অকলে ছিঙিব নোৱাৰা ফুলপাহ...

অকলে ছিঙিব নোৱাৰা ফুলপাহ...

author-image
Asomiya Pratidin
New Update
অকলে ছিঙিব নোৱাৰা ফুলপাহ...

আমি দৈনন্দিন জীৱনত বিভিন্নধৰণৰ ফুল প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰে কিছুমানৰ বিষয়ে হয়তো আমি জানো, কিছুমানৰ বিষয়ে হয়তো আমি নাজানো! আমাৰ পৃথিৱীত এনেকুৱা এপাহ ফুল আছে যাৰ আকাৰত সকোলোতকৈ ডাঙৰ, দেখাতো খুব ধুনীয়া, কিন্তু ওলাই দুৰ্গন্ধ। এই ফুলবিধ অতি দুৰ্লভ। অসমীয়া প্ৰতিদিন ডিজিটেল এই সন্দৰ্ভত লক্ষ্মীপ্ৰিয়া দত্তৰ এক প্ৰতিবেদন-

বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল কোনবিধ আপুনি জানেনে? আপুনি জানেনে এই ফুলবিধৰ ওজন কিমান? ক’ত পায় এই বৃহৎ ফুলবিধ ?

পৃথিৱীত ভিন ভিন প্ৰজাতিৰ নানা ফুল আছে। সকলো ফুলৰে আকৃতি বা ৰং ভিন্ন । তাৰ মাজতেই এনে এবিধ আচৰিত ফুল আছে যি পৃথিৱীৰ ভিতৰত সৰ্ববৃহত ফুল হিচাপে জনাজাত । এই বৃহৎ ফুলৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও!

পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুলবিধৰ নাম হৈছে 'ৰাফ্লেছিয়া। এই ফুলপাহ ৩ফুটলৈ বৃদ্ধি পায় আৰু ইয়াৰ ওজন ৬.৮ কিঃগ্ৰামৰ পৰা ১০ কিঃগ্রাম হ'ব পাৰে। এই ফুলবিধৰ আছে নানা ৰহস্য।

ই বিশ্বৰ বৃহত্তম ফুল হ’লেও আচলতে ই এক পৰজীৱী উদ্ভিদৰ ফুল। ফুলপাহত কোনো সেউজীয়া অংশ নাই যাৰ দ্বাৰা নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লব পাৰে । ইহঁত টেট্ৰ’ষ্টিগমা লেনচিও লেৰিয়াম নামৰ এবিধ লতাৰ গাত আশ্ৰয় লৈ তাৰ ৰস শুহি জীয়াই থাকে ।

সমগ্ৰ বিশ্বতেই প্ৰায় ৪২ টা প্ৰজাতি আছে ৰাফ্লেছিয়া ফুলৰ। দক্ষিণ–পূব এছিয়াৰ কিছু অংশত দেখিবলৈ পোৱা যায় এইবিধ ফুলক। বিশেষকৈ ইণ্ডোনেছিয়া, ব্ৰুনাই, মালয়েছিয়া, ফিলিপাইন আৰু থাইলেণ্ডত উপলব্ধ এই বিশেষ ফুলবিধ।

১৮১৮ চনত সুমাত্ৰা দ্বীপ ভ্ৰমণৰ সময়ত অতি ভিতৰুৱা ঘোৰ অৰণ্য অঞ্চল এটাত  উদ্ভিদ বিজ্ঞানী ষ্টামফৰ্ড ৰাফ্লেছ আৰু যোছেফ আৰ্নল্ডে এই ফুলবিধৰ আৱিষ্কাৰ কৰিছিল আৰু ই ৰাফ্লেছিয়েচি গোত্ৰৰ অন্তৰ্গত।

উল্লেখযোগ্য যে ৰাফ্লেছিয়া আর্নল্ডি হৈছে ইণ্ডোনেছিয়াৰ তিনিটা ৰাষ্ট্ৰীয় ফুলৰ ভিতৰত এটা। অন্য দুটা ফুল হৈছে- হোৱাইট জেছমিন আৰু মুন অর্কিড।

ৰাফ্লেছিয়া হৈছে এবিধ পৰাশ্ৰয়ী ফুল, পোষক উদ্ভিদ জোপাৰ পৰা পানী আৰু পুষ্টি আহৰণ কৰে। আৰু ইয়াৰ ডাল,পাত আৰু শিপা দেখা পোৱা নাযায়। ৰাফ্লেছিয়া হৈছে এবিধ একলিংগী ফুল। ইয়াৰ বৰণ সাধাৰণতে ৰঙচুৱা, এইফুল পাহ তিনিফুট পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায়।

উল্লেখযোগ্য যে অসম্ভৱ ধুনীয়া দেখিবলৈ এই ফুলবিধৰ আছে আন এক অদ্ভুত নাম!  জানিলে আপুনি আচৰিত হ'ব যে এই ফুলবিধক মৃতদেহ ফুল বুলিও কোৱা হয়। কিয়নো এই ফুল ফুলিলে পঁচা মাংসৰ দৰে এক দুৰ্গন্ধ বিয়পে। এই গোন্ধয়ে পোক–পতংগক আকৰ্ষণ কৰে। সেয়ে ইয়াক মৃতদেহ ফুল বুলি কোৱা হয়। কিন্তু কিদৰে এই দুৰ্গন্ধ ওলাই সেয়া এতিয়াও ৰহস্য।

বহু বছৰৰ পূৰ্বে বিজ্ঞানীগৰাকীয়ে ইণ্ডোনেছিয়াত প্ৰতক্ষ্য কৰিছিল এই ফুলবিধক। এই ফুলবিধ সম্পূৰ্ণৰূপে ফুলিবলৈ ৯ মাহমান সময় লাগে। এই ফুলৰ আয়ুস কেৱল ৫ৰ পৰা ৭ দিনহে। কলি অৱস্থাত ৰাফ্লেছিয়া দেখাত বন্ধা কবিৰ নিচিনা আৰু ইয়াক সাধাৰণতে জ্বৰ আৰু ছালৰ ৰোগ নিয়াময়ৰ বাবে ব্যৱহাৰ কৰা হয়।

ইফালে, গৱেষণাৰ ভিত্তিত উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে যে এই ফুলবিধৰ বিলুপ্তিৰ আশংকা পূৰ্বতকৈ অধিক। এই ফুল এতিয়া প্ৰায় বিলুপ্তিৰ পথত! অৱশ্যে, জলবায়ু পৰিৱৰ্তনৰ বাবে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে ৰেফ্লেচিয়া ফুলবিধে।

Also Read: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈ নাথাকিব নেকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

বিশেষ প্ৰতিবেদন world biggest flower Rafflesia