উদ্বেগজনকঃ ৯০শতাংশ ভাৰতৰ লোক মানসিক চাপত...

উদ্বেগজনকঃ ৯০শতাংশ ভাৰতৰ লোক মানসিক চাপত...
Published on
Updated on

মানুহৰ জীৱন নানা সমস্যাৰে ভৰা। ব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়। বৰ্তমান সময়ত আমাৰ সমাজখনত বেছিভাগকেই মানসিক চাপত ভোগা দেখা যায়। বিশষকৈ যুৱ প্ৰজন্মৰ মাজত অধিক হাৰত বৃদ্ধি পোৱা দেখা যায়। মানসিক চাপ, ইয়াৰ লক্ষণ, কাৰণ, পৰিত্ৰাণৰ উপায় সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...

বৰ্তমান সময়ত মানসিক চাপ সকলোৰে জীৱনৰ এটা অংশ হৈ পৰিছে। আজিকালি মানুহবোৰ সামান্যতম কথাত চিন্তিত হৈ পৰে। ভাৰতৰ মুঠ জনসংখ্যাৰ ৮৯% মানুহেই মানসিক চাপত ভোগা দেখা যায়। কিন্তু মানসিক চাপ শীঘ্ৰে নাইকিয়া নকৰিলে বহু প্ৰকাৰৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ৰৈ যায়।

মানসিক চাপ বুলি ক’লে, আমাৰ শৰীৰত হোৱা এক অনুভৱ যি বিশেষকৈ মনৰ অস্থিৰতা, মনৰ ভিতৰত চলি থকা অস্থিৰতাৰ বাবে শৰীৰত সৃষ্টি হোৱা পৰিৱৰ্তনক বুজা যায়। মানুহৰ জীৱন নানা সমস্যাৰে ভৰা। বয়স বাঢ়ি অহাৰ লগে লগে মানুহে মনত বহুতো চিন্তাই আমনি দিবলৈ ধৰে।

ব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়। অতিমাত্ৰা মানসিক চাপ ব্যক্তি এজনৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অত্যধিক মানসিক চাপে ব্যক্তি এজনৰ আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰি নানা গুৰুতৰ শাৰীৰিক সমস্যাকে ধৰি হৃৎপিণ্ডৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ ঘা, ষ্ট্ৰ’ক আৰু কৰ্কট ৰোগপৰ্যন্ত সৃষ্টি কৰিব পাৰে।

বৰ্তমানৰ প্ৰতিযোগিতামূলক সমাজখনত এই সমস্যা প্ৰতিদিনে বাঢ়ি আহিছে। কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা, মধ্যবয়সীয়া, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোকেই মানসিক চাপত ভোগা দেখা যায়। অৱশ্যে ব্যক্তি আৰু বয়স ভেদে মানসিক চাপত ভোগাৰ কাৰণবোৰ ভিন্ন ভিন্ন হয়। কিশোৰ-কিশোৰীয়ে হয়তো পৰীক্ষাৰ সময়ত, সাক্ষাৎকাৰৰ সময়ত, অধ্যয়ন আৰু পৰীক্ষাত আশানুৰূপ ফল নাপালে, বন্ধুত্বৰ সম্পৰ্কত ভাঙোন আহিলে, পিতৃ-মাতৃৰ পৰা অৱহেলিত হ’লে মানসিক চাপত ভুগিব পাৰে।

ডেকা এজনে হয়তো মন:পূত কৰ্মসংস্থান নোপোৱা, কামত অধিক হেঁচা, অৰ্থনৈতিক দুৰৱস্থা, প্ৰেম, পৰিয়ালৰ বিভিন্ন কাৰণত মানসিক চাপত ভুগিব পাৰে। সেইদৰে বৃদ্ধকালত পৰিয়ালৰ পৰা গুৰুত্ব নোপোৱা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ আৰু নানা ৰোগৰ বাবে বৃদ্ধ-বৃদ্ধাসকল মানসিক চাপত ভুগিব পাৰে।

আমাৰ শৰীৰত পোৱা মানসিক চাপৰ লক্ষণসমূহ এনেধৰণৰ:

১) হতাশা, উদ্বেগ, মূৰ ঘূৰোৱা, অনিদ্ৰা, ওজন কমা ।

২) উশাহ-নিশাহ লোৱাত কষ্ট হোৱা, বুকুত কষ্ট পোৱা ।

৩) বুকুৰ বিষ, অস্থিৰতা, উচ্চ ৰক্তচাপ ।

৪) ঘামচি, খজুৱতি, শালমইনা ওলোৱা ।

৫) ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধি পোৱা ।

৬) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস, আঘাত আৰু ঘা ভাল হোৱাত পলম হোৱা ।

৭) অম্লতা, জ্বলা-পোৰা, হজম শক্তি কমা।

৮) ঋতুস্ৰাৱৰ সময়ত বিষ, ইৰেক্টিল ডিছফংচন, শক্তি হ্ৰাস হোৱা।

মানসিক চাপৰ মাত্ৰা বৃদ্ধিয়ে আমাৰ মগজুৰ লগতে মনতো গভীৰ প্ৰভাৱ পেলায়। ই এজন ব্যক্তিক ভাল-বেয়াৰ মাজত কৰিব পৰা বিচাৰ ক্ষমতাত প্ৰভাৱ পেলায়। যদি কোনো ব্যক্তিয়ে ওপৰত উল্লেখিত কিছুমান লক্ষণ দেখা যায় তেন্তে তেওঁ মানসিক চাপত ভুগিছে।ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধিয়ে আপোনাৰ বিৰূপ শৰীৰত প্ৰভাৱ পেলায় । ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত সহজে প্ৰভাৱ পেলাব পাৰে।

