এয়া উৎসৱৰ বতৰ। শাৰদীয় সংস্কৃতি পৰিক্ৰমাটো আৰম্ভ হয় ঠিক বিশ্বকৰ্মা পূজাৰ পৰা। শৰৎ সোমোৱাৰ লগে লগে উৎসৱৰ জোৱাৰ উঠে। দুর্গা পূজা, লক্ষ্মী পূজা, কালী পূজাৰ লগতে কাতি বিহু, ৰাস ইত্যাদি অনেক। ইয়াৰ মাজতে আছে ধনতেৰাচ। অসমত এই দিনটো পূৰ্বতে ইমান বহুলভাৱে পালন কৰা হোৱা নাছিল যদিও বৰ্তমান সময়ত সকলোৱে অতি শ্ৰদ্ধা-ভক্তিৰে ধনতেৰাচ পালন কৰা দেখা যায়। ধনতেৰাচৰ নীতি-নিয়ম তথা লোকবিশ্বাস সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...
শৰৎ মানে এক শাৰদীয় অনুভূতি। শৰতৰ এই আহিন মাহতে উদযাপন কৰা হয় ধন ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক। কেৱল লক্ষ্মী পূজাৰ দিনাই নহয় দিপাৱলীৰ এদিন পূৰ্বেও এক বিশেষ দিনত পূজা কৰা হয় মা লক্ষ্মীক। দীপান্বিতাৰ প্ৰাকমুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰিলে বছৰটোত ধন,জন, ঐশ্বৰ্য্য ,বিভূতি উভৈনদী হৈ ৰয় বুলি মান্যতা আছে । এই বিশেষ উৎসৱক কোৱা হয়- "ধনতেৰাচ"।
ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। বিশ্বাস অনুসৰি, প্ৰতি বছৰে কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰাচ উদযাপন কৰা হয়। বিশেষ দিনটোত গণেশ আৰু মা লক্ষ্মীক একেলগে উপাসনা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল ৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰাচ বুলি জনা যায় ।
কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ পৃথিৱীত আবিৰ্ভাৱ হৈছিল। ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয়। সেয়ে শাস্ত্ৰ মতে, ধনতেৰাচক অত্যন্ত শুভ দিন হিচাপে বিবেচনা কৰা হয়। এই বছৰ ধনতেৰাচ ২৯ অক্টোবৰ মঙলবাৰে উদযাপন কৰা হ'ব।
উক্ত দিনটো ধনত্ৰয়োদশী উপলক্ষে সন্ধিয়া চাকি-বন্তি জ্বলোৱাৰ পৰম্পৰা আছে । পৰিয়ালৰ শান্তিৰ বাবে সেইদিনা সন্ধিয়া চাকি জ্বলোৱা হয়, ইয়াক যম দীপক বুলি কোৱা হয় । এই চাকি যমৰাজৰ বাবে জ্বলোৱা হয় । লোকবিশ্বাস অনুসৰি, এনে কৰিলে পৰিয়ালত অকাল মৃত্যুৰ হাৰ কম হয়।
উল্লেখযোগ্য যে, ধনতেৰচৰ দিনা ভগৱান ধনৱন্তীৰ পূজা কৰাৰ মান্যতা আছে ৷ ধনতেৰচৰ দিনা বাচন-বৰ্তন কিনাৰ প্ৰথা আছে ৷ হিন্দু পৰম্পৰা অনুসৰি, বাচন-বৰ্তনক প্ৰাচুৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ সেয়ে সকলোৱে নিজ নিজ ঘৰত ধন-সম্পত্তি বৃদ্ধিৰ হেতুকে প্ৰাচুৰ্যৰ প্ৰতীক বাচন-বৰ্তন কিনিব লাগে। এই বিশেষ দিনটোত সোণ, ৰূপ, তাম, পিতল আৰু কাঁচৰ বাচন-বৰ্তন কিনাটো শুভ হিচাপে গণ্য কৰা হয়।
যিহেতু দেৱী লক্ষ্মী পৰিষ্কাৰ-পৰিচন্ন আৰু সাকাৰাত্মক স্থানত বাস কৰে, সেয়ে সকলোৱে দীপাৱলীৰ দিনা প্ৰথমতে ঘৰ-দুৱাৰ আদি পৰিষ্কাৰ-পৰিচন্ন কৰে ৷ দীপাৱলী আৰম্ভ হোৱাৰ পৰা আৰম্ভ কৰি ধনতেৰচ তথা দীপাৱলীৰ অন্তিম দিনলৈকে ঘৰ-দুৱাৰ পৰিষ্কাৰ-পৰিচন্ন হৈ থকাটো বাঞ্চনীয় ৷ শাস্ত্ৰ অনুসৰি এই বিশেষ দিনটোত কাকো ঋণ নিদিব, কিন্তু দান কৰিব পাৰে ৷
উল্লেখ কৰা প্ৰয়োজন, ধনতেৰাচক অত্যন্ত শুভ দিন হিচাপে বিবেচনা কৰা হয়। সেয়ে অতি উৎসাহেৰে পালন কৰা হয় ধনতেৰাচ। এই বছৰ ধনতেৰাচত সৃষ্টি হ’ব ৰাজযোগৰ। যাৰ ফলত কপাল ফুলিব ৫টা ৰাশিৰ জাতক-জাতিকাৰ। জ্যোতিষশাস্ত্ৰ অনুসৰি, ৫৯ বছৰ পিছত সৃষ্টি হ’ব এই বিশেষ ৰাজযোগ। এইবাৰ ধনতেৰাচত শনি ৩০ বছৰ পিছত কুম্ভ ৰাশিত থাকিব। একে সময়তে শুক্ৰ থাকিব কন্যা ৰাশিত, বৃহস্পতি থাকিব মেষ ৰাশিত আৰু সূৰ্য থাকিব তুলা ৰাশিত। মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে খুব উপকাৰী প্ৰমাণিত হ’ব।
পঞ্জিকা অনুসৰি, এইবেলি ২৯ অক্টোবৰত ১ ঘণ্টা ৪১ মিনিটৰ শুভ মুহূৰ্ত আছে। সন্ধিয়া ৬.৩১ বজাৰ পৰা আৰম্ভ কৰি নিশা ৮.১৩ বজালৈ। এই সময়ত পূজা কৰিলে শুভ ফল লাভ হ’ব বুলি ধাৰণা কৰে পণ্ডিতসকলে। কিন্তু মঙলবাৰে পুৱা ১০.৩১ বজাৰ পৰা পিছৰ দিনা অৰ্থাৎ ৩০ অক্টোবৰ বুধবাৰে নিশা ১.১৫ বজালৈ ধন ত্ৰয়োদশীৰ তিথি থাকিব।
যদিও অসমত এই বিশেষ দিনটো পূৰ্বতে ইমান বহুলভাৱে পালন কৰা হোৱা নাছিল কিন্তু ,বর্তমান সময়ত ধনতেৰাচ যথেষ্ট সংখ্যক লোকে অতি ভক্তিভাৱেৰে পালন কৰা দেখা যায়।