অসমবাসীয়ে বানপানীৰ সৈতে আজি যুঁজি থকা নাই। বছৰ বছৰ ধৰি এই ভয়াৱহ সমস্যাৰে যুঁজি অভ্যস্ত হৈ পৰিছে। যুঁজাৰ অভ্যাস থাকিল বুলিয়েনো ইয়াৰ পৰিত্ৰাণৰ উপায় আজিপৰ্যন্ত উলিয়াব নোৱাৰাতো এক প্ৰকাৰ ব্যৰ্থতা। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, কিন্তু থাকি গ'ল বানপানীৰ ভয়াৱহ সমস্যা। ইয়াৰ পৰা পৰিত্ৰাণ কেতিয়া পাব সৰ্বসাধাৰণে ? সেই সন্দৰ্ভতে 'বিশেষ প্ৰতিবেদন' শিতানত লক্ষ্মীপ্ৰিয়া দত্তৰ এই লেখা-
বানপানী। বানপানীৰে অসম তথা অসমবাসীৰ চিনাকি আজিৰ নহয়। প্ৰতিবছৰে দেখা এখন সকৰুণ ছবি। হাহাকাৰ-বিভীষিকাৰে ত্ৰস্তমান হৈ থকা ৰাইজে প্ৰতিবছৰে ভুগি আহিছে যন্ত্ৰণা। অসমৰ ৰাইজক নতুনকৈ ক'ব নালাগে বানপানীৰ কথা। কিদৰে একো একোটা অঞ্চল, পৰিয়াল, ঘৰ-দুৱাৰ আদি নিঃশেষ হৈ গৈছে বানপানীত।
এটা প্ৰজন্মৰ পিছত এটা প্ৰজন্ম গৈছে, কিন্তু শেষ হোৱা নাই অসমৰ বানপানীৰ সমস্যা। অসমৰ দুয়োটা উপত্যকাৰ জনসাধাৰণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী প্ৰাণকেন্দ্ৰশ্বৰূপ। ৫০খনতকৈ অধিক উপনদীৰে বিস্তৃত অসমত নদীসমূহ যিদৰে অপৰ্যাপ্ত জলসম্পদৰ সমল, সেইদৰে মানৱসৃষ্ট পৰিবেশৰ বাবে সাম্প্ৰতিক সময়ৰ দুৰ্গতিৰো উৎস হিচাপে দেখা দিছে।
ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে ২৯ খন জিলাৰ ৩ হাজাৰ ২০৮ খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ ২১ লাখ ১৩ হাজাৰতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৭ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। চৰকাৰী তথ্য অনুসৰি এইবছৰৰ বানত এইপৰ্যন্ত ৫২জনৰ মৃত্যু হৈছে।
উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য পাহাৰীয়া হোৱা বাবে উচ্চ হাৰৰ বৰষুণৰ পানী নিষ্কাষণৰ পথ একমাত্ৰ অসম হোৱাৰ বাবে প্ৰতি বছৰে অসম বানপানীৰে প্লাৱিত হৈ থাকে। অসমক আগুৰি থকা ৰাজ্যসমূহৰ পাহাৰবোৰ কটাৰ ফলত ভূমিৰ ক্ষয়ীকৰণ বাঢ়ি আহিছে। পাহাৰৰ পৰা বাগৰি অহা পানীৰ লগত অহা বালি আৰু পলসে অসমৰ ভৈয়ামৰ নদীপৃষ্ঠ ক্ৰমাৎ উচ্চ কৰি তুলিছে আৰু নদীসমূহৰ বহন ক্ষমতা কমি যোৱাৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি বানপানীৰ সৃষ্টি কৰে।
জলবায়ু পৰিবৰ্তনৰ লগে লগে অসমৰ বান সমস্যা ক্ৰমাৎ ভয়াৱহ হোৱা পৰিলক্ষিত হয়। জলবায়ু পৰিবৰ্তনৰ ফলত তাপমাত্ৰা বৃদ্ধি পাবলৈ লোৱাত হিমপ্ৰবাহ বাঢ়ি গৈ নদীবিলাক বাৰিষা পৰিপূৰ্ণ হৈ পৰে। তাৰ ওপৰত অতিৰিক্ত বৰষুণৰ ফলত নদীৰ বহন ক্ষমতা অতিক্ৰমী মথাউৰি ভাঙি সঘনাই বানপানীৰ সৃষ্টি হয়।
