বিহাৰক 'কৃপা', অন্ধ্ৰলৈ 'দৃষ্টি'! বাকীবোৰলৈ আশ্বাস...

বিহাৰক 'কৃপা', অন্ধ্ৰলৈ 'দৃষ্টি'!  বাকীবোৰলৈ আশ্বাস...
Published on
Updated on

ডিম্পুল বৰগোহাঁই

আপোনাৰ মাহিলী উপাৰ্জন কিমান? যদিহে মাহে আপুনি ২৫হাজাৰ টকাতকৈ এটকাও বেছিকৈ উপাৰ্জন কৰে, তেন্তে এইবাৰৰ পৰা আপুনি কৰ দিবলৈ সাজু হওঁক। কিয়নো ২০২৪-২৫বৰ্ষৰ বাজেটত আয় কৰৰ নতুন গাথঁনি অনুসৰি বছৰি ৩লাখৰ ওপৰত উপাৰ্জন কৰা সকলে ভৰিব লাগিব ৫শতাংশ টেক্স।

এইবাৰৰ বাজেটখন সৰ্বসাধাৰণে কল্পনা তথা চিন্তা কৰি থকাৰ দৰে নহ’ল। এই ইংগিত পোৱা গ'ল শ্বেয়াৰ বজাৰত হোৱা সূচাংকৰ নিম্নগামিতাৰ জৰিয়তেও। মঙলবাৰৰ দিনটোত বাজেট ভাষণ চলি থকাৰ সময়তে শ্বেয়াৰ বজাৰত হোৰাহোৰে পতন আৰম্ভ হয় আৰু বাজেট ভাষণ অন্ত পৰালৈকে ছেনছেক্সত এক হাজাৰ পইণ্ট পৰ্যন্ত হ্ৰাস পায়। একেদৰেই নিফটি বজাৰো ভাষণ আৰম্ভ হোৱাৰ পৰা বাজেট ভাষণ অন্ত পৰালৈকে ২০০ ৰো অধিক পইণ্ট অৱনমিত হয়।

এইবাৰ বাজেটত চৰকাৰে উদ্যোগ ক্ষেত্ৰৰ প্ৰতি অধিক উদাৰতা আৰু জি এছ টি হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। সৰ্বসাধাৰণেও আশাপালি ৰৈ আছিল যে, এইবাৰৰ বাজেটত এনে প্ৰসংগই স্থান পাব। কিন্তু দেখা গ’ল কেৱল সোণ, ৰূপ, তামকে ধৰি মাত্ৰ কেইপদমান সামগ্ৰী আৰু নিৰ্ধাৰিত ঔষধৰ মূল্য হ্ৰাসতে বাজেট সীমাবদ্ধ থাকিল।

আয়কৰৰ ক্ষেত্ৰত বিশেষ ৰেহাই এইবাৰৰ বাজেটে দিব বুলিও যথেষ্ট চৰ্চা হৈছিল। কিন্তু অৱশেষত এই সকলোবোৰ চৰ্চাত চেচাঁ পানী পৰিল। মধ্যবিত্তৰ বেংক একাউন্টত যে, এইবাৰৰ বাজেটে বেছি টকা জমা হ'বলৈ নিদিয়ে সেই কথাত মোহৰ পৰিল।

কৃষি, যুৱ শক্তি আৰু মহিলাৰ কল্যাণকামী আঁচনিৰ বাবে যথেষ্ট ধন এইবাৰৰ বাজেটত ধৰা হৈছে। কিন্তু এই বাজেটে ৰাজ্যভিত্তিক যি পেকেজৰ কথা কৈছে , তাৰ সমবিতৰণ কৰা নহ'ল বুলি বিশ্লেষকসকলে মত ব্যক্ত কৰিছে। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক যি বিশাল ধনৰাশিৰ পেকেজ এই বাজেটে প্ৰদান কৰিলে, তাক লৈ বহুতে কৈছে যে দেশ নহয় চৰকাৰ ধৰি ৰাখিবলৈহে এই পেকেজ ঘোষণা কৰা হ'ল।

