আৰু মাত্ৰ কেইটামান ঘণ্টা, তাৰ পিছতেই অতীত হ'ব ২০২২। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰে কিদৰে পাৰ কৰিলে ২০২২ বৰ্ষটো? বিবাদ, বিতৰ্ক, বিকাশৰ কথাৰে চৰ্চাৰ শীৰ্ষত থকা এই চৰকাৰখনৰ কাম-কাজক সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
সফলতা আৰু বিফলতা এখন চৰকাৰৰ দুটা অভিন্ন অংগ। জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ বাঘজৰি হাতত লোৱা এখন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কাম কৰিব পাৰিলেই সেই চৰকাৰখনক সফল বুলি ক'ব পাৰি।
প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে শাসনলৈ অহা এখন চৰকাৰে পৰৱৰ্তী সময়ত জনসাধাৰণৰ দুখ, দুৰ্গতি পাহৰি চৈৰাচাৰি হৈ উঠিলেই জনসাধাৰণৰ সকলো আশা, আকাংক্ষা নিৰ্বাপিত হয়। ৰাজ্যৰ ভৱিষ্যতো অন্ধকাৰৰ দিশে গতি কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২০২২ বৰ্ষটোত গ্ৰহণ কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিছুমান কাম, কাজৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ চৰকাৰখনে কাললৈ খ্যাতি ৰাখি থৈ যাবলৈ সক্ষম হ'ল। ঠিক একেদৰে কিছুমান কামকাজৰ জৰিয়তে কাললৈ ৰাখি থৈ গ'ল দুৰ্নাম।
২০২২ বৰ্ষটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিমান সফল অথবা কিমান বিফল সেই বিষয়ে ইয়াত আলোচনা কৰিবলৈ বিচৰা নাই। এই চৰকাৰখনৰ কেতবোৰ চৰ্চিত বিষয়, চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু তাৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভতহে কিছু বিষয় তুলি ধৰাৰ চেষ্টা। কিয়নো এতিয়া পোৱা, নোপোৱাৰ হিচাপ কৰাৰ সময়। পিছলৈ এবাৰ উভতি চোৱাৰ সময়।
লাচিতৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কথা অসমৰ সীমা অতিক্ৰম কৰি বিশ্বলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা নিশ্চিত ভাৱে ২০২২ বৰ্ষৰ এক গুৰুত্বপূৰ্ণ বিষয়। মোগলক পৰাস্ত কৰি অসমীয়াৰ বীৰত্বৰ খ্যাতি যুগ যুগান্তৰলৈ ৰাখি যোৱা লাচিতৰ বীৰত্বৰ কাহিনী এতিয়াও দেশৰ মূল ভূখণ্ডৰ লোকসকলে নাজানে।
প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে দিল্লীত লাচিত দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰি লাচিতৰ বীৰত্বক প্ৰচাৰ আৰু প্ৰসাৰত যি গুৰুত্ব প্ৰদান দিলে সেয়া অসমৰ সমাজ জীৱনৰ বাবেই অতি গুৰুত্বপূৰ্ণ। ডেৰশবছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দিল্লীত অসমৰ সমাজ, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যসকলো তুলি ধৰাৰ যি প্ৰয়াস, সেই প্ৰয়াসেও বহিঃৰাজ্যৰ লোকসকলক অসমৰ বিষয়ে জনাত, বুজাত কিছু সহায় কৰিলে।
প্ৰথমবাৰৰ বাবে সকলো শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা চৰকাৰী কৰ্মচাৰীয়ে লাচিতৰ বিষয়ে ৰচনা লিখিও লাচিতক নতুনকৈ বুজাৰ, জনাৰ এক সুযোগ প্ৰদান কৰিলে। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিলে।
