বিশ্ব দৰবাৰত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম!

বিশ্ব দৰবাৰত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম!
Published on
Updated on

চৰাইদেউ মৈদাম, অসমবাসীৰ বাবে এক ঐতিহাসিক সমল। এই ঐতিহাসিক সমল বিধে অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ অগ্ৰসৰ হৈছে। এই খবৰে স্বাভাৱিকতে প্ৰতিগৰাকী অসমীয়াক উৎফুল্লিত কৰিছে। সকলোৰে আশা- চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাওক। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...

নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হৈ আছে বিশ্ব ঐতিহ্য সমিতিৰ ৪৬সংখ্যক অধিৱেশন। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ২১জুলাইৰ পৰা আৰম্ভ হৈ অহা ৩১ জুলাইত সামৰণি পৰিব। 

উল্লেখ্য যে ভাৰত ২০২১ চনৰ ২৩ সংখ্যক সাধাৰণ পৰিষদত ৪ বছৰৰ বাবে ২১ জনীয়া বিশ্ব ঐতিহ্য সমিতিলৈ নির্বাচিত হৈছিল। ভাৰতে ইতিমধ্যে বিশ্ব ঐতিহাৰ তালিকাত ৪২টা ক্ষেত্র সন্নিবিষ্ট কৰিছে।

প্ৰাণিধানযোগ্য যে এই সন্মিলনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ২৭ জুলাইত ভাৰতৰ একমাত্ৰ মনোনয়ন লাভ কৰা চৰাইদেউ মৈদামেও এই স্বীকৃতি লাভৰ সম্ভাৱনা আছে ।

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) অৰ্থাৎ ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য।

১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ কাৰ্য্যালয় অৱস্থিত।

১৯৭২ চনত ছুইডেনত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সন্মিলনৰ পিছত ইউনেস্কোৰ বিশ্ব সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সুৰক্ষা সম্পৰ্কীয় চুক্তি এখন গ্ৰহণ কৰে। এই সংস্থাই মানুহৰ পাৰস্পৰিক ক্ৰিয়া কলাপ আৰু আমাৰ পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছিল।

বৰ্তমান সময়ত এই সংস্থাত ১৯৪খন ৰাষ্ট্ৰ স্বাক্ষৰিত আছে আৰু প্ৰত্যেকখন ৰাষ্ট্ৰই ইউনেস্কোৰ বিশ্বৰ ঐতিহ্যক সংৰক্ষণ কৰা প্ৰচেষ্টাক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ লগতে ১২খন ৰাষ্ট্ৰ সহযোগী ৰাষ্ট্ৰ হিচাপে জড়িত হৈ আছে। এই সংস্থাই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰি সংৰক্ষণ আৰু প্ৰচাৰত গুৰুত্ব দিয়ে।

বিশ্ব ঐতিহ্যৰ তালিকাত বৰ্তমান ১১৯৯টা অঞ্চল (তাৰে ৯৩৩ টা সাংস্কৃতিক, ২২৭টা প্ৰাকৃতিক আৰু ৩৯টা মিশ্ৰিত) অন্তৰ্ভুক্ত আছে। ইউনেস্কোৰ সংজ্ঞা অনুসৰি বিশ্ব ঐতিহ্য হিচাপে গণ্য কৰিবলৈ হ'লে সেই স্থানটো নিৰ্ধাৰিত কৰি দিয়া ১০ টা বৈশিষ্ট্যৰ যিকোনো এটাত হ'লেও অন্তৰ্ভুক্ত হ'ব লাগিব।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এই তালিকা খনত অন্তৰ্ভুক্তিৰ পথত আগবাঢ়িছে অসমৰ আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম। সমগ্ৰ দেশৰ ৫২ টা সাম্ভাব্য স্থানৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ চৰাইদেউ মৈদাম বাছনি কৰিছে।

চৰাইদেউ নামৰ উৎপত্তি তাই ভাষাৰ চে-তাম-ডয় পৰা হৈছে।(চে-চহৰ, তাম-প্ৰাদদেশ, ডয়-পাহাৰ) ইয়াৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ।‌ এই চে-তাম-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ পৰে।

আহোমসকলে এসময়ত ৰংপুৰৰ পৰা ৰাজধানী তুলি নি চৰাইদেউত পাতিছিল । চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে বিখ্যাত। মৈদাম হৈছে আহোমসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল।

লাহে লাহে মৃতদেহ সংস্কাৰৰ এই প্ৰথা লুপ্ত পাবলৈ ধৰিলে। চৰাইদেউ প্রাক আহোম যুগতো ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্বপূর্ণ ঠাই আছিল৷ বর্তমান চৰাইদেউ স্বর্গদেউ, ডা-ডাঙৰীয়া আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ মৈদাম দিয়া স্থান হিচাপে জনাজাত৷

আহোম ৰাজ্যৰ ৰাজধানী বহুবাৰ স্থানান্তৰিত হ’লেও চৰাইদেউ প্ৰতীকী কেন্দ্ৰ হৈয়েই আছে। ইয়াত আহোম ৰজা-ৰাণীৰ পবিত্ৰ সমাধিস্থল আছে আৰু আহোমৰ পূৰ্বপুৰুষৰ দেৱতাৰো স্থান। ৪২ জন আহোম ৰজা-ৰাণী চৰাইদেউ পাহাৰত থকা দৈনিক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনাযোগ্য আৰু ই মধ্যযুগীয় দিনৰ অসমৰ ভাস্কৰ্য্য শিল্পী আৰু ৰাজমিস্ত্ৰীৰ উৎকৃষ্ট স্থাপত্য আৰু দক্ষতা উন্মোচন কৰে।

চৰাইদেউত আহোম যুগৰ প্ৰায় ১৫০ টা মান মৈদাম আছিল যদিও সংৰক্ষণৰ অৱহেলাৰ বাবে খুব কম সংখ্যক মৈদামহে সংৰক্ষিত অৱস্থাত আছে। বৰ্তমান সময়ত ৩০ টাহে ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে।

পৰ্যটন হৈছে বৰ্তমান বিশ্বৰ বৃহত্তম আৰু সকলোতকৈ দ্ৰুতগতিত বিকাশপ্ৰাপ্ত উদ্যোগ।চৰাইদেউয়ে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰাকৃতিক,ঐতিহাসিক সকলো দিশত যথেষ্ট আকৰ্ষণীয় ঠাই যদিও সংৰক্ষণৰ অভাৱৰ ফলত কিছু খুট ৰৈ গৈছিল। কিন্তু শেহতীয়াকৈ চৰাইদেউৰ মৈদামসমূহক লৈ যি সিদ্ধান্ত লৈছে সেয়া অতিশয় গৌৰৱৰ কথা। আশাবাদী যে পাহাৰীয়া পৰিৱেশে আগুৰি থকা চৰাইদেউ মৈদামসমূহ এক জাকত জিলিকা পৰ্যটনৰ স্থল হিচাপে বিশ্বৰ দৰবাৰত জিলিকাই তুলিব।

বিশ্ব দৰবাৰত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম!
আজি আত্ম-যত্ন দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in