‘সংগীহীন’ বৰা বাপ, সংবাদ মেলেই হ’ল অভিশাপ!

‘সংগীহীন’ বৰা বাপ, সংবাদ মেলেই হ’ল অভিশাপ!
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

'কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম |
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম ||'

এক অধ্যায়ৰ অন্ত পৰিল। এক বিৰ্তকৰ শেষত লাখ লাখ ভকত-বৈষ্ণৱ, বাপ-আইৰ মাজলৈ শুভবোধৰ বাৰ্তা গ’ল। যিমান ক্ষমতাশালী নহ’লেও, তেওঁলোক সহজ-সৰল মানুহবোৰৰ ওচৰত তেনেই গৌণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত কোনো মতলবী লোকৰ মতলবী কৰ্ম কাণ্ড বেছি দিনলৈ নচলে।

প্ৰাণতকৈ উৰ্ধত স্থাপন কৰা এই আধ্যাত্মিক মঞ্চত কোনো লোকে চলে-চক্ৰান্তৰে ক্ষমতা আৰু পদবীৰ মোহত ল’ৰা ৰজা সদৃশ কৰ্ম কৰিলে তাৰ ফল এনেদৰেই আহে। হয়তো দুদিন পলম হয়, কিন্তু আন সংগঠন বা অনুষ্ঠানৰ দৰে ইয়াত ব্যক্তি বিশেষৰ পূজা কেতিয়াও নচলে।

 যিসকল পৰম বৈষ্ণৱে তেওঁলোকক মূৰত তুলি ল’ব জানে। সেইসকলৰ পৰম বৈষ্ণৱে গুৰুজনাৰ আদৰ্শত কুঠাৰঘাত কৰি এই আধ্যাত্মিক অনুষ্ঠানটোৰ ভাৱমূৰ্তিত কালিমা সানিলে তেওঁলোকক শিৰৰ পৰা নমাই চুৱা পাতনিলৈ দলিয়াই দিবও পাৰে। তাৰ পাছত এইসকল হৈ পৰে একোজন সাধাৰণ মানুহ, তেওঁলোকৰ পৰিচয় হৈ পৰে এজন বাবুল বৰা।

বহু অভিযোগৰ আঙুলি তেওঁলোকলৈ উঠিছিল। সেই অভিযোগৰ তদন্ত হৈছিল। সেই তদন্তত তেওঁলোকৰ দোষ পোহৰলৈ আহিছিল। তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ল। এচাম স্তাৱক বাহিনীৰ জৰিয়তে স্বাক্ষৰ অভিযান চলাই, সংবাদমাধ্যমৰ সন্মুখত হুংকাৰ প্ৰদান কৰি এইসকলে নিজক উদ্ধাৰ কৰিব নোৱাৰিলে।

 গভীৰ শালীনতাবোধেৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰমাণ কৰি দিলে তেওঁলোকে লব লগা কঠোৰ সিদ্ধান্ত এইদৰেই লয়। এই অসহিষ্ণুতাৰ প্ৰমাণ ইতিমধ্যে বহুজনে মুকলিকৈ দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য হীতেশ ডেকাই লেখা কথাবোৰ যি পঢ়িছে, তাৰ কেইটামান বাক্যতে এইজনা পৰম পুৰুষৰ উদ্ধতালি কথা অনুমান কৰিছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘক আদৰ্শৰ পৰা বিচলিত কৰিবলৈ তেওঁৰ নেতৃত্বত চলা কুচকাৱাজ বোৰৰ কথা মানুহে কেতিয়াবাই গম পাইছিল। একাদশী পাতি কোনোবা দেৱ-দেৱীৰ পূজাৰ সৈতে গুৰুজনাৰ একশৰণ বৈষ্ণৱবাদক একাকাৰ কৰি দিব বিচৰা সকলে ভাৱি লৈছিল তেওঁৰ যি ইচ্ছা, সেই ইচ্ছাৰেই শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰিচালিত হ’ব।

 শান্ত-সৌম্য ভকত-বৈষ্ণৱসকলে সকলো চাই সহ্য কৰি ৰ’ব। সেয়া অৱশ্যে নহ’ল।  ১১/০৭/২০২৪ত পত্ৰাংক নং- ০৬/৯৪/২৪/৬৪০৩ নম্বৰৰ এখন বিশেষ পত্ৰ গৈছিল সংঘৰ মূল কৰ্মকতাসকললৈ। বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই স্বাক্ষৰ কৰা এই পত্ৰৰ বিষয় আছিল জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ আহ্বান।

১৮/০৭/২০২৪ বৃহস্পতিবাৰে শংকৰী সাংস্কৃতিক কেন্দ্ৰ, ৰূপনগৰ, গুৱাহাটীত দিনৰ ১১বজাত সংঘৰ এক গুৰুত্বপূৰ্ণ সাংগাঠনিক বিষয়ৰ ওপৰত আলোচনা কৰিবৰ বাবে এই সভা আয়োজন কৰা হৈছিল। শ্ৰীমন্ত শংকদেৱ সংঘৰ সংবিধান অনুসৰি, এনে জৰুৰী কাৰ্যনিৰ্বাহক সভা আয়োজন কৰাৰ বিধান আছে।

