পিআৰচি নিদিয়ে কাৰ্যালয়ে, অন্ধকাৰৰ দিশে কাৰ্বি শিক্ষাৰ্থী...

পিআৰচি নিদিয়ে কাৰ্যালয়ে, অন্ধকাৰৰ দিশে কাৰ্বি শিক্ষাৰ্থী...
Published on
Updated on

চাকৰি কৰিবলৈ পি আৰ চি নালাগে। শিক্ষাৰ বাবে পি আৰ চি বিচাৰি হাহাকাৰ কিয় কৰিব লাগে। এই পৰিস্থিতিৰ সন্মুখীন হৈছে অসমৰ পাৰ্বত্য অঞ্চলৰ শিক্ষাৰ্থীসকল। সীমান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ সময়মতে নোপোৱাৰ বাবে উচ্চশিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বহুতো সমস্যা সন্মুখীন হোৱাৰ লগতে বিভিন্ন জলপাণিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এই গুৰুতৰ সমস্যাৰাজি লৈ অসমীয়া প্ৰতিদিন ডিজিটেলত বিশেষ প্ৰতিবেদন...

কাৰ্বি জাতিক অসমৰ কলম্বাছ বুলি অভিহিত কৰা হয়। কিয়নো প্ৰথম অসমত পদাৰ্পন কৰা এই জনজাতিয়ে হ'ল ৰাজ্যখনৰ সবাতোকৈ প্ৰাচীন আদিবাসী। দুৰ্গম পাৰ্বত্য ভূমিত বসবাস কৰাৰ বাবেই পিছে এই লোকসকলৰ আৰ্থ সামাজিক বিকাশ অতি মন্থৰ গতিৰে আজিও আগবাঢ়ি আছে।

ইয়াৰ এক স্পষ্ট উদাহৰণ হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰায় সমান্তৰালভাৱে খ্ৰীষ্টান মিছনেৰীসকলে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত ৰাজ্যৰ প্ৰথমটো গীৰ্জা স্থাপনৰ ওপৰি প্ৰাথমিক বিদ্যালয় এখনো প্ৰতিষ্ঠা কৰিছিল যদিও কাৰ্বি ভূমিত শিক্ষাৰ প্ৰসাৰ আজিও মন্থৰ গতিৰে চলি আছে।

আশ্বৰ্যজনক কথা এইয়ে যে ১৯৫২চনতে ভাৰতীয় সংবিধান ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ত শাসিত অঞ্চলৰ বিশেষ ৰাজনৈতিক ক্ষমতা আৰু পুঁজি লাভ কৰা পিছতো এই অঞ্চলক আশানুৰূপ উন্নয়ণ হোৱা নাই। ৰাজলৈতিক নেতা মধ্যভোগী আৰু জিলাখনৰ আন প্ৰান্তৰ পৰা গৈ তাত প্ৰশাসনীয় ক্ষমতা দখল কৰি উন্নয়ন পুঁজিৰ সিংহ ভাগ আত্মহাৎ কৰাৰ লগতে পাৰ্বত্য ভূমিৰ যাতায়ত, যোগাযোগ , শিক্ষা, স্বাস্থ্য আদিৰ খণ্ডৰ মুঠেও উন্নয়ন সাধিত হোৱা নাই।

ডিফু চহৰতে উন্নত শিক্ষানুষ্ঠানসমূহ থকাৰ বিপৰীতে পশ্চিম কাৰ্বিআংলং, পূৱ কাৰ্বিআংলঙৰ সিংহাসন পাৰ্বত্য এলেকা, ৰংবং ৱে অথবা বোকাজান এলেকাও ভিতৰুৱা অঞ্চলসমূহৰ শিশ-কিশোৰসকল যুগ যুগ ধৰি বঞ্চিত হৈ আছে। যাৰ বাবেই বীৰেণ সিং ইংতিৰ দৰে ব্যক্তি যি এটা সময়ত ডিফুৰ সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰীও হৈছিল তেওঁ শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল নগাওঁ জিলাৰ বঢ়মপুৰৰ এটা পৰিয়ালত বনকৰা লৰা ৰূপে থাকি। একেদৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচো সমষ্টিত প্ৰতিনিধিত্ব কৰি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীও হোৱা ধৰমসিং ৰংপীৰ দৰে ব্যক্তিয়ো মৰিগাঁও জিলাত বনকৰা খাটিহে শিক্ষাগ্ৰহণ কৰিব লগা হৈছিল।

দুৰ্ভাগ্যৰ কথা এইয়ে যে ষষ্ঠ অনুসূচীত জাতি স্বায়ত্ত শাসন লাভ কৰা পিছতো এতিয়া লৈকে জিলাখনৰ দুৰ্গম অঞ্চলৰ দুখীয়া পৰিয়ালৰ শিশু-কিশোৰ অথবা কিশোৰীসকলে ঘৰৰ ওচৰৰ বিদ্যালয়ত শিক্ষাগ্ৰহণৰ সুযোগ আজিও নাপালে। যাৰবাবে শিক্ষাক মৌলিৰ অধিকাৰ হিচাৰে সাংবিধানিক স্বীকৃতিৰ প্ৰায় ১৫বছৰ উকলি যোৱাৰ পিছতো জিলাখনৰ হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে এতিয়াও গোলাঘাট, নগাঁও, কাৰ্বি আংলং আদি জিলাৰ বিভিন্ন অঞ্চলৰ মধ্যবিত্তলোকৰ ঘৰত বনকৰা হিচাপে থাকি শিক্ষাগ্ৰহণ কৰিব লগা হৈ আছে।

