"সেই মানুহজনলৈ চোৱাচোন, সেইজনেই সেই চয়তানজন যিয়ে এদিন ব্ৰাজিলক কন্দুৱাইছিল।" - এটা শ্বপিংমলত এগৰাকী মহিলাই নিজৰ সন্তানক এইদৰেই চিনাকী কৰাই দিছিল বিশ্ব ফুটবলৰ আটাইতকৈ ট্ৰেজিক গ'লৰক্ষকজনক।
সেই দিনটোৱেই আছিল সেই দুৰ্ভগীয়া গ'লৰক্ষকজনৰ জীৱনৰ আটাইতকৈ দুৰ্ভগীয়া দিন। যদিও তেওঁ ২০ বছৰৰ আগতে কৰা এটা ভুলৰ বাবেই চয়তানৰ আখ্যা পাইছে, তথাপিও ২০ বছৰৰ আগৰ সেই বিশেষ দিনটোতকৈ আজিৰ দিনটো তেওঁৰ বাবে বেছি বেদনাদায়ক। কাৰণ নতুন প্ৰজন্মৰ ওচৰতো তেওঁ আজি আকৌ চয়তান হৈ পৰিল।
সেয়া আছিল ১৯৫০ চনৰ ১৬ জুলাই। অভিশপ্ত মাৰাকানা। যি মাৰাকানা ব্ৰাজিলৰ গৌৰৱ-অহংকাৰৰ প্ৰতীক সেই মাৰাকানাই হৈ পৰিল তেওঁলোকৰ বাবে দ্বিতীয় হিৰোশ্বিমা।প্ৰথমবাৰৰ বাবে ব্ৰাজিলত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবলৰ ফাইনেল। সন্মুখত উৰুগুৱে।
সিদিনা দেওবাৰ। ব্ৰাজিলৰ অগণন লোক মাৰাকানা অভিমুখে গতি কৰিছে। নিশ্চিত বিজয়ৰ উৎসৱত চামিল হ'বলৈ আগবাঢ়িছে সকলো। সকলোৰে মনত আনন্দ। বিশ্ব জয় কৰিব তেওঁলোকে!
ইতিমধ্যে ব্ৰাজিলৰ কাকতত ডাঙৰ ডাঙৰ আখৰেৰে বাতৰি প্ৰকাশ হৈ গৈছে। এতিয়া কেৱল ৯০ মিনিটৰ এখন আনুষ্ঠানিক যুঁজৰ হে অপেক্ষা। ঐতিহাসিক মাৰাকানাত ২ লাখ জনতা। মাৰাকানাৰ বাহিৰত, ৰেডিঅ'ৰ সন্মুখত অগণন অনুৰাগী।
সময়ত মেচ অনুষ্ঠিত হ'ল। প্ৰথম ৪৫ মিনিট গ'লশূন্য। দ্বিতীয়াৰ্ধৰ মেচ আৰম্ভ হ'ল। প্ৰথমটো মিনিটতে ফ্ৰিংকাৰ গ'ল। ষ্টেডিয়ামৰ ২ লাখ জনতা চিঞঁৰি উঠিল। লগে লগে ৰেডিঅ'ত বাজিল 'গ'ল ডু ব্ৰাজিল।'
ইয়াৰ পিছত আকৌ আৰম্ভ হ'ল যুজঁ। ৬৬ মিনিটত ঘিজিয়াৰ পাছ আৰু ছিফিয়ানোৰ ব্ৰাজিলৰ গ'ল পষ্টলৈ শ্বট। উৰুগুৱেৰ ক্ষমতা স্থাপন। নিতাল হৈ পৰিল মাৰাকানা।
আকৌ আৰম্ভ হ'ল যুজঁ। এইবাৰ বিশ্বজয়ৰ যুজঁ আৰম্ভ। পুনৰ ব্ৰাজিলৰ বক্সৰ ভিতৰত দপদপাই উঠিছে ঘিজিয়া। এইবাৰ ঘিজিয়াই সলনি কৰিলে ৰণকৌশল। বলটো পাছ নকৰি নিজেই শ্বট কৰিলে গ'ল পষ্টলৈ।
একো ধৰিবই নোৱাৰিলে বাৰবোছাই। ঘিজিয়াৰ শ্বট গৈ ব্ৰাজিলৰ গ'ল প'ষ্টৰ ভিতৰত।
: গ'ল ডু উৰুগুৱে!
