কৈ থাকিলে ওৰ নপৰে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনী...

কৈ থাকিলে ওৰ নপৰে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনী...
Published on
Updated on

বন বিভাগত কৰ্মৰত এজন বন বিষয়াই কিদৰে বিভাগটোত লুণ্ঠন ৰাজ চলাইছে তাৰ সবিশেষ তথ্য প্ৰকাশ কৰিছিল অসমীয়া প্ৰতিদিন ডিজিটেলে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তথ্য সহকাৰে স্থানীয় দল, সংগঠনে মুখ্যমন্ত্ৰীৰ হাততো তুলি দিছিল। কিন্তু গা লৰা নাই বন বিভাগৰ। ব্যৱস্থা গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰীয়ে। এইজন বন বিষয়াৰ কু-কীৰ্তিৰ কাহিনী অতি দীঘলীয়া। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ অনুসন্ধানমূলক প্ৰতিবেদনত বন বিষয়াগৰাকীৰ দুৰ্নীতিৰ আন এক দস্তাবেজ।

বন বিভাগত এতিয়া উঠি ৰজা, বহি ৰজা ৰেঞ্জাৰ ধ্ৰুৱ দত্ত। এইগৰাকী বন বিষয়াক ক’ব পাৰি অসমৰ বীৰাপ্পান। যি ঠাইতে তেওঁ নিযুক্তি লাভ কৰে সেই ঠাইতে তেওঁৰ প্ৰথম চকু পৰে কাঠৰ ওপৰত।

চোৰাং কাঠ বেপাৰীৰ সৈতে মিলি ধ্ৰুৱ দত্তই কিমান বনাঞ্চল ধ্বংস কৰিলে তাৰ হিচাপ হোৱা হ'লে বন বিভাগৰে চকু কপালত উঠিলে হয়। টকাৰে সকলোকে মেনেজ কৰিব খোজা ৰেঞ্জাৰ দত্তই জানে কেতিয়া, ক'ত, কি বনজ সম্পদ, কাক বিক্ৰী কৰিব লাগে।

গোৱালপাৰ জিলাত এতিয়া লুণ্ঠনৰাজ চলোৱা ধ্ৰুৱ দত্ত এসময়ত আছিল অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা বিট অফিচত। বৰ্তমান চৰাইদেউ জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ সীমাত থকা এই বন বিভাগৰ কাৰ্যলয়টো অতি গুৰুত্বপূৰ্ণ।

২০০৭ চনত নামতোলালৈ বদলি হৈ যোৱা দত্ত এবছৰ তাত আছিল। তেতিয়াই তেওঁ এই বিট অফিচৰ অন্তৰ্গত অভয়পুৰ সংৰক্ষিত বনাঞ্চল তুলি দিছিল চোৰং কাঠ বেপাৰীৰ হাতত।

নাগালেণ্ডৰ কাঠ বেপাৰীক মুকলিকৈ এই বনাঞ্চলৰ কাঠ কাটিবলৈ লাইচেঞ্চ দিছিল কেৱল ধন চিনি পোৱা দত্ত নামৰ এই বন বিষয়াগৰাকীয়ে। তেতিয়া তেওঁ আছিল বিট অফিচাৰ।

কেইবাটাও স্থানীয় দল, সংগঠনে দত্তৰ এনে কাৰ্যৰ বিৰোধ কৰি সেই বনাঞ্চলখনত কিদৰে বন ধ্বংস চলিছিল সেই তথ্য উন্মোচন কৰিছিল। বনাঞ্চলখনৰ ভিতৰত কাটি থোৱা প্ৰকাণ্ড কাঠৰ কুণ্ডাবোৰ বিনা বাধাই মন জিলালৈ লৈ গৈছিল।

