'শ্ৰীকৃষ্ণ'ই কষ্ট পাব!

'শ্ৰীকৃষ্ণ'ই কষ্ট পাব!
Published on
Updated on

ডিম্পুল বৰগোহাঁই

’শ্ৰীকৃষ্ণ হোৱা সহজ আছিল জানো? জন্মৰ আগৰ পৰাই মৃত্যু সন্মুখত, কিমান বিৰহ বুকুত বান্ধি এটি শিশুৱে জন্মৰ দিনাই পিতৃ মাতৃৰ পৰা দূৰ হ'ব পাৰে। ১৬বছৰ বয়সলৈকে শিক্ষাৰ পৰা দূৰত, যাৰ বাবে তেওঁৰ বাঁহীত সৃষ্টি হৈছিল হেজাৰটা সুৰ সেই ৰাধাৰ পৰাও আজীৱন দূৰত্ব...। কা পুৰুষ নাম পাইছিল তেওঁ নিজৰ মানুহখিনিক জৰাসন্ধৰ পৰা ৰক্ষা কৰি যমুনাৰ পাৰৰ পৰা আন ঠাইত সংস্থাপিত কৰাৰ বাবে।  

কৃষ্ণ হোৱা সহজ আছিল জানো? কৃষ্ণ আমিয়েই,  প্ৰতিদিনে হেজাৰটা ধুমুহা লৈ হাঁহি থকা মুখবোৰ কৃষ্ণ। সমাজৰ প্ৰতিগৰাকী দ্ৰৌপদীৰ বাবে থিয় হৈ থকা "ককায়েক" কৃষ্ণ। মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ সাৰথি হোৱাৰ দৰে "আৰে ভাই টেনশ্যন কিহৰ মই আছোঁ। তই আগুৱাই যা।" বুলি কোৱা বন্ধুজন কৃষ্ণ। "প্ৰেমক পূজাৰ স্থান দিয়াজন কৃষ্ণ।টকাৰ বাবে বহু তললৈ যোৱা ভিৰৰ মাজত জীয়াই থকা"যি কৰিম নিজৰ দমত কৰিম" বুলি ধৰ্মৰ পথত চলা মানুহকেইজন কৃষ্ণ। বিশ্বাসৰ ওপৰত বিশ্বাস ৰখা মানুহ কৃষ্ণ। জীৱনক ওচৰৰ পৰা চাবলৈ শিকা মানুহবোৰ কৃষ্ণ। কৃষ্ণ জ্ঞান, কৃষ্ণ ভালপোৱা, কৃষ্ণ বিৰহ, কৃষ্ণ সমতা...’’

জন্মাষ্টমীৰ দিনটোত যুৱ লেখক পাৰ্থ গোস্বামীয়ে সামাজিক মাধ্যমত লিখা এই কথাখিনিক লৈ বেচ চৰ্চা হৈছে। লেখাটোৰ কেইটামান লাইনে সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিক চুঁই গৈছে। ধৰ্ষণ, হত্যা, সংঘাত, প্ৰতাৰণাৰে ভৰি পৰা এই সমাজখনত আজি যেন সচাঁকৈয়ে সকলোৱে ‘কৃষ্ণ’ৰ অভাৱ বাৰুকৈয় উপলদ্ধি কৰিছে।

 সমাজৰ পৰা বিশ্বাসবোৰ হেৰাই গৈছে। সমাজৰ প্ৰতিগৰাকী যুৱতীৰ বাবে ভায়েক বা ককায়েক হৈ থিয় দিয়া কৃষ্ণৰ অভাৱ ঘটিছে। প্ৰেমক পূজাৰ স্থান দিয়া প্ৰেমিক আৰু ধৰ্মৰ পথত চলা মানুহৰ অভাৱৰ বাবেই আজি আমি প্ৰতিদিনেই পাও নাপাবলগীয়া বহু খবৰ।

 কৃষ্ণ হোৱা সহজ আছিল জানো? সত্য, সাহস, ত্যাগ, বিশ্বাস এইবোৰৰ মূল্য দিয়াটো এই সময়ত যেন বৰ কঠিন। শেহতীয়াকৈ আমাৰ সমাজত আধ্যাত্মিক এক পৰিৱেশ সৃষ্টি হৈছে যদিও এইবোৰৰ মূল্য যেন এতিয়াও বহুতে উপলদ্ধি কৰাই নাই। তাৰ প্ৰতিফলন শেহতীয়াকৈ কলকাতাৰ ঘটনা, ধিঙৰ ঘটনাত স্পষ্ট হৈছে।

কৃষ্ণ হোৱা সহজ আছিল জানো? দুৰ্ঘোৰ প্ৰেমৰ অন্ততো ৰাধাৰ পৰা আজীৱন দুৰত্বত অৱস্থান কৰা সেই প্ৰেমিক কৃষ্ণ হোৱাতো জানো সহজ। ৰাধা-কৃষ্ণৰ আদৰ্শ কৰি লৈ প্ৰেম কৰা কিমানগৰাকী প্ৰেমিক যুগলে আজি ত্যাগৰ মূল্য বুজে! ত্যাগৰ অৰ্থ নুবুজাৰ বাবেই হয়তো প্ৰেমিকে ভাইৰেল কৰে প্ৰেমিকাৰ অন্তৰংগ ফটো- ভিডিঅ, সংঘটিত হয় মঙলদৈৰ দৰে ঘটনা। ত্যাগ আৰু দায়িত্বক বোজাঁ বুলি গণ্য কৰাৰ বাবেই হয়তো আজি প্ৰতিদিনে ভাগে বহুতৰ সংসাৰ।

