ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা : শিক্ষা মন্ত্ৰীয়ে মুকলি কৰিলে...

ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা : শিক্ষা মন্ত্ৰীয়ে মুকলি কৰিলে...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা: নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি একচন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট (এন ই আই ডি)ৰ সহযোগত বিশ্বৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি কোম্পানী ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে ৰাজ্যৰ কামৰূপ মেট্ৰ’, নগাঁও, মৰিগাঁও, বাক্সা, তামুলপুৰ, ধুবুৰী আৰু বঙাইগাঁও জিলাৰ ১২খন চৰকাৰী বিদ্যালয়ত ছাত্ৰীৰ বাবে সুসজ্জিত আৰু আটকধুনীয়া শৌচালয় নিৰ্মাণ কৰে। নতুনকৈ নিৰ্মাণ কৰা এই অনাময় আন্তঃগাঁথনি তথা শৌচালয় কেন্দ্ৰীয় ভাৱে বৃহস্পতিবাৰে উদ্বোধন কৰে অসমৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে।

ইণ্ডাছ টাৱাৰ্ছৰ ফ্লেগশ্বিপ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি প্ৰগ্ৰেম "প্ৰগতি" শীৰ্ষক এক কাৰ্যসূচী অংশ হিচাপে আৰু ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সহযোগ কৰি এই শৌচালয়সমূহৰ নিৰ্মাণ কৰা হৈছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সুলভ আৰু নিৰাপদ অনাময় ব্যৱস্থা প্ৰদান কৰা, যাৰ ফলত অনাময় ব্যৱস্থাৰ সুবিধা উন্নত কৰা আৰু শিক্ষাৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলা।

উল্লেখযোগ্য যে, উন্নত অনাময় ব্যৱস্থাৰ উপৰিও এই পদক্ষেপতে এন ই এ আই ডিৰ উদ্যোগত ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, যাৰ ফলত কিশোৰী সকলে তেওঁলোকৰ স্বাস্থ্য ৰক্ষাৰ জ্ঞান লাভ কৰা। তদুপলক্ষে আজি অসমৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কামৰূপ জিলাৰ নৰতাপ হাইস্কুলত উপস্থিত হৈ মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি এই শৌচালয় মুকলি কৰে। পাছত নৰতাপ হাইস্কুল প্ৰাংগনত অনুষ্ঠিত মুকলি সভাত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে “মই ছাত্ৰ-ছাত্ৰীসকলক মাহজোৰা গ্ৰীস্মকালীন বন্ধৰ পিছত বিদ্যালয়লৈ আদৰণি জনাইছো আৰু তেওঁলোকৰ শিক্ষণ যাত্ৰাক নৱ উদ্যমেৰে আকোৱালি ল’বলৈ আহ্বান কৰিছো। বিশেষকৈ মহিলা ছাত্ৰীসকলৰ বাবে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই শৈক্ষিক ফলাফলত কেনে প্ৰভাৱ পেলায় সেয়া স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। আমি অসমত অধিক কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপক সমৰ্থন কৰিব লাগিব, কিয়নো আজি শিক্ষাৰ আন্তঃগাঁথনিত বিনিয়োগ কৰিলে আমাৰ সমাজৰ বাবে কাইলৈ ​​নিশ্চিত ভাল ফলাফল হ’ব। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এন ই এ আই ডি (NEAID)ৰ দৰে এন জি অ’ আৰু ইণ্ডাছ টাৱাৰৰ দৰে কোম্পানীয়ে তেওঁলোকৰ অৱদানৰ জৰিয়তে বিদ্যালয়সমূহক এনেধৰণৰ অধিক সমৰ্থন লাভ কৰাত সহায় কৰিব পাৰে। বিদ্যালয়সমূহলৈ সামগ্ৰী, আন্তঃগাঁথনি, বৃত্তি, আনকি স্বেচ্ছামূলক সেৱাৰ অৱদানৰ বাবে বিদ্যাঞ্জলি পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব।” বুলি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটিত উপস্থিত থাকি ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কল চিইঅ’ ৰাজেন্দৰ গুৰুঙে কয় যে, "স্বাস্থ্যকৰ আৰু সুসজ্জিত শৌচাগাৰৰ সুবিধা লাভ কৰাটো এটা অনুকূল শিক্ষণ পৰিৱেশ প্ৰদানৰ বাবে এক মৌলিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা। ইণ্ডাছ টাৱাৰ্ছৰ ফ্লেগশ্বিপ চিএছআৰ কাৰ্যসূচীত অধীনত আমি সামাজিক ক্ষেত্ৰত সহায় কৰিবলৈ পাই নিজকে ধন্য মানিছো।" অনুষ্ঠানটিত নৰতাপ হাইস্কুলৰ প্ৰধান শিক্ষক নন্দেশ্বৰ কাথাৰ, ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ ৰঞ্জিনী চালাম; চিত্ৰা, প্ৰাঞ্জল কৌশিক, এন ই এ আই ডিৰ উপদেষ্টা দুলাল বৰা, সমাজকৰ্মী মেৰাজ আহমেদকে আদি কৰি ইণ্ডাছ টাৱাৰ লিমিটেডৰ কৰ্মচাৰী সকল, এন ই এ আই ডিৰ কৰ্মকৰ্তা, নৰতাপ হাইস্কুল আৰু নৰতাপ এম ই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ সহ সহস্ৰাধিক লোক উপস্থিত থাকে।

ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা : শিক্ষা মন্ত্ৰীয়ে মুকলি কৰিলে...
মানকাচৰত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in