এই কেইদিন সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে পুলিচ। মহানগৰীৰ এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৰাজহুৱা স্থানত কৰা ব্যৱহাৰকলৈ প্ৰায় সকলো সমালোচনাৰ মুখৰ হৈ পৰিছে। আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰাই নহয়, তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে।
ভাৰ্গৱ বৰবৰা নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে পাণবজাৰ থানাত ৰুজু হোৱা গোচৰ নং ৩২৫/২৪। ভাৰতীয় ন্যায় সংহিতাৰ ১০৯, ১৬৬, ২৯৬, ১২৭(২) আৰু ৩৫১ ধাৰাত এই জামিনবিহীন গোচৰ ৰুজু কৰিবলৈ আৰক্ষী বাধ্য হৈছে।
আদালতত দোষী সাৱ্যস্ত হ’লে বিষয়াগৰাকীৰ সৰ্বোচ্চ ১০ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে। ৰাইজৰ আদালতত এই বিষয়াজনক ইতিমধ্যে ৰাইজে দোষী সাৱ্যস্ত কৰিছে। কোনোৱে নিবিচাৰে এজন আৰক্ষী বিষয়াৰ ব্যৱহাৰ তেওঁৰ দৰেই হওক। আৰক্ষীয়ে বহু হেঁচাৰ মাজত কাম কৰিব লগা হয়।
সেই হেঁচা আৰু মানসিক চাপ লৈ কৰ্তব্য সম্পাদনা কৰোতে এজন আৰক্ষী বা আৰক্ষী বিষয়াই কৰিব নলগা কিছু কাম কৰি পেলায়। এনে বহু ঘটনা আঁৰতেই ৰৈ যায়। সেইদিনা এগৰাকী পথচাৰীয়ে এই দৃশ্য কেমেৰাত বন্দী কৰাত বিষয়াজনৰ আচৰণ পোহৰলৈ আহিল।
আৰক্ষী মানেই গুণ্ডা নহয়। ভয়- ভাবুকিৰে আৰক্ষীয়ে আগৰ দৰে এতিয়া কৰ্তব্য সম্পাদন কৰিব নোৱাৰে। পূৰ্বতকৈ মানুহ বহু সজাগ হ’ল। এনে দিন আছিল- কান্দি থকা সৰু ল’ৰা- ছোৱালীক মাক- বাপেকে পুলিচ আহিছে বুলি ভয় খুৱাই কান্দোন বন্ধ কৰিব পাৰিছিল। এতিয়া আৰু সেই দিন নাই।
এই আৰক্ষী বিষয়াজনৰ কথা- বতৰাবোৰ আলোচনা আৰু চৰ্চাৰ শীৰ্ষত থকাৰ সময়তে আন এজন আৰক্ষী বিষয়াৰ এটা পুৰণি ভিডিঅ’ চকুত পৰিল। এখন থানৰে ভিতৰৰ পৰিৱেশ আছিল সেয়া। ৬০ ঊৰ্ধৰ এগৰাকী বৃদ্ধাই তেওঁৰ কোঠাত প্ৰৱেশ কৰি বাৰ্তালাপ কৰি থকাৰ দৃশ্য আছিল সেয়া।
এক সৌহাদ্যপূৰ্ণ পৰিৱেশত দুয়োৰে মাজত মত- বিনিময় হৈছিল। গভীৰ আস্থাৰে বৃদ্ধাগৰাকীয়ে কৃতজ্ঞতা জনাবলৈ তেওঁৰ কাষলৈ আহিছিল। দৃশ্যটো চালে, সেই কথা বুজিব পাৰি। বৃদ্ধাগৰাকীয়ে তেওঁক আশীৰ্বাদ দিছিল। হাতত থকা বেগটো খুচৰি আৰক্ষী বিষয়াগৰাকীক কৈছে- তেওঁ বিষয়াগৰাকীৰ বাবে কিবা এটা লৈ আহিছে।
বিষয়াগৰাকীয়ে বৃদ্ধাগৰাকীৰ পৰা কোনো বস্তু ল’বলৈ আগ্ৰহ ব্যক্ত কৰা নাছিল। কিন্তু নাচোৰবান্দা বৃদ্ধাগৰাকী। বেগটোৰ পৰা পলিথিনৰ টোপোলা এটা উলিয়াই আৰক্ষী বিষয়াজনৰ হাতত তুলি দি তেওঁ কৈছে- ঘৰৰ বাৰীৰে মানিমুনি আৰু ভেদাইলতা অলপ লৈ আহিছে তেওঁ।
বৃদ্ধাগৰাকীৰ হাতৰ পৰা তেওঁ বৰ আগ্ৰহেৰে এই টোপোলাটো লৈ কাষতে থকা কনিষ্টবলজনক থ’বলৈ দিছে। তাৰ পাছত আইতাগৰাকীয়ে আকৌ বেগটোত হাত সোমোৱাই কৈছে- আৰু এটা বস্তু লৈ আহিছে তেওঁ। কি বস্তু আনিছে, সেই ব্যাখ্যাও বৃদ্ধাগৰাকীয়ে কৰিছে।
তেওঁ অনা দ্বিতীয় বিধ সামগ্ৰী আছিল নিজ হাতেৰে প্ৰস্তুত কৰা এখন ভৰি মোচা মেট। আইতাগৰাকীয়ে ইয়াকো কৈছে সেইখন তেওঁ চকীৰ কাষতে থৈ ভৰি মচিব লাগিব। আৰক্ষী বিষয়াজনে আইতাগৰাকীৰ মৰমক সন্মান জনাই সেয়া ল’বলৈ অপৰাগতা প্ৰকাশ কৰিলেও আইতাগৰাকীয়ে কোনো কাৰণতে এই সামগ্ৰী বিধ নল’লে নহ’ব বুলি আকোঁৰগোজ হৈ ৰৈছে।
বিষয়াজনে আইতাৰ মৰমক নেওচা কৰিব নোৱাৰিলে। সেইখনো তেওঁ গ্ৰহণ কৰি কৈছিল- এইখনেৰে তেওঁ ভৰি মচিব নোৱাৰে। ইমান মৰম ভৰি মচিবৰ বাবে নহয়। আইতাগৰাকীক আৰক্ষী বিষয়াজনে জেপৰ পৰা মানিবেগটো উলিয়াই টকা ৫০০ আগবঢ়াই দিলে।
কিয়নো এই আইতাগৰাকীয়ে তেওঁক এই মৰম যাঁচিবলৈ কেইবামাইল বাট খোজকাঢ়ি আহিছে। একেই পুলিচ অথচ দুটা পৃথক ব্যৱহাৰ। এজন আছে মানুহৰ হৃদয়ত, আনজন আকৌ তেওঁৰ ৰুক্ষ ব্যৱহাৰৰ বাবে মানুহৰ গালি আৰু সমালোচনাৰে থকা-সৰকা হৈছে।
ভাল পুলিচো আমাৰ মাজত আছে। সেই ভাল আৰক্ষী বিষয়াসকলৰ কথা প্ৰচাৰ আৰু প্ৰসাৰ নহয়। আইতাগৰাকীৰ এনে মৰম পাবলৈ সক্ষম হোৱা আৰক্ষী বিষয়াজনৰ পুৰণি ভিডিঅ’ চাই বিভিন্ন উৎসত তেওঁৰ পৰিচয় বিচৰা হৈছিল।
সামাজিক মাধ্যমত তেওঁ ভাইৰেল হোৱা নাই। অৱশেষত গম পোৱা গ’ল – এই আৰক্ষী বিষয়াজনৰ নাম মুকুট কাকতি। বৰ্তমান তেওঁ মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। স্থানীয় লোকৰ মাজত অতিকৈ জনপ্ৰিয় এইজন বিষয়া।
বিষয়াজনৰ যোগাযোগৰ নম্বৰটো লৈ জানিব বিচাৰিলো- সেই আইতগৰাকী কিয় ইমান কৃতজ্ঞ হৈ আহিছিল ? তেনে বিশেষ কাৰণ নাছিল যদিও বিভিন্ন সময়ত আইতাগৰাকী বিপদত পৰিলে এই আৰক্ষী বিষয়াগৰাকীয়ে সহায় কৰিছিল।
ইয়াৰ বাবে তেওঁৰ কোনো ধন ব্যয় হোৱা নাছিল। মৰমৰ এষাৰ মাত আৰু আশ্বাসেই যথেষ্ট আছিল। ৩ বছৰ ধৰি তেওঁ মঙলদৈত কৰ্মৰত হৈ আছে। ইয়াৰ আগতে তেওঁ দিশপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কিছুদিন আছিল।
বশিষ্ঠ থানাত যান- বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বও চম্ভালিছিল তেওঁ। প্ৰসংগক্ৰমে তেওঁ ক’লে- মানুহ বিপদত পৰি পুলিচৰ কাষ চাপে। আন্তৰিকতাৰে তেওঁ কথাবোৰ শুনিলে সেই বিপদৰ সময়ত বহুখিনি সকাহ পায়। কিমানদিননো জীয়াই থাকে মানুহ ? কাৰোবাক উপকাৰ কৰিব পাৰিলে সন্তুষ্টি পোৱা যায়।
বিষয়াজনৰ বিষয়ে আৰু অধিক গম লৈ জানিব পাৰিলো- কেৱল আইতাগৰাকীয়ে নহয়, তেওঁৰ এই উপকাৰ আৰু ব্যৱহাৰৰ বাবে আৰু বহু মানুহ আহে কাষলৈ। কোনোবাই নিজ হাতে বোৱা গামোচাখন পিন্ধাই যাচেহি মৰম – চেনেহ। ভয়ৰ বাবে নাহে তেওঁৰ ওচৰলৈ কোনো।
অৱশ্যে অপৰাধীৰ ক্ষেত্ৰত তেওঁ অতি কঠোৰ বুলি নাম আছে। মানবীয় দৃষ্টিভংগীৰে বহু কথা ভাবে। সিংঘম হ’ব নোখোজে। পুলিচ হ’ব খোজে, মানুহৰ পুলিচ। তেওঁৰ ঘৰ নগাঁৱৰ জাজৰিত। আৰক্ষী উদ্দেশ্য তেওঁ ভিতৰৰ পৰা হৃদয়ংগম কৰে। সুযোগ পালেই গছ পুলি ৰুই সামজত বিলাই প্ৰকৃতিপ্ৰেমৰ বাৰ্তা।
এইবোৰ পুলিচৰ কথাতো আমি আলোচনা নকৰো। আনি কেৱল এক নেতিবাচক উদাৰণ লৈ পুলিচক বদনাম কৰাৰ সুযোগ গ্ৰহণ কৰো। অপৰাধী পুলিচক যেনেদৰে সমালোচনাৰ বাণেৰে থকা- সৰকা উচিত, একেদৰে দায়বদ্ধ আৰু কৰ্তব্যনিষ্ঠ এই সকল আৰক্ষী বিষয়াৰ মানৱদৰদী গুণটোকে তুলি ধৰিলেহে আন সকল পুলিচ উৎসাহিত হ’ব।
পুলিচৰ প্ৰতি ঘৃণা আৰু নেতিবাচক ধাৰণা সৃষ্টি কৰাৰ বিপৰীতে আস্থাৰ এক পৰিৱেশ ৰচনা কৰাৰ দায়িত্ব আমিয়েই ল’ব লাগিব। কিছুদিনৰ পূৰ্বে নগাঁৱৰ এজন লোকৰ ঘৰলৈ কিছু মুহূৰ্তৰ বাবে যোৱাৰ সুযোগ হৈছিল। পৰিয়ালটোৰ একমাত্ৰ মেধাৱী সন্তানে অসম আৰক্ষী সেৱাত যোগদান কৰিছিল।
পিতৃ আৰু মাতৃৰ পৰা জানিব পাৰিছিলো- আৰক্ষী সেৱাত যোগদান কৰা পুত্ৰই এই চাকৰিটো কৰিব বিচৰা নাই। পুলিচৰ প্ৰতি মানুহৰ সামগ্ৰীক দৃষ্টিভংগীয়ে তেওঁৰ মনত যি ধাৰণা সৃষ্টি কৰিছে, তাৰ বাবে তেওঁ সিদ্ধান্ত লৈছে পুলিচৰ চাকৰি এৰি কলেজৰ অধ্যাপক হ’ব। সততা আৰু মেধাৱী এই আৰক্ষী বিষয়াজনৰ ভয় কিজানি পুলিচ হৈ ভুল কৰিব লগা হয় !
প্ৰশিক্ষণৰত অৱস্থাত অনুমতি সাপেক্ষে তেওঁ অধ্যাপক পদৰ চাকৰিৰ বাবে কেইবাটাও সাক্ষাৎকাৰ দিছে। পিতৃ- মাতৃয়ে বুজাইছে – যিমান দিনলৈ পাৰি চাকৰিটো কৰিবলৈ। এয়া এক পুলিচৰ প্ৰতি মানুহৰ ধাৰণা। সেই নেতিবাচক ধাৰণাৰ পৰা আৰক্ষীক উদ্ধাৰ কৰিবলৈ সমগ্ৰ আৰক্ষী বিভাগতে সংস্কাৰৰ প্ৰয়োজন আছে।
এনে সংস্কাৰৰ অবিহনে পুলিচ মানেই দাদা, গুণ্ডা বা ঘোচখোৰ বুলি ভবা প্ৰৱণতা আঁতৰ নহয়। মুকুট কাকতিৰ দৰে আৰক্ষী বিষয়াই ভাল পুলিচৰ সন্ধান দিয়ে। তেওঁলোকক আদৰ কৰি আন সকল আৰক্ষীকো এনে দায়বদ্ধশীল ৰূপত গঢ়ি তুলিবলৈ আমাৰো জানো সামাজিকভাৱে এক কৰ্তব্য নাই ?