শুকাইছে বাঢ়নি পানী, শুকোৱা নাই বন্যাৰ্তৰ চকুপানী...

শুকাইছে বাঢ়নি পানী, শুকোৱা নাই বন্যাৰ্তৰ চকুপানী...
Published on
Updated on

বানপানীৰে অসম তথা অসমবাসীৰ চিনাকি আজিৰ নহয়। প্ৰতিবছৰে দেখা এখন সকৰুণ ছবি। হাহাকাৰ-বিভীষিকাৰে ত্ৰস্তমান হৈ থকা ৰাইজে প্ৰতিবছৰে ভুগি আহিছে যন্ত্ৰণা। অসমৰ ৰাইজক নতুনকৈ ক'ব নালাগে বানপানীৰ কথা। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ এক বিশেষ প্ৰতিবেদন...

মৰমৰ ঘৰখন যেতিয়া চকুৰ সন্মুখতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে তাৰ সমান অসহনীয় একো নাই। ৰাজ্যত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও বানৰ পিছৰ পৰিস্থিতিয়ে বানাক্ৰান্তৰ মনত দুখে কুলাই পাচিয়ে নধৰা হয়। আশ্ৰয় শিৱিৰৰ পৰা আপোন ঘৰখনলৈ ঘূৰি গৈ ঘৰখনৰ অৱস্থা দেখি পানীত হাঁহ নচৰা অৱস্থা হয় ভুক্তভোগীৰ।

কোনো কোনো অঞ্চলত পানী শুকাইছে যদিও বন্যাৰ্ত গাঁৱসমূহত বাস কৰাৰ উপযুক্ত পৰিৱেশ এতিয়াও সৃষ্টি হোৱা নাই। এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই। বলিয়া বানে সপোনৰ ঘৰখন পলকতে উটুৱাই নিয়াৰ পাছত এতিয়া মুকলি আকাশৰ তলতে দিন কটাবলৈ বাধ্য হৈ পৰিছে বহু লোক।

মানুহৰ স্থায়ী অস্থায়ী সম্পত্তিৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে। নিজৰ অতি মৰমৰ ঘৰখন এৰি এক নিৰাপদ স্থানলৈ সপৰিয়ালে যাবলৈ বাধ্য হৈছে। চৰকাৰ- প্ৰশাসনৰ লগতে কিছুমান বেচৰকাৰী সংস্থাইও বানপীড়িত লোকক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে।

কিন্তু কোনোবাই সচাঁই বুজিব পাৰিবনে বানাক্ৰান্তৰ দুখ? কেইটামান শিৱিৰ স্থাপন কৰি, সাহায্য প্ৰদানতেই সীমাবদ্ধ থাকিব নেকি? বানপানীৰ সময়তেই কেইটামান খাদ্যবস্তু যোগান ধৰিয়েই দায়িত্ব শেষ নেকি? বানপানীৰ পিছৰ পৰিস্থিতি কিমান গুৰুত্ব সহকাৰে লোৱা হয়?

বানপানীৰ সংহাৰী ৰূপৰ পিছত সাহাৰ্য্য, মেৰামতি আদি কামত যি বৃহৎ অংকৰ ধনৰ ব্যয় হয় তাৰ পৰিৱৰ্তে যদি সেই ধন বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে খৰচ কৰা হয় তেতিয়া হয়তো সেই বৃহৎ অংকৰ ধন প্ৰতি বছৰে খৰছ কৰিবলগীয়া নহয়।

অসমত এয়া প্ৰথমবাৰৰ বাবে নহয়। প্ৰতিবাৰেই অসমবাসীয়ে দুৰ্ভোগ ভুগি আহিছে। হেৰুৱাইছে মাটি সম্পত্তি লগতে আপোনজনকো। কিন্ত তাৰ পাছতো চৰকাৰে কোনো ধৰণৰ উচিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। চৰকাৰ আহে চৰকাৰ যায়। প্ৰতিবাৰেই দি যায় প্ৰতিশ্ৰুতি, কিন্তু আজিলৈকে পূৰণ নহল সেই প্ৰতিশ্ৰুতিবোৰ। অৱশ্যে তাৰমাজতেই যিকণ কৰিছে সেয়াও নহয় পৰ্যাপ্ত। কাৰ্যতঃ বানমুক্ত অসম গঢ়াৰ সপোন সপোন হৈয়ে ৰ’ব।

উল্লেখযোগ্য যে ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হ'লেও ৰাজ্যখনৰ ২৬খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৮৬টা ৰাজহ চক্ৰৰ ২৫শত কৈও অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে।

এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। আনহাতে শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত বানপানীত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্রকাশ পাইছে।

এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে। উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্রিক বান পৰিস্থিত ক্ৰমাৎ উন্নত হৈছে যদিও ৪৬টা বন শিৱিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে।

উদ্যান কর্তৃপক্ষৰ তথ্য অনুসৰি ২০১৭ চনৰ বানত ২৪টা গঁড়কে ধৰি মুঠ ২৯১টা বন্য জীৱৰ প্ৰাণ নাশ হৈছিল। একেদৰে উদ্যানখতন ২০১৯ চনৰ বানত ২১টা গঁড়সহ ২২৩টা বন্য জীৱ আৰু ২০২০ চনত ১৯টা গঁড়সহ ১৫৭টা জীব-জন্তু মৃত্যু মুখত পৰিছিল।