The border issue with Assam is not a single party subject but is a state mandate we must shoulder together. Thank the political parties who joined us in our consultative meeting. We look forward to jointly resolve the border issue between Meghalaya & Assam@AmitShah @himantabiswa pic.twitter.com/ZMg6ivrfDF
— Conrad Sangma (@SangmaConrad) December 15, 2021
আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ প্ৰচেষ্টা
বৰ অসম বিভাজন হৈ ৭ ভনীলৈ পৰিণত হয়। এই সাতোভনীৰ মাজত প্ৰায়ে সীমাক কেন্দ্ৰ কৰি সৃষ্টি হৈ আহিছে সংঘাত। চুবুৰীয়া, নাগালেণ্ড, মেঘালয়, মিজুৰাম, অৰুণাচল প্ৰদেশ আদিৰ সৈতে অসমৰ সীমা সমস্যা দীৰ্ঘদিনীয়া।
চুবুৰীয়া ৰাজ্য কেইখনে অসমৰ ভূমি দখল কৰাৰ লগত অত্যাধিক আগ্ৰাসনৰ জৰিয়তে অসমৰ সীমান্তৰ শান্তি বিঘ্নিত কৰি আহিছে। এনে সীমা সমস্যাক কেন্দ্ৰ কৰি মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ সৈতে ইতিমধ্য ৰক্তক্ষয়ী সংঘাতৰ সৃষ্টি হৈছে।
এই সীমা সমস্যা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মধ্যস্থতাত আলোচনাৰ মাধ্যমেৰে ব্যৱস্থা গ্ৰহণৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। ইতমধ্যে অসম আৰু মেঘালয়ৰ সীমা সমস্যাৰ এটা অংশৰ বিবাদ দূৰ কৰাৰ কথাও প্ৰকাশ পাইছে।
ইতিমধ্যে অসম আৰু মেঘালয়ৰ মাজত ১২ টা বিবাদিত স্থানৰ ভিতৰত ৬ টা স্থানৰ বিবাদ নিষ্পত্তি কৰা হৈছে। বাকী আছে আন ৬ টা বিবাদিত অঞ্চল। অৱশ্যে অসম আৰু মেঘালয় চৰকাৰৰ যোগাত্মক এনে প্ৰচেষ্টাৰ মাজতো অসম, মেঘালয় সীমান্তত শেষ হোৱা নাই সংঘাত।
মেঘালয়ৰ একাংশ দুৰ্বিত্তই এতিয়াও অসমৰ বকো, লাম্পি, হাহিম আদিকে ধৰি বিভিন্ন অঞ্চলত সৃষ্টি কৰি আহিছে সন্ত্ৰাস। সমান্তৰালকৈ লাচিত দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ সকলো মন্ত্ৰী, বিধায়ক, প্ৰশাসনৰ শীৰ্ষ বিষয়া দিল্লীত ব্যস্ত থকাৰ মাজতে মুক্ৰত মেঘালয়ৰ দুৰ্বৃত্তই অসম সৃষ্টি কৰা তাণ্ডৱৰ ফলত মুঠ ৬ জনকৈ লোকে প্ৰাণ হেৰুৱালে।
অসমৰ ১ জন বনৰক্ষীৰ লগতে মেঘালয়ৰ ৫ জন লোকে এই ঘটনাত প্ৰাণ হেৰুৱালে। ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হল। কূটনৈটিক ভাৱে এই সংঘাতত অসম চৰকাৰ পৰাস্ত হোৱা বিষয়টোৱে আজিও বিতৰ্কৰ সৃষ্টি কৰি আহিছে।
২০২২ ত সংঘটিত হোৱা এই ঘটনাই সীমা সমস্যাৰ ভয়াৱহ ৰূপটো পুনৰবাৰ উদঙাই দিছে। অনুৰূপ ধৰণে, অৰুণাচল, নাগালেণ্ডেও অসমৰ ভূমিত ধাৰাবাহিক আগ্ৰাসন চলাই আহিছে। ফলত সীমন্তৰ ৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি সৃষ্টি হৈছে।
Assam | Mob set Batadrava Police Station on fire in Nagaon district after man allegedly died in police custody
We're investigating the allegations. 3 have been detained from among persons who attacked police station. 2 police personnel have been injured in attack: SP Leena Doley pic.twitter.com/7kwCCYwB0s— ANI (@ANI) May 21, 2022
এনকাউণ্টাৰ, বটদ্ৰৱা কাণ্ড, গৃহ বিভাগৰ ব্যৰ্থতা ইত্যাদি
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল ৰাজ্যৰ আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক সকলৰ সৈতে বৈঠক। এই বৈঠকতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই একাউণ্টাৰ আৰক্ষীৰ এটা ষ্টাইল হব লাগে বুলিও মন্তব্য কৰিছিল। আৰু তাৰ পিছতে ৰাজ্যত আৰম্ভ হৈছিল ধাৰাবাহিক এনকাউণ্টৰ।
