আমি ফোনত কিয় হেল্ল' শব্দৰে সম্বোধন কৰে, জানো আহক...

আমি ফোনত কিয় হেল্ল' শব্দৰে সম্বোধন কৰে, জানো আহক...
Published on
Updated on

আমাৰ চাৰিওফালে দৈনন্দিন বিভিন্ন ঘটনা ঘটি থাকে। এই ঘটি থকা বেছিভাগ ঘটনাৰ কাৰণ হয়তো আমি নাজানো। অথচ এইবোৰৰ ব্যৱহাৰ আমি সদায়ে কৰি থাকো । এনেকুৱা এটা বিষয় হৈছে আমি ফোনত কিয় হেল্ল' শব্দৰে সম্বোধন কৰোঁ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন শিতানত লক্ষ্মীপ্ৰিয়া দত্তৰ এই লেখা-

দৈনন্দিন আমাৰ চাৰিওফালে ঘটি থকা বহু ঘটনাৰ কাৰণ আমি কেতিয়াও জানিবলৈ চেষ্টা কৰা নাই। অথচ এইবোৰৰ ব্যৱহাৰ আমি সদায়ে কৰি থাকো । আমি একেবাৰে গুৰুত্ব নিদিয়া এটা বিষয় হ'ল আমি সকলোৱে মোবাইল ফোনত কল আহিলেই প্ৰথমে হেল্ল’ বুলি সম্বোধন কৰাতো। প্ৰায় সকলোৱেই ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলেই প্ৰথমে হেল্ল' বুলি কওঁ।

আপুনি কেতিয়াবা ভাবিছেনে আমি কিয় এই শব্দটোৰে কথা পাতিবলৈ আৰম্ভ কৰোঁ? আৰু আপুনি জানেনে এই শব্দটোৰ উৎপত্তি কেতিয়া আৰু কোনে প্ৰথম ব্যৱহাৰ কৰিছিল৷ উল্লেখযোগ্য যে মোবাইল ফোনত বাৰ্তালাপৰ সময়ত এই হেল্ল’ শব্দটো প্ৰত্যেকেই ব্যৱহাৰ কৰে যদিও কিন্তু মোবাইল ফোন ব্যৱহাৰকাৰীৰ মাজৰ ৯০% মানুহেই নাজানে এই হেল্ল’ শব্দটোৰ উৎপত্তি তথা অৰ্থ৷

এটা কথা আমি জানো যে টেলিফোনৰ আৱিস্কাৰক আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল৷ পৃথিৱীৰ সকলো মানুহেই ফোন কি বস্তু এই আৱিষ্কাৰৰ পাছতে চিনাকি হৈছিল৷ অৱশ্যে গ্ৰাহাম বেলে আৱিষ্কাৰ কৰাৰ পাছত বৰ্তমান সময়লৈ নতুন নতুন তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি ফোনৰ সকলো দিশ সলনি কৰিছে৷

জানিব পৰা মতে গ্ৰাহাম বেলৰ সকলোতকৈ ওচৰৰ প্ৰেমিকৰ নাম আছিল মাৰ্গাৰেট হালো৷ তেওঁৰ নাম অনুসৰিয়েই এই হেল্ল’ শব্দটোৰ উৎপত্তি হয়৷ গ্ৰাহাম বেলে তেওঁৰ প্ৰেম প্ৰকাশৰ বাবেই তেওঁ এই শব্দটোৰ প্ৰৱৰ্তন কৰিছিল৷ আৰু প্ৰেমিকাৰ উপাধি হেলোৰ পৰাই সলনি হৈ হেল্ল’ হয়গৈ৷ অৰ্থাৎ প্ৰেমিকাক মৰমতে মতা এই হেল্ল’ নামটোৱেই পৰৱৰ্তী সময়ত বিশ্ববিখ্যাত হৈ পৰে৷

এতিয়াও সেই হেল্ল’ শব্দটোৱে ফোনৰ উত্তৰৰ একমাত্ৰ শব্দ হিচাপেই ৰৈ গ’ল৷ যিহেতু হেল্ল' শব্দটো শুভেচ্ছাৰ বাবেও ব্যৱহাৰ কৰা হয়, গতিকে ইয়াত কোনো পৰিৱৰ্তন কৰা হোৱা নাছিল, আৰু আজিলৈকে চলি আছে৷ অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে, ১৮২৭ চনত হেল্ল' শব্দটোৰ প্ৰথম লিপিবদ্ধ ব্যৱহাৰ হৈছিল।

কিন্তু বহুতে হেল্ল' শব্দটোৰ সম্পূৰ্ণ অৰ্থ নাজালে যদিও Hello ৰ সম্পূৰ্ণ অৰ্থত এই কথা বহুতে কয়– Hello-ৰ অর্থ H=How are you? E=Everything all right? L=Like to hear from you L=Love to see you soon! O=Obviously, I miss you

ইয়াৰোপৰি বহুতে বিশ্বাস কৰে যে ১৯৭৩ চনত যোম কিপ্‌পুৰ যুদ্ধৰ সময়ত সংঘাতত হাজাৰ হাজাৰ সৈনিক আৰু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল। যুদ্ধৰ অন্ত পৰাত 'হেল্ল' শব্দটোৱে শান্তি আৰু সদিচ্ছাৰ প্ৰথম প্রকাশ হিচাপে আত্মপ্রকাশ কৰিছিল, যাৰ ফলত বিশ্ব হেল্ল' দিৱসৰ আৰম্ভণি হৈছিল।

হেল্ল' বুলিলে মানুহৰ মাজত পাৰস্পৰিক শত্ৰুতা দূৰ হয় বুলি বিশ্বাস কৰা হয়। এই দিৱসটোৱে সমগ্ৰ বিশ্বতে দ্রুতগতিত জনপ্রিয়তা লাভ কৰিছিল, বৰ্তমান ১৮০খন দেশত নৱেম্বৰৰ ২১ তাৰিখে এই দিৱস উদযাপন কৰা হয়। 'হেল্ল'ই কেৱল শুভেচ্ছা হিচাপেই নহয়, কথোপকথনৰ সহজ আৰম্ভণি হিচাপেও কাম কৰে।

আমি ফোনত কিয় হেল্ল' শব্দৰে সম্বোধন কৰে, জানো আহক...
অনলাইন জুৱাৰ বজাৰ আৰু আমাৰ সমাজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in