ঘৰ সৰু ছোৱালীজনীৰ। অভিভাৱকৰ সৈতে কথা পাতি তেওঁ পৰামৰ্শ দিলে ছোৱালীজনীক চেন্নাইৰ এপললৈ লৈ যোৱাৰ।
ইতিমধ্যে ১৫লাখৰো অধিক ধন ব্যয় কৰিছিল পৰিয়ালটোৱে। লগত তেওঁ নিজে পৰিয়ালটোৰ সৈতে গুচি গ’ল চেন্নাইলৈ। শিশুৰ বাবে থকা বিভাগত এজন চিকিৎসকৰ সন্ধান কৰিলে তেওঁ। চেন্নাইৰ সেই এপল হস্পাতালত ভৰ্তি কৰা ৩দিনৰ পাছতে আকৌ অস্ত্ৰোপচাৰ কৰা হ’ল সেই স্থানত।
এবছৰৰ আগৰ কথা এয়া। এতিয়া ছোৱালীজনী সম্পূৰ্ণ সুস্থ। মাত্ৰ ১৮দিনতে চিকিৎসা সম্পন্ন কৰি তেওঁলোক ঘূৰি আহিল মাজুলীলৈ। তাই এতিয়া দৌৰিব পাৰে। মূলত এই মানুহজনৰ বাবেই এই ছোৱালীজনীয়ে নতুন জীৱন পালে। মানুহজনৰ ঘৰলৈ তাই এতিয়া আহে। বাৰীৰ ফল-মূল বিচাৰি খায়। ককা-নাতিনীৰ সম্পৰ্ক এটা গঢ় লৈ উঠিল।
এয়া মাত্ৰ এটা উদাহৰণহে। মানুহজনৰ নামৰ যুগল ভূঞা। বয়স ৬৫বছৰ। বেংক এটাত তেওঁ চাকৰি কৰিছিল। ১৯৭১চনতে তেওঁ আহিছিল মাজুলীলৈ। গহপুৰৰ ডুবিয়াৰ যোৰহটীয়া গাঁৱত তেওঁৰ ঘৰ। ১০বছৰ বয়সতে সত্ৰলৈ গুচি অহা মানুহজন ডাঙৰ হৈছিল সত্ৰীয়া ৰীতি-নীতিৰে।
পঢ়া শুনা কৰিছিল তেওঁ মাজুলী কলেজত। আউনীআটি সত্ৰই হৈ পৰিছিল তেওঁৰ ঠিকনা। সত্ৰৰ কাষতেই তেওঁ থাকিবলৈ লৈছিল। স্নাতক পৰীক্ষা দিয়েই তেওঁ সোমাইছিল এটা বেংকত। বিষ্ণুৰাম মেধি, হৰ্ষধৰ দাস আদিয়ে স্থাপন কৰা লেণ্ড মটগেজ বেংকত তেওঁ কাম কৰিছিল।
পিছলৈ সেই বেংকৰ নাম সলনি হৈছিল। বেংকত কাম কৰি থাকোতেই এবাৰ প্ৰশিক্ষণৰ বাবে তেওঁ গৈছিল কলিকতালৈ। ৩ নে ৪মহীয়া প্ৰশিক্ষণ আছিল সেইবাৰ। কলকাতাৰ কল্যাণী চিটিত থকা নেতাজী সুভাষ চন্দ্ৰ বসু কপাৰেটিভি ট্ৰেইনিং চেন্টাৰত প্ৰশিক্ষণ লৈ থাকোতেই তেওঁলোক দক্ষিণ ভাৰতলৈ ফুৰিবলৈ গৈছিল।
স্কুলত পঢ়া দিনৰে পৰা তেওঁৰ এটা বেমাৰ আছিল। কণিক ডিচেন্টীত আক্ৰান্ত হৈ আছিল মানুহজন। ভেলুৰত তেওঁ এজন ডাক্তৰক দেখুৱালে। দুটামান টেবলেট দিছিল তেওঁক। ঔষধৰ লগতে ডাক্তৰজনৰ ব্যৱহাৰে তেওঁক প্ৰভাৱাম্বিত কৰিছিল। ভাল পাইছিল তেওঁ সেই পুৰণি বেমাৰ।