২০২১ ত শাসনলৈ অহাৰ পিছৰ পৰাই ধাৰাবাহিক ভাৱে চলি অহা এনকাউণ্টাৰৰ প্ৰকোপ ২০২২ তো হ্ৰাস নাপালে। বিৰোধী ৰাজনৈতিক দলসমূহে এই এনকাউণ্টাৰৰ বিৰুদ্ধে মাত মতাৰ সমান্তৰালকৈ সামাজিক মাধ্যমতো এনকাউণ্টাৰৰ সপক্ষে আৰু বিপক্ষে চলিল বিভিন্ন যুক্তি।
তাৰ মাজতেই ঘটিল অঘটন। নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ। ২০২২ ৰ জানুৱাৰীৰ ২২ তাৰিখে সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এই এনকাউণ্টাৰৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হ'ল প্ৰতিবাদ। সকলোৱে একেমুখে দাবী কৰিলে এই এনকাউণ্টাৰ ভুৱা।
এনে প্ৰতিবাদৰ মাজতে এই এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাজ্যচৰকাৰে গঠন কৰিলে পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া কমিটীৰ তদন্ত আয়োগ। এই আয়োগৰ তদন্তৰ অন্তত পোহৰলৈ আহিল, ভুৱা আছিল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ।
অনুৰূপ ঘটনা সংঘটিত হল শিৱসাগৰৰ সুৰজ গগৈৰ লগত। আলফাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগত আৰক্ষীয়ে প্ৰথমে আটক কৰি পৰৱৰ্তী সময়ত আৰক্ষীৰ বেহু ভেদ কৰি পলাবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হৈছিল সুৰজ গগৈ।
দীৰ্ঘদিন হস্পিতালত জীৱন, মৃত্যুৰে যুঁজ দি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সুৰজ গগৈয়ে। পৰৱৰ্তী সময়ত সেই সুৰজ গগৈৰ পত্নীকেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰ্থিক ক্ষতিপূৰণ আদায় দিয়াৰ লগতে এটা চাকৰিও প্ৰদানৰ আশ্বাস প্ৰদান কৰে।
এই দুই এনকাউণ্টাৰৰ লগতে ৰাজ্যত আন বহু কেইটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হল। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে, ন্যায়ালয়ৰ মহামান্য ন্যায়াধীক্ষে আৰক্ষীৰ বাহনত চি চি কেমেৰা লগাবলৈ পৰামৰ্শ দিবলৈ বাধ্য হৈ পৰিল।
সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হল ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন। এই আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যচৰকাৰৰ পৰা এনকাউণ্টাৰৰ বিষয়ত বিচাৰে শপতনামা। আৰু এই শপতনামাত উল্লেখ কৰা অনুসৰি ৰাজ্যত ২০২১ চনৰ মে মাহৰ পৰা ২০২২ চনৰ আগষ্টলৈ অসমত ১৭১টা এনকাউণ্টাৰ সংঘটিত হৈছে।
ইয়াৰ ভিতৰত ৫৬ জন অভিযুক্ত নিহত হোৱাৰ লগতে আহত হৈছে ১৪৫ গৰাকী অভিযুক্ত। আনহাতে ডিচেম্বৰ মাহলৈ এনকাউণ্টাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫৮ জনলৈ।
এই পৰ্যন্ত এনে এনেকাউণ্টাৰৰ বিৰুদ্ধে ১৭ টাকৈ গোচৰ ৰুজু হৈছে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত। উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰা এই তথ্যৰ বিপৰীতে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰাকাৰৰ গৃহ বিভাগৰ পৰা কোৱা হৈছে বিগত সময়ত ৰাজ্যত এটাও এনকাউণ্টাৰ সংঘটিত হোৱা নাই।