এইসকলৰ ভিতৰৰে যিসকল হৃদয়বান ব্যক্তিৰ ঘৰত ল'ৰা-ছোৱালীয়ে পঢ়িছে তেনে ল'ৰা ছোৱালীয়ে কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ হেঁচা পাব লগা হোৱা নাই যদিও আন এচামক কেৱল বনকৰা ৰূপে খটোৱাই আইনী প্ৰতিবন্ধকতাৰ পৰা হাত হাৰিবলৈ নামত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হৈছে।

শেহতীয়াকৈ আকৌ আন এক নতুন সংকটে দেখা দিছে। বিষয়টোৰ প্ৰতি স্বায়ত্ত পৰিষদ তথা ৰাজ্য চৰকাৰে মুঠেও গুৰুত্ব দিয়া নাই বাবেই যোৱা দুটামান বছৰত হাইস্কুল শিক্ষান্ত অথবা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ আশংকাই দেখা দিছে।

উল্লেখ কৰা প্ৰয়োজন যে বিগত বছৰৰ পৰা হাইস্কুল বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক কৰা হৈছে। আনফালে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাই নহয় তেওঁলোকে বিশ্ববিদ্যালয়ত নাম পঞ্জীয়নৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াটো বাধ্যতামূলক।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে যিসময়ত চৰকাৰে কলেজত শিক্ষকতাৰ লগতে অন্যান্য পদৰ চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই বুলি ঘোষাণা কৰিছে। সেই একে সময়তে চৰকাৰী নীতি অনুসৰি আবেদনৰ ১৪দিনৰ ভিতৰতে উচ্চশিক্ষা গ্ৰহণৰ উদ্দেশ্যে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আবেদনকাৰী শিক্ষাৰ্থীক প্ৰদান কৰাতো বাধ্যতামূলক যদিও কাৰ্বিআংলঙৰ শ শ শিক্ষাৰ্থীয়ে দুৰ্গম অঞ্চলৰ পৰা বাটকুৰি বায় মাহৰ পিছত মাহ ধৰি পি আৰ চিৰ বাবে অপেক্ষা কৰিব লগা হৈছে।

অনলাইনত আবেদন কৰা ৰচিদখনৰ আধাৰতে এনে বহু শিক্ষাৰ্থীয়ে বিভিন্ন কলেজ, কাৰিকৰী শিক্ষানুষ্ঠান আদিত নামভৰ্তি কৰাৰ সুবিধা শিক্ষানুষ্ঠান কৰ্তৃপক্ষই বিশেষ সহানুভূতিৰে তেওঁ লোকক প্ৰদান কৰিছে যদিও প্ৰথম ষান্মষিকৰ পৰীক্ষাৰ পূৰ্বে এই পি আৰ চি দাখিল কৰিব নোৱাৰিলে তেঁওলোকৰ নামভৰ্তি বাতিল কৰা হ'ব। অথচ চৰকাৰী বিধি অনুসৰি ভূমি পুত্ৰসকলে শিক্ষাগত প্ৰয়োজনত পৰিয়ালৰ ভোটাৰ তালিকা, ভোটাৰ পৰিচয় পত্ৰ অথবা আধাৰ বা পানকাৰ্ড দাখিলৰ কোনো প্ৰয়োজন নাই যদিও আমাৰ হাতত পৰা তথ্যমতে শেহতীয়া নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোট দিয়া এনে বহু শিক্ষাৰ্থী ৰাজহ বিভাগৰ কাৰ্যালয়ে একেৰাহে ৫টা নিৰ্বাচনৰ ভোটাৰ তালিকাত পিতৃ পিতামহৰ নাম নথকাৰ উজুহাত দেখুৱাই পিআৰচি প্ৰদান কৰা নাই।

বাটপথ নথকা দুৰ্গম অঞ্চলৰ পৰা বনৰীয়া আলু কচু খৰি আদি ওচৰৰ বজাৰলৈ নি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া নিৰক্ষৰ অভিভাৱকে বিগত দুমাহে চৰকাৰী কাৰ্যালয়লৈ বাটকুৰি বায় ভাগৰি পৰিছে। এনে পৰিস্থিতৰ বিষয়ে স্বায়ত্ত শাসিত পৰিষদৰ স্থানীয় সদস্যসকল অৱগত যদিও তেওঁলোকে কোনো সমাধানৰ পথ উলিয়াই দিব পৰা নাই। সেইদৰে নীৰৱ স্বায়ত্ত পৰিষদৰ মূৰব্বী তথা জিলা আয়ুক্ত, উপাযুক্তসকল।

ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকী এগৰাকী জনজাতি লোক। তেওঁ আৰ্থসামাজিক তথা ৰাজনৈতিক জীৱনৰ পৃষ্ঠভূমিও কাৰ্বিআংলং। সেয়ে কাৰ্বিভূমিৰ এনে পৰিস্থিতিৰ বিষয়ে তেওঁ বাৰুকৈয়ে অৱগত। সেয়েহে পি আৰ চিক লৈ অন্ধকাৰ ভৱিষ্যতলৈ আগবঢ়া এইসকল ভূমিপুত্ৰ শিক্ষাৰ্থীৰ পি আৰ চিক লৈ যাতে আৰক্ষী চকী, ৰাজহ কাৰ্যালয় অথবা আয়ুক্ত, উপাযুক্ত কাৰ্যালয়ে ধূলিৰ ধেমালি খেলি সিহঁতৰ ভৱিষ্যৰ বাবে তেওঁ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাতো সকলোৱে বিচাৰিছে।

পিআৰচি নিদিয়ে কাৰ্যালয়ে, অন্ধকাৰৰ দিশে কাৰ্বি শিক্ষাৰ্থী...
আম্বানীৰ যিমান সম্পত্তি, তাতকৈ বেছি ধন দান দিছে টাটাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in