স্থানীয় দল, সংগঠনৰ প্ৰতিবাদৰ পাছত তেওঁক সেইবাৰ ২০০৮ ত বদলি কৰা হৈছিল নামতোলাৰ পৰা। কংগ্ৰেছৰ এজন নেতাৰ সমন্ধীয় তেওঁ। এটা জাতীয়তাবাদী সংগঠনৰ আন এজন নেতাও তেওঁৰ আত্মীয়। সেই সূত্ৰে দিছপুৰলৈ ভয় কৰা নাছিল দত্তই।

দ্বিতীয়বাৰৰ আকৌ নামতোলালৈকে ২০১১ চনত তেওঁ বদলি হৈ গৈছিল। শিৱসাগৰ জিলাৰ বন বিভাগৰ মেম' নং ২৬৩/২৩/১১/২০১১ৰ জৰিয়তে তেওঁক বদলিৰ নিৰ্দেশ দিয়া হৈছিল। সেইবাৰো তেওঁ নামতোলাত এবছৰমান থাকিয়েই অভয়াপুৰ সংৰক্ষিত বনাঞ্চলৰ অসম-নাগালেণ্ডৰ সীমান্তত থকা প্ৰায়বোৰ গছ কাটি তহিলং কৰিছিল।

দত্তৰ পৃষ্ঠপোষকতাতে নাগালেণ্ডৰ গীল্ড প্লাইউডছকে ধৰি কেইবাটাও প্লাইউড ফেক্টৰীলৈ কাঠ চাপ্লাই হৈছিল। লেছাই বন শিবিৰৰ সমীপত বন ধ্বংসৰ যজ্ঞ পতা এইগৰাকী বন বিষয়াই তেতিয়াই শিল, বালি আৰু ঝাড়ু কঢ়িওৱা গাড়ীৰ পৰা মাহেকে কেইবালাখ টকা সংগ্ৰহ কৰিছিল।

আনকি বনাঞ্চলৰ বন গাওঁ সমূহৰ মানুহৰ পৰাও ধন লোৱাৰ অভিযোগ আছে দত্তৰ বিৰুদ্ধে। সেই একেখন নাটকে ধনৰ বাবে গোৱালপাৰা লক্ষীপুৰত বৰ্তমান কৰি আছে দত্তই। কেইবাটাও দশকজুৰি অসমত বন ধ্বংসৰ চৰ্দাৰৰ ৰূপত দত্তই দুই হাতে ধন চপাইছে যদিও বন বিভাগে তেওঁৰ গাত হাত দিবলৈ আজি পৰ্যন্ত সাহস কৰা নাই।

কংগ্ৰেছ নেতাৰ খুলশালী হোৱাৰ বাবে কংগ্ৰেছ শাসনত থাকোতে দিছপুৰে ৰক্ষণাবেক্ষণ দিছিল। বিচৰা মতে পোষ্টিং পাইছিল। কংগ্ৰেছ শাসনৰ পৰা আঁতৰিল। বিজেপি শাসনলৈ আহিল।

তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ এগৰাকী বিশেষ কৰ্তব্যৰত বিষয়াক মেনেজ কৰি এই দুষ্কাৰ্য চলাই গৈছে। মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই শপত ল'লে। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ম বুলি ৰাইজক জনালে। কিন্তু সাৰি গ'ল চূড়ান্ত দুৰ্নীতিত লিপ্ত বন বিষয়া ধ্ৰুৱ দত্ত।

হাতত অভিযোগৰ দস্তাবেজ তুলি দিয়াৰ পাছতো এই বন বিষয়াজনৰ বিৰুদ্ধে তদন্তৰে ব্যৱস্থা নকৰিলে এই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেয়ে সাধাৰণ ৰাইজৰ প্ৰশ্ন- ৰেঞ্জাক ধ্ৰুৱ দত্তৰ জেপতো সোমাল নেকি এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকী?

কৈ থাকিলে ওৰ নপৰে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনী...
নাম- ৰেঞ্জাৰ ধ্ৰুৱ দত্ত, কামত বীৰাপ্পানৰ ভক্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in