নীতিশ-চন্দ্ৰবাবুক সুখী কৰিবলৈ এই বাজেটে পাৰ্যমানে চেষ্টা চলোৱাটো স্পষ্ট হৈ পৰিছে । কিয়নো এইবাৰ বাজেটত বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশক যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বাজেটত দুয়োখন ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ উপৰিও ৰাজ্য দুখনৰ বাবে আছে বিশেষ বিত্তীয় ঘোষণা।

বাজেট ভাষণত নিৰ্মলা সীতাৰমণে বিহাৰৰ পথ নিৰ্মাণৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। পাটনা-পূৰ্ণিয়া এক্সপ্ৰেছ ৱে', বক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছ ৱে' নিৰ্মাণৰ লগে লগে বুদ্ধগয়া, ৰাজগীৰ, বৈশালী আৰু দৰভঙ্গাত পথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰা হৈছে। ইয়াৰোপৰি বক্সাৰত গংগা নদীৰ ওপৰত নতুনকৈ দুই লেনৰ এখন দলং নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। নালন্দাক এক পৰ্যটন কেন্দ্ৰ হিচাপে বিকাশ কৰাৰ বাবে সকলোধৰণ সহায় কৰাৰ কথাও ঘোষণা কৰা হৈছে। সেইদৰে কাশী বিশ্বনাথৰ আৰ্হিত গয়াৰ বিষ্ণুপদ মন্দিৰ, মহাবোধি মন্দিৰ, ৰাজগীৰৰ জৈন মন্দিৰ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰা হৈছে। কোশীৰ সৈতে জড়িত জলসিঞ্চন ক্ষেত্ৰত কাম কৰাৰ কথাও ঘোষণা কৰা হৈছে। ইফালে কেন্দ্ৰীয় বাজেটত বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এইবাৰৰ বাজেটত ১১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। এই সমুদায় ধনেই ব্যয় হ'ব বিহাৰত।

ইয়াৰোপৰি নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কয়, "পিৰপেইণ্টিত ২৪০০ মেগাৱাটৰ নতুন বিদ্যুৎ প্ৰকল্প স্থাপনকে ধৰি বিদ্যুৎ প্ৰকল্পসমূহৰ বাবে ২১৪০০ কোটি টকা ব্যয় কৰা বিহাৰত নতুন বিমানবন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। মূলধন বিনিয়োগৰ সমৰ্থনৰ বাবে অতিৰিক্ত আৱণ্টন প্ৰদান কৰা হ'ব। তেওঁ কয়, বহুপাক্ষিক উন্নয়ন বেংকৰ পৰা বাহ্যিক সহায়ৰ বাবে বিহাৰ চৰকাৰৰ অনুৰোধ ত্বৰান্বিতভাৱে ৰক্ষা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব।

একেদৰে অন্ধ্ৰ প্ৰদেশো ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ পৰা যথেষ্ট লাভান্বিত হৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মূলধনৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি ৰাজ্যখনৰ বাবে বিশেষ বিত্তীয় সাহায্য ঘোষণা কৰিছে। ৰাজ্যখনৰ নৱগঠিত ৰাজধানীৰ নিৰ্মাণৰ সম্পূৰ্ণ খৰছৰ লগতে ১৫হাজাৰ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰিছে। আগন্তুক সময়ত প্ৰয়োজন হ'লে অধিক ধন দিয়াৰো প্ৰতিশ্ৰুতি দিছে বিত্তমন্ত্ৰীগৰাকীয়ে।

বিহাৰৰ বানৰ বাবে বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে অসমৰ বান পৰিস্থিতিক লৈ কেৱল আশ্বাসহে প্ৰদান কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে লক্ষ্যণীয়ভাৱে অসমক বানে জুৰুলা কৰা বুলি উল্লেখ কৰিয়ো এই সমস্যাৰ সমাধানৰ বাবে নিৰ্ধাৰিত পুঁজিৰ কথা উল্লেখ নকৰিলে।