একেদৰে ধিঙৰ ছফিকুল ইছলামৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত যি লংকাকাণ্ড সংঘটিত হল সেই লংকাকাণ্ডই গৃহ বিভাগৰ ব্যৰ্থতাৰ আন এক দিশ উন্মোচন কৰিলে। আৰক্ষীৰ এটা ভুলৰ বাবে পৰৱৰ্তী সময়ত সংঘটিক হোৱা থানা জ্বলোৱা কাণ্ডৰ সৈতে ড্ৰাগছ মাফিয়াও জড়িত হৈ পৰাৰ সুযোগ গ্ৰহণ কৰিলে।
থানা জ্বলোৱাৰ আঁৰত কা ড্ৰাগছ মাফিয়া তথা আন অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ প্ৰমাণ ধ্বংসৰ বাবে থানা জ্বলাই দিয়া কাৰ্য গৃহ বিভাগ ব্যৰ্থ হোৱাৰ আন এক উদাহৰণ।
যোৱা এটা বছৰত ৰাজ্যত যিদৰে অপৰাধ নিয়ন্ত্ৰণৰ নামত এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পালে ঠিক তেনেদৰে বৃদ্ধি পালে হত্যা, হিংসা, চোৰ, ডকাইত, প্ৰৱঞ্চনা আদিৰ দৰে ঘটনা। চৌদিশে আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীতে সংঘটিত হ'ল তেনে বহু হত্যাকাণ্ড।
দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হল কেইবাজনক। পিষ্টল দেখুৱাই লুটি নিয়া হল ধন, অলংকাৰ আদি। একেদৰে গুৱাহাটীৰ বাহিৰত ৰাজ্যৰ আন আন প্ৰান্ততো সংঘটিত হল ৰাজ্য কপাই যোৱা হত্যাকাণ্ড।
তেনে এক হত্যাকাণ্ড ধূলা আৰক্ষী থানাৰ অন্তৰ্গত আৰতী তুৰীৰ হত্যাকাণ্ড। দৰং আৰক্ষীৰ ভিতৰৰ জঘণ্য স্বৰূপ উদঙাই দিয়া এই হত্যাকাণ্ডই টকাৰ ওচৰত কিদৰে মানৱতা ভূলণ্ঠিত হয় সেই কথাক পুনৰবাৰ প্ৰমাণ কৰিলে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পৰৱৰ্তী সময়ত আৰতী তুৰীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক গাপ দিবলৈ চেষ্টা কৰা দৰঙৰ আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, কাৰ্যবাহী দণ্ডাধীশ, চিকিতসক সকলোৰে বিৰুদ্ধে গ্ৰহণ কৰা হয় শাস্তি মূলক ব্যৱস্থা।
বছৰৰ প্ৰায় শেষত অসম জাতীয় পৰিষদে সংবাদ মেলৰ জৰিয়তে ৰাজ্যত সংঘটিত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ ছিণ্ডিকেটৰ সবিশেষ তথ্য ৰাজহুৱা কৰাৰ ঘটনায়ো ৰাজ্যৰ প্ৰশাসনৰ দুৰ্বল স্বৰূপটোৰ উন্মোচিত কৰিলে।
দিহিং পাটকাইৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত নিষেধাাজ্ঞা থকাৰ পিছতো ধাৰাবাহিক ভাৱে দিনে নিশাই কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ জৰিয়তে দৈনিক কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰ ঘটনাৰ সবিশেষ তথ্য প্ৰমাণসহ পোহৰলৈ অহাৰ পিছতো অৱশ্যে এই পৰ্যন্ত প্ৰশাসনে, গৃহ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
At our Govt’s 50th Cabinet meeting held today, we took several decisions, including settlement for indigenous landless families, transformation of Batadrava Than, setting up Freedom Park at Jorhat Jail and new bridges over Subansiri & Pagladiya, among others. pic.twitter.com/6e0FHnA7bz
— Himanta Biswa Sarma (@himantabiswa) June 11, 2022
কেবিনেট বৈঠক
২০২২ বৰ্ষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহু কেইখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ল। গান্ধী মণ্ডপৰ পৰা আৰম্ভ কৰি যোৰহাট, তেজপুৰ, শিলচৰ, বঙাইগাওঁকে ধৰি কেইবাখনো জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকতে গ্ৰহণ কৰিলে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
