এমাহ দিন এমাহ ৰাতি, জানি লওক ভাঙি পাতি

এমাহ দিন এমাহ ৰাতি, জানি লওক ভাঙি পাতি
Published on
Updated on

পৃথিৱীৰ আটাইতকৈ ৰহস্যময় ঠাইসমূহৰ বিষয়ে জানিব বিচাৰেনে? এই ঠাইসমূহে আপোনাকো আচৰিত কৰি তুলিব। অতীজৰে পৰা প্ৰকৃতিয়ে মানুহক প্ৰায় আচম্বিত আৰু কৌতুহল কৰি আহিছে। যেতিয়াই আমি ভাবো যে আমি এটা ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'লো, কিন্তু পুনৰ আন এটা নতুন ৰহস্যই গা কৰি উঠে। পৃথিৱীখনত এনেকুৱা কিছুমান ঠাই আছে যি বিজ্ঞানীসকলৰ বাবেও এক ডাঙৰ ৰহস্য। এই সন্দৰ্ভতে সমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন শিতানত লক্ষ্মীপ্ৰিয়া দত্তৰ এই লেখা-

আমাৰ পৃথিৱীখন যিমানেই সুন্দৰ সিমানেই ৰহস্যময়। ৰহস্যময় জগতখনৰ এনে কিছুমান ঠাই আছে যাৰ বিষয়ে বিজ্ঞানীসকলে এতিয়াও সম্পূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৃথিৱীত বহু ৰহস্যময়ী দেশ আছে। পৃথিৱীৰ এনে কিছুমান ঠাই য’ত ২৪ ঘণ্টাই দিন হৈ থাকে। কিছুমান এনে ঠাই য’ত ২৪ ঘণ্টাই হৈ ৰাতি থাকে।

পৃথিৱীখন আমি ভবাতকৈ বহু বেলেগ। ইয়াত লুকাই আছে বহুতো ৰহস্য । পৃথিৱীয়ে নিজ কক্ষ পথত এপাক ঘূৰিবলৈ ২৪ ঘণ্টা সময় লয় আৰু তাৰ ফলস্বৰূপে ইয়াত দিন আৰু ৰাতি হয়। আমি জানো যে পৃথিৱীৰ আহ্নিক গতিৰ বাবে দিন ৰাতি হয়। সূৰ্য্য উদয় হ'লে অস্ত হোৱাটো নিশ্চিত, গতিকে দিন হ'লে ৰাতি হ'বই লাগিব।

কিন্তু আজিৰ এই প্ৰতিবেদনে আপোনাৰ এই ধাৰণা পৰিবৰ্তন কৰিব। আহ্নিক গতি সম্পর্কে যি ধাৰণা আছিল সেই ধাৰণাৰ ওপৰত আজি আপোনাৰ সন্দেহ উপজিব। কিয়নো এই প্ৰতিবেদনত আলোচনা কৰিম পৃথিৱীৰ এনে কিছুমান ঠাইৰ কথা য'ত দিন আৰু ৰাতি সময় অনুযায়ী নহয়।

উল্লেখযোগ্য যে এই ঠাইসমূহ আৰকটিক চাৰ্কোল(Arctic Circle)ৰ ভিতৰত অৱস্থিত।আৰকটিক চাৰ্কোলৰ ভিতৰত অৱস্থিত এনে কিছুমান ঠাই আছে য'ত বছৰৰ বহু সপ্তাহ ২৪ঘণ্টাই সূৰ্য দেখা নাযায়। নাইবা কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায়।

তাৰ বিপৰীতে এনে কিছুমান ঠাই আছে যত ৰাতি নহয় মাথোঁ কিছু সময়ৰ বাবেহে আন্ধাৰ হয়। এই স্থিতিক প'লাৰ দে' (Polar day) আৰু প'লাৰ নাইট (POLAR Night) বুলি কোৱা হয়।