নিৰ্ধাৰিত সময়তকৈ অৱশ্যে কিছুসময় পলমকৈ এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। প্ৰায় ৬ঘন্টাৰো অধিক সময় অনুষ্ঠিত হৈছিল এই জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক। বৈঠকত আলোচনা হৈছিল প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ প্ৰসংগ।

সপক্ষে-বিপক্ষে হৈছিল বিৰ্তক। প্ৰশ্ন উঠিছিল বাবুল বৰাই সংবাদমাধ্যমক সম্বোধন কৰি সংঘৰ গোপনীয়তা ভংগৰে বহু নথি পত্ৰ তুলি দিয়াৰ অভিযোগ সহজভাৱে লোৱা নাছিল সংঘৰ নেতৃত্বই। সংঘৰ পদাধিকাৰৰ দৰে আসনত থকা গুণীজনক কৰা ইতিকিংসূচক মন্তব্যৰ প্ৰসংগও সেই বিৰ্তকত স্থান লাভ কৰিছিল।

বৰাৰ পক্ষত যি দুই-এজন আছিল, তেওঁলোকে বৰাৰ হৈ যুক্তি তৰ্ক কৰিছিল যদিও প্ৰায় ৭০/৮০জন মূলৰ সদস্য উপস্থিত থকা এই জৰুৰী কাৰ্যনিৰ্বাহকত তেওঁলোকৰ এই বক্তব্য আছিল সংঘৰ পক্ষত নহয়। তেওঁলোকে বৰাক উদ্ধাৰৰ যি কুচকাৱাজ চলাইছিল, সেই কুচকাৱাজ বিফল হৈছিল।

 সন্মানীয় পদাধিকাৰক ডিমেন’চিয়া ৰোগত আক্ৰান্ত হোৱা বুলি উপহাস কৰাৰ বিষয় উত্থাপন কৰি পদাধিকাৰক সেই সভাৰ সভাপতিত্ব কৰিব নোৱাৰিব বুলি কোৱা লোকো ওলাইছিল। এনে আলোচনা-বিলোচনাৰ অন্তত প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীৰ বিৰুদ্ধে এক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অৱশ্যে এয়া আমাৰ নিজস্ব সূত্ৰৰ খবৰ। দীৰ্ঘদিন ধৰি বিষয়টো নজৰত থকাৰ বাবে সেই কাৰ্যনিৰ্বাহকৰ সঠিক খবৰবোৰৰ প্ৰতি আমিও উৎসুক আছিলো। সংঘৰ মজিয়াত উত্থাপন হোৱাৰ দৰে সাংবাদিকে প্ৰতিবেদন কেনেকৈ পালে বুলি কৰা প্ৰশ্ন, এইবাৰো হয়তো উত্থাপন হ’ব পাৰে!

সেই সভাত উপস্থিত থকা যি সূত্ৰই প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীক বিশেষ বৈঠকখনৰ খবৰ দি আছিল, সেই উতসৰ পৰাই আহিছিল কিছু খবৰ। ঠিক প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীৰ হাতৰ পৰা তদন্তৰ প্ৰতিবেদন সাংবাদিকৰ হাতলৈ অহাৰ দৰে।

আনুষ্ঠানিকভাৱে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পাছতো সংঘৰ নেতৃত্বই সাংবাদিকৰ সন্মুখত মুখ নুখুলিলে। সেই চূড়ান্ত সিদ্ধান্তৰ কথা সদৰি নকৰিলে। কিন্তু চূড়ান্ত সিদ্ধান্ত যে লোৱা হৈছে, সেই খবৰ ইতিমধ্যে প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীয়ে লাভ কৰিছে।

প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীক দিয়া খবৰ মতে, সংঘৰ সংবিধান আৰু জৰুৰী কাৰ্যনিৰ্বাহক সিদ্ধান্ত মৰ্মে তেওঁৰ ‘সংগী বাপ’ পদ খাৰিজ কৰা হৈছে। অৰ্থাৎ ১৮জুলাই ২০২৪ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সংগী হিচাপেও নাই বাবুল বৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই খবৰ আৰু সিদ্ধান্ত নিশ্চয় তেওঁলোকৰ সংগীসকলকো অৱগত কৰিব।

এই বৃহৎ আধ্যাত্মিক অনুষ্ঠানটোৰ বাবে এয়া এক নিৰ্ণয়কাৰী সিদ্ধান্ত হব। এনেদৰে কিমানক প্ৰাক্তন প্ৰধান সম্পাদকজনে সৰু সৰু কাৰণত সংগী পদ খাৰিজ কৰিছিল, তাৰ হিচাপো নিশ্চয় কৰা জনে কৰিব। এতিয়া সেই একেখন জালতে তেওঁ পৰিল।

অৱশ্যে এয়া তেওঁৰ দৰে ব্যক্তি স্বাৰ্থৰ সুৰক্ষা কৰাৰ বাবে নহয়। সংঘক কোনোবাই ধ্বংস কৰিবলৈ চেষ্টা কৰিলে  ভকত-বৈষ্ণৱে যে এৰি নিদিয়ে তাৰ প্ৰমাণ দিলে আজিৰ এই সভাই। যিমানেই ডাঙৰ বা ক্ষমতাশালী লোক নহওঁক কিয় তেওঁ, সংঘত ভুলৰ শাস্তি হ’বই…

‘সংগীহীন’ বৰা বাপ, সংবাদ মেলেই হ’ল অভিশাপ!
বাবুল বৰাই কি কি অনিয়ম কৰিছিল ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in