মৃদুল কুমাৰ সন্দিকৈ
অসমৰ প্ৰায় মানুহে ঘৰত এখন কিতাপ ৰাখে। কিতাপখনৰ নাম- সহজ লভ্য বন দৰৱৰ গুণ। গ্ৰন্থখন ৰখাৰ উদ্দেশ্য হ’ল গ্ৰন্থখনত প্ৰায়বোৰ ৰোগৰ নিৰাময়ৰ বিধান আছে।
সহজতে পোৱা গছ-লতা, বন-বিৰিখৰ পৰা ঔষধজাতীয় গছ কোন ৰোগত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিশদ বৰ্ণনা আছে এই গ্ৰন্থখনত। সেয়েহে এই গ্ৰন্থখন মানুহে বৰ সযতনে ঘৰত ৰাখি থয়।
গ্ৰন্থখনৰ লিখক আছিল গুণাৰাম খনিকৰ। ৰাজ্যখনত বন দৰৱৰ ব্যৱহাৰ, পাৰম্পৰিক ঔষধৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অনন্য। অসমৰ নহয়, ভাৰতৰে আছিল তেওঁ এজন প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ।
গোলাঘাট জিলাৰ চকাধৰা দ’ গাঁৱত তেওঁৰ জন্ম। জম্ম গাঁৱৰ পৰা কিছু নিলগৰ তেতেলীতলত তেওঁ এক বনৌষধিৰ গৱেষণাকেন্দ্ৰ গঢ়ি তুলিছিল। যিটো গৱেষণা কেন্দ্ৰ নাম দিছিল- ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ।
১৯৪৯চনৰ ২২মাৰ্চত জন্মগ্ৰহণ কৰা গুণাৰাম খনিকৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা তথা সঞ্চালক আছিল। তেখেতে প্ৰস্তুত কৰি উলিওৱা ৰোগৰ বনৌষধ দেশ-বিদেশে বিক্ৰী হৈছিল। এটা কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা খনিকৰে সৰুৰে পৰাই বন দৰৱৰ প্ৰতি আগ্ৰহী আছিল।
তেওঁ সেইবোৰ চিনাক্তকৰণ, অধ্যয়ন, সংগ্ৰহ, সংৰক্ষণ আদিত গুৰুত্ব দি একাণপতীয়াভাৱে এই কামত ব্ৰতী হৈছিল। ১৯৭০চনৰ পৰা তেওঁ এই কামতে জীৱন উজাৰি দিছিল। বনৌষধ বিষয়ত তেওঁ লিখা প্ৰৱন্ধৰ সংখ্যা কেইবাহাজাৰো হ'ব।
প্ৰায় ৪৩খনৰো অধিক গ্ৰন্থ ৰচনা কৰা গুণাৰাম খনিকৰ আছিল বনৌষধিৰ ৰজা। অসম চৰকাৰে তেওঁক এই কামৰ বাবে ১৯৯৭চনত ৰাজহুৱাভাৱেও সম্বৰ্ধনা জনাইছিল। তেওঁক বনৌষধিৰ সম্ৰাট, ভেষজ ৰত্ম, মানৱ মিত্ৰ, বনৌষধৰ বিজ্ঞানী আদি উপাধি প্ৰদান কৰিছিল।
২০১৬চনৰ ৭জানুৱাৰীত গুণাৰাম খনিকৰৰ মৃত্যু হয়। হৃদৰোগত আক্ৰান্ত হৈ তেওঁ ডাউন টাউন হস্পাতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়। তেখেতৰ মৃত্যুৰ ৮বছৰ হ’ল। গোলাঘাটত তেখেতে বনৌষধৰ গৱেষণা আৰু প্ৰচাৰ প্ৰসাৰৰ বাবে এখন উদ্যান স্থাপন কৰিছিল। এই উদ্যানখনৰ নাম দিছিল-খনিকৰৰ বনৌষধিৰ উদ্যান আৰু সংগ্ৰহালয়।
খনিকৰ চুবুৰীৰ চকৰধাৰাত থকা এই উদ্যানখনত আছিল বহু মূল্যৱান ঔষধি গুণ সম্পন্ন গছ। উদ্যানৰ কাষতে আছিল এটা নামঘৰ আৰু তাৰ সৈতে সংলগ্ন এটা ঘৰত এটা সংগ্ৰহালয় স্থাপন কৰিছিল।
এ এছ ০৫ ০০৭৮ নম্বৰৰ এখন বাছত তেওঁ চলন্ত সংগ্ৰহালয়ো স্থাপন কৰিছিল। গুণাৰাম খনিকৰৰ লক্ষ্য আৰু উদ্দেশ্য আছিল মানুহৰ মাজত বনৌষধৰ প্ৰচাৰ প্ৰসাৰ কৰা। সেই বাছখন এখন ভ্ৰাম্যমাণ বনৌষধৰ চিকিৎসালয় আৰু প্ৰদৰ্শনীৰূপে গঢ়ি তোলা হৈছিল যদিও এতিয়া তেওঁৰ উদ্যান আৰু এই প্ৰচেষ্টাৰ অৱস্থা দেখিলে মানুহৰ চকুপানী ওলাব।