: গ'ল ডু উৰুগুৱে?
: গ'ল ডু উৰুগুৱে।
প্ৰথমে আশ্চৰ্য, তাৰ পিছত প্ৰশ্ন, শেষত পিছত উত্তৰ। একেটাই বাক্য। নিস্তব্ধ মৰিশালিলৈ পৰিণত হ'ল ২ লাখ জনতাই ভৰি থকা মাৰাকানা। সেইটো যেন ঘিজিয়াৰ গ'ল আছিল হিৰোশ্বিমাত পৰা আমেৰিকাৰ আনৱিক বোমাটোহে।
৯০ মিনিটৰ আগলৈকে ভগৱান হৈ পৰা ১১ জন ফুটবলাৰ মুহূৰ্তৰ ভিতৰতে হৈ পৰিল চয়তান। এই পৰাজয়ৰ বাবে আটাইতকৈ বেছি দুৰ্ভোগ ভূগিবলগীয়া হ'ল কৃষ্ণ বৰ্ণৰ বাৰবোছাই। ব্ৰাজিলৰ গ'ল ৰক্ষক বাৰবোছা।
সেই মাত্ৰ এটা গ'লৰ বাবেই বাৰবোছা হৈ পৰিল ব্ৰাজিলৰ আটাইতকৈ কুলক্ষণীয়া ব্যক্তি। এঘৰীয়া হৈ পৰিল বাৰবোছা। আনকি সতীৰ্থ খেলুৱৈ সকলেও এৰি চলিলে বাৰবোছাক। কেৱল সেয়াই নে?
কেইটামান দিনৰ আগলৈকে সকলোৰে নয়ণৰ মণি হৈ পৰা বাৰবোছা তেতিয়া হৈ পৰিছিল বিশ্বাসঘাটক, কুলক্ষণীয়া । যাৰবাবে বাৰবোছাৰ লগত বিবাহত বহিবলৈয়ো আগবাঢ়ি নাহিল কোনো যুৱতী।
ব্ৰাজিলবাসীয়ে কৃষ্ণবৰ্ণৰ লোকসকলৰ দেশ প্ৰেমৰ প্ৰতি সন্দেহ কৰে। বিশ্বাসৰ যোগ্য নহয় কৃষ্ণবৰ্ণৰ ব্ৰাজিলিয়ানসকল। বাৰবোছাও কৃষ্ণ বৰ্ণৰে আছিল।
বাৰবোছাই সেই অভিশপ্ত মেচখনৰ পৰা প্ৰায়চিত্ব বিচাৰিছিল। ব্ৰাজিলিয়ানসকলে সেই সুবিধা তেওঁক নিদিলে। বাৰবোছাই বিচাৰিছিল তেওঁৰ ভুলক ক্ষমা কৰি দিয়ক দেশবাসীয়ে। বাৰবোছাৰ ইচ্ছা পূৰ্ণ নহ'ল।
বৰঞ্চ তেওঁলোকে প্ৰতিদিনে বাৰবোছাক মনত পেলাই দিলে ১৯৫০ চনৰ ১৬ জুলাইৰ কথা। অৱশেষত ২০০০ চন ৭ এপ্ৰিলত বাৰবোছাৰ মৃত্যু হ'ল। বাৰবোছাৰ মৃত্যুতো ব্ৰাজিলিয়ানসকলৰ অন্তৰ কুমল নহ'ল।
শেষ যাত্ৰাত তেওঁৰ কফিন কঢ়িয়াই নিলে মাত্ৰ চাৰিজন লোকে। লগত আছিল আৰু এজন। সকলো বাৰবোছাৰ অচিনাকী। মৃত্যুৰ আগত বাৰবোছাই কৈ গ'ল -"ব্ৰাজিলত যাৱজ্জীৱন কৰাদণ্ডৰ ম্যাদ ২০ বছৰ কিন্তু ৫০ বছৰেও মুক্তি নাপালোঁ।"
ক্লিক কৰি পঢ়কঃ ২০২৩ ৰ ১ জানুৱাৰীৰ ভাল খবৰটো আজিয়েই...