কৃষ্ণ হোৱা সহজ আছিল জানো? ধৰ্মৰ পথত চলাতো সহজ নহয়। ধন-সম্পত্তিৰ বাবেই নিজৰ বিবেক-বুদ্ধিক বিক্ৰী কৰা মানুহৰ মাজত কৃষ্ণক বিচাৰি জানো কিবা লাভ আছে। দুৰ্নীতিকেই নীতি বুলি ভৱা সমাজখনত কৃষ্ণ কেনেকৈ তিষ্ঠি থাকিব। এনে পৰিৱেশত কৃষ্ণ থাকিব পাৰিব জানো!

কৃষ্ণ হোৱা সহজ আছিল জানো? জীৱনক ওচৰৰ পৰা চাবলৈ, জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ মানুহৰ সময় নোহোৱা হল। ধন-সম্পত্তি-ঐশ্বৰ্য-বিভূতিৰ পিছে পিছে দৌৰি তৃপ্তি আৰু পৰিতৃপ্তিৰ মাজত পাৰ্থক্য নুবুজা সমাজখনত বাৰু কৃষ্ণ কেনেকৈ থাকিব?  টকাৰ বাবে পিতৃ-মাতৃক অত্যাচাৰ, সম্পত্তিৰ বাবে ভাই-ককাইৰ মাজত কাজিয়া এই সকলোবোৰৰ মাজত কৃষ্ণ বাৰু থাকিবনো কেনেকৈ?

নোৱাৰে! এনে পৰিৱেশত হয়তো কৃষ্ণ থাকিব নোৱাৰে। বিশ্বাসহীন-আস্থাহীন এখন সমাজত কৃষ্ণ থাকিব নোৱাৰে। দৌপদীৰ বস্ত্ৰহৰণত বাধাৰ ঢাল হিচাপে থিয় দিয়া কৃষ্ণ এইখন সমাজত কেনেকৈ থাকিব! যিখন সমাজত প্ৰতিটো দিনতে ৭২গৰাকীকৈ যুৱতী ধৰ্ষিতা হয়। এয়া আমাৰ কথা নহয়, এয়া সমীক্ষাত প্ৰকাশ পাইছে। কৃষ্ণ জন্মভূমি ভাৰতৰে এই সমীক্ষা।

কৃষ্ণ কেনেকৈ থাকিব? সমাজৰ প্ৰতিগৰাকী দ্ৰৌপদীৰ বাবে থিয় হৈ থকা "ককায়েক" কৃষ্ণ আজি আছেনো কেইজন? দেশৰ কথা বাদেই দিলো, আমাৰ অসমত ধৰ্ষিতা হোৱা যুৱতীৰ সংখ্যা খোদ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰি খেদ প্ৰকাশ কৰিলে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা অনুসৰি, ২০০১ৰ পৰা ২০২৪ৰ জুলাইৰ লৈকে অসমত ধৰ্ষিতা হৈছে ৪০হাজাৰ ৬৫গৰাকী যুৱতী-মহিলা। ৰাজ্যৰ ভিন্ন প্ৰান্তত থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদৰি কৰা তথ্য অনুসৰি-

  • ২০০১চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৮১৭

  • ২০০২চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৯৭০

  • ২০০৩চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১০৯৫

  • ২০০৪চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১১৭১

  • ২০০৫চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১২৩৮

  • ২০০৬চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১২৪৪

  • ২০০৭চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৪৩৭

  • ২০০৮চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৪৩৮

  • ২০০৯চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৬৩১

  • ২০১০চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৭২১

  • ২০১১চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৭০০

  • ২০১২চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৭১৬

  • ২০১৩চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৯৩৭

  • ২০১৪চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৯৮০

  • ২০১৫চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৭৩৩

  • ২০১৬চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৭৭৯

  • ২০১৭চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৩৫৪৪

  • ২০১৮চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৩২৯৬

  • ২০১৯চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৩৫৪৬

  • ২০২০চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৬৫৭

  • ২০২১চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১৭৩৩

  • ২০২২চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ১১১৩

  • ২০২৩চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৯৮৯

  • ২০২৪ৰ জুন মাহলৈকে সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সংখ্যা- ৫৮০

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা এই তথ্য অনুসৰি অসমৰ প্ৰতিদিনে ৫গৰাকী যুৱতী-মহিলা ধৰ্ষণ কাণ্ডৰ বলি হয়। লক্ষ্যণীয়ভাৱে এই তালিকাত সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ধৰ্ষণ কাণ্ড অধিক সংঘটিত হোৱাৰ তথ্য স্পষ্ট হৈছে। সেয়া যি কি নহলেও, মানৱতাৰ মৰ্যদাক ভূলুন্ঠিত কৰা এনে এখন সমাজত, কংসৰূপী একাংশৰ অতপালিত কৃষ্ণ কেনেকৈ থাকিব? এনে পৰিৱেশ-পৰিস্থিতি হয়তো প্ৰভূয়েও কষ্ট পাব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in