ইউৰোপ মহাদ্বীপ ৰ অন্তৰ্গত এখন দেশ নৰৱে’। এই ঠাইক মধ্য ৰাত্রীৰ দেশ বুলি জনা যায়। ইয়াত মে'ৰ পৰা জুলাই মাহৰ ৭৫ দিনত মাত্ৰ ৪ ঘণ্টাৰ বাবেহে সূৰ্য দেখা যায়। এই ৰহস্যময়ী মনোমোহা দৃশ্য চাবলৈ পৃথিৱীৰ বহু পৰ্যটকৰ আগমণ ঘটে।

ইফালে, ইউৰোপৰ আইচলেণ্ডত মে'ৰ পৰা জুলাই সময় চোৱাত সূৰ্যাস্ত নহয়। মাথোঁ আৰ্কটিক গ্ৰীষ্মকাল (Arctic_summer)ত সূৰ্য মাজনিশা ডুব যায় আৰু ৩মান বজাত পুনৰ সূৰ্য উদয় হয়। দুই বা তিনি ঘণ্টা সময়ৰ বাবে সূৰ্য ডুব গৈ ৰাতি হয়।

আনহাতে, কানাডা ১২ মাহ জুৰি বৰফৰ দ্বাৰা আবৃত হয় থাকে। কানাডাৰ উত্তৰ - পশ্চিম দিশত থকা ঠাইসমূহত গ্ৰীষ্মকালত প্ৰায় ৫০ দিনলৈ সূৰ্য্য অস্ত নহয়, যাৰ বাবে ইয়াত ৫০দিন সূর্য্যই নিৰন্তৰভাৱে পোহৰ বিলাই থাকে । 

ইউৰোপ মহাদ্বীপৰ উত্তৰ স্কেনদি নাভিয়া ক্ষেত্ৰৰ অন্তৰ্গত এখন দেশ চুইডেন। এই ঠাইত সূৰ্য মাত্ৰ ২০ঘণ্টা জুৰি দেখা যায়, ইয়াত ৰাতি ১২ বজাত সূৰ্য ডুব যায় আৰু ৪ বজাত পুনৰ উদয় হয়।

আলাস্কা আমেৰিকাত অৱস্থিত এখন ঠাই। এই ঠাইখনত মে'ৰ পৰা জুলাই মাহলৈ ৰাতি নহয়। ৰাতি ১২.৩০ বজাত সূৰ্য্য অস্ত হয় যদিও মাত্র ৫১ মিনিট পিছতেই আকৌ সূৰ্য্য উদয় হয়। হ্ৰদ আৰু আইচলেণ্ডেৰে ভৰপূৰ ফিনলেণ্ড। এই দেশখনত প্ৰায় ৮০ দিনলৈ ৰাতি নহয়। ইয়াত ৰাতিও সূৰ্য্যই পোহৰ বিলাই। 

আইচলেণ্ডত ১০মে'ৰ পৰা আৰম্ভ কৰি জুলাই মাহৰ শেষলৈ অন্ধকাৰ নহয়। ৰাতিও ইয়াত দিনৰ দৰে পোহৰ হৈ থাকে। চুইডেন এই ঠাইৰ ভৌগোলিক গঠন সংৰচনা অলপ বেলেগ হোৱাৰ বাবে ইয়াৰ মেৰ পৰা আগষ্ট মাহলৈ ৰাতি নোহোৱাকৈ থাকে। ৰাতি আন্ধাৰ চাবলৈ এই ঠাইৰ মানুহে প্ৰায় ১০০ দিন অপেক্ষা কৰিব লাগে। 

পৃথিৱীৰ এনেবোৰ ঠাই আমাৰ প্ৰকৃতিৰ নিয়মৰ অলপ বিপৰীত হ'লেও এই বিপৰীতমুখী স্বভাৱে কিন্তু আমাৰ পৃথিৱীক সৌন্দর্য্যৰ পোহৰ বিলাইছে। যাৰ বাবে সৌৰজগতত পৃথিৱীয়ে এক সুকিয়া স্থান লাভ কৰিছে।

এমাহ দিন এমাহ ৰাতি, জানি লওক ভাঙি পাতি
আন্তৰ্জাতিক ক্ৰিকেটক বিদায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in