নিয়ম ভঙাই নিয়ম অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ...

astu
astu
Published on
Updated on
অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিত বিসংগতি ! আইন ভংগ কৰি নিযুক্তি প্ৰদান কৰা হৈছিল বৰ্তমানৰ উপাচাৰ্য নৰেন্দ্ৰ চৌধুৰীক। আনহাতে ৫ বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ পিছতো অকৰ্তৃত্বশীল ভাৱে কাৰ্যনিৰ্বাহ কৰি আছে পঞ্জীয়ক আৰু একাডেমিক পঞ্জীয়কে। আনহাতে বছৰ বছৰ ধৰি খালী হৈ আছে পৰীক্ষা নিয়ন্ত্ৰকৰ পদটোও। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।

অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ বাবে ২০০৯ চনত 'অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় আইন-২০০৯' ৰ অধীনত গুৱাহাটীৰ জালুকবাৰীত ২০১১ চনত স্থাপন কৰা হৈছিল অসমৰ একমাত্ৰ 'বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়'খন। এক মহৎ উদ্দেশ্যে আগত লৈ স্থাপন কৰা এই বিশ্ববিদ্যালয়খনত এতিয়া চলিছে চৰম অৰাজকতা।

কেৱল সেয়াই নহয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতা তথা মইমতালিৰ বাবেই এতিয়া বিশ্ববিদ্যালয়খনৰ পৰা শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীৰ ভৱিষ্য়তো অন্ধকাৰৰ দিশে গতি কৰিছে। বৈধভাৱে শিক্ষাগ্ৰহণ কৰি আহৰণ কৰা ডিগ্ৰীও আইন মতেই হৈ পৰিছে নেকি অবৈধ সেয়াও প্ৰশ্নৰ বিষয় হৈ পৰিছে।

২০১১ চনত স্থাপিত বিশ্ববিদ্যালয়খনত আৰম্ভণিৰ পৰাই প্ৰযুক্তি বিদ্যাৰ স্নাতক পাঠ্যক্ৰম, ফাৰ্মাচীবিদ্যাৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম,কম্পিউটাৰ ব্যৱহাৰিক বিদ্যাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ, বাণিজ্যক প্ৰশাসনিক বিদ্যাৰ স্নাতকোত্তৰ, বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনে প্ৰযুক্তিবিদ্যা আৰু গৱেষণা ক্ষেত্ৰত উন্নতিৰ বাবে অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতাৰ এক চুক্তিও স্বাক্ষৰ কৰিছে।

অসমৰ শিক্ষাৰ্থীৰ ভৱিষ্যত, উচ্চ শিক্ষা তথা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত এখোজ আগবাঢ়ি থকাৰ যি উদ্দেশ্যৰে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল সেই উদ্দেশ্যেক ধুলিস্যাৎ কৰি এতিয়া পদে পদে আইন অমান্য কৰাৰ হে প্ৰতিযোগিতাত নামিছে। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি কেৱল নিজ খেয়াল খুচি মতে কাম কৰা কৰ্তৃপক্ষই পাহৰি গৈছে বিশ্ববিদ্যালয়ৰ সংবিধান তথা আইনৰ কথা।

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে আই আই টি ইন্দোৰৰ অধ্যাপক নৰেন্দ্ৰ এছ চৌধুৰীক।

কিন্তু এই নিযুক্তি প্ৰক্ৰিয়াক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন। কিয়নো উপাচাৰ্য নিযুক্তি প্ৰদানৰ বাবে বিশ্ববিদ্যালয়খনৰ এডভাইছৰি ব'ৰ্ডৰ সভাখনেই অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় আইন-২০০৯ অনুসৰি অবৈধ।

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় আইন-২০০৯ অনুসৰি বিশ্ববিদ্যালয় এডভাইছৰি ব'ৰ্ডৰ সদস্যৰ সংখ্যা হ'ব লাগে তিনিজন। আইনখনৰ ১০ নং দফাৰ ১ নং ধাৰাত এই বিষয়ে স্পষ্টকৈ উল্লেখ আছে। এই তিনিজন সদস্যৰ ভিতৰত ৰাজ্য চৰকাৰৰ ফালৰ মনোনীত কৰা হ'ব। এজন সদস্য ৰাজ্যপালৰ দ্বাৰা মনোনীত কৰা হ'ব আৰু আন এজন সদস্যক অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ দ্বাৰা মনোনীত হ'ব।

এই তিনিজনীয়া এডভাইছৰি ব'ৰ্ডে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বাচনিৰ বাবে তিনিজন ব্যক্তিৰ এক পেনেল আচাৰ্যলৈ প্ৰেৰণ কৰিব লাগিব। ইয়াৰ পৰাই আচাৰ্যই এজন ব্যক্তিক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিব পাৰে। অৱশ্যে আচাৰ্যগৰাকীয়ে ইচ্ছা কৰিলে ইয়াৰ এজনকো উপাচাৰ্য পদত নিযুক্তি নিদিবও পাৰে।

