দুটা কুকুৰৰ বাবে এটোপাল চকুপানী...

দুটা কুকুৰৰ বাবে এটোপাল চকুপানী...

New Update
দুটা কুকুৰৰ বাবে এটোপাল চকুপানী...

মৃদুল কুমাৰ সন্দিকৈ

দুটা কুকুৰৰ বাবে এই লেখা! হত্যাকাৰী এজন অচিনাকী উন্মাদ চালকৰ প্ৰতি এয়া তীব্ৰ গৰিহণা। খবৰটো বহুতৰ বাবে সৰু হ’ব পাৰে। পথৰ দুটা ভতুৱা কুকুৰ মৰিছে, তাত কাৰ কি আহে যায়…

এনেদৰে ভৱাসকলে মনত ৰখা দৰকাৰ এই পৃথিৱীখন কেৱল আমাৰ নহয়। গছ-বিৰিখ আৰু আন সকলো জীৱ-জন্তুৰে এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। আজি কুকুৰৰ ওপৰেদি দ্ৰুতবেগী গাড়ী পাৰ হৈ গৈছে, কালিলৈ সেই দ্ৰুতবেগী এনেদৰে ভৱাজনৰ ওপৰেৰে যে এইসকল উন্মাদ চালকে চলাই নিনিব, তাৰ কি মানে আছে!

৮নৱেম্বৰ, ২০২৪। সন্ধিয়া তেতিয়া ৯বাজি গৈছিল। মাজুলীৰ বাট-পথবোৰ খালী হৈ পৰিছিল। দুই এখন দোকান খোলা আছিল যদিও সেই দোকানীবোৰেও দোকান বন্ধৰ প্ৰস্তুতি চলাইছিল।

স্থান মাজুলীৰ গড়মূৰ। মাজুলী প্ৰেছ ক্লাৱৰ সমীপৰ পথৰ কাষত শুই আছিল দুটা কুকুৰ। গৰাকীহীন কুকুৰ হ’লেও এই কুকুৰ দুটা আছিল সেই অঞ্চলৰ সকলোৰে প্ৰিয়। মানুহবোৰক চিনি পাইছিল কুকুৰ দুটাই।

স্থানীয় সংবাদ কৰ্মীসকলৰ সৈতেও কুকুৰ দুটাৰ আছিল আত্মীয়তা। লকডাউনৰ সময়ত এই কুকুৰ দুটাৰ সৈতে সংবাদকৰ্মীসকলে অধিক আত্মীয়তা গঢ়ি তুলিছিল। খাবলৈ নিয়মিত বিস্কুট দিছিল।

সেই আত্মীয়তা থাকি গ’ল। স্থানীয় দোকানীবোৰৰো আদৰৰ আছিল কুকুৰ দুটা। কৰ পৰা কেনেকৈ ইহঁত তালৈ আহিছিল, সেয়া ইতিহাস। সংবাদকৰ্মী সকলে দুয়োৰে নাম থৈছিল। এটাৰ নাম দিছিল ৰঙাই আৰু আনটোৰ নাম থৈছিল কুলাই।

গাৰ বৰণৰ ওপৰত ভিত্তি কৰিয়েই সেই নামেৰেই সিহঁত দুটাক নামাকৰণ কৰিছিল। নিশা পথৰ কাষতে দুয়ো শুই থাকে। দুয়োটা কুকুৰৰ মাজত যথেষ্ট মিল। একেলগে থাকো দুয়োটা।

সেইদিনা ওচৰা ওচৰিকৈ কুকুৰ দুটা শুই আছিল পথৰ কাষত। হঠাৎ দ্ৰুত বেগেৰে অহা এখন গাড়ীৰে দুয়োকে মহতিয়াই নিলে। কাষৰ দোকানীজন এই ঘটনাৰ সাক্ষী হ’ল।

সেই সময়ত প্ৰেছ ক্লাৱত সাংবাদিক দুই এজনেও আগবাঢ়ি আহিল। কুকুৰ দুটাক মহতিয়াই বগা ৰঙৰ বলেৰ’ খন আন্ধাৰৰ সৈতে মিলি গ’ল। অতীত হ’ল ৰঙাই-কুলাই।

প্ৰচণ্ড জোৰেৰে দুয়োটা কুকুৰ মূৰৰ ওপৰেৰে গাড়ী চলাই পলাই যোৱা চালকজন চিনাক্ত নহ’ল। এখন দোকানত সংযুক্ত চি চি টিভিৰ ফুটেজতো আন্ধাৰৰ বাবে বাহনখনৰ নম্বৰ ধৰা নপৰিল।

কুকুৰ দুটাৰ মৃত্যুত ম্ৰিয়মান হ’[ল গড়মূৰৰ ব্যৱসায়ীসকল। স্থানীয় সাংবাদিকসকলে সিদ্ধান্ত লৈছে এই ঘটনাৰ সন্দৰ্ভত দাখিল কৰিব এজাহাৰ। হয়তো আৰক্ষীৰ তদন্তত ধৰা পৰিব সেই অপৰাধী।

মানুহক প্ৰাণ ভৰি ভাল পোৱা দুটা কুকুৰ আছিল ৰঙাই আৰু কুলাই। চিনাকি কোনোবা সেই স্থানত উপস্থিত হ’লেই কাষ চাপি আহিছিল দুয়ো। মানুহৰ মৰম বুজিছিল এই কুকুৰ দুটাই। কিন্তু কুকুৰ দুটাক নুবুজিলে উন্মাদ এই ধৰণৰ মানুহবোৰে। বাটৰ কাষত সিহঁত শুই থকাতোৱেই অভিশাপ হ’ল!

মৃত্যু এতিয়া সহজলভ্য! মানুহ এতিয়া আন জীৱ-জন্তু, গছ-বিৰিখৰ বাবে হৈ পৰিছে সন্ত্ৰাস। সকলো ধ্বংসৰ মূল এই মানুহ। এইবোৰ ঘটনাই চুব নোৱাৰে প্ৰকৃতিপ্ৰেমী সংগঠনবোৰক। কিয়নো ইয়াত গ্লেমাৰ নাই, প্ৰচাৰ নাই।

নিস্বাৰ্থভাৱে মানুহক ভাল পোৱা দুৰ্ভগীয়া ৰঙাই-কুলাইৰ বাবে ব্যস্ত মানুহৰো নাই আজি আজৰি। মেৰিগল্ড বিস্কুট হাতত লৈ এতিয়া আৰু কোনেও নামাতে- আহ ৰঙাই, আহ কুলাই। সিহঁতক ভালপোৱা সকলে অশ্ৰুসিক্ত নয়নেৰে কৈছে- বিদায়! ভুল নবুজিবি ৰঙাই-কুলাই...

মাজুলী