বৰ্ধিত ৰাস্তা ঘাটৰ বাবে পাহাৰ কটা, খনন কাৰ্য, হাবি বননি ধ্বংস কৰা আদি কাৰ্যই বানপানীৰ তাণ্ডৱ বৃদ্ধি হোৱাত অৰিহণা যোগাইছে। অসমৰ ভৈয়াম এলেকাতো অবাধে অবৈজ্ঞানিক ভিত্তিত গৃহ আৰু পথ নিৰ্মানেও প্ৰাকৃতিক জলাশয়সমূহ সংকুচিত কৰি বৰষুণৰ পানী ধাৰণৰ ঠাই কমাই আনি বানপানীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিত সহায় কৰিছে। মুঠৰ ওপৰত বানপানীৰ ভয়ৱহতাক সভ্যতাৰ সংকট আখ্যা দিব পাৰি।
ৰাজ্যত বানপানী প্ৰতিবছৰে অহা এক ডাঙৰ সমস্যা। সেয়েহে বানৰ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত আঁচনিৰ প্ৰয়োজন। বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহাৰ পাছতো ইয়াৰ কোনো সমাধান নাই।
বানপানীৰ সংহাৰী ৰূপৰ পিছত সাহাৰ্য্য, মেৰামতি আদি কামত যি বৃহৎ অংকৰ ধনৰ ব্যয় হয় তাৰ পৰিৱৰ্তে যদি সেই ধন বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে খৰচ কৰা হয় তেতিয়া হয়তো সেই বৃহৎ অংকৰ ধন প্ৰতি বছৰে খৰছ কৰিবলগীয়া নহয়।
প্ৰতিটো সমস্যাৰ সমাধান থকাৰ দৰে বানপানী ৰোধৰো উপায় নিশ্চয় আছে। অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰন কৰিবলৈ হ’লে প্রধানকৈ নদীসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন।
ভাৰতত অন্যান্য ৰাজ্যত নদী- নিয়ন্ত্ৰনৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত নদী-নিয়ন্ত্রণ কৰিব নোৱাৰাৰ কাৰণ একো নাই। ঠিক একেদৰেই মহাবাহু ব্রহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি বা দুয়ো পাৰে শক্তিশালী মথাউৰি বান্ধি ইয়াৰ জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব।
ব্রহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহকো সুপৰিকল্পিতভাৱে নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মথাউৰি নিৰ্মাণ কৰিলে বানপানীৰ পৰা বহু পৰিমাণে সকাহ পোৱা যাব।
প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে অধিক গছ-গছনি ৰুব লাগে আৰু যধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে। অতিৰিক্ত পানীৰ প্ৰাৱল্য প্ৰতিৰোধ কৰিব পৰাকৈ সুপৰিকল্পিতভাৱে আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে।
অৱশ্যে এই সমাধানসমূহ মাত্ৰ মুখৰ চৰ্চাই নহয়, হাতে-কামে প্ৰতিজনে লাগিলেহে অসমবাসীয়ে বানপানীৰ পৰা পৰিত্ৰাণ পাব পাৰিব। অন্যথা সময়ে সময়ে এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব। এইক্ষেত্ৰত চৰকাৰৰো বহু কৰণীয় আছে। উপযুক্ত দিহা-পৰামৰ্শৰেৰে চৰকাৰে সময় থাকোতেই পদক্ষেপ ল'লেহে প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰাত সক্ষম হ'ব পাৰিব।