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে আইন অনুসৰিয়েই ২৩ মাৰ্চ ২০২১ত অনুষ্ঠিত হোৱা তেওঁলোকৰ ২৪ সংখ্যক বৈঠকত ড০ এছ বুজৰবৰুৱাক এডভাইছৰি ব'ৰ্ডৰ সদস্য হিচাপে মনোনীত কৰিছিল। কিন্তু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে অধ্যাপক নৰেন্দ্ৰ চৌধুৰীক নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত দুজনীয়া এডভাইছৰি ব'ৰ্ডৰ দ্বাৰা প্ৰস্তুত কৰা উপাচাৰ্যৰ পেনেল খনেই হৈছিল সেই বৈঠকত ভংগ কৰা হৈছিল বিশ্ববিদ্যালয় আইনৰ ১০ নং দফাৰ ১ নং ধাৰা।

আচাৰ্যৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এডভাইছৰি ব'ৰ্ডৰ বৈঠকত উপস্থিত নাছিল কাৰ্যকৰী পৰিষদে মনোনীত কৰা সদস্য ড০ এছ বুজৰবৰুৱা। সেই বৈঠকত উপস্থিত আছিল এডভাইছৰি ব'ৰ্ডৰ অধ্যক্ষ তথা আই আই টি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক টি জি সীতাৰমণ আৰু ব'ৰ্ডৰ আন এগৰাকী সদস্য অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ পি কে সিকদাৰৰ দ্বাৰা এই এডভাইজৰি বোৰ্ড সীমাবদ্ধ আছিল।

এক আৰ টি আইৰ তথ্যত এই তথ্য ফাদিল হৈছে। ৰাজভৱনৰ পৰা প্ৰদান কৰা আৰ টি আইৰ তথ্যত স্পষ্ট হৈছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত আইন ভংগ হোৱাৰ কথা।

এতিয়া প্ৰশ্ন হয়, বিশ্ববিদ্যালয়খনৰ কাৰ্যকৰী পৰিষদে এডভাইছৰি ব'ৰ্ডৰ বাবে মনোনীত সদস্যজনক উপাচাৰ্য নিযুক্তিৰ বাবে গঠন কৰা এডভাইজৰী বোৰ্ডত কিয় অন্তৰ্ভুক্ত কৰা নহ'ল ? আইন ভংগ কৰি কিয় মাত্ৰ ২ জন সদস্যই উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত চূড়ান্ত পেনেল প্ৰস্তুত কৰিলে?

আনহাতে কাৰ্যকৰী পৰিষদে এডভাইছৰি ব'ৰ্ডৰ বাবে মনোনীত সদস্যজনক এই বৈঠকৰ পৰা আঁতৰাই ৰখাৰ বাবেই আকৌ প্ৰশ্ন উত্থাপন হৈছে, বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদখন অবৈধ নেকি? যদি সেয়াই হয় তেন্তে বিশ্ববিদ্যালয়খনৰ বাবে ইও এক ভয়ংকৰ খবৰ।

কিয়নো কাৰ্যকৰী পৰিষদখন অবৈধ হ'লে বিশ্ববিদ্যালয়খনে প্ৰদান কৰা সকলো ডিগ্ৰী হৈ পৰিব অবৈধ। আৰু ইয়াৰ বাবে জগৰীয়া হ'ব বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা কৰ্তৃপক্ষ। যদি সেয়াই হয় তেন্তে দেশৰ বিশ্ববিদ্যালয়ৰ যি পৰম্পৰা সেই পৰম্পৰাও ভংগ কৰা হ'ব অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ত।

ইফালে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক আৰু একাডেমিক পঞ্জীয়কৰ ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতো তেওঁলোকক বিশ্ববিদ্যালয়ৰ পৰম্পৰা ভংগ কৰি অকৰ্তৃত্বশীল ভাৱে দায়িত্ব পালন কৰি থাকিবলৈ দিয়া হৈছে। আনহাতে খালী হৈ আছে পৰীক্ষা নিয়ন্ত্ৰকৰ পদটোও।

এনে চৰম অৰাজকতা আৰু আইন ভংগৰ প্ৰতিযোগিতাত বিধ্বস্ত এতিয়া অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়খন। বিশ্ববিদ্যালয়খনৰ এই কাৰুকাৰ্যই অসমৰ উচ্চ শিক্ষাৰ জগতখনৰ এক লেতেৰা দৃশ্যক স্পষ্টকৈ প্ৰকাশ কৰিছে। ই অসমৰ শিক্ষা জগতখনৰ বাবেই এক লজ্জাজনক খবৰ।

চৰকাৰে যি আশা আৰু আকাংক্ষাৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানখন নিৰ্মাণ কৰিছিল সেই আশা আকাংক্ষাক ধুলিস্যাৎ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যি অৰাজকতা সৃষ্টি হৈছে সেয়া শীঘ্ৰেই দূৰ কৰাটো অতি প্ৰয়োজন। অন্যাথা এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ভৱিষ্যত যে অন্ধকাৰ হৈ পৰিব সেয়া কিন্তু নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in