অৱশ্যে কেবিনেটৰ সিদ্ধান্ত আৰু তাৰ কাৰ্যকৰীকৰণৰ ওপৰত আছে আকাশ পাতাল প্ৰাৰ্থক্য। আনহাতে জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবেও বিভিন্ন সময়ত সমালোচিত হৈ আহিছে অসম চৰকাৰ।
কেবিনেট বৈঠকৰ নামত লাখ লাখ টকা অপচয় কৰা বুলিও অভিযোগ উঠিছে। তাৰ মাজতে যোগাত্মক কথা এয়াই যে কেবিনেট বৈঠক নিৰ্দিষ্ট এখন জিলাত অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিততে সেই জিলাৰ কিছু উন্নয়ন সম্ভৱ হৈ পৰিছে।
এক তথ্য অনুসৰি এই পৰ্যন্ত প্ৰায় ৯০০ ৰো অধিক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও এই সিদ্ধান্তৰ কাৰ্যকৰী কৰা হৈছে মাত্ৰ ৩০০ হে। ইয়াৰ পৰাই বুজিব পাৰি ৰাজ্য চৰকাৰে মহা ধুমধামেৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকে প্ৰকৃততে কি সুফল দিছে।
বিকাশৰ এটা পষেক
২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে বিকাশৰ এটা পষেক কাৰ্যসূচী হাতত লয়। সেই অনুসৰি ৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১ খন জিলাত এই কাৰ্যসূচী হাতত লোৱা হয়। বিকাশৰ এটা পষেকৰ কাৰ্যসূচী অনুসৰি মুঠ ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে শিলান্যাস সম্পূৰ্ণ কৰা হৈছে।
বিকাশৰ এটা পষেকৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ নিৰ্ধাৰিত ১১ খন জিলাত সংহত জিলা উপায়ুক্ত কাৰ্যালয় নিৰ্মাণৰ সিদ্ধান্ত ঐতিহাসিক হিচাপে বিবেবিচ হৈছে। চৰকৰৰ প্ৰতিটো বিভাগৰ জিলা কাৰ্যালয় উপায়ুক্ত কাৰ্যালয়ৰ সৈতে সংযুক্ত কৰাৰ ফলত সৰ্বসাধাৰণৰ বাবে ই হৈ পৰিব আশীৰ্বাদ স্বৰূপ।
কিয়নো এটা বিভাগৰ কাৰ্যালয়ৰ পৰা আন এটা বিভাগৰ কাৰ্যালয় বিচাৰি বিচাৰি দৌৰি ফুৰিবলগীয়া হোৱা সাধাৰণ জনতাই চৰকাৰী কাম বুলিলেই হুমুনিয়াহ কাঢ়িবলৈ ধৰিছে। সংহত উপায়ুক্ত কাৰ্যালয়ত সকলো বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ ফলত এই অসুবিধা দূৰ হোৱাৰ লগতে এটা বিভাগৰ আন এটা বিভাগৰ সৈতে সমন্বয় স্থাপনতো সুবিধা হ'ব।
উল্লেখ্য যে, বিকাশৰ বাবে এটা পষেকৰ কাৰ্যসূচীয়ে যিসমূহ প্ৰকল্প সামৰি লৈছেত তাৰ ভিতৰত আছে আৰু মেডিকেল কলেজ, অসম মালাৰ অধীনত ডাঙৰ পথ, ফ্লাই অ’ভাৰ নিৰ্মাণ, ষ্টেডিয়াম আদি৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ভাষ্য অনুসৰি এই প্ৰকল্পসমূহ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে সম্পূৰ্ণ হৈ উঠিব।
শিলচৰ কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল গুৱাহাটীত তিনিখন ফ্লাই অ’ভাৰ নিৰ্মাণ কৰাৰ কথা। সেই অনুসৰি গুৱাহাটীৰ উলুবাৰীৰ পৰা খানাপাৰালৈ ক’তো পুলিচ পইণ্ট নাথাকিব৷ ডাউন টাউন, গড়চুক , ফটাশিল-কুমাৰপাৰাত ফ্লাই অ’ভাৰ হ’ব৷ তদুপৰি গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব নতুন পথ৷
এটা বছৰত ১০ হাজাৰ কোটিৰো অধিক ঋণ ল'লে চৰকাৰে
