আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত এলাগী নেকি যুৱপ্ৰজন্ম!

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত এলাগী নেকি যুৱপ্ৰজন্ম!
Published on
Updated on

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। যুৱ প্ৰজন্ম সম্পৰ্কীয় বিভিন্ন সমস্যা আৰু বিশ্বৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ অৱদানৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বছৰি ১২ আগষ্টত সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক যুৱ দিৱস পালন কৰা হয়। যুৱ প্ৰজন্মৰ গুৰুত্বৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। ১৯৯৯ চনৰ ১২ আগষ্টত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰামৰ্শৰ পিছত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছিল।

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদ্দেশ্য হৈছে সমাজত যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক উদযাপন আৰু উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়া। বিশ্বৰ যুৱক-যুৱতীসকলক প্ৰভাৱিত কৰা আৰ্থ-সামাজিক আৰু আৰ্থ-ৰাজনৈতিক বিষয়সমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে এই দিৱসত বিভিন্ন সজাগতা অভিযানৰ আয়োজন কৰা হয়।

এই দিৱসৰ জড়িয়তে নৱপ্ৰজন্মই সন্মুখীন হোৱা প্ৰত্যাহ্বান, সমস্যা, অৰ্জন কৰা কৃতিত্ব আদি সমূহৰ ওপৰত আলোকপাত কৰা হয়। কেৱল সমস্যাসমূহৰ ওপৰত আলোকপাত কৰাই নহয়, যুৱক-যুৱতীসকলক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে অপৰিহাৰ্য অংশীদাৰ হিচাপে এই দিৱস উদযাপন কৰা হয়।

১৯৬৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে যুৱক-যুৱতীসকলৰ মাজত শান্তি, পাৰস্পৰিক সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ আদৰ্শক প্ৰসাৰিত কৰাৰ কাম আৰম্ভ কৰিছিল। ১৯৯৯ চনৰ ১৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰামৰ্শ অনুসৰি আন্তঃৰাষ্ট্ৰীয় যুৱ সন্মিলন প্ৰতিষ্ঠা কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসে নিবনুৱা সমস্যা, শিক্ষাৰ অভাৱ, দৰিদ্ৰতা, সামাজিক বৰ্জনকে ধৰি বিশ্বজুৰি যুৱক-যুৱতীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে।

এই দিৱসত যুৱক-যুৱতীসকলে সমাজলৈ আগবঢ়োৱা অৱদান, যেনে সমাজ সেৱা, উদ্ভাৱন, উদ্যোগীকৰণ, আৰু নেতৃত্বৰ সৈতে জড়িত হোৱাৰ স্বীকৃতি দিয়া হয়। ইয়াৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক সামাজিক পৰিৱৰ্তন আৰু উন্নয়নক আগুৱাই নিয়াৰ সম্ভাৱনাক স্বীকৃতি দি সবলীকৰণ কৰা।

প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ এটা নিৰ্দিষ্ট বিষয়বস্তু থাকে য’ত যুৱ বিকাশৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই বিষয়বস্তুসমূহৰ উদ্দেশ্য হৈছে বিভিন্ন বিষয়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা আৰু সমাধানৰ অনুপ্ৰাণিত কৰা।

বিষয়বস্তুসমূহত যুৱ নাগৰিক সংযোগ, মানসিক স্বাস্থ্য, নিয়োগ, আৰু শান্তি-নিৰ্মাণত যুৱক-যুৱতীসকলৰ ভূমিকা আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৪বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ বিষয়বস্তু হৈছে 'ক্লিকছৰ পৰা প্ৰগতিলৈঃ বহনক্ষম উন্নয়নৰ বাবে যুৱ ডিজিটেল পথ'("From Clicks to Progress: Youth Digital Pathways for Sustainable Development.")।