আমাৰ শৰীৰত বিভিন্ন কাৰণত মানসিত চাপ বৃদ্ধি হ'ব পাৰে। ইয়াৰ কাৰণসমূহ হ'ল:

শাৰীৰিক আৰু মানসিকভাৱে কামত অত্যাধিক হেঁচা, অধিক সময় কাম কৰিবলগীয়া হোৱা, অধিক কথা বা খবৰ মনত ৰাখিবলগীয়া হোৱা, জীৱনত অধিক বস্তুৰ প্ৰয়োজন হোৱা, শাৰীৰিকভাৱে অধিক ৰোগ হোৱা ইত্যাদি। মনত ৰাখিব লাগে সকলোৰে অত্যাধিক বেয়া। জীৱনত অত্যাধিক বিচাৰিলেই মানসিক চাপত ভুগিবই লাগিব।

জীৱন আৰু সংসাৰৰ প্ৰভাৱ, পৰিয়াল আৰু নিজৰ ওপৰত টকা-পইচাৰ প্ৰভাৱ, জীৱিকা আৰু কৰ্মসংস্থাপনৰ প্ৰভাৱ, পৰিয়াল আৰু আত্মীয়ৰ সহযোগিতা আৰু প্ৰভাৱ, ব্যক্তিগত ইগ’, বন্ধু-বান্ধৱীৰ অভাৱ, বেয়া স্বাস্থ্য, সামাজিক আৰু আধ্যাত্মিক প্ৰভাৱ, অবন্ধুসুলভ জীৱনৰ লগৰী, সমাজৰ দুৰ্নীতি ইত্যাদি।

কিছুমান শাৰীৰিক ৰোগ আৰু সেৱন কৰা ঔষধৰ প্ৰভাৱ, ৰক্তহীনতা, শৰীৰত আইৰণৰ অভাৱ, থাইৰয়ড হৰম’নৰ সমস্যা, ডায়েবেটিছ, মেদবহুলতা, মোনোনিউক্লিঅ’ছিছ, অতিমাত্ৰা ষ্টেৰয়ড সেৱন কৰা, কৰ্কট ৰোগৰ দৰবৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি। এনে পৰিৱেশত ব্যক্তিজনৰ মস্তিষ্কৰ লিম্বিক ছিষ্টেমে চেৰিব্ৰেল কৰ্টেক্স অংশটি পৰিচালিত কৰি মানসিক চাপত ভোগায়।

মানসিক চাপৰ পৰা পৰিত্ৰাণৰ উপায়:

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মুকলিকৈ পৰিয়াল বৰ্গ, বন্ধু-বান্ধৱীৰ লগত কথা পাতিবলৈ অভ্যাস কৰিব লাগিব। নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। বন্ধুৰ সৈতে কথা পতা, বাগিচাত খোজ কঢ়া, ব্যায়াম কৰা, চিনেমা চোৱা, গান শুনা, নতুন বন্ধু বনোৱা, সামাজিক কামত নিজকে ব্যস্ত ৰখা আদি ইয়াৰ ভিতৰত পৰিব পাৰে।

চিকিৎসকৰ ওচৰত শৰীৰ পৰীক্ষা কৰাব লাগে। ওপৰত উল্লেখ কৰা ৰোগবোৰৰ কাৰণে মানসিক চাপ হ’লে, তাৰ উচিত চিকিৎসা লৈ মানসিক চাপ আঁতৰাব পাৰি।

হতাশাত ভুগি থকা লোকসকলে সদায় নিয়মিত টোপনি যাব লাগে। ৭ৰ পৰা ৮ ঘন্টাৰ পৰ্যাপ্ত পৰিমাণৰ টোপনিয়ে আমাৰ শৰীৰটো সুচাৰুৰূপে পৰিচালনা কৰাত সহয় কৰে। যদি আমি এয়াতকৈ কম টোপনি লও, তেন্তে আমাৰ শৰীৰতো দিনটো ভাগৰুৱা হৈ থকাৰ লগতে মন আৰু চকুতো প্ৰভাৱ পৰিব।

শাৰীৰিক ব্যায়াম, শাৰীৰিক শ্ৰম, ধ্যান আদি মানসিক চাপ দূৰ কৰাৰ বাবে মহৌষধ।  ধ্যানে মানসিক চাপৰ পৰা উপশম পোৱা যথেষ্ঠ সহায় কৰে। এই পদ্ধতিয়ে আপোনাক নিজকে বুজিবলৈ সহায় কৰে। ধ্যানে উদ্বেগ আৰু মানসিক চাপ আঁতৰাই মনটোক সকাহ দিয়াৰ কাম কৰে।

পুষ্টিকৰ আহাৰ খাব লাগে। পুষ্টিকৰ আহাৰে শৰীৰটোক সকলোধৰণৰ বেমাৰৰ সৈতে যুঁজিবলৈ প্ৰস্তুত কৰি তোলে।

বৰ্তমান সময়ত মানুহ দিনটোৰ বেছিভাগ সময় সামাজিক নেটৱৰ্কিং চাইট সমূগতে ব্যস্ত থকা দেখা যায়। ইও আমাৰ মানসিক চাপত বহু বেছি পৰিমাণে প্ৰভাৱ পেলায়। ফেচবুক, ইনষ্টটাগ্ৰাম আদি সামাজিক মাধ্যমৰ পৰা কিছুসময়ৰ বাবে নিজকে আঁতৰাই ৰাখি আন আন কামত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in