ইতিমধ্যে অসম চৰাকৰে অৰুণোদয় ২.০ আৰম্ভ কৰিছে। ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰে বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী ৰূপায়ণ কৰিছে। অথচ সেই একেখন চৰকাৰেই বহন কৰি আছে ১ লাখ ৩০ হাজাৰ কোটিৰ ঋণৰ বুজা।
আনহাতে যোৱা এটা বছৰত লোৱা ঋণৰ পৰিমাণ হ'ল ১৮ হজাৰ কোটি টকা। তাৰ পিছতো ৰাজ্য চৰকাৰে প্ৰায় প্ৰতিখন কেবিনেট বৈঠকতে হিতাধিকাৰী সৃষ্টিৰ ওপৰতেই গুৰুত্ব দি আছে।
যোৱা নৱেম্বৰ মাহত অসম চৰকাৰে মাত্ৰ ১৫ দিনত ল'লে ১৬০০ কোটি টকাৰ ঋণ। এইদৰেই অসম চৰকাৰে এতিয়া ঋণৰ ওপৰত ঋণ গ্ৰহণ কৰি আৰ্থিক নাটনি দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
এটাৰ পিছত আন এটাকৈ নতুন নতুন কৰ সৃষ্টিৰ লগতে কৰৰ পৰিমাণ বৃদ্ধি কৰাৰ উপৰিও ৰাজহ সংগ্ৰহৰ বাবেই ৰাজ্য চৰকাৰে সুৰাৰ অবাধ প্ৰচলনত অধিক গুৰুত্ব প্ৰদান কৰিছে। সুৰাৰ জৰিয়তেই বছৰত ৩ হাজাৰ কোটিৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে।
এনে এক পৰিস্থিতিৰ পিছতো ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিত নতুনকৈ ১০,৫৭,৫১৬ গৰাকী নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছে। এতিয়া মুঠ ‘অৰুণোদয়’ হিতাধিকাৰী হ’বগৈ ২৭,৭৭,০০০ গৰাকী৷অহা বছৰত আৰু ৯ লাখ হিতাধিকাৰী সৃষ্টি কৰি মুঠ হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ।
ভাষা আৰু শিক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে গ্ৰহণ কৰিছে বিপৰীত স্থিতি
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া কাকত প্ৰত্যাহাৰ, অসমীয়া মাধ্যমৰ বিদ্যালয় একত্ৰিকৰণৰ নামত বন্ধ কৰা, ইংৰাজী মাধ্যমলৈ বৰপীৰা পাৰি দিয়া, চৰকাৰী পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যম আদিৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে। প্ৰথমে অসম লোকসেৱা আয়োগত পূৰ্বে বাধ্যমতামূলক ভাৱে থকা অসমীয়া কাকতখন প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাৰ সম্যক জ্ঞান নথকাক অসম লোকসেৱা আয়োগৰ চাকৰি প্ৰাপ্তিৰ বাট মুকলি কৰিদিলে অসম চৰকাৰে।
ইয়াৰ পিছত বিদ্যালয় একত্ৰিকৰণৰ নামত বহু ঐতিহ্যমণ্ডিত বিদ্যালয় বন্ধ কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। অনুৰূপ ধৰেণে প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্তিকৰণ কৰিলে। নিশ্চিত ভাৱে ই অসমীয়া মাধ্যমৰ শিক্ষাৰ বাবে দুৰ্ভাগ্যজনক।
আনহাতে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰিবলৈ আগবঢ়া অসমৰ শিক্ষা বিভাগে শিক্ষানীতিৰ আধাৰতে মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে প্ৰথামিক পৰ্যায়ৰ পৰাই গণিত আৰু বিজ্ঞানৰ শিক্ষা ইংৰাজীত বাধ্যতামূলক কৰা কাৰ্যও অসমীয়া ভাষাৰ বাবে ক্ষতিকাৰক । একেদৰে চৰকাৰৰ পৃষ্ঠপোষকতাত সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনো অসমীয়া ভাষাৰ বাবে হৈ পৰিব বিপদজনক।
অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত যোগাত্মক খবৰ এয়াই যে ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এই পৰ্যন্ত সফল নহ'ল যদিও যিখিনি নিযুক্তি প্ৰদান কৰিলে তাৰ মাজত শিক্ষা বিভাগতেই সৰ্বাধিক নিযুক্তি সম্পন্ন হৈ গ'ল।