যুৱক-যুৱতীসকলক পৰিৱৰ্তন আৰু উন্নয়নৰ মূল সুতি বুলি গণ্য কৰা হয়। এই দিৱসে সমাজৰ সকলো দিশতে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।উল্লেখযোগ্য যে ভাৰতৰ মুঠ জনসংখ্যা ১.৪১৭২কোটি। তথ্যমতে ইয়াৰে ৫০ শতাংশ ২৫বছৰৰ তলৰ আৰু ৬৫ শতাংশ লোক ৩৫বছৰৰ তলৰ। ইয়াৰোপৰি ভাৰতত যুৱ প্ৰজন্মৰ সংখ্যা সৰ্বাধিক। সেইবাবে ভাৰতত যুৱ দিৱসৰ প্ৰাসংগিতা যথেষ্ট আছে।

এই সকলোবোৰৰ উপৰি ডিজিটেল যুগত যুৱপ্ৰজন্মই কিদৰে অৱদান আগবঢ়াইছে সেই কথাও উল্লেখ কৰিবলগীয়া। আজিৰ পৃথিৱীত যুৱক-যুৱতীসকলে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সমাজত বহু প্ৰভাৱ পেলাইছে।

প্ৰথমতে, নতুন প্ৰযুক্তিৰ ধাৰাত প্ৰায়সমখ্যক যুৱক-যুৱতীয়েই আগৰণুৱা হৈ তেওঁলোকৰ কাম কৰি গৈছে। তেওঁলোকে বিভিন্ন সময়ত এপ্ছ, গেম আৰু প্লেটফৰ্ম তৈয়াৰ কৰি যোগাযোগ আৰু মনোৰঞ্জন লাভ কৰাতো সহজলভ্য কৰি তুলিছে।

দ্বিতীয়তে, আজিৰ যুৱপ্ৰজন্মই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ডিজিটেল সঁজুলি ব্যৱহাৰ কৰে। তেওঁলোকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন, সামাজিক ন্যায় আৰু অন্যান্য বহু সামাজিক বিষয়ৰ ওপৰত সজাগতা আৰু তথ্য বিয়পাই মানুহক সংগঠিত কৰাত আৰু পৰিৱৰ্তনক আগুৱাই নিয়াত সহায় কৰিছে।

তৃতীয়তে বহুতো যুৱকে নিজকে সৃষ্টিশীলভাৱে প্ৰকাশ কৰিবলৈ ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰে। তেওঁলোকে নিজৰ শিল্প, সংগীত আৰু লেখা অনলাইনত শ্বেয়াৰ কৰে, ফলত ই বিশ্বৰ দৰ্শকৰ মাজলৈ যায়। এই সৃষ্টিশীল প্ৰকাশভংগীয়ে তেওঁলোকক আনৰ সৈতেও সংযোগ স্থাপন কৰাত সহায় কৰে।

চতুৰ্থতে, ডিজিটেল যুগে যুৱক-যুৱতীসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাত সহজ কৰি তুলিছে। ই-কমাৰ্চৰ পৰা আৰম্ভ কৰি ফ্ৰীলান্স সেৱালৈকে বহু যুৱকে উদ্যোগী হৈ নিজৰ সুযোগ সৃষ্টি কৰিছে।

সামৰণিত ক’বলৈ গ’লে ডিজিটেল যুগত আজিৰ যুৱপ্ৰজন্ম এক চালিকা শক্তি। তেওঁলোকৰ উদ্ভাৱন, সক্ৰিয়তা, শিক্ষণৰ বাবে ডিজিটেল সম্পদৰ ব্যৱহাৰ, সৃষ্টিশীল প্ৰকাশ আৰু উদ্যোগীকৰণৰ মনোভাৱে আমাৰ পৃথিৱীখনক ৰোমাঞ্চকৰভাৱে গঢ় দিছে।

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত এলাগী নেকি যুৱপ্ৰজন্ম!
নিসংগতাক উপভোগ কৰিবলৈ শিকো আহক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in