আনহাতে উদ্যানখনত ২০২১ চনত বানৰ ফলত ৪টা গঁড়সহ ২৬টা জীৱ-জন্তু, ২০২২ চনত ১৯টা জীৱ-জন্তু আৰু ২০২৩ চনত ৭টা গঁড়সহ মুঠ ২৯টা জীৱ-জন্তুৰ মৃত্যু ঘটিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত ২০১৭ চনত বাহনৰ খুন্দাত তিনিটা, ২০১৯ চনত ১৭টা, ২০২০৩ ২২টা, ২০২১ত ১৭টা আৰু ২০২২ তথা ২০২৩ চনত ৯টাকৈ জীৱ-জন্তুৰ প্ৰাণ নাশ হৈছিল।

আনহাতে, ব্রহ্মপুত্র, বুঢ়ীদিহিং, দিচাং আৰু কুশীয়াৰা নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে আগন্তুক কেইবাদিনলৈ বিশেষ কিছু অঞ্চলত অতি বৃষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৮৯টা সাহায্য শিবিৰ আৰু ১১০টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰাৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীক উদ্ধাৰ কাৰ্য্যত মোতায়ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

এইখিনিতেই উল্লেখ কৰা প্ৰয়োয়জন যে ২০১৬চনৰ পৰা বছৰি গড়ে বানত প্ৰায় ১০০কোটিৰ ঘৰ ক্ষতি হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। জলশক্তি মন্ত্ৰালয়ে দাখিল কৰা এক প্ৰতিবেদনত ২০১৬ চনত অসমত ৮৮,৩৭২টা কেচাঁ আৰু পকাঘৰ বানত বিধ্বস্ত হৈছে। উক্ত ক্ষতিৰ পৰিমাণ আছিল প্ৰায় ৭৮কোটি টকা বুলি জানিব পৰা গৈছে।

২০১৭চনত ১,১১,০৭০টা গৃহ বানত ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ পৰিমাণ আছিল ৯০.৯৪কোটি টকা।ইফালে ২০১৮চনতো ১লাখ ২হাজাৰ ৭৩৭টা ঘৰ বানত উটি হৈ ৮৪.০১কোটি টকাৰ বিধ্বস্ত হৈছিল। ২০১৯চনত ১লাখ ১৭হাজাৰ ৮৩১টা গৃহ বানত ক্ষতিগ্ৰস্ত হৈছিল। এই ক্ষতিৰ পৰিমাণ আছিল প্ৰায় ১৫১.৪কোটি টকা।

২০২০চনত ৮১,১২২টা ঘৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৯৩.৩৬কোটি টকা, ২০২১ত ৯৭কোটি টকাৰ ৯৮,১২২টা গৃহ বাঢ়নী পানীত উটি গৈছিল। ২০২২তো ১লাখ ২হাজাৰ ৫০১টা গৃহ বানত ক্ষতিগ্ৰস্ত হৈছিল। এই ক্ষতিৰ পৰিমাণ আছিল ১০২কোটি টকা।

২০২৩চনত অসমত ১লাখ ১২হাজাৰ, ৩০২টা ঘৰ বানত উটি গৈছিল। ২০২৩ত ১০৩কোটি টকাৰ ঘৰ-দুৱাৰ বিধ্বস্ত হৈছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বানত ক্ষতি হোৱা ঘৰৰ তথ্য বিশ্লেষণ কৰি জলশক্তি মন্ত্ৰালয়ে টকাৰ হিচাপত এই ক্ষতি নিৰ্ণয় কৰে।

ইফালে উল্লেখনীয় যে, ২০২৪তো এই সংখ্যা ২০২৩তকৈ কম নহ'ব। কিয়নো এইবাৰৰ বানৰ ৰূপ পূৰ্বতকৈ অধিক সংহাৰী। সেই দিশৰ পৰা চাবলৈ গ'লে এইবাৰ বানতো ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্তৰ হিচাপ ১০০কোটিৰ ওপৰতে থাকিব।

উল্লেখযোগ্য যে অসমৰ বান পৰিস্থিত ক্ৰমাত উন্নত হৈছে। কিন্তু বানাক্ৰাৰ কিমান ক্ষতি হ'ল, কৃষকসকলৰ কিমান ক্ষয়-ক্ষতি হ'ল বা সেই কৃষক সকলক ৰাজ্যৰ কৃষি বিভাগে কি ধৰণে পৰৱৰ্তী সময়ত সহায়-সহযোগ কৰিব পাৰে, তেওঁলোকক এই ক্ষয় ক্ষতিক পূৰণৰ বাবে কোনো আঁচনি হাতত লোৱা পৰিলক্ষিত হোৱা নাই।

ৰাজ্যত বানপানী প্ৰতিবছৰে অহা এক ডাঙৰ সমস্যা। সেয়েহে বানৰ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত আঁচনিৰ প্ৰয়োজন। বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহাৰ পাছতো ইয়াৰ কোনো সমাধান নাই।

এটা প্ৰজন্মৰ পিছত এটা প্ৰজন্ম গৈছে, কিন্তু শেষ হোৱা নাই অসমৰ বানপানীৰ সমস্যা। অসমৰ দুয়োটা উপত্যকাৰ জনসাধাৰণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী প্ৰাণকেন্দ্ৰশ্বৰূপ। ৫০খনতকৈ অধিক উপনদীৰে বিস্তৃত অসমত নদীসমূহ যিদৰে অপৰ্যাপ্ত জলসম্পদৰ সমল, সেইদৰে মানৱসৃষ্ট পৰিবেশৰ বাবে সাম্প্ৰতিক সময়ৰ দুৰ্গতিৰো উৎস হিচাপে দেখা দিছে।

শুকাইছে বাঢ়নি পানী, শুকোৱা নাই বন্যাৰ্তৰ চকুপানী...
BJP ত্যাগ কৰিবলৈ ওলোৱা নেতাৰ দীঘলীয়া তালিকাঃ AGP লৈয়ো আহিব খহনীয়া !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in