#AssamFloods
In wake of ongoing situation of floods & to review preparedness, will connect with my cabinet colleagues, DCs & Civil SDOs on June 20, 9.30 am onwards from my office via VC
Watch LIVE👇
✔https://t.co/gc7FLRBPdU
✔ https://t.co/4769QYLSsp
✔https://t.co/tlYv8bmues— Himanta Biswa Sarma (@himantabiswa) June 19, 2022
চৰকাৰৰ এইবোৰ কথায়েও বছৰটোক পাহৰিব নিদিব
বছৰৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে চিৰিয়াখানাৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল বৰ্ষীয়ান বুদ্ধিজীৱি হীৰেন গোহাঁই। চিৰিয়াখানা সুৰক্ষা সমিতিৰ উদ্যোগত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভোদ উদ্যানৰ পৰা গুজৰাটৰ জাম নগৰত আম্বানিয়ে নিৰ্মাণ কৰি থকা চিৰিয়াখানালৈ বিভিন্ন জন্তু সৰবৰাহ কৰি অহাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে।
বছৰটোৰ মাজভাগৰ পৰা বৰ্তমানলৈকে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ গঁড়, পেন্থাৰ, হৰিণা, বান্দৰ আদি প্ৰেৰণ কৰা হৈছে। যি কথাই অসমৰ প্ৰকৃতি প্ৰেমীক ক্ষুন্ন কৰি তুলিছে।
২০২২ ত অহা প্ৰলয়নকাৰী বানেও ২০২২ ক মনত ৰাখিবলৈ বাধ্য কৰিব। প্ৰকৃতিয়ে নিজস্ব ৰূপত সজাই পৰাই তোলা হাফলঙক মানুহে বিজ্ঞানৰ জৰিয়তে নতুনকৈ সজোৱাৰ চেষ্টা কৰাৰ বাবেই হয়তো প্ৰকৃতিৰ ৰোষত পৰিল হাফলং।
যাৰ বাবে বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণে হাফলঙক ধ্বংসস্তূপলৈ পৰিণত কৰিলে। একেদৰে বৰাক উপত্যকাতো চলালে ধ্বংসলীলা। উজনিৰ পৰা নামনিলৈ প্ৰায় প্ৰতিখন জিলাতেই হোৱা বানত ক্ষতিগ্ৰস্ত হ'ল লাখ লাখ লোক।
অৱশ্যে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলক তৎকালীন ভাৱে ক্ষতিপূৰণ দিয়াৰ যি ব্যৱস্থা কৰিলে সেয়া নিশ্চয় চৰকাৰখনৰ এক যোগাত্মক পদক্ষেপ।
বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ ঘটনাৰ পিছতে অসমত উত্তৰ প্ৰদেশৰ আৰ্হিত অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাৰ এক পৰম্পৰাৰ সূচনা হ'ল। যি পৰম্পৰাক কেন্দ্ৰ কৰি বিতৰ্ক চলি আছে।
আনকি উচ্চ ন্যায়ালয়েও অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাৰ বিষয়টোক সহজ ভাৱে লোৱা নাই। বটদ্ৰৱাৰ পিছতে তিনিচুকীয়াত আৰু ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন স্থানত মাদ্ৰাছাৰ ওপৰত বুলড'জাৰ চলোৱা কাৰ্যক সহজভাৱে লোৱা নাই ৰাজ্যৰ সৰ্বস্তৰৰ জনতাই। অসমত নতুনকৈ গা কৰি উঠা এই পৰম্পৰাৰ বাবেই ২০২২ ক মনত ৰাখিব ৰাজ্যবাসীয়ে।
এইদৰেই অসম চৰকাৰে ২০২২ বৰ্ষটো পাৰ কৰিলে।আৰম্ভণিৰ পৰা শেষলৈ বিতৰ্ক। তাৰ মাজতে কিছু যোগাত্মক চিন্তাৰে ধনাত্মক কাৰ্যকলাপ। বিতৰ্ক আৰু চৰ্চিত বিষয়বোৰৰ মাজত অধিকাংশই আইন, শৃংখলা জনিত আৰু ভাষা, শিক্ষাৰ লগত জড়িত। গতিকে বিগত সময়ৰ ভুলৰ পৰাই শিক্ষা লৈ আগন্তুক সময়ৰ বাবে কাৰ্যপন্থা ল'ব লাগিব অসম চৰকাৰে। নতুন বছৰত সেয়াই হওক।
ক্লিক কৰি পঢ়কঃ ২০২২ বৰ্ষত কেৱল গুৱাহাটীতে ৩৭০ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