মাজুলীলৈ ঘূৰি আহি তেওঁ সত্ৰৰে দুজনমান ৰোগীক চিকিৎসাৰ বাবে বাহিৰলৈ লৈ গৈছিল। এনেকৈয়ে তেওঁৰ এয়া নিচা হৈ পৰিছিল। ১৯৮৮চনৰ পৰা তেওঁ এনেকৈয় ৰোগীৰ সেৱাক ব্ৰত হিচাপে লৈছিল।
দেশৰ প্ৰায়বোৰ বিখ্যাত হস্পাতাললৈ তেওঁ গৈছে। ৪০০ৰোগীক তেওঁ চিকিৎসালয়ত সংগ দিছে। কিমান প্ৰচুৰ অভিজ্ঞতাৰ গৰাকী হ’ব লাগিব এই মানুহজন। বেংকত চাকৰি কৰি থকাৰ সময়ত ছুটী লৈ তেওঁ ৰোগীৰ লগত যায়। একোজন ৰোগীৰ লগত তেওঁ ২০-২৫দিনৰ লৈকে থকাৰ অভিজ্ঞতা আছে। সেই দিনকেইটাত সেই ৰোগী আৰু পৰিয়ালৰ বাবে তেঁৱেই হৈ পৰে ভগৱান।
সংসাৰ তেওঁ কৰিছিল। কিন্তু নিটিকিল। ৰোগীৰ সৈতে চিকিৎসালয়ত ঘূৰি ফুৰা মানুহজনক হয়তো পত্নীয়ে সহ্য কৰিব নোৱাৰিলে। মানুহজনে কিন্তু নিজক সলনি নকৰিলে। এবছৰতে সংসাৰ ভাগিল। মানুহজন আজিও ৰোগীৰ সেৱা-শুশ্ৰুষাৰ কামতেই নিয়োজিত হৈ থাকিল।
কেইদিনমানৰ পূৰ্বে তেওঁক এগৰাকী ৰোগীৰ সৈতে দিন অতিবাহিত কৰি আহিছে। ইয়াৰ বাবে তেওঁ কাৰোৰে পৰা এটকাও নলয়। কোনোবাই জোৰ-জবৰদস্তি আহিবৰ সময়ত কিবা এটা দি পঠায়। এয়া তেওঁৰ বৃত্তি নহয় সেৱা।
অকলশৰেই তেওঁৰ এতিয়া সংসাৰ। খেতি কৰি তেওঁ ভাল পায়। এইবাৰ সৰিয়হ বিক্ৰী কৰি পালে ২২হাজাৰ, ধানৰ পৰা আহিল ৭হাজাৰ, মাটিমাহ বিক্ৰী কৰিও পালে ৮হাজাৰ টকা। দুজনী জাৰ্ছি গায়ো আছে তেওঁৰ। ৬-৭লিটাৰ গাখীৰ ইয়াৰ পৰা দৈনিক পায়।
এল আই চিৰ এজেন্টৰ কামো কৰি আছে তেওঁ। তাৰ পৰাও নিয়মিত এটা কমিশ্যন আহে। ঘৰ-দুৱাৰ বনোৱাৰ বিলাস তেওঁৰ নাই। এই উপাৰ্জনে তেওঁ ভালকৈ চলি যাব পাৰে। কিন্তু তেওঁৰ মন সদায় চিকিৎসালয়ৰ চিকিৎসাধীন হৈ থকা লোকৰ সৈতে থাকে।
আজি এই যান্ত্ৰিকতাৰ দিনত এনে মানুহো আমাৰ মাজত আছে। নিস্বাৰ্থৰ বাবে যিজনে চিনাকি-অচিনাকি জনক এই বিপদত মূৰ্হুতত সদায় সহায় কৰো কৰোকৈ থাকে। আনকি তেওঁ নিজৰ এই কথাবোৰ ক’বলৈও সংকোচ কৰে। যি পাৰো মানুহৰ বাবে কৰিছো বুলিহে নিজকে প্ৰবোধ দিয়ে।
কোনাবাই তেওঁৰ সহায় বিচাৰিলে এটা টেলিফোন ক’লেই যথেষ্ট। ৯৩৯৫৫ ৮৩০৬০ নম্বৰত বিচাৰিলেই যুগল ভূঞা নামৰ মাজুলীৰ এই ভগৱানসদৃশ মানুহজনক পাব...
Also Read: অলিম্পিকলৈ অসমৰ গীতিকা...