অন্ত পৰিল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব সন্ধিয়া ৬ বজাত অন্ত পৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ঝাৰখণ্ডতকৈ মহাৰাষ্ট্ৰত ভোটদাতাৰ হাৰ সন্তোষজনক নহয়

author-image
Asomiya Pratidin
New Update
election

বুধবাৰে অনুষ্ঠিত হৈছিল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব সন্ধিয়া ৬ বজাত অন্ত পৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ঝাৰখণ্ডতকৈ মহাৰাষ্ট্ৰত ভোটদাতাৰ হাৰ সন্তোষজনক নহয়। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন। 

শান্তিপূৰ্ণভাৱে অন্ত পৰিল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। উভয় ৰাজ্যতে পুৱা ৭-০০ বজাৰ লগে লগে আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। 

আনহাতে সন্ধিয়া ৬-০০ বজাৰ লগে লগে অন্ত পৰে ভোটদান পৰ্ব। অৱশ্যে দুই এটা ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে কিছু সময়ৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া অৱ্যাহত ৰখা বুলি জানিব পৰা গৈছে।

মহাৰাষ্ট্ৰত ২৮৮ খন আসনৰ বাবে আৰু ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ত ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পৰ্ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি লক্ষ্যণীয়ভাৱে মহাৰাষ্ট্ৰত ভোটদাতাৰ হাৰ সন্তোষজনক নহয়। কিয়নো ৰাজ্যখনৰ ৩৬ খন জিলাত মুঠ ভোটাৰৰ সংখ্যা ৯ কোটি ৭০ লাখ জন। 

তেনে ক্ষেত্ৰত নিৰ্বাচন আয়োগে বিয়লি ৫-০০ লৈকে চলোৱা সমীক্ষা অনুসৰি ৫৮.২২ শতাংশ ভোটাৰেহে ভোটদান কৰে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ মুম্বাই চিটি সমষ্টিত মাত্ৰ ৪৯.০৭ শতাংশ ভোটাৰেহে ভোটদান কৰিছে। অনুৰূপ ধৰণৰ ঘন জনবসতিপূৰ্ণ এলেকাৰ বহু ভোটাৰে এইবাৰ ভোটদানৰ পৰা বিৰত থকাটো লক্ষ্যণীয় হৈ পৰিছে।

একেদৰে আনখন ৰাজ্য ঝাৰখণ্ডত ভোটাৰৰ সংখ্যা হৈছে ১.২৩ কোটিৰো অধিক। তুলনামূলকভাৱে মহাৰাষ্ট্ৰতকৈ ঝাৰখণ্ডত ভোটদাতাৰ হাৰ কিছু উন্নত। নিৰ্বাচন আয়োগে ৫-০০ বজালৈকে প্ৰকাশ কৰা তথ্য অনুসৰি ঝাৰখণ্ডত ভোটদাতাৰ হাৰ হৈছে ৬৭.৫৭ শতাংশ। 

ঝাৰখণ্ডৰ অন্য সমষ্টিৰ তুলনাত জামতাৰা সমষ্টিত ভোটদানৰ হাৰ সৰ্বাধিক। সমষ্টিটোত ভোটদাতাৰ হাৰ হৈছে ৭৬. ১৬। একেদৰে মহাৰাষ্ট্ৰৰ অন্য সমষ্টিৰ তুলনাত গাডচৈৰলি সমষ্টিত ভোটদাতাৰ হাৰ সন্তোষজনক হৈছে। সমষ্টিটোত ভোটদাতাৰ হাৰ হৈছে ৬৯.৬৩ শতাংশ।

স্বাভাৱিকতে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ভোটাৰৰ এই অনিহা দেশৰ ৰাজনৈতিক মহলত চৰ্চিত হৈ পৰিছে। অনাকাঙ্খিতভাৱে ৰাজ্যখনৰ বুজন সংখ্যক ভোটাৰে ভোটদানৰ পৰা বিৰত থকা বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। তাৰ বিপৰীতে ঝাৰখণ্ডৰ সন্তোষজনক ভোটদাতাৰ হাৰে নতুন চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা পালনৰ ইংগিত দিয়া বুলি এক্সিত প’লত বিশেষজ্ঞসকলে মতামত ব্যক্ত কৰিছে।

ইতিমধ্যে দুয়োখন ৰাজ্যৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাছৰে পৰা ৰাষ্ট্ৰীয় তথা আঞ্চলিক সংবাদ সংস্থাসমূহে ফলাফল অনুমান কৰি কেতবোৰ মন্তব্য কৰিছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ঝাৰখণ্ডৰ নিৰ্বাচনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে সহঃ আহ্বায়ক হিচাপে প্ৰক্ষেপ কৰিছিল। 

দলৰ নিৰ্দেশ পালন কৰি ঝাৰখণ্ডৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত নিৰ্বাচনী সভাসমূহত দিনে- নিশাই প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহেও ঝাৰখণ্ডত মাৰাথান প্ৰচাৰ চলাইছিল। 

ইফালে নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ গ’লেও মহাৰাষ্ট্ৰত সংঘটিত এক ঘটনাই এতিয়াও চৰ্চিত হৈ আছে। ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভোটাৰসকলৰ মাজত নগদ ধন বিতৰণ কৰি থকা বুলি বিজেপি নেতা বিনোদ তাৱড়েৰ বিৰুদ্ধে মঙলবাৰে এক গোচৰ ৰুজু কৰিছে।

বি ভি এৰ সভাপতি হিতেন্দ্ৰ ঠাকুৰে বিজেপি নেতাজনক নগদ ধন বিলাই থকাৰ সময়ত হাতে-লোটে ধৰা পৰা বুলি দাবী কৰিছে। অৱশ্যে তেওঁৰ এই দাবী সমুলাঞ্চে নুই কৰিছে বিজেপি নেতা তাৱড়ে। বিজেপি নেতাগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰে আৰু নিৰ্বাচন আয়োগৰ দ্বাৰা উচিত তদন্তৰ দাবী কৰে।
উল্লেখযোগ্য যে এই নিৰ্বাচনৰ ফলফলকে ধৰি উপ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৩ নবেম্বৰত।

jharkhand maharashtra assembly election 2024