উদ্যানখনৰ নিলগতে এই বাছখন জহিঁ-খহিঁ গ’ল। বাছৰ ভিতৰত বনৌষধৰ নমুনাবোৰ তেনেদৰেই পৰি আছে আজিও। দ্বীপ গগৈ সাংসদ হৈ থাকোতে সাংসদ পুজিঁৰ পৰা তেওঁৰ এই প্ৰয়াসক বাস্তৱ কৰিবলৈ অনুদান আগবঢ়াইছিল।
মানুহজনৰ মৃত্যুৰ পাছত সেইবোৰ চোৱাচিতা কৰিবলৈ কাৰো আজৰি নহ’ল। এতিয়া সেই বাছখন লাও-কোমোৰা বগোৱা হেণ্ডালিহে হৈ পৰিছে। গোলাঘাটলৈ যাওতে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হয় গুণাৰাম খনিকৰৰ এই উদ্যানখন।
তেতেলীতলত থকা উদ্যানখনৰ ভিতৰলৈ সোমাই গৈ দেখা পোৱা গ’ল তেওঁৰ ঔষধ গৃহৰ চাইনবৰ্ডখন গছৰ সৰাৰ পাতৰ মাজত পৰি আছে। গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰনৰ দ্বাৰা নিৰ্মাণ কৰা উদ্যানত সংলগ্ন গৃহটো এতিয়া ভূত বাংলাতকৈ কম নহয়।
সমগ্ৰ উদ্যানখন লতা আৰু অপ তৃণই ভৰি পৰিছে। বহু মূল্যৱান গছ বিৰিখ ধ্বংস হৈ গৈছে। দিনতে মানুহ তাত সোমাবলৈ ভয় কৰা এক পৰিৱেশ! অথচ এদিন এই উদ্যানখনেই বহুলোকক নিৰাময়ৰ বিধান দিছিল।
প্ৰচুৰ সম্ভাৱনা থকা গুণাৰাম খনিকৰ আছিল অবিবাহিত। তেওঁৰ মৃত্যুৰ পাছত সেই সম্ভাৱনাক কোনেও ধৰি ৰাখিব নোৱাৰিলে। চৰকাৰ তথা প্ৰশাসনেও গুণাৰাম খনিকৰ সেই সপোনলৈ পিঠি দিলে।
তেওঁৰ পৰিয়ালৰ কেইবাজনো লোকক এই উদ্যান আৰু প্ৰতিষ্ঠানটোৰ এনে দশা কিয় হল বুলি জানিব বিচৰাত কোনেও মুখ খুলি একো কব নুখুজিলে। কাষৰ দুই এজন লোকে কেৱল এই ইংগিত দিলে যে, সম্পত্তিকেন্দ্ৰিক বিবাদৰ বাবেই গুণাৰাম খনিকৰৰ সপোনৰ এই উদ্যানখনৰ অৱস্থা এনে হৈ পৰিল।
উদ্যানখন পৰিচালনা কৰিবলৈ এখন কমিটি আছিল যদিও, সেই কমিটিখন ভংগ কৰি দিয়া হ'ল। তাৰ পাছত গুণাৰাম খনিকৰৰ উদ্যান আৰু প্ৰতিষ্ঠানটো দিনক-দিনে জহিঁ-খহিঁ যাবলৈ ধৰিলে।
এতিয়াও তাত বহু ঔষধি গছ আছে। হাবি-বনৰ মাজত পোঁত গৈ থকা ঔষধৰ সংগ্ৰহালয়টো দুৱাৰ-খিৰিকি ভাঙি গৈছে। কোনবিধ গছ, কি ৰোগত প্ৰয়োগ কৰিব লাগে তাৰ চাইনবৰ্ডবোৰ ইফালে-সিফালে পৰি ৰৈছে।
এনেকৈয়ে এক প্ৰয়াস প্ৰায় শেষ হোৱাৰ পথত। আয়ুস মন্ত্ৰণালয়ে বনৌষধ আৰু পৰম্পৰাগত চিকিৎসাৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে বহু আচঁনি লৈছে। সেই মন্ত্ৰণালয়েও হয়তো গুণাৰাম খনিকৰে বহু বছৰৰ আগতে লোৱা এই উদ্যোগৰ খবৰ লবলৈ আজৰি নাপালে।
তেতেলীতলত এতিয়া গুণাৰাম খনিকৰ নাই। তেওঁৰ স্মৃতি সুঁৱৰি আছে ইতিমধ্যে মৃত্যু হোৱা তেওঁৰ এই ঔষধৰ উদ্যানখন আৰু পাৰম্পৰিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ স্মৃতি সুঁৱৰি এখন জৰাৰ্জীণ বাছ।
গুণাৰাম খনিকৰে মুকলি কৰি যোৱা বনৌষধিৰ সম্ভাৱনাৰ দুৱাৰেদি ৰামদেৱ সোমাল। হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি কোটি কোটি টকাৰ বেপাৰত নামিছে তেওঁ। অথচ আমি বুজিয়েই নাপালো গুণাৰাম খনিকৰৰ কৰ্মৰাজি।
মূল্য দিব নোৱাৰিলো তেওঁৰ অৱদানক। এনে এক মহৎ প্ৰচেষ্টা নিঃশেষ হৈ গ’ল। কাৰোৰে খবৰ নাই, কাৰোৰে উদ্যোগ নাই। গুণাৰাম খনিকৰৰ মৃত্যুৰ পাছত এইবোৰ কি হ’ল খবৰ লবলৈকেতো কাৰোৰে আজৰি নহ’ল...