ভাষণৰ প্ৰসংগত এই কথাও বিত্তমন্ত্ৰীয়ে উনুকিয়াই থৈ গ'ল যে, অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উৎস বহিঃদেশৰ। গতিকে সকলোবোৰ কথা বিবেচনা কৰি অসমক অসমত প্ৰয়োজনীয় পুঁজি প্ৰদান কৰাৰ আশ্বাসতে সীমাৱদ্ধ থাকিল এইবাৰ বাজেট। অথচ সোমবাৰে দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে অসমৰ এই সমস্যা আৰু শেহতীয়া বানৰ ক্ষয় ক্ষতি পূৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বাবে টুইটযোগে ধন্যবাদো জ্ঞাপন কৰিছে। পিচে আজিৰ বাজেটত বান সমস্যাৰ কথা উল্লেখ কৰিও কৌশলপূৰ্ণভাৱে অসমৰ বানৰ বাবে বিদেশী ৰাষ্ট্ৰৰ উৎসৰ প্ৰসংগ টানি প্ৰত্যক্ষভাৱে সাহাৰ্য্যৰ বিষয়টোক অৱহেলা কৰি চলা দেখা গ'ল।

উল্লেখ কৰাৰ প্ৰয়োজন যে একেৰাহে সপ্তমবাৰৰ বাবে বাজেট উত্থাপনৰ ইতিহাস গঢ়া বুলি চৰ্চা হ'লেও তেঁওৰ এই ঐতিহাসিক বাজেটে পিছে দেশবাসীক উৎফুল্লিত হ'ব পৰাকৈ বিশেষ একো দিব নোৱাৰিলে। আনহাতে এই বাজেট আছিল মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্রথমখন বাজেট।

ৰাইজে আশা কৰিছিল শেহতীয়া নিৰ্বাচনী ফলাফলত দলীয়ভাৱে সংখ্যগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নোহোৱা বিজেপিৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশীদাৰ দলক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে প্ৰথমখন বাজেটৰ জৰিয়তে চৰকাৰৰ নিম্নগামী ভাবমূৰ্তি পুনৰোদ্ধাৰৰ সম্পূৰ্ণ প্ৰয়াস চলালে। সেই বাবে সকলোৱে বাজেটখন গণমুখী হ'ব বুলি আশা কৰিছিল। কিন্তু বিকশিত ভাৰতৰ কথা কোৱা মোডী চৰকাৰে নিম্ন উপাৰ্জনকাৰীসকলক কৰৰ বোজা জাপি দি এক মাধমাৰ শোধালে।

কিয়নো বিগত বৰ্ষত ৭লাখপৰ্যন্ত কৰ ৰেহাইৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰি এইবাৰ বছৰি মাত্ৰ ৩লাখ টকা উপাৰ্জনকাৰীৰ ওপৰতে ৫শতাংশ কৰৰ বোজা জাপি দি চৰকাৰ যে ৰাজহ সংগ্ৰহৰ বাবেহে অধিক আগ্ৰহী সেই কথা আজিৰ বাজেটে স্পষ্ট কৰিলে।

অৱশ্যে এইক্ষেত্ৰত কৰ আইনৰ বিধি অনুসৰি কৰ্মচাৰীসকলৰ ৩লাখ টকা উপাৰ্জনৰ ৫শতাংশ কৰ ঘূৰাই দিয়াৰো ব্যৱস্থাৰ কথা উল্লেখ আছে। এক কথাত ৭লাখ ৭৫হাজাৰ টকাৰ ওপৰতহে পোনপোটীয়াকৈ দিব লাগিব কৰ।

অথচ বাজেট ভাষণ আৰম্ভণি কৰিয়েই বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে, কেন্দ্রীয় চৰকাৰৰ নীতিৰ ওপৰত বিশ্বাস আছে জনতাৰ।  দৰিদ্র, মহিলা, কৃষক আৰু যুৱ প্রজন্মক অধিক গুৰুত্ব প্ৰদান কৰি এইবেলি বাজেট প্ৰস্তুত কৰা হৈছে। সকলোৰে বিকাশৰ বাবে দায়বদ্ধ কেন্দ্রীয় চৰকাৰ। কৰ্ম সংস্থাপন বৃদ্ধিৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বাজেটক বিকাশৰ ৰূপৰেখা আখ্যা দিয়ে বিত্তমন্ত্রীয়ে।

এইবাৰৰ বাজেটত কি কি ঘোষণা কৰা হ’লঃ-

1.       যুৱ কল্যাণৰ বাবে ২ লাখ কোটি ধাৰ্য বাজেটত

2.       শিক্ষা আৰু দক্ষতা বৃদ্ধিৰ বাবে ৪.২ লাখ কোটি টকা ধাৰ্য

3.        কৃষকৰ বাবে ৩২টা বিশেষ কৃষি আৰু উদ্যান শস্য প্রদান কৰাৰ প্ৰতিশ্ৰুতি

4.       জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব বাজেটত

5.       ১০ হাজাৰ জৈৱ গৱেষণা কেন্দ্র স্থাপন হ’ব দেশত

6.       কৃষি গৱেষণাৰ বাবে বিশেষ পুঁজি প্রদান কৰিব চৰকাৰে

7.       মহিলাসকলৰ বাবে দক্ষতা বিকাশৰ আঁচনি বাজেটত

8.       ৫ বছৰত ২০ লাখ যুৱকৰ দক্ষতা বিকাশৰ লক্ষ্য

9.       কৃষিৰ বাবে ১.৫২ লাখ কোটি টকা ধাৰ্য

10.   ১ লাখ শিক্ষাৰ্থীৰ বাবে E-VOUCHERৰ ব্যৱস্থা

11.   ৬ কোটি কৃষকক ভূমি পঞ্জীয়নৰ ব্যৱস্থা প্রদান

12.   অমৃতসৰ আৰু কলকাতাত উদ্যোগিক ক’ৰিডৰ হিচাপে ঘোষণা

13.   পূৱ ভাৰতৰ ৫খন ৰাজ্যৰ বাবে কেন্দ্রীয় চৰকাৰৰ বিশেষ আঁচনি

14.   বিহাৰ, ওড়িশা, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অন্ধ্রপ্রদেশলৈ বিশেষ আঁচনি

15.   বিহাৰত স্থাপন হ’ব নতুন মেডিকেল কলেজ আৰু বিমান বন্দৰ

16.   অন্ধ্রপ্রদেশলৈ ১৫ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা

17.   বিহাৰৰ বাবে অতিৰিক্ত সাহাৰ্য পুঁজি বাজেটত

18.   PMAYৰ অধীনত নিৰ্মাণ হ’ব ৩ কোটি অতিৰিক্ত আৱাসগৃহ নিৰ্মাণ

19.   ৬৩ হাজাৰ জনজাতীয় গাঁৱক প্রতিপালনৰ প্রস্তাৱ

20.   গ্রামোন্নয়নৰ বাবে ২.৬৬ লাখ কোটি ব্যয়ৰ পৰিকল্পনা

21.   ক্ষুদ্র উদ্যোগৰ বিকাশৰ বাবেও বিশেষ প্রস্তাৱ বাজেটত

22.   উত্তৰ-পূৱত বৃদ্ধি কৰা হ’ব বেংকৰ শাখা

23.   ১০০০খন আই টি আইক কৰা হ’ব উন্নীতকৰণ

24.   শক্তি প্রকল্পৰ বাবে ২১,৪০০ কোটি ব্যয়ৰ প্রস্তাৱ

25.   মহিলাৰ বিকাশৰ বাবে ৩ লাখ কোটি ব্যয়ৰ প্রস্তাৱ

26.   ৰাজহুৱা খণ্ডৰ বেংকসমূহে বিশেষ সহায় কৰিব ক্ষুদ্র ঔদ্যোগিক

27.   মুদ্রা ঋণৰ পৰিমাণ ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি

28.   দেশত স্থাপন কৰা হ’ব ই-বাণিজ্যৰ বাবে ৰপ্তানি কেন্দ্র

29.   চৰকাৰী-ব্যক্তিগত খণ্ডৰ সহযোগত হ’ব এই কেন্দ্র

30.   ৫বছৰত ১কোটি যুৱকক বৃহৎ খণ্ডৰ কোম্পানীত ইণ্টাৰ্নশ্বীপৰ ব্যৱস্থা

31.   ৫০০টা শীৰ্ষ কোম্পানীত হ’ব এই ইণ্টাৰ্নশ্বীপ

32.   প্রতিমাহে ৫০০০ টকাকৈ জলপানি দিয়া হ’ব যুৱকসকলক

33.   নগৰীয়া আৱাস যোজনাৰ বাবে ১০ লাখ কোটি টকা ধাৰ্য

34.   উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পূৰ্বোদয় যোজনা

35.   মহিলাসকলে সম্পত্তি ক্রয় কৰিবলৈ পাব বিশেষ আঁচনি

36.   বিনামূলীয়া সৌৰ শক্তি প্রকল্প ঘোষণা বাজেটত

37.   প্ৰধানমন্ত্ৰী সূৰ্য আঁচনিৰ আধাৰত বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি ঘোষণা

38.   প্রতিমাহে ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব ১ কোটি বাসগৃহই

39.   পৰম্পৰাগত আৰু ক্ষুদ্র উদ্যোগৰ বাবে বিশেষ আঁচনি

40.   আন্তঃগাঁথনি উন্নয়নৰ নামত ১১,১১,১১১ কোটি মূলধনী ব্যয় ধাৰ্য

41.   চতুৰ্থ পৰ্যায়ৰ প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ আৰম্ভ

42.   ২৫ হাজাৰ গাঁৱত নতুনকৈ নিৰ্মাণ হ’ব পথ

43.   বিহাৰত বানৰ সৈতে মোকাবিলা কৰিবলৈ ১১,৫০০ কোটি টকাৰ পেকেজ

44.   বিহাৰত পৰ্যটনৰ বিকাশৰ বাবে বিশেষ আঁচনি ঘোষণা বাজেটত

45.   অসমৰ বাবে বিশেষ বান সাহায্য ঘোষণা বাজেটত

46.   উত্তৰাখণ্ডৰ বান আৰু ভূমিস্খলনৰ বাবে বিশেষ সাহায্য

47.   তীৰ্থ পৰ্যটনৰ বাবে বিশেষ পেকেজৰ প্রস্তাৱ

48.   মহকুমা সমূহৰ জৰীপ মানচিত্রৰ ডিজিটেলাইজেশ্যনৰ প্রস্তাৱ

49.   বৈদেশিক লেন-দেনত ভাৰতীয় মুদ্রা ব্যৱহাৰত গুৰুত্ব

50.   মুঠ ঘৰুৱা উৎপাদনৰ ৪.৯ শতাংশ হ’ব ঘাটি বাজেট

51.   পৰৱৰ্তী বছৰত ঘাটি বাজেট ৪.৫ শতাংশ হাৰতকৈও কম কৰাৰ প্রস্তাৱ

52.   মধ্যবিত্তলৈ সকাহ, সৰলীকৰণ কৰা হ’ব আয়কৰ ব্যৱস্থা

53.   সৰলীকৰণ কৰা হ’ব TDS ব্যৱস্থাও

54.   ই-বাণিজ্যৰ ক্ষেত্রত TDS হ্ৰাসৰ প্রস্তাৱ

55.   আয়কৰ আইনৰ ধাৰাসমূহৰ পৰ্যালোচনাৰ প্রস্তাৱ

56.   শ্বেয়াৰ বজাৰৰ অতিৰিক্ত আয়ৰ ওপৰত কৰ প্রত্যাহাৰ

57.   ANGEL TAX হিচাপে পৰিচিত ব্যৱস্থা প্রত্যাহাৰ

58.   ষ্টাৰ্ট আপ ক্ষেত্রত বিনিয়োগ বৃদ্ধিৰ প্রস্তাৱ

 ইফালে এইবাৰৰ বাজেটত নতুন কৰ ব্যৱস্থাৰ প্ৰস্তাৱ অনা হৈছে। ব্যক্তিগত আয়ৰ ক্ষেত্রত নতুন কৰ গাঁথনি আৰোপ কৰা হৈছে এইবেলি বাজেটত।

  • ০-৩ লাখ টকা পৰ্যন্ত নাথাকিব কোনো কৰ

  • ৩-৭ লাখলৈ দিব লাগিব ৫ শতাংশ কৰ

  • ৭-১০ লাখলৈ দিব লাগিব ১০ শতাংশ কৰ

  • ১০-১২ লাখলৈ দিব লাগিব ১৫ শতাংশ কৰ

  • ১২-১৫ লাখলৈ দিব লাগিব ২০ শতাংশ কৰ

কি কি সামগ্ৰীৰ দাম কমিবঃ-

  • ১৫ লাখতকৈ অধিক আয়ত ৩০ শতাংশ কৰ ধাৰ্য

  • ৩ বিধ কৰ্কট ৰোগৰ ঔষধৰ সীমা শুল্ক প্রত্যাহাৰ

  • দাম কমিব মোবাইল ফোন আৰু চাৰ্জাৰৰ

  • ১৫ শতাংশ সীমা শুল্ক প্রত্যাহাৰ কৰা হ’ব মোবাইল ফোন আৰু চাৰ্জাৰৰ

  • সোণ আৰু ৰূপৰ ক্ষেত্রতো ৬ শতাংশ সীমা শুল্ক হ্রাস

  • দাম কমিব লিথিয়াম বেটাৰীৰ

  • দাম কমিব বৈদ্যুতিক বাহনৰো

  • দাম কমিব সৌৰ ফলকৰো

  • ২৫ বিধ খনিজৰ ওপৰত নাথাকিব সীমা শুল্ক

  • কৃষকৰ বাবে ডাঙৰ সকাহ, দাম কমিব এম’নিয়াম নাইট্রেটৰ

  • ১০ শতাংশ সীমা শুল্ক হ্রাস পাব এম’নিয়াম নাইট্রেটৰ

  • প্লেটিনামৰ ৬.৪ শতাংশ সীমা শুল্ক হ্রাস

  • দাম কমিব আমদানিকৃত গহণাৰ

  • দাম কমিব X-RAY মেচিনৰ

  • দাম কমিব জোতা, চেণ্ডেল আৰু কাপোৰৰ

  • দাম কমিব তামৰ সামগ্রীৰো

  • দাম কমিব চামৰাৰে নিৰ্মিত সামগ্রীৰ

কি কি সামগ্ৰীৰ দাম বাঢ়িবঃ

টেলিকম চেক্টৰৰ বিভিন্ন উপকৰণৰ ওপৰত কৰ ১০শতাংশৰ পৰা ১৫শতাংশলৈ বৃদ্ধি কৰা হৈছে।গতিকে এই সামগ্ৰীবোৰৰ দাম বৃদ্ধি হোৱাতো একপ্ৰকাৰৰ নিশ্চিত।

প্লাষ্টিকৰ সামগ্ৰীৰ ওপৰত লগোৱা কৰো পূৰ্বতকৈ অধিক কৰা হৈছে। গতিকে প্লাষ্টিকৰ সামগ্ৰী দামো বৃদ্ধি পাব।

সৌৰ শক্তি উতপাদনৰ বাবে ব্যৱহাৰ হোৱা সৌৰ গ্লাছৰ দাম এতিয়াৰে পৰা আগতকৈ কিছু বৃদ্ধি পাব।

এনেকৈয়ে বিভিন্ন দিশ সাঙুৰি দাখিল কৰা হ'ল ২০২৪-২৫বৰ্ষৰ বাজেট। ইফালে এই বাজেট দাখিলৰ পাছতে বিৰোধীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছে আশা কৰি থকাৰ ধৰণেই এই বাজেটে নিৰাশ কৰিলে বুলি ক্ষোভ উজাৰিছে। ইয়াৰ বিপৰীতে মমতা বেনাৰ্জীয়ে বংগক প্ৰতাৰণা কৰাৰ অভিযোগ তুলিলে। শাসক-বিৰোধীৰ এই বাকযুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰীয়ে ক’লে- বিকশিত ভাৰতৰ বাবে এইবাৰৰ বাজেট...

বিহাৰক 'কৃপা', অন্ধ্ৰলৈ 'দৃষ্টি'!  বাকীবোৰলৈ আশ্বাস...
আমিও আম্বানীৰ